প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰনা ভাইৰাছ মহামাৰীৰ সন্দৰ্ভত দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 19 MAR 2020 9:15PM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী,

সমগ্ৰ বিশ্বই এতিয়া গভীৰ সংকটৰ মাজেৰে দিন কটাইছে৷সাধাৰণতে যেতিয়া কোনো প্ৰাকৃতিক দুৰ্যোগ আহে, তেতিয়া একাংশ দেশ বা ৰাজ্যতে সীমাবদ্ধ হৈ থাকে৷কিন্তু এইবাৰ এই সংকটে এনে ৰূপ ধাৰণ কৰিছে, যি সমগ্ৰ বিশ্বৰ মানৱজাতিক সংকটত পেলাইছে৷যেতিয়া প্ৰথম বিশ্বযুদ্ধ অথবা দ্বিতীয় বিশ্বযুদ্ধ হৈছিল, তেতিয়াও ইমান প্ৰভাৱিত হোৱা নাছিল, যিমান আজি ক’ৰোনাৰ বাবে হৈছে৷

বিগত দুমাহ ধৰি আমি বিশ্বজুৰি ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত অহা চিন্তনীয় বাতৰি দেখি-শুনি আহিছো৷এই দুমাহত ভাৰতৰ ১৩০ কোটি ভাৰতীয় নাগৰিকে বিশ্বজুৰি মহামাৰীৰ বিৰুদ্ধে একত্ৰিতভাৱে মোকাবিলা কৰিছে, প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিছে৷কিন্তু, বিগত দিন কেইটাত এনে লাগিছে, যেন আমি সংকটৰ পৰা বাছি আছো, সকলো ঠিক-ঠাক আছে৷বিশ্বজোৰা মহামাৰী ক’ৰনাৰ পৰা নিশ্চিত হৈ থকাৰ এই ভাৱনা উচিত নহয়৷সেইবাৰে, প্ৰত্যেক ভাৰতীয় নাগৰিকে সজাগ হ’ব লাগিব, সতৰ্ক হৈ থকাটো অতি আৱশ্যক৷

বন্ধুসকল, মই আপোনালোকৰ পৰা যেতিয়াই যি বিচাৰিছো, মোক দেশবাসীয়ে নিৰাশ কৰা নাই৷আপোনালোকৰ আশীৰ্বাদৰ শক্তিৰে আমাৰ প্ৰয়াস সফল হৈছে৷আজি, মই আপোনালোক সকলোৰে পৰা কিবা এটা বিচাৰিবলৈ আহিছো৷মোক আপোনালোকৰ অনাগত কেইটামান সপ্তাহ লাগে, আপোনালোক অল সময়ৰ প্ৰয়োজন৷

বন্ধুসকল,

এতিয়ালৈকে বিজ্ঞানে ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পৰা কোনো নিশ্চিত উপায় উদ্ভাৱন কৰিব পৰা নাই আৰু ইয়াৰ কোনো ভেকচিনো প্ৰস্তুত কৰিব পৰা নাই৷ এনে পৰিস্থিতিত চিন্তা বৃদ্ধি পোৱাটো অতি স্বাভাৱিক৷বিশ্বৰ যিবোৰ দেশত ক’ৰনা ভাইৰাছৰ প্ৰভাৱ বেছি পৰিলক্ষিত হৈছে, তাত কৰা অধ্যয়নৰ পৰা আন এটা কথা পৰিস্ফুট হৈছে৷

সেই দেশসমূহ আৰম্ভনি হোৱাৰ কেইদিনমানৰ ভিতৰতে হঠাতে ৰোগী সংখ্যাৰ দ্ৰুতগতিত বৃদ্ধি পালে৷

ভাৰত চৰকাৰে এই পৰিস্থিতি ক’ৰনাৰ প্ৰাদুৰ্ভাৱৰ এই গতিৰ ওপৰত যথেষ্ট গুৰুত্ব সহকাৰে দৃষ্টি নিক্ষেপ কৰি আছে৷

অৱশ্যে একাংশ দেশ এনেকুৱা আছে, যি ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰি, অধিকাংশ লোকক আছুতীয়াকৈ ৰাখি পৰিস্থিতি চম্ভালি লৈছে৷

ভাৰতৰ দৰে ১৩০ কোটি লোকৰ বসতিপ্ৰধান দেশৰ সন্মুখত, উন্নয়নশীল দেশৰ সন্মুখত ক’ৰনাৰ দৰে সংকট সাধাৰণ কথা নহয়৷

বৰ্তমান বৃহ অৰ্থনীতিৰ তথা বিকশিত দেশত যেতিয়া আমি ক’ৰনাৰ ব্যাপক প্ৰভাৱ দেখি আহিছো, তেনে পৰিস্থিতিত ভাৰতত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি ভবাটো ভুল৷

সেইবাবে এই বিশ্বজোৰা মহামাৰীৰ মোকাবিলা কৰাৰ বাবে দুটা মুখ্য কথা অতি আৱশ্যক৷

প্ৰথম-সংকল্প আৰু দ্বিতীয়টো হৈছে সংযম৷

বৰ্তমান ১৩০ কোটি দেশবাসীয়ে নিজৰ সংকল্প আৰু অধিক দৃঢ় কৰিব লাগিব, যে এই বিশ্বজোৰা মহামাৰীৰ ৰোধ কৰাৰ বাবে এগৰাকী নাগৰিক হিচাপে, নিজৰ কৰ্তব্য পালন কৰিম, কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা পালন কৰিম৷

এতিয়া আমি সংকল্প ল’ব লাগিব যে আমি নিজে সংক্ৰমণৰ পৰা বাছি থাকিম আৰু আনকো সংক্ৰমিত হোৱাৰ পৰা ৰক্ষা কৰিম৷

বন্ধুসকল,

এনে ধৰণৰ বিশ্বজোৰা মহামাৰীৰ ক্ষেত্ৰত এটা মন্ত্ৰই কাম কৰে- আমি সুস্থ যেতিয়া বিশ্বও সুস্থ৷

এনে পৰিস্থিতিত যেতিয়া এই ৰোগৰ কোনো ঔষধ নাই, তেতিয়া আমি নিজেই সুস্থ হৈ থকাটো অতি আৱশ্যক৷

এই ৰোগৰ পৰা বাছি থকা আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ সংযম অতি প্ৰয়োজন৷ আৰু সংযমৰ কৌশল কি কি? সেয়া হৈছে-জনসমাগৰ পৰা দুৰত থকা, ঘৰৰ পৰা অনাহকত বাহিৰলৈ নোলোৱা৷

আজিকালি যিটোক সামাজিক দুৰত্ব বুলি কয়, ক’ৰনাভাইৰাছ মহামাৰী বেলিকা এয়া অতি প্ৰয়োজনীয়৷

আমাৰ সংকল্প আৰু সংযমে এই বিশ্বস্তৰীয় মহামাৰীৰ প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিব।

আৰু এইবাবেই, আপুনি যদিহে ভাবি আছে যে আপুনি ঠিকেই আছে, আপোনাৰ একোৱেই নহ’ব, আৰু সেই ভাবিয়েই আপুনি যদি বজাৰত ঘুৰি ফুৰে, পথলৈ ওলাই যায়, আৰু ক’ৰনাৰ পৰা বাচি থাকিব পাৰিম বুলি ভাবিছে, তেন্তে আপুনি ভুল কৰিছে।

এনে কৰাৰ যোগেদি আপুনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈও বিপদ মাতি আনিব, তেওঁলোকৰ প্ৰতি অন্যায় কৰিব। এইবাবেই সকলো দেশবাসীলৈ মোৰ অনুৰোধ যে অনাগত কেইটামান সপ্তাহলৈ, কেৱল অত্যন্ত প্ৰয়োজনীয় কামতহে ঘৰৰ পৰা বাহিৰলৈ ওলাওঁক। যথা সম্ভৱ আপুনি আপোনাৰ কাম, সেয়া লাগিলে অফিচ সংক্ৰান্তীয় কামেই হওঁক, বা ব্যৱসায় সংক্ৰান্তীয় কামেই হওঁক, ঘৰৰ পৰাই কৰক।

যিসকল লোক চৰকাৰী সেৱাৰ সৈতে জড়িত, চিকিৎসালয়ৰ সৈতে জড়িত, যিসকল লোক জনপ্ৰতিনিধি, যিসকল লোক সংবাদ মাধ্যমৰ সৈতে জড়িত, তেওঁলোকৰ সক্ৰিয়তা বাঞ্চনীয়, কিন্তু এইসকল লোকৰ বাদে সমাজৰ অইন লোকসকলে নিজকে সমাজৰ পৰা Isolate কৰি ৰাখক বা আছুতীয়াকৈ ৰাখক।

মোৰ আৰু এটা অনুৰোধ এয়ে যে আমাৰ পৰিয়ালবোৰত যিসকল জ্যেষ্ঠ নাগৰিক আছে, যিসকলৰ বয়স ৬৫ বছৰৰ উৰ্ধ্বত, তেওঁলোকে বিশেষভাৱে অনাগত কেইটামান সপ্তাহ ঘৰৰ পৰা বাহিৰলৈ নোলাব।

আজিৰ প্ৰজন্ম এনে এক পৰিৱেশৰ সৈতে অভ্যস্ত নহয়, যেতিয়া পুৰণি কালত যুদ্ধৰ পৰিস্থিতি আহি পৰে, তেতিয়া গাঁৱে গাঁৱে BlackOut কৰা হৈছিল। ঘৰৰ খিৰিকীৰ আইনাবোৰত কাগজ লগাই দিয়া হৈছিল, লাইট বন্ধ কৰি দিয়া হৈছিল, জনতাই লগ লাগি পাল পাতি পাতি পহৰা দিছিল। এনেবোৰ পৰিস্থিতি বহুদিন ধৰি চলি আছিল। বহু সময়ত যুদ্ধৰ পৰিৱেশ উদ্ভৱ নহ’লেও সজাগ নগৰপালিকা প্ৰশাসনে এনে BlackOut ৰ আখৰা কৰাইছিল।

বন্ধুসকল, মই আজি সমগ্ৰ দেশবাসীৰ পৰাই আৰু এটা সমৰ্থন বিচাৰিছো। সেয়া হৈছে জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউ হৈছে জনতাৰ বাবে জনতাৰ দ্বাৰা আৰোপ কৰা কাৰ্ফিউ। আহি থকা ৰবিবাৰ অৰ্থাৎ ২২ মাৰ্চ ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ সমগ্ৰ দেশবাসীয়ে জনতা কাৰ্ফিউ পালন কৰিব। এই সময়ছোৱাত আমি কোনেও ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহো, পথলৈ ওলাই নাহো, চুবুৰীতো ঘুৰা-ফুৰা নকৰো। কেৱল অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকসকলেহে ২২ মাৰ্চ তাৰিখে ঘৰৰ বাহিৰলৈ ওলাব।

বন্ধুসকল, ২২ মাৰ্চত আমাৰ এই আত্মসংযম, দেশহিতৰ বাবে কৰ্তব্য পালনৰ প্ৰতি গ্ৰহণ কৰা সংকল্পৰ এক প্ৰতীক হৈ পৰিব। ২২ মাৰ্চৰ এই জনতা কাৰ্ফিউৰ সফলতা, ইয়াৰ অনুভৱে আমাক আগন্তুক প্ৰত্যাহ্বানবোৰৰ মুখামুখি হ’বৰ বাবে সাজু কৰি তুলিব। মই দেশৰ আটাইবোৰ ৰাজ্য চৰকাৰকে আহ্বান জনাও যে তেওঁলোকে যেন এই জনতা কাৰ্ফিউ সঠিকভাৱে ৰূপায়ন হোৱাৰ ক্ষেত্ৰত নেতৃত্ব বহন কৰে।

এনচিচি, এনএছএছৰ সৈতে জড়িত যুৱক-যুৱতীসকল, দেশৰ প্ৰতিগৰাকী যুৱক-যুৱতী, সামাজিক অনুষ্ঠান, প্ৰতিটো সংগঠন, এই আটাইকে অনুৰোধ কৰো যে তেওঁলোকে যে এতিয়াৰে পৰা আগন্তুক দুটা দিনত জনসাধাৰণক জনতা কাৰ্ফিউৰ বাবে সজাগ কৰি তোলক। সম্ভৱ হ’লে প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰতিদিনে অন্ততঃ ১০ গৰাকী লোকক ফোন কৰি ক’ৰনা ভাইৰাছৰ পৰা ৰক্ষা পৰাৰ বিভিন্ন উপায় সন্দৰ্ভত অৱগত কৰাৰ লগতে জনতা কাৰ্ফিউ সন্দৰ্ভতো কওঁক।

বন্ধুসকল, এই জনতা কাৰ্ফিউ ভাৰতৰ বাবে এক প্ৰকাৰৰ পৰীক্ষাৰ দৰে হ’ব। বিশ্বত্ৰাস ক’ৰনাৰ দৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰত কিমান সাজু, সেয়া পৰীক্ষা কৰি চোৱাৰ সময় সমাগত। আপোনালোকৰ এই প্ৰয়াসৰ মাজতে জনতা কাৰ্ফিউৰ দিনা অৰ্থাৎ ২২ মাৰ্চত আপোনালোকৰ পৰা এক সহযোগিতা বিচাৰিছো।

বন্ধুসকল, বিগত ২ টা মাহত লক্ষ লক্ষ লোকে চিকিৎসালয়, বিমানবন্দৰ আদিত দিনে ৰাতিয়ে কাম কৰি আছে। সেয়া লাগিলে চিকিৎসকেই হওঁক, নাৰ্ছেই হওঁক, চিকিৎসা কৰ্মীয় বা হাস্পতালৰ অইন কৰ্মীয়েই হওঁক, চাফাই কৰ্মীয়েই হওঁক, বিমান বন্দৰ কৰ্মীয়েই হওঁক, চৰকাৰী কৰ্মীয়েই হওঁক, আৰক্ষীয়েই হওঁক, অথবা সংবাদ কৰ্মীয়েই হওঁক। অথবা ৰে’ল অটো বা বাছ সেৱাৰ সৈতে জড়িত কৰ্মীয়েই হওঁক, অথবা হোম ডেলিভাৰী দিয়া কৰ্মীজনেই হওঁক, সকলোৱেই নিজৰ স্বাৰ্থ পৰিহাৰ কৰি অইনৰ সেৱাৰ কামত ব্ৰতী হৈ আছে। আজিৰ পৰিস্থিতিলৈ লক্ষ্য কৰিলে, এইবোৰ সেৱা সাধাৰণ বুলি ক’ব নোৱাৰি৷

আজি তেওঁলোকো সংক্ৰমিত হোৱাৰ পূৰামাত্ৰাই সম্ভাৱনা আছে৷ ইয়াৰ পিছতো তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰি আছে, আনৰ সেৱা কৰি আছে৷ এওঁলোকে ৰাষ্ট্ৰৰক্ষকৰ দৰে ক’ৰনা মহামাৰী আৰু আমাৰ মাজত থিয় দি আছে৷ দেশ এওঁলোকৰ প্ৰতি কৃতজ্ঞ৷ মই বিচাৰিছো যে ২২ মাৰ্চ দেওবাৰে আমি এওঁলোক সকলোকে কৃতজ্ঞতা প্ৰদান কৰো৷ দেওবাৰে সন্ধিয়া ঠিক ৫ বজাত আমি নিজৰ ঘৰৰ দুৱাৰৰ কাষত থিয় হৈ, বেলকনীৰ কাষত, খিৰিকিৰ কাষত থিয় হৈ ৫ মিনিট পৰ্যন্ত এওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰদান কৰিম৷ হাত-চাপৰি বজাই, থালী বজাই অথবা ঘণ্টি বজাই আমি তেওঁলোকক উৎসাহিত কৰিম, অভিবাদন জনাম৷ সমগ্ৰ দেশৰ স্থানীয় প্ৰশাসনকো মই আহ্বান জনাইছো যে ২২ মাৰ্চৰ দিনা সন্ধিয়া ৫ বজাত ছাইৰেণ বজাই এই সূচনা জনসাধাৰণক যাতে প্ৰদান কৰে৷ ‘সেৱাই পৰম ধৰ্ম’ আমাৰ সংস্কাৰ বুলি বিবেচনা কৰা দেশবাসীৰ বাবে আমি সম্পূৰ্ণ শ্ৰদ্ধাৰ সৈতে নিজৰ ভাৱ ব্যক্ত কৰিব লাগিব৷

বন্ধুসকল, সংকটৰ এই সময়ছোৱাত আপোনালোকে এয়া লক্ষ্য ৰাখিব লাগিব যে আমাৰ আৱশ্যকীয় সেৱাসমূহত, আমাৰ চিকিৎসালয়সমূহতো ব্যস্ততা নিৰন্তৰে বৃদ্ধি পাবলৈ ধৰিছে৷ সেইবাবে মই আপোনালোকক আহ্বান জনাইছো যে নিয়মিত পৰীক্ষণৰ বাবে চিকিৎসালয়লৈ যোৱাৰ পৰা যিমান পাৰে সিমানে বিৰত থাকক৷ আপোনাৰ যদি অতিশয় প্ৰয়োজন তেন্তে নিজৰ পৰিচিত চিকিৎসক, পৰিয়ালৰ চিকিৎসক অথবা সম্পৰ্কীয় চিকিৎসকৰ পৰা ফোনতেই আৱশ্যকীয় পৰামৰ্শ গ্ৰহণ কৰক৷ যদি আপোনাৰ সূচীত অস্ত্ৰোপচাৰ অতিশয় আৱশ্যকীয় নহয় তেন্তে মই আপোনালোকক অনুৰোধ জনাইছো যে ইয়াৰ তাৰিখ আগন্তুক এমাহলৈ সম্প্ৰসাৰিত কৰক৷

বন্ধুসকল, এই গোলকীয় মহামাৰীৰ দ্বাৰা অৰ্থৱ্যৱস্থাও বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছে৷ ক’ৰনা মহামাৰীৰ দ্বাৰা উদ্ভৱ হোৱা আৰ্থিক প্ৰত্যাহ্বানসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিত্তমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে এক ক’ভিড-১৯-অৰ্থনৈতিক প্ৰতিক্ৰিয়াশীল টাস্ক ফ’ৰ্চ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ এই টাস্ক ফ’ৰ্চে ষ্টেকহ’ল্ডাৰসকলৰ সৈতে নিয়মিত ৰূপত সম্পৰ্ক স্থাপন কৰি তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া আহৰণ কৰিব, প্ৰত্যেকটো পৰিস্থিতি নিৰীক্ষণ কৰি নিকট ভৱিষ্যতত সিদ্ধান্ত গ্ৰহণ কৰিব৷ এই টাস্ক ফ’ৰ্চে এয়াও সুনিশ্চিত কৰিব যে আৰ্থিক সমস্যা হ্ৰাস কৰাৰ বাবে যিসমূহ পদক্ষেপ গ্ৰহণ কৰা হ’ব সেইবোৰ যাতে কাৰ্যকৰীভাৱে প্ৰণয়ন হয়৷ নিশ্চিত ৰূপত এই মহামাৰীয়ে দেশৰ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰসকলৰ আৰ্থিক স্থিতিত মোক্ষম আঘাত হানিছে৷ সংকটৰ এই সময়ছোৱাত মোৰ দেশৰ ব্যৱসায়ীসকল, উচ্চ আয়ৰ লোকসকলক আহ্বান জনাইছো যে যদি সম্ভৱ হয়, আপোনালোকে যিসমূহ লোকৰ পৰা সেৱা গ্ৰহণ কৰি আছে তেওঁলোকৰ আৰ্থিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখক৷ হ’ব পাৰে যে আগন্তুক কেইটামান দিনত এই লোকসকল কাৰ্যালয়লৈ, আপোনাৰ ঘৰলৈ আহিবলৈ নোৱাৰিবও পাৰে৷ এনে ক্ষেত্ৰত তেওঁলোকৰ যাতে দৰমহা কৰ্তন কৰা নহয়, সম্পূৰ্ণ মানৱীয়তাৰ সৈতে, সংবেদনশীলতাৰ সৈতে এই সিদ্ধান্ত গ্ৰহণ কৰক৷ সদায় মনত ৰাখিব, সেই ব্যক্তিজনৰো নিজৰ পৰিয়াল আছে, নিজৰ পৰিয়ালক ৰোগৰ পৰা মুক্ত কৰিবলগীয়া আছে৷ মই দেশবাসীক আশ্বস্ত কৰিব বিচাৰিছো যে দেশত গাখীৰ, খাদ্য সামগ্ৰী, ঔষধ, জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে হ্ৰাস নহয় তাৰবাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেইবাবে মই সমগ্ৰ দেশবাসীক আহ্বান জনাইছো যে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে যাতে হেতা-ওপৰা নলগায়৷ আপুনি সাধাৰণ অৱস্থাৰ দৰেই সামগ্ৰীসমূহ ক্ৰয় কৰি থাকক৷ আতংকগ্ৰস্ত হৈ ক্ৰয় নকৰিব৷

বন্ধুসকল, বিগত দুটা মাহত ১৩০ কোটি ভাৰতীয়ই, দেশৰ প্ৰত্যেকজন নাগৰিকে দেশৰ সংকটক নিজৰ সংকট হিচাপে জ্ঞান কৰিছে৷ ভাৰতৰ বাবে, সমাজৰ বাবে যি কৰিব পাৰি তেওঁলোকে কৰিছে৷ মোৰ বিশ্বাস যে আগন্তুক সময়তো আপোনালোকে নিজৰ কৰ্তব্য, নিজৰ দায়িত্ব এইদৰেই পালন কৰি থাকিব৷ হয়, মই মানি লৈছো যে এনে সময়ত কিছু কঠিন পৰিস্থিতিৰ উদ্ভৱ হয়, আশংকা আৰু উৰাবাতৰিৰ বাতাৱৰণৰ সৃষ্টি হয়৷ বহু সময়ত এজন নাগৰিকৰ হিচাপত আমাৰ আকাংক্ষা পূৰণ নহয়৷ তথাপিও, এই সংকট ইমানেই বৃহৎ যে সকলো দেশবাসীয়ে এনে সমস্যাৰ মাজত দৃঢ় সংকল্পৰ সৈতে এই কঠিন পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব৷

বন্ধুসকল, এতিয়া আমি আমাৰ সকলো সামৰ্থ ক’ৰনাৰ পৰা ৰক্ষা পৰিবলৈ ব্যৱহাৰ কৰিব লাগিব৷ আজি দেশৰ কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, স্থানীয় প্ৰশাসন, পঞ্চায়ত, জন প্ৰতিনিধি সকলোৱেই নিজৰ ধৰণে এই গোলকীয় মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ অৱদান আগবঢ়াইছে৷ আপোনালোকেও নিজৰ অৱদান আগবঢ়াব লাগিব৷ এয়া আৱশ্যক যে গোলকীয় মহামাৰীৰ এই বাতাৱৰণত মানৱ জাতি বিজয়ী হওক, ভাৰত বিজয়ী হওক৷ কিছুদিন পিছতে নৱৰাত্ৰিৰ পৰ্ব উদযাপিত হ’ব৷ এয়া শক্তি উপাসনাৰ পৰ্ব৷ ভাৰতে সমগ্ৰ শক্তিৰে আগবাঢ়ক, এয়াই শুভকামনা থাকিল৷

অশেষ ধন্যবাদ!!!

*****



(Release ID: 1607265) Visitor Counter : 512