উপ-ৰাষ্ট্ৰপতি সচিবালয়
ক’ভিড১৯ক প্ৰত্যাহ্বান জনাবলৈ ৰাজ্যপাল, লেফটেনেণ্ট ৰাজ্যপালসকলৰ সৈতে বৈঠকত মিলিত হ’ল উপ ৰাষ্ট্ৰপতি
জনসজাগতা বৃদ্ধি কৰি ব্যক্তিগতখণ্ডক চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰিবলৈ দিশ নিৰ্দেশনা প্ৰদানৰ আহ্বান
ৰাজ্য/কেন্দ্ৰশাসিত অঞ্চলৰ প্ৰথমজন নাগৰিক হিচাপে সংকটৰ এই মুহূৰ্তত আপোনালোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিবঃ ৰাজ্যপাল, লেঃ ৰাজ্যপালক উদ্দেশ্যি উপ ৰাষ্ট্ৰপতি
সংক্ৰমণৰ এই শৃংখল ভংগ কৰিবলৈ সামাজিক দূৰত্বই হ’ল উত্তম পন্থা
চৰকাৰে ধাৰ্য কৰা নিয়মসমূহ পালন কৰিবলৈ জনসাধাৰণক উপ ৰাষ্ট্ৰপতিৰ আহ্বান
কিতাপ পঢ়ক, ধ্যান আৰু যোগাভ্যাস কৰক, সন্তান আৰু জ্যেষ্ঠজনৰ সৈতে সময় অতিবাহিত কৰকঃ জনসাধাৰণক উপ ৰাষ্ট্ৰপতিৰ পৰামৰ্শ
ক’ভিড-১৯ৰ বিৰুদ্ধে জনসজাগতা বৃদ্ধি কৰিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক নেতা, চলচ্চিত্ৰ আৰু ক্ৰীড়া চেলিব্ৰিটীসকলক জড়িত কৰোৱাওক
অনলাইন পাঠদানৰ সম্ভাৱনীয়তা সম্বন্ধে অন্বেষণ কৰিবলৈ ৰাজ্যপালসকলক উপ ৰাষ্ট্ৰপতিৰ আহ্বান
পোষ্ট কৰা হৈছে:
27 MAR 2020 2:33PM by PIB Guwahati
ভাৰতৰ উপ ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকয়া নাইডুয়ে আজি ৰাজ্যপাল আৰু লেফটেনেণ্টে ৰাজ্যপাল তথা ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহৰ প্ৰশাসনক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত জনসজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে সামাজিক সংস্থাসমূহক উৎসাহিত কৰিবলৈ আৰু ব্যক্তিগতখণ্ডসমূহক চৰকাৰৰ সৈতে সহযোগিতা স্থাপনৰ বাবে দিশ-নিৰ্দেশনা প্ৰদান কৰিবলৈ আহ্বান জনায়৷
ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোৱিন্দ আৰু উপ ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা এক ভিডিঅ’ কনফাৰেন্সিঙৰ বৈঠকত ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ ৰাজ্যপাল আৰু লেফটেনেণ্ট ৰাজ্যপালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকক ৰাজ্যসমূহৰ প্ৰথমগৰাকী নাগৰিক হিচাপে সংকটৰ এই সময়ছোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আহ্বান জনায়৷
তেওঁ কয়, ‘‘আপোনালোকৰ নেতৃত্ব অতিশয় গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ পৰামৰ্শ, উৎসাহ প্ৰদান এই মুহূৰ্তত অতিশয় মূল্যৱান৷’’
শ্ৰী নাইডুয়ে ৰাজ্যপাল আৰু লেঃ ৰাজ্যপালসকলক বিশ্ববিদ্যালয়, কেন্দ্ৰীয় বিদ্যালয় আৰু অন্যান্য শৈক্ষিক প্ৰতিষ্ঠান তথা ধৰ্মীয় অনুষ্ঠানসমূহক ক’ভিড-১৯ৰ ৰোগীসমূহৰ বাবে আচুতীয়া স্থান হিচাপে ব্যৱহাৰ কৰিবলৈ উদগনি দিবলৈ আহ্বান জনায়৷
শ্ৰী নাইডুৱে বিভিন্ন বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাজ্যপালসমূহক যথাসম্ভৱ ধৰণে শৈক্ষিক বৰ্ষ সমাপ্ত কৰিবলৈ অনলাইনযোগে পাঠদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷
তেওঁ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়সমূহৰ কিছুসংখ্যক বিচনা ক’ভিড-১৯ৰ ৰোগীৰ বাবে প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰে’ড ক্ৰ’ছ আদিৰ দৰে সামাজিক সংস্থাসমূহক মানৱীয়তাৰ ভিত্তিত দৰিদ্ৰ, জ্যেষ্ঠ আৰু ৰোগীসকলক সহায় কৰিবলৈও আহ্বান জনায়৷
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে ইতিমধ্যে গ্ৰহণ কৰা বিভিন্ন প্ৰয়াসক প্ৰশংসা কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সংকটৰ এই সময়ছোৱাত টীম ইণ্ডিয়াৰ দৰে কাম কৰিবলৈ আহ্বান জনায়৷
সংক্ৰমণৰ এই শৃংখলা ৰোধ কৰিবলৈ সামাজিক দূৰত্বৰ গুৰুত্বক আলোকপাত কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপালসমূহক প্ৰধানমন্ত্ৰীৰ ‘‘যদি আপোনালোক ঘৰৰ পৰা বাহিৰলৈ ওলায়, তেন্তে ক’ৰনা ঘৰত সোমাব’’ আহ্বানৰ বিষয়ে সোঁৱৰাই দিয়ে৷
উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপাল আৰু লেঃ ৰাজ্যপালসমূহত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ সজাগতা প্ৰচাৰ কৰিবলৈ ধৰ্মীয় আৰু আধ্যাত্মিক নেতা, চলচ্চিত্ৰ আৰু ক্ৰীড়া চেলিব্ৰেটিসকলকো জড়িত কৰোৱালৈ আহ্বান জনায়৷
শ্ৰী নাইডুয়ে আন্তঃগাঁথনি আৰু সংসাধনসমৃদ্ধ ব্যক্তিগত খণ্ডসমূহে চৰকাৰৰ সৈতে সহযোগিতা স্থাপন কৰি জনসাধাৰণৰ সমস্যা লাঘৱ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি উল্লেখ কৰে৷
সংবাদ মাধ্যমে সজাগতামূলক স্বাস্থ্য সম্বন্ধীয় তথ্য প্ৰচাৰ কৰাৰ বাবে তেওঁলোকক প্ৰশংসা কৰি উপ ৰাষ্ট্ৰপতিয়ে জনসাধাৰণক নিৰ্ভৰযোগ্য তথ্য প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰে৷
লক্-ডাউনে আমাৰ অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে বুলি মন্তব্য কৰি সমাজৰ শেষৰ প্ৰান্তৰ ব্যক্তিসকলে যাতে সমস্যাত পৰিবলগীয়া নহয় তাৰবাবে চৰকাৰে ঘোষণা কৰা বিভিন্ন সাহায্যমূলক পেকেজৰ পদক্ষেপক উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আদৰণি জনায়৷
কেন্দ্ৰ আৰু ৰাজ্য প্ৰশাসনে গাখীৰ, ফল-মূল আৰু শাক-পাচলি তথা অন্যান্য কৃষিজাত সামগ্ৰীৰ নিৱৰচ্ছিন্ন যোগান ব্যৱস্থা নিশ্চিত কৰিব লাগে বুলি তেওঁ মন্তব্য প্ৰদান কৰে৷
ক’ভিড-১৯ৰ প্ৰতিৰোধৰ বাবে জনসাধাৰণৰ সহযোগিতা অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰে ধাৰ্য কৰি দিয়া সতৰ্কতামূলক নীতিসমূহ নাগৰিকসকলক পালন কৰিবলৈ আহ্বান জনায়৷ তেওঁ নাগৰিকসকলক লক্-ডাউনৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কিতাপ অধ্যয়ন, ধ্যান আৰু যোগাভ্যাস, সন্তান আৰু পৰিয়ালৰ জ্যেষ্ঠসকলৰ সৈতে সময় কটাবলৈ অনুৰোধ কৰে৷
আজিৰ ভিডিঅ’ কনফাৰেন্সিঙৰ এই বৈঠকত মহাৰাষ্ট্ৰ, কেৰেলা, কৰ্ণাটক, হাৰিয়াণা, গুজৰাট, ৰাজস্থান, তেলেংগানা, পাঞ্জাৱ, বিহাৰ, মধ্য প্ৰদেশ, তামিলনাডু, পশ্চিমবংগ, হিমাচল প্ৰদেশৰ ৰাজ্যপালসমূহৰ সৈতে দিল্লীৰ লেঃ ৰাজ্যপাল তথা চণ্ডীগড়ৰ প্ৰশাসন আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অংশগ্ৰহণ কৰিছিল৷
*****
VRRK/MS/MSY/RK/MANN
(ৰিলিজ আই ডি : 1608558)
অতিথি কক্ষ : 152