প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

সমগ্ৰ ৰাষ্ট্ৰক ২১দিনৰ বাবে সম্পূৰ্ণ লক্-ডাউনৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

ক’ভিড-১৯ সন্দৰ্ভত ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

Posted On: 24 MAR 2020 11:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ আগন্তুক ২১ দিনৰ বাবে দেশত সম্পূৰ্ণ লক্-ডাউনৰ কথা ঘোষণা কৰিছে৷ টেলিভিছনৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অন্য যিসকল দেশৰ ওচৰত উন্নত চিকিৎসা ব্যৱস্থা আছে তেওঁলোকেও আনকি এই ভাইৰাছবিধক প্ৰতিহত কৰিব পৰা নাই আৰু ইয়াৰ পৰা হাত সৰাৰ এটায়েই উপায় আছে, সেয়া হ’ল সামাজিক দূৰত্ব বজাই ৰখা৷

‘‘আপোনালোকে দেখিবলৈ পাইছে যে বিশ্বৰ উন্নত দেশসমূহেও এই মহামাৰীৰ সন্মুখত অসহায় হৈ পৰিছে৷ এনেকুৱা নহয় যে এই দেশসমূহে কোনো ধৰণৰ প্ৰয়াস কৰা নাই অথবা তেওঁলোকৰ ওচৰত সংসাধনৰ অভাৱ৷ ক’ৰনা ভাইৰাছ এনে দুৰন্ত গতিত বিস্তৃত হ’বলৈ ধৰিছে যে বিভিন্ন প্ৰয়াস আৰু প্ৰস্তুতি অৱলম্বন কৰা স্বত্বেও সেই দেশসমূহে এই সংকটৰ পৰা মুক্ত হ’ব পৰা নাই৷ বিগত দুমাহৰ পৰা এই দেশসমূহৰ অৱস্থা বিশ্লেষণ কৰি বিশেষজ্ঞসকলে এই সিদ্ধান্তত উপনীত হ’বলৈ সক্ষম হৈছে যে কেৱল সামাজিক দূৰত্ব অৱলম্বন কৰিয়েই এই ক’ৰনা ভাইৰাছৰ সৈতে মোকাবিলা কৰিব পাৰি’’, তেওঁ এইদৰে কয়৷

অসাৱধান লোকসকলক সতৰ্ক কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কেইজনমান লোকৰ অসাৱধানতাই আপোনাক, আপোনাৰ পৰিয়ালক, আপোনাৰ অভিভাৱকক, আপোনাৰ বন্ধুবৰ্গক, সমগ্ৰ দেশকে ৰোগাক্ৰান্ত কৰি তুলিব পাৰে৷ এই অসাৱধানতাৰ বাবে ভাৰতে কিমান মূল্য ভৰিবলগীয়া হ’ব সেয়া অনুধাৱন কৰাটো অসম্ভৱ কথা৷’’

তেওঁ জনসাধাৰণক ৰাজ্য চৰকাৰে প্ৰণয়ন কৰা লক্-ডাউন আগন্তুক কেইটামান দিনলৈ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে আজি মাজনিশাৰ পৰা আগন্তুক ২১ দিনলৈ সমগ্ৰ দেশতে সম্পূৰ্ণ লক্-ডাউন কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ কয় যে এই সিদ্ধান্ত স্বাস্থ্যখণ্ডৰ বিশেষজ্ঞসকলৰ অভিজ্ঞতাৰ ভিত্তিত গ্ৰহণ কৰা হৈছে আৰু আগন্তুক ২১ দিনলৈ এই সংক্ৰমণৰ শৃংখল ভংগ কৰাটো অতিশয় আৱশ্যক৷

তেওঁ কয় যে এয়া জনতা-কাৰ্ফিউতকৈ কিছু উচ্চ পৰ্যায়ৰ হোৱাৰ লগতো কঠোৰো হ’ব৷ তেওঁ কয় যে দেশক সুৰক্ষিত কৰিবলৈ, প্ৰতিজন নাগৰিকৰ জীৱন ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত লোৱাটো আৱশ্যক হৈছে৷

মহামাৰীৰ ফলত নিম্নগামী হোৱা অৰ্থনীতিৰ কথা আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘দেশে লক্-ডাউনৰ বাবে ইয়াৰ আৰ্থিক মূল্য ভৰিবলগীয়া হ’ব যদিও এই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ৰে জীৱন ৰক্ষা কৰাটো অগ্ৰাধিকাৰযোগ্য হৈ পৰিছে৷ সেয়ে আপোনালোকে দেশৰ য’তে আছে ত’তে থাকিবলৈ আহ্বান জনাইছো৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে যদি আগন্তুক ৩টা সপ্তাহৰ ভিতৰত যদি এয়া নিয়ন্ত্ৰণ নহয় তেন্তে দেশ ২১ বছৰ পিছুৱাই যাব আৰু বহু পৰিয়াল বিধ্বস্ত হৈ পৰিব৷ গতিকে তেওঁ জনসাধাৰণক আগন্তুক ২১ দিনৰ বাবে কেৱল ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসমূহ দেশে ক’ৰনাক প্ৰতিৰোধ কৰিবলৈ সমৰ্থ হৈছে তেওঁলোকে কিছু আশাৰ কিৰণ দেখুৱাইছে৷

তেওঁ কয় যে যিসকল দেশে লক্-ডাউন পালন কৰিছে আৰু য’ত জনসাধাৰণে নিয়ম-নীতি মানি চলিছে তেওঁলোকে এই মহামাৰীক প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ভাৰত এতিয়া এনে পৰ্যায়ত আছে য’ত আমাৰ শেহতীয়া কাৰ্যকলাপে এই দুৰ্যোগৰ প্ৰভাৱ হ্ৰাস কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব৷ এই সময়ছোৱাত আমি সদামুহূৰ্ততে সতৰ্ক হৈ থাকিব লাগিব৷ আপোনালোকে মনত ৰাখিব লাগিব যে প্ৰাণ থাকিলেহে জীৱন থাকিব৷ এই সময়ছোৱা ধৈৰ্য আৰু নিয়মানুৱৰ্তিতা পালনৰ সময়৷ লক্-ডাউন পৰিস্থিতি শেষ নোহোৱালৈ আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব৷’’

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সমগ্ৰ দেশতে নাগৰিকসকলে যাতে নিজৰ দৈনিক জীৱনত সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰবাবে নিৰীক্ষণ কৰি আছে৷ তেওঁ কয় যে সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ তেওঁ কয় যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে, ব্যক্তি নিৰ্বিশেষে তথা প্ৰতিষ্ঠানসমূহে দুৰ্যোগৰ এই সময়ছোৱাত দৰিদ্ৰসকলৰ সমস্যা হ্ৰাস কৰাৰ দিশত উঠি-পৰি লাগিছে৷

শ্ৰী মোদীয়ে কয় যে চৰকাৰে ক’ৰনা আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ বাবে স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ ১৫,০০০ কোটি টকা আৱণ্টনৰ ব্যৱস্থা কৰিছে৷

তেওঁ জনসাধাৰণক যিকোনো ধৰণৰ উৰাবাতৰি আৰু অন্ধবিশ্বাসমূলক বাতৰিৰ পৰা দূৰৈত থাকিবলৈ আহ্বান জনায়৷ যদি এই ৰোগৰ লক্ষণে দেখা দিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ কোনো ধৰণৰ ঔষধ গ্ৰহণ নকৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়৷ চৰকাৰ আৰু স্থানীয় প্ৰাধিকৰণে ধাৰ্য কৰা নিৰ্দেশাৱলীসমূহ প্ৰতিজন ভাৰতীয়ই পালন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷  

জনতা কাৰ্ফিউ সফল কৰিবলৈ সম্পূৰ্ণ দায়িত্বসহকাৰে দুৰ্যোগৰ সময়ত অৱদান আগবঢ়োৱা প্ৰতিজন ভাৰতীয়ক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ তেওঁ কয়, ‘‘এদিনৰ জনতা কাৰ্ফিউৰ জৰিয়তে ৰাষ্ট্ৰৰ সংকটৰ সময়ত, মানৱতাৰ সংকটৰ সময়ত প্ৰতিজন ভাৰতীয়ই কিদৰে ঐক্যৱদ্ধভাৱে ইয়াৰ মোকাবিলা কৰিব পাৰে সেয়া ভাৰতে দেখুৱাই দিছে৷’’

প্ৰধানমন্ত্ৰীয়ে ২১ দিনৰ লক্-ডাউন দীঘলীয়া সময় বুলি মন্তব্য কৰি ই আমাৰ তথা পৰিয়ালৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় বুলিও উল্লেখ কৰি ভাষণৰ মোখনি মাৰে৷ প্ৰতিজন ভাৰতীয়ই এই প্ৰত্যাহ্বান সফলতাৰে যুঁজি ইয়াৰ পৰা উদ্ধাৰ হ’বও পাৰিব বুলি তেওঁ নিজৰ আত্মবিশ্বাস জাহিৰ কৰে৷

***

VRRK/AK/MANN



(Release ID: 1608093) Visitor Counter : 212