শক্তি মন্ত্ৰালয়
ভেণ্টিলেটৰ ক্ৰয় কৰিবলৈ এছজেভিএনে আগবঢ়ালে ১ কোটি টকা
পোষ্ট কৰা হৈছে:
27 MAR 2020 11:21AM by PIB Guwahati
কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনৰ ‘মিনিৰত্ন’ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এছজেভিএনে বিশ্বত্ৰাস ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ ভালেমান পদক্ষেপ গ্ৰহণ কৰিছে। এই সংকটকালত, এই কেন্দ্ৰ চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে ক’ৰোনা ভাইৰাছৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবৰ বাবে ১ কোটি টকা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এছজিভিএন লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নন্দ লাল শৰ্মাই এই সন্দৰ্ভত কয় যে ছিমলাস্থিত ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ছটা ভেণ্টিলেটৰ, তাণ্ডাস্থিত ডাঃ ৰাজেন্দৰ প্ৰসাদ চিকিৎসা মহাবিদ্যালয়লৈ পাচটা ভেণ্টিলেটৰ আৰু খানেৰিস্থিত ৰামপুৰ চিকিৎসালয়লৈ কিছু ভেণ্টিলেটৰ প্ৰদান কৰাৰ বাবে এই ধনখিনি ব্যয় কৰা হ’ব। উল্লেখ্য যে এছজেভিএন লিমিটেডে এই চিকিৎসা প্ৰতিষ্ঠানসমূহলৈ অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যেনে মাস্ক, ছেনিটাইজাৰ আৰু গ্লোভছ প্ৰদান কৰিবৰ বাবেও অৰ্থসাহায্য আগবঢ়াব।
***
RCJ/M/RD
(ৰিলিজ আই ডি : 1608480)
অতিথি কক্ষ : 151