প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু আফগান ৰাষ্ট্ৰপতিৰ শুভেচ্ছা বাৰ্তা বিনিময়

प्रविष्टि तिथि: 24 MAR 2020 1:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাতেই আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়। দুয়োগৰাকী নেতাই নৱৰোজৰ শুভেচ্ছা বাৰ্তা বিনিময় কৰে আৰু ইয়েই দুয়োখন দেশৰ মাজৰ ঐতিহ্য আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়টো স্পষ্ট কৰি তোলে।

দুয়োগৰাকী নেতাই দুয়োখন দেশতে চলি থকা শেহতীয়া পৰিস্থিতি, বিশেষকৈ ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে আৰু সংকটপূৰ্ণ সময়ত পাৰস্পৰিক সহায়ৰো প্ৰতিশ্ৰুতি দিয়ে।

***

VRRK/AK/RD


(रिलीज़ आईडी: 1608111) आगंतुक पटल : 214
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Odia , Kannada , Malayalam