বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ই-কমাৰ্চ আৰু লজিষ্টিক উদ্যোগৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে শ্ৰী পীয়ুষ গোৱেলৰ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বৈঠক;

অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সুৰক্ষিত আৰু সুবিধাজনক উপায়েৰে জনসাধাৰণলৈ যোগানৰ নিশ্চিতিৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য

Posted On: 27 MAR 2020 12:28PM by PIB Guwahati

ৰে’লৱে আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে বৃহস্পতিবাৰে ই-কমাৰ্চ আৰু লজিষ্টিক উদ্যোগৰ ষ্টেকহ’ল্ডাৰসকলৰ সৈতে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেখা দিয়া সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি বৈঠকত মিলিত হয়৷ তেওঁ উদ্যোগসমূহৰ নেতৃবৰ্গক অত্যাৱশ্যকীয় সামগ্ৰীসমূহ জনসাধাৰণলৈ সুৰক্ষিত আৰু সুবিধাজনক উপায়েৰে জনসাধাৰণলৈ যোগানৰ নিশ্চিতিৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি আশ্বাস প্ৰদান কৰে৷

এই বৈঠকখনত ই-কমাৰ্চ উদ্যোগসমূহ যেনে স্নেপডীল, শ্ব’পক্লুজ, ফ্লিপকাৰ্ট, গ্ৰ’ফাৰ্চ, নেটমেড, ফাৰ্মইজি, ১এমজি টেক, উড়ান, এমাজন ইণ্ডিয়া, বিগ বাস্কেট, জ’মেট আদিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে মেট্ৰ’ কেশ্ব এণ্ড কেৰী, ৱালমাৰ্ট, আৰপিজি, ডেলহিভাৰী, ছেফএক্সপ্ৰেছ, পে’টিএম, ছুইগী আদিৰ দৰে লজিষ্টিক উদ্যোগৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে৷

ডিপিআইআইটিয়ে নিয়মিতভাৱে খুচুৰা ব্যৱসায়ী আৰু ই-কমাৰ্চ উদ্যোগসমূহক অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান শৃংখল অব্যাহত ৰখাব বাবে নিৰীক্ষণ কৰি আছে৷ ডিপিআইআইটিৰ প্ৰয়াসৰ ফলতেই গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী যোগান কিদৰে অব্যাহত ৰাখিব লাগে সেই সন্দৰ্ভত মানসম্পন্ন কাৰ্যকৰী প্ৰক্ৰিয়া জাৰী কৰিছে৷ সামগ্ৰীসমূহৰ যোগান যাতে নিকা প্ৰণালীৰে সম্পন্ন হয় তাৰবাবে বিভাগটোৱে এই সমূহ বাস্তৱিক সময়ত নিৰীক্ষণ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে৷

ইণ্ডিয়া পেটেণ্টছ কাৰ্যালয়ে চলিত লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন আইন, ৰিপ্লাইৰ ফাইলিং আৰু মাচুলসমূহৰ পৰিশোধ আদিৰ তাৰিখসমূহ সম্প্ৰসাৰিত কৰিছে৷ ইয়াৰ জৰিয়তে লক্-ডাউনৰ সময়ছোৱাত পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্কৰ আবেদন প্ৰদান কৰাৰ বাবে আবেদকসকল উপকৃত হ’ব৷

****************

YB/AP/MANN


(Release ID: 1608529) Visitor Counter : 207