প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ দেশতে উদযাপিত বিভিন্ন পৰ্ব উপলক্ষে দেশবাসীক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
উৎসৱসমূহে আমাক এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ বাবে শক্তি প্ৰদান কৰিবঃ প্ৰধানমন্ত্ৰী
Posted On:
25 MAR 2020 9:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত উদযাপিত বিভিন্ন পৰ্ব উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে৷ টুইটাৰত এলানি টুইট প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আমি ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱ পালন কৰি আছো আৰু আমাৰ পাৰম্পৰিক কেলেণ্ডাৰ অনুসৰি নতুন বৰ্ষতো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছো৷ উগাড়ি, গুড়ি পৰৱা, নৱৰাহ আৰু সাজিবু চেইৰাঅ’বা উপলক্ষে আপোনালোকলৈ শুভেচ্ছা থাকিল৷ এই শুভ মুহূৰ্তই যেনে আমাৰ জীৱনলৈ সুস্বাস্থ্য, সুখ আৰু উন্নতি কঢ়িয়াই আনে৷
দেশে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুদ্ধ কৰি থকাৰ সময়তে আমি আমাৰ উৎসৱ পালন কৰিছো৷ এই উৎসৱসমূহ এনেদৰে পালন কৰা নহয় যদিও আমাক বৰ্তমানৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাত মানসিকভাৱে শক্তিশালী কৰিবলৈ উৎসৱসমূহে ভূমিকা পালন কৰিব৷ আহক, আমি সকলোৱে ঐক্যৱদ্ধভাৱে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিও৷’’
***
VRRK/VJ/MANN
(Release ID: 1608101)
Visitor Counter : 110
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam