ৰেল মন্ত্ৰালয়

নিৰৱচ্ছিন্ন মালবাহী সেৱাসমূহৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিছে ভাৰতীয় ৰে’লৱেয়ে

বিগত চাৰিটা দিনত যোগান ব্যৱস্থা অব্যাহত ৰাখিবলৈ ১.৬ লাখতকৈও অধিক ৱাগনে সামগ্ৰী কঢ়িয়াইছে; ইয়াৰে ভিতৰত ১ লাখতকৈও অধিক ৱাগনত অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণ কৰা হৈছে

ভাৰতীয় ৰে’লৱেয়ে সমগ্ৰ দেশতে খাদ্যান্ন, নিমখ, চেনী, গাখীৰ, খোৱা তেল, পিয়াঁজ, ফল-মূল, শাক-পাচলি, পেট্ৰ’লিয়াম উৎপাদন, কয়লা তথা সাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ কৰিছে

प्रविष्टि तिथि: 27 MAR 2020 4:39PM by PIB Guwahati

সমগ্ৰ দেশে ক’ৰনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত লক্-ডাউন হৈ থকাৰ মুহূৰ্ততে ভাৰতীয় ৰে’লৱে দেশৰ কল্যাণৰ বাবে সম্পূৰ্ণ দায়ৱদ্ধতাৰে নিৰৱচ্ছিন্ন মালবাহী সেৱাসমূহৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ উপলব্ধতা সুনিশ্চিত কৰাৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰি আছে৷ বিগত চাৰিটা দিনত প্ৰায় ১.৬ ৱাগনে যোগান শৃংখলা বৰ্তাই ৰাখিবলৈ নিৰন্তৰে পৰিবহণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে৷ ইয়াৰে ভিতৰত ১ লাখতকৈও অধিক ৱাগনৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ভাৰতীয় ৰে’লৱেৰ দ্বাৰা সুনিশ্চিত কৰা হৈছে যাতে সমগ্ৰ দেশতে কাম-কাজসমূহ সুচাৰুৰূপে চলি থাকে আৰু যোগান শৃংখলাও যাতে অব্যাহত থাকে৷ অনেক ৰাজ্যত লক্-ডাউনৰ সময়ছোৱাত বিভিন্ন ষ্টেচন আৰু নিয়ন্ত্ৰণ কাৰ্যালয়ত কৰ্মৰত ভাৰতীয় ৰে’লৱেৰ কৰ্মচাৰীয়ে এয়া সুনিশ্চিত কৰাৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে যাতে দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নহয়৷

২৩ মাৰ্চ ২০২০ তাৰিখৰ পৰা মুঠ ২৬,৫৭৭ ৱাগন খাদ্যান্ন, নিমখ, খোৱা তেল, চেনী, গাখীৰ, ফল-মূল আৰু শাক-পাচলি, কয়লা আৰু পেট্ৰ’লিয়ামৰ দৰে আৱশ্যকীয় সামগ্ৰীসমূহ পৰিবহণ কৰা হৈছে৷ ইয়াৰে ভিতৰত খাদ্যান্নৰ ১১৬৮ ৱাগন, ফল-মূল আৰু শাক-পাচলিৰ ৪২ ৱাগন, পিয়াঁজৰ ৪২ ৱাগন, চেনীৰ ৪২ ৱাগন, নিমখৰ ১৬৮ ৱাগন, গাখীৰৰ ২০ বাগন, কয়লাৰ ২২৪৭৩ ৱাগন আৰু পেট্ৰ’লিয়ামৰ বাবে ২৩২২ ৱাগন আছে৷

২৪ মাৰ্চ ২০২০ তাৰিখে আৱশ্যকীয় সামগ্ৰীসমূহৰ বাবে মুঠ ২৭,৭৪২ ৱাগন পৰিবহণ কৰা হৈছিল৷ ইয়াৰে ভিতৰত খাদ্যান্নৰ ১৪৪৪ ৱাগন, ফল-মূল আৰু শাক-পাচলিৰ ৮৪ ৱাগন, নিমখৰ ১৬৮ ৱাগন, গাখীৰৰ ১৫ ৱাগন, খোৱা তেলৰ ৫০ টেংক, কয়লাৰ ২৪২০৭ ৱাগন আৰু পেট্ৰ’লিয়ামৰ ১৭৭৪ ৱাগন আছে৷

২৫ মাৰ্চ ২০২০ তাৰিখে আৱশ্যকীয় সামগ্ৰীসমূহৰ বাবে মুঠ ২৩,০৯৭ ৱাগন পৰিবহণ কৰা হৈছিল৷ ইয়াৰে ভিতৰত খাদ্যান্নৰ ৮৭৬ ৱাগন, নিমখৰ ৪২ ৱাগন, চেনীৰ ৪২ ৱাগন, গাখীৰৰ ১৫ ৱাগন, কয়লাৰ ২০৪১৮ ৱাগন আৰু পেট্ৰ’লিয়ামৰ ১৭০৪ ৱাগন আছে৷

সেইদৰে ২৬ মাৰ্চ ২০২০ তাৰিখে আৱশ্যকীয় সামগ্ৰীসমূহৰ বাবে মুঠ ২৪,০০৯ ৱাগন পৰিবহণ কৰা হৈছিল৷ ইয়াৰে ভিতৰত খাদ্যান্নৰ ১৪১৭ ৱাগন, নিমখৰ ৪২ ৱাগন, চেনীৰ ৪২ ৱাগন, কয়লাৰ ২০৭৮৪ ৱাগন আৰু পেট্ৰ’লিয়ামৰ ১৭২৪ ৱাগন আছে৷

ৰাজ্য চৰকাৰৰ সৈতে কাৰ্যকৰী সমন্বয় স্থাপন কৰা হৈছে যাতে ক’ভিড-১৯ৰ বাবে জাৰী কৰা নিষেধাজ্ঞাৰ বাবে আৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণ সুচাৰুৰূপে চলি থাকে৷ ভাৰতীয় ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলে এই সামগ্ৰী পৰিবহণৰ কাম-কাজ নিৰীক্ষণ কৰি আছে৷

সংকটৰ এই মুহূৰ্তত ভাৰতীয় ৰে’লেৱেয়ে নিজৰ দায়িত্ব ভালদৰেই অনুধাৱন কৰিছে আৰু ষ্টেকহ’ল্ডাৰসকলক অনুৰোধ কৰিছে যাতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দ্ৰুত লোডিং-আনলোডিঙৰ নিশ্চিতিৰ বাবে তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়ায়৷

****

SG/MKV/MANN


(रिलीज़ आईडी: 1608625) आगंतुक पटल : 167
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Telugu , English , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Kannada