প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাইলৈ জি২০ৰ ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 25 MAR 2020 9:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ জি২০ৰ ভাৰ্চুৱেল সন্মিলনত অংশগ্ৰহণ কৰিব৷ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে টুইটাৰত এইদৰে কয়, ‘‘ক’ভিড-১৯ক পৰাভূত কৰিবলৈ জি২০য়ে গুৰুত্বপূৰ্ণ বিশ্বজনীন ভূমিকা পালন কৰিব৷ ছৌদি জি২০ প্ৰেছিডেন্সীয়ে অনুষ্ঠিত কৰা কাইলৈৰ জি২০ৰ ভাৰ্চুৱেল সন্মিলনত মই এক ফলদায়ী আলোচনাৰ বাবে বাট চাই ৰ’ম৷’’

****

VRRK/KP/MANN



(Release ID: 1608214) Visitor Counter : 75