স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

কোভিড-১৯ ৰ শেহতীয়া তথ্য – ৰোগ প্ৰতিৰোধ আৰু ৰোগ নিবাৰণৰ বাবে পৰামৰ্শাৱলী আৰু নিৰ্দেশাৱলী

Posted On: 17 MAR 2020 8:05PM by PIB Guwahati

কেবিনেট সচিবে আজি ইয়াত বিভিন্ন মন্ত্ৰালয়/দপ্তৰৰ সৈতে জড়িত উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠককালত তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশাৱলী অনুসৰি প্ৰতিগৰাকী লোকে ইজনৰ পৰা সিজনৰ মাজত এক নিৰ্দ্দিষ্ট দূৰত্ব ৰখাৰ প্ৰয়োজনীয়তা তথা বিভিন্ন ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে। তেওঁ কয় যে সামাজিক ৰূপত ইজনে সিজনৰ পৰা এক দূৰত্ব ৰক্ষা কৰিব পাৰিলে এই ৰোগৰ সংক্ৰমণক বাধা দিবলৈ যথেষ্ট সুবিধা হ’ব। তেওঁ লগতে আছুতীয়াকৈ ৰখা বা থকাৰ সা-সুবিধাবোৰ, চিকিৎসালয়ৰ সামগ্ৰিক ব্যৱস্থা আৰু সজাগতা অভিযানৰ বাবে বিভিন্ন ৰাজ্যৰ প্ৰস্তুতি সন্দৰ্ভতো বুজ লয়।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত প্ৰভাৱী আৰু সুসমন্বয় সুনিশ্চিত কৰিবৰ বাবে যুটীয়া সচিব আৰু তেওঁৰ উৰ্ধ্বতন স্তৰৰ ৩০ গৰাকী ন’ডেল বিষয়াক বিভিন্ন মন্ত্ৰালয়ৰ সৈতে সংযোজিত হৈ থকাৰ বাবে, দপ্তৰবোৰৰ সৈতে সুসমন্বয় গঢ়ি তোলাৰ বাবে আৰু ৰাজ্যসমূহে ভাৰত চৰকাৰৰ পৰা বিচৰা যিকোনো প্ৰয়োজনৰ ক্ষেত্ৰতে তৎকালীনভাৱে সহায় আগবঢ়োৱাৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। এইসকল বিষয়াক বিভিন্ন ৰাজ্যলৈ ডেপুটেশ্যনত প্ৰেৰণ কৰা হ’ব আৰু তেওঁলোকে এই ৰ’ৰোনা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লগতে ৰোগ প্ৰশমন কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বিষয়াসকলৰ সৈতে সমন্বয়েৰে কাম কৰিব। উল্লেখ্য যে আটাইবোৰ বিষয়াৰ বাবেই কাইলৈ এক অ’ৰিয়েণ্টেশ্যন বৈঠকৰো আয়োজন কৰা হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিবে আটাইবোৰ মন্ত্ৰালয়/দপ্তৰৰ সচিবলৈও লিখিত নিৰ্দেশ প্ৰেৰণেৰে ইতিমধ্যেই সমগ্ৰৰ দেশতে জাৰি কৰা ভাৰত চৰকাৰৰ বিভিন্ন নিৰ্দেশাৱলী/পৰামৰ্শাৱলী প্ৰযোজ্য কৰাৰ বাবে অনুৰোধ জনাইছে।

১১ মাৰ্চ ২০২০ আৰু ১৬ মাৰ্চ ২০২০ তাৰিখে জাৰি কৰা ভ্ৰমণ নিৰ্দেশাৱলী/পৰামৰ্শাৱলী অব্যাহত ৰাখি আজি অতিৰিক্ত কিছু পৰামৰ্শ জাৰি কৰা হৈছে, সেইবোৰ তলত উল্লেখ কৰা হৈছে -

ক) আফগানিস্তান, ফিলিপাইনছ, মালেছিয়াৰ পৰা ভাৰতলৈ আহিবলগীয়া যাত্ৰীৰ যাত্ৰা তৎকালীনভাৱে নিষেধ কৰা হৈছে। ভাৰতীয় মান সময় অনুসৰি বিয়লি ৩ বজাৰ পিছত সংশ্লিষ্ট দেশকেইখনৰ পৰা ভাৰতলৈ কোনো বিমানে যাত্ৰা আৰম্ভ নকৰিব।

খ) এই নিৰ্দেশ অস্থায়ীভাৱে আগবঢ়াৱো হৈছে আৰু অহা ৩১ মাৰ্চ ২০২০ তাৰিখলৈ এয়া বাহাল থাকিব আৰু ইয়াৰ পিছত পৰিস্থিতি পৰ্যবেক্ষণ সাপেক্ষে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

ইয়াৰ উপৰিও তিনিটা নিৰ্দেশনা জাৰি কৰা হৈছে (সেয়া www.mohfw.gov.in ত চাব পাৰিব) -

- কোভিড-১৯ ত আক্ৰান্ত ৰোগীসকলৰ (ৰোগীৰ প্ৰাৰম্ভিক চিনাক্তকৰণ) চিকিৎসা ব্যৱস্থাৰ, সংক্ৰমণ প্ৰতিৰোধ আৰু ইয়াক নিয়ন্ত্ৰণৰ উপায় কাৰ্যকৰীকৰণৰ দিশবোৰ সংশোধন কৰা হৈছে আৰু আপডেট কৰা হৈছে।

- মৃতদেহ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় যাৱতীয় সাৱধানতা, সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ উপায়ৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

- কোভিড ১৯ ৰ পৰীক্ষণ আৰম্ভ কৰিবৰ বাবে ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰসমূহলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।

- পৰীক্ষাগাৰৰ পৰীক্ষণ কেৱল তেতিয়াহে কৰিব লাগে যেতিয়া আইচিএমআৰৰ নিয়ম অনুসৰি এগৰাকী যোগ্য চিকিৎসকৰ দ্বাৰা পৰীক্ষণ নিৰ্ধাৰিত কৰা হয়। যিহেতু এনেধৰণৰ পৰীক্ষা সময়ে সময়ে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, গতিকে শেহতীয়া সংশোধিত সংস্কৰণটোহে পালন কৰা হ’ব লাগে।

- আইচিএমআৰ পৰীক্ষাগাৰৰ পৰীক্ষাৰ বাবে এছঅ’পিয়ে অনুমতি প্ৰদান কৰিব আৰু পৰীক্ষণৰ বাবে যোগাত্মক নিয়ন্ত্ৰণো প্ৰদান কৰিব। পৰীক্ষণৰ বাবে বাণিজ্যিক কিট LCMR-নেশ্যনেল ইনষ্টিটইিউট অৱ ভাইৰোল’জী, পুনেৰ নিৰ্দেশাৱলীৰ আধাৰত হ’ব লাগিব।

- এগৰাকী ৰোগাক্ৰান্ত বুলি সন্দেহযুক্ত ৰোগীৰ পৰা নমুনা সংগ্ৰহ কৰাৰ সময়ত সঠিক বায়’ছেফ্টি আৰু সুৰক্ষা সাৱধানতা সুনিশ্চিত কৰিব লাগে। বিকল্প ৰূপত এক ৰোগ বিশিষ্ট পৃথক নমুনা সংগ্ৰহ কেন্দ্ৰও নিৰ্মাণ কৰিব পাৰি।

- আইচিএমআৰে পুনৰ আপীল কৰে যে ব্যক্তিগত পৰীক্ষাগাৰসমূহে কোভিড-১৯ ৰ চিকিৎসাৰ বাবে বিনামূলীয়া ব্যৱস্থা কৰিব লাগে।


কৰ্মী আৰু প্ৰশিক্ষণ বিভাগৰ দ্বাৰা এক পৰামৰ্শ জাৰি কৰা হৈছে, য’ত কোভিড-১৯ ৰ প্ৰসাৰ নিয়ন্ত্ৰিত কৰিবৰ বাবে মন্ত্ৰালয়/দপ্তৰৰ সকলো কৰ্মচাৰীৰ দ্বাৰা ৰোগ নিবাৰণৰ উপায়বোৰ উল্লেখ কৰা হৈছে আৰু আলোচনা কৰা হৈছে। আটাইবোৰ মন্ত্ৰালয়/দপ্তৰকে নিম্নোক্ত পৰামৰ্শবোৰ আগবঢ়োৱা হৈছে –

  •  য্দিহে সম্ভৱ হয় তেন্তে ৰাজহুৱা ভৱনত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত থাৰ্মেল স্কেনাৰ লগাওঁক। ৰাজহুৱা ভৱনৰ প্ৰৱেশ দ্বাৰতে হেণ্ড ছেনিটাইজাৰ ৰখাটো অত্যাৱশ্যকীয়। ফ্লুৰ দৰে লক্ষণ দেখা মাত্ৰকে সঠিক ব্যৱস্থা গ্ৰহণ বা আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে।
  •  কাৰ্যালয় পৰিসৰত জনসমাগম যিমান পাৰি হ্ৰাস কৰক। ভিজিটৰৰ বাবে অস্থায়ী পাছৰ নিয়মিত ব্যৱস্থা তৎকালীনভাৱে বাতিল কৰিব লাগে। যিগৰাকী বিষয়াক ভিজিটৰে সাক্ষাৎ কৰিবলৈ বিচাৰে আৰু তেওঁৰ হাতত যদিহে সেইগৰাকী বিষয়াৰ সঠিক অনুমতি থাকে তেতিয়াহে সঠিকভাৱে পৰীক্ষা কৰি তেনে ভিজিটৰক প্ৰৱেশ কৰিবলৈ দিয়ক।
  •  বিভিন্ন বৈঠক যথাসম্ভৱ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে সম্পন্ন কৰিব লাগে। যদিহে সম্ভৱ হয় বৈঠক বাতিল কৰিব লাগে বা পিছুৱাই দিব লাগে, অথবা বৈঠকত যথাসম্ভৱ কম ব্যক্তি বা অতি জৰুৰী লোকসকলকহে আমন্ত্ৰণ জনাব লাগে।
  •  অপ্ৰয়োজনীয় ভ্ৰমণ বা যাত্ৰা পৰিহাৰ কৰক।
  •  প্ৰয়োজনীয় পত্ৰাদি কাগজৰ পৰিৱৰ্তে ইমেইলযোগে প্ৰেৰণ কৰক, যথাসম্ভৱ অইন কাৰ্যালয়লৈ ফাইল তথা বহী আদি প্ৰেৰণৰ পৰা বিৰত থাকক।
  •  সম্ভৱ হ’লে কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰতেই ডাক প্ৰাপ্তি আৰু ৰচিদৰ সুবিধা উপলব্ধ কৰাওঁক।
  •  ৰাজহুৱা ভৱনত থকা সকলোধৰণৰ জিম, মনোৰঞ্জন কেন্দ্ৰ, ক্ৰেশ্ব আদি বন্ধ ৰাখক।
  •  কৰ্মস্থলীৰ সঠিক পৰিস্কাৰ পৰিচ্ছন্নতা আৰু নিয়মিত স্বচ্ছতা সুনিশ্চিত কৰা, বিশেষভাৱে আমি সঘনাই স্পৰ্শ কৰি থকা ঠাইবোৰৰ পৰিচ্ছন্নতা থকাটো নিশ্চিত কৰক। ৱাশ্বৰূমত হেণ্ড ছেনিটাইজাৰ, চাবোন আৰু বৈ যোৱা পানীৰ নিয়মিত উপলব্ধতা থকাটো নিশ্চিত কৰক।
  •  সকলো বিষয়াকে পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে যেন নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখে আৰু সঠিক যতন লয় আৰু জ্বৰৰ পৰা হাত সাৰি থাকে তথা শ্বাস-প্ৰশ্বাস সম্বন্ধীয় দিশবোৰৰ ভালকৈ যতন লয়। অসুস্থ অনুভৱ কৰা মাত্ৰকে নিজৰ উৰ্ধ্বতন বিষয়াক অৱগত কৰক আৰু তৎকালীনভাৱে কৰ্মস্থলী ত্যাগ কৰক। স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা নিৰ্দেশাৱলী (নিম্নলিখিত URL ত সবিশেষ পঢ়িব পাৰিব - www.mohfw.gov.in/DraftGuideIinesforhomequarantine.pdf) অনুসৰি ঘৰতে আছুতীয়াকৈ থাকক।
  • সাৱধানতাৰ বাবে যদিহে কোনো কৰ্মচাৰীয়ে নিজকে আছুতীয়াকৈ ৰখাৰ বাবে ছুটি বিচাৰে তেন্তে ছুটি অনুমোদন কৰা বিষয়াক ছুটি মঞ্জুৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে।
  • বয়োজ্যেষ্ঠ কৰ্মচাৰী, গৰ্ভৱতী কৰ্মচাৰী বা চিকিৎসা চলি থকা কৰ্মচাৰী, যাৰ শংকা অধিক, তেনে লোকসকলে অধিক সাৱধানতা অৱলম্বন কৰিব লাগে। মন্ত্ৰালয়/দপ্তৰসমূহে কৰ্মচাৰীসকলৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে।

*****

MV/RD



(Release ID: 1607040) Visitor Counter : 140