প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত ৰাজ্যসভাত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ধন্যবাদসূচক বক্তব্য
Posted On:
06 FEB 2020 8:00PM by PIB Guwahati
মাননীয় সভাপতি মহোদয়, সদনৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি মহোদয়ে প্ৰদান কৰা অভিভাষণত ১৩০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষাসমূহৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। ৰাষ্ট্ৰপতি মহোদয়ৰ সেই অভিভাষণৰ সমৰ্থনত বক্তব্য প্ৰদান কৰিবলৈকে মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোহি।
৪৫ গৰাকীৰো অধিক মাননীয় সদস্যই ৰাষ্ট্ৰপতি মহোদয়ৰ অভিভাষণ সন্দৰ্ভত নিজৰ অভিমত প্ৰকাশ কৰিছে। এইখন বয়োজ্যেষ্ঠসকলৰ সদন, অনুভৱী মহাপুৰুষৰ সদন। সদনৰ আলোচনাক সমৃদ্ধ কৰাৰ বাবে প্ৰতিগৰাকী সদস্যই প্ৰয়াস কৰিছে। শ্ৰীমান গোলাম নৱীজী, শ্ৰীমান আনন্দ শৰ্মাজী, ভূপেন্দ্ৰ যাদৱজী, সুধাংশু ত্ৰিবেদীজী, সুধাকৰ শেখৰজী, ৰামচন্দ্ৰ প্ৰসাদজী, ৰামগোপালজী, সতীশ চন্দ্ৰ মিশ্ৰজী, সঞ্জয় ৰাউটজী, স্বপ্ন দাসজী, প্ৰসন্ন আচাৰ্যজী, এ নৱনীতজীৰ দৰে বহুকেইগৰাকী সদস্যই নিজৰ মত ব্যক্ত কৰে।
মই যেতিয়া আপোনালোকৰ বক্তব্যসমূহৰ সমীক্ষা কৰি আছিলো, তেতিয়া বহুকেইটা নতুন নতুন বিষয় স্পষ্ট হৈ উঠা দেখিবলৈ পাইছিলো। সদনৰ যোৱাখন অধিৱেশন বহু পৰিমানে সফল হোৱা কথাটো লৈ আমি সকলোৱে গৰ্ব অনুভৱ কৰিব পাৰো আৰু এয়া সম্ভৱ হৈ উঠিছিল আপোনালোক সকলো মাননীয় সদস্যৰ আন্তৰিক সহযোগিতাৰ সুবাদত। সেয়ে মই সদনৰ সকলো মাননীয় সদস্যক অভিনন্দিত কৰিব খুজিছো।
এইখন যিহেতু অনুভৱী আৰু বয়োজ্যেষ্ঠসকলৰ সদন, সেয়ে স্বাভাৱিকতেই এইখন সদনৰ পৰা দেশে বহুখিনি আশা কৰিছিল, শাসকীয় পক্ষই বহু আশা কৰিছিল আৰু মই নিজেও বহু প্ৰত্যাশাৰে অপেক্ষা কৰিছিলো যে আপোনালোকৰ বক্তব্যত, আপোনালোকৰ প্ৰয়াসত বহু ভাল পৰামৰ্শই দেশৰ উপকাৰ সাধন কৰিব। মোৰ দৰে বহু নতুন ব্যক্তিৰ বাবে নতুন পথৰ সন্ধান দিব। পিছে মোৰ এনে লাগিছে যে এই নতুন দশকটোত মই যি আশা কৰিছিলো, মই যেন কিছু হতাশ হ’বলগীয়া হ’ল।
এনেকুৱা লাগিছে যেন আপোনালোক য’ত ৰৈ গৈছিল তাৰ পৰা যেন আগবঢ়াৰ আৰু নামেই নোলোৱা হ’ল, তাতেই যেন ৰৈ গ’ল! কেতিয়াবাতো পিছলৈ উভতি যোৱা যেনহে লাগিবলৈ ধৰে। হতাশা-নিৰাশাৰ পৰিবেশ একোটা সৃষ্টি কৰাৰ পৰিৱৰ্তে নতুন উত্সাহ, নতুন চিন্তা-চৰ্চা, নতুন উদ্যমৰে আগবঢ়াৰ মানসিকতা প্ৰদৰ্শন কৰা হ’লে দেশে প্ৰগতিৰ বাবে এক দিকদৰ্শন লাভ কৰিব পাৰিলেহেতেন, চৰকাৰেও নতুন পথৰ সন্ধান পালেহেতেন। পিছে, স্থবিৰতাকে চাগৈ আপোনালোকে নিজৰ অভিপ্ৰায় কৰি লৈছে। এই পৰিস্থিতিত মোৰ কাকা হাথৰসীৰ এক ব্যংগ কবিতা মনলৈ আহিছে। বৰ সুন্দৰকৈ তেওঁ লিখিছিল—
প্ৰকৃতি বদলতী ক্ষণ-ক্ষণ দেখো
বদল ৰহে অণু, কণ-কণ দেখো
তুম নিষ্ক্ৰিয় সে পড়ে হুয়ে হ’
ভাগ্যৱাদ পৰ আড়ে হুয়ে হ’
ছোড়ো মিত্ৰ! পুৰাণী ডফলী,
জীৱন মে’ পৰিৱৰ্তন লাও
পৰম্পৰা সে উঁচে উঠকৰ
কুছ তো ষ্টেণ্ডাৰ্ড বনাও।
সভাপতি মহোদয়, আলোচনাৰ পাতনি মেলি যেতিয়া গোলাম নৱীজীয়ে বক্তব্য দিছিল, কিছু ক্ষোভো আছিল, চৰকাৰক বিপৰ্যস্থ কৰাৰ প্ৰয়াসো কৰিছিল, হয়, তেনে কৰাতো নিতান্তই স্বাভাৱিক কথাই। কিন্তু তাকে কৰিবলৈ গৈ তেওঁ এনে কেতবোৰ কথা ক’লেগৈ, প্ৰসংগৰ সৈতে সেইবোৰৰ কোনো মিল নাছিল। তেওঁ কৈছিল জম্মু-কাশ্মীৰৰ সিদ্ধান্ত সদনত আলোচনা নকৰাকৈয়ে লোৱা হৈছিল। সমগ্ৰ দেশে টিভিত দিনজোৰা বিতৰ্ক প্ৰত্যক্ষ কৰিছিল, ভিন্নজনৰ বক্তব্য শুনিছিল। অৱশ্যে দিনৰ ২বজা পৰ্যন্ত কিছুসংখ্যক লোক ভ্ৰমত আছিল, কিন্তু বাহিৰৰ পৰা খবৰবোৰ আহিবলৈ ধৰাৰে পৰা সকলোৱে উভতি যোৱাই শ্ৰেয় বুলি ভাবিবলৈ ধৰিলে। সমগ্ৰ দেশেই দেখিছিল, বিস্তৃত আলোচনা হোৱা দেখিছিল, দীঘলীয়া বিতৰ্ক হোৱা দেখিছিল আৰু দীঘলীয়া চৰ্চাৰ অন্তত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল সদনে। সন্মানীয় সদস্যসকলে নিজৰ ভোটদান কৰি সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কিন্তু এই কথা আমি স্পষ্ট কৰি দিয়াৰ সময়তে এই কথাও মনত পেলাওক, আৰু আজাদ চাহাবক মই কিছু কথা মনত পেলাই দিব খুজিছো। পূৰ্বৰ কিছুমান কাণ্ড মানুহে ইমান সোনকালে পাহৰি নাযায়। যেতিয়া তেলেংগণা গঠন কৰা হৈছিল তেতিয়া এই সদনৰ পৰিৱেশ কি হৈছিল? দুৱাৰ বন্ধ কৰি দিবলগীয়া হৈছিল, টেলিভিশ্বনৰ সম্প্ৰচাৰ বন্ধ কৰি দিবলগীয়া হৈছিল। আলোচনাৰ ঠাই নোহোৱা হৈছিল আৰু যি পৰিস্থিতিত সিদ্ধান্ত লোৱা হৈছিল সেই কথা কোনেও পাহৰিব নোৱাৰে। আৰু সেয়ে আপোনালোকে আমাক উপদেশ দিয়ক, আপোনালোক আমাতকৈ ডাঙৰ, তথাপি সত্যটোকোতো স্বীকাৰ কৰিবই লাগিব।
বহু দশকৰ পিছত আপোনালোকে এখন নতুন ৰাজ্য গঠনৰ সুযোগ লাভ কৰিছিল। আনন্দ, উত্সাহৰে, সকলোকে লগত লৈ আপোনালোকে সেই কাম সম্পন্ন কৰিব পাৰিলেহেতেন। আজি আনন্দজীয়ে কৈছে যে ৰাজ্যসমূহক সোধা হৈছিল, অমুকক সোধা হৈছিল, তমুকক সোধা হৈছিল, তেওঁ আৰু বহু কথাই কৈছে। আৰে, কমচে কম অন্ধ্ৰ-তেলেংগণাৰ বসিন্দাসকলকতো সুধি লব পাৰিলেহেতেন, তেওঁলোকেনো দৰাচলতে বিচাৰিছে কি? যি কি নহওক, আপোনালোকে যি কৰিলে সেয়া এতিয়া ইতিহাস হ’ল আৰু সেই সময়, সেই সময়ৰ প্ৰধানমন্ত্ৰী আদৰণীয় মনমোহন সিংজীয়ে লোকসভাত এটা কথা কৈছিল আৰু মই ভাবো সেইষাৰ কথা আজি আমি মনত পেলোৱা উচিত।
তেখেতে কৈছিল-- Democracy in India is being harmed as a result of the ongoing protest over the Telangana issue. অটলজীৰ চৰকাৰে উত্তৰাখণ্ড গঠন কৰিছিল, ঝাৰখণ্ড গঠন কৰিছিল, ছত্তিশগড় গঠন কৰিছিল, সম্পূৰ্ণ সন্মান সহকাৰে, সম্পূৰ্ণ শান্তি আৰু সৌহাৰ্দৰ সৈতে। আৰু আজি এই তিনিখন ৰাজ্যই নিজ নিজ ধৰণে দেশৰ প্ৰগতিত নিজৰ যোগদান দি আহিছে। জম্মু-কাশ্মীৰ আৰু লাডাখক লৈও যি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল, সেয়া সম্পূৰ্ণ আলোচনাৰ অন্তত, সুদীৰ্ঘ বিতৰ্কৰ পিছতহে গ্ৰহণ কৰা হৈছে।
ইয়াত জম্মু-কাশ্মীৰৰ স্থিতি সন্দৰ্ভত কেতবোৰ তথ্য যুগুতোৱা হৈছে। কিছুমান তথ্য মোৰ হাততো আছে। এইখন সদনৰ আগত সেইসমূহ তথ্যও সদৰী কৰা উচিত বুলি মই অনুভৱ কৰিছো।
২০ জুনত তাৰ চৰকাৰ যোৱাৰ পিছত নতুন ব্যৱস্থা আৰম্ভ হ’ল। শসনৰ দায়িত্ব ৰাজ্যপালৰ হাতলৈ গ’ল, তাৰ পিছত ৰাষ্ট্ৰপতিৰ শাসন বলবত্ হ’ল আৰু ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধন্ত গ্ৰহণ কৰা হ’ল। আৰু তাৰ পিছত, মই ক’ব বিচাৰিছো প্ৰথম বাৰৰ বাবে ৰাজ্যখনৰ দৰিদ্ৰ জনসাধাৰণে আৰক্ষণ ব্যৱস্থাৰ সুফল লাভ কৰাৰ অৱকাশ পালে।
জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে পাহাৰী ভাষীসকলে আৰক্ষণৰ সুফল লাভ কৰিলে। জম্মু-কাশ্মীৰত প্ৰথম বাৰলৈ মহিলাসকলে অধিকাৰ লাভ কৰিলে, তেওঁলোকে ৰাজ্যৰ বাহিৰৰ কোনো ব্যক্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হ’লেও তেওঁলোক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া নোহোৱাতো নিশ্চিত কৰা হ’ল।
স্বাধীনতাৰ পিছত প্ৰথম বাৰৰ বাবে ৰাজ্যখনত খণ্ড উন্নয়ণ পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ল।
প্ৰথম বাৰ জম্মু-কাশ্মীৰত RERA আইন বলবত্ হ’ল।
প্ৰথম বাৰ জম্ম-কাশ্মীৰত ‘ষ্টাৰ্ট আপ’ নীতি, বাণিজ্য আৰু ৰপ্তানী নীতি, ‘ল’জিষ্টিক’ নীতি তৈয়াৰ হোৱাৰ উপৰি বলবত্ কৰাও হ’ল।
প্ৰথম বাৰ, আৰু দেশ আশ্চৰ্যচকিতেই হ’ব, প্ৰথম বাৰ জম্মু-কাশ্মীৰত ‘এণ্টী কৰাপশ্যন ব্যুৰো’ৰ কাৰ্যালয় স্থাপিত হ’ল।
জম্মু-কাশ্মীৰত বিচ্ছিন্নতাবাদীলৈ সীমান্তৰ সীপাৰৰ পৰা অহা পুঁজিৰ ওপৰত প্ৰথম বাৰলৈ নিয়ন্ত্ৰণ সম্ভৱ হ’ল।
প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰত বিচ্চিন্নতাবাদীৰ সত্কাৰ সমাৰোহৰ পৰম্পৰা বন্ধ কৰা হ’ল।
প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীসমূহে মিলি নিৰ্ণায়ক অভিযান অব্যাহত ৰাখিছে।
প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰৰ আৰক্ষী-কৰ্মীয়ে দেশৰ অন্য প্ৰান্তৰ কেন্দ্ৰীয় কৰ্মচাৰীসকলে দশক দশক ধৰি লাভ কৰি অহা বিভন্ন ভাট্টাসমূহ লাভ কৰাৰ সুযোগ লাভ কৰিলে।
প্ৰথম বাৰৰ বাবে জম্মু-কাশ্মীৰৰ আৰক্ষী-কৰ্মীয়ে এলটিচি লৈ কন্যাকুমাৰী, উত্তৰ-পূৰ্বাঞ্চল অথবা আন্দামান-নিকোবৰ ভ্ৰমণৰ সুযোগ লাভ কৰিলে।
মাননীয় সভাপতি মহোদয়, ৰাজ্যপালৰ শাসনৰ পিছত ১৮ মাহে ৰাজ্যখনত ৪৪০০ৰো অধিক পঞ্চায়ত সভাপতি আৰু ৩৫ হাজাৰৰো আধিক পঞ্চায়ত সদস্যৰ বাবে শান্তিপূৰ্ণ ভাবে নিৰ্বাচন অনুষ্ঠিত হৈ যায়।
১৮টা মাহত জম্মু-কাশ্মীৰত ২.৫ লাখ শৌচালয় নিৰ্মাণ কৰা হ’ল,
১৮টা মাহত জম্মু-কাশ্মীৰত ৩ লাখ ৩০ হাজাৰ ঘৰলৈ বিজুলী সংযোগ দিয়া হ’ল,
১৮টা মাহত জম্মু-কাশ্মীৰত ৩.৫ লাখৰো অধিক ব্যক্তিক ‘আয়ুষ্মান ভাৰত’ যোজনাৰ গ’ল্ড-কাৰ্ড প্ৰদান কৰা হ’ল।
মাত্ৰ ১৮টা মাহত জম্মু-কাশ্মীৰত ডেড়লাখ বয়োজ্যেষ্ঠ, মহিলা আৰু দিব্যাংগক পেঞ্চন যোজনাৰে সংযুক্ত কৰা হ’ল।
আজাদ চাহাবে এই বুলিও কৈছিল যে বিকাশতো আগতেও হৈছিল। আমিও কিন্তু হোৱা নাছিল বুলি কেতিয়াও কোৱা নাই। পিছে, বিকাশ কেনেকুৱা হৈছিল তাৰ এক উদাহৰণ দিব খুজিছো।
‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ৰ অধীনত ২০১৮ চনৰ মাৰ্চ মাহ পৰ্যন্ত মাত্ৰ ৩.৫ হাজাৰটা ঘৰ নিৰ্মাণ কৰা হৈছিল। ‘প্ৰধানমন্ত্ৰী আবাস যোজনা’ৰ আধীনত চাৰে তিনি হাজাৰ। কিন্ত ইয়াৰ পিছৰ দুটা বছৰতৈকো কম সময়ত এই একে খন আঁচনিৰ অধীনতে ২৪ হাজাৰৰো অধিক ঘৰ নিৰ্মাণ কৰি উলিওৱা হ’ল।
এতিয়া যোগাযোগ ব্যৱস্থা উন্নত কৰা, বিদ্যালয়সমূহৰ অৱস্থা উন্নত কৰা, হাস্পটালসমূহক আধুনিক ৰূপত গঢ়ি তোলা, জলসিঞ্চনৰ অৱস্থা উন্নত কৰা, পৰ্যটনৰ বিকাশ সাধন কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ পেকেজৰ লগতে অন্যান্য বহুকেইখন আঁচনিৰ কাম-কাজৰ দ্ৰুত ৰূপায়ণত মনোনিৱেশ কৰা হৈছে।
আদৰণীয় ভাইকোজী, তেখেতৰ এটা ষ্টাইল আছে, তেওঁ সদায়ে আৱেগিক হৈ থাকে। তেখেতে কৈ দিলে যে ২০১৯ চনৰ ৫ আগষ্ট তাৰিখটো জম্মু-কাশ্মীৰৰ বাবে ক’লা-দিৱস হিচাপে চিহ্নিত হৈ থাকিব। ভাইকোজী, এয়া ক’লা-দিৱস নহয়, এয়া দৰাচলতে সন্ত্ৰাস আৰু বিচ্ছিন্নতাবাদক উত্সাহ যোগাওতাসকলৰ বাবেহে ক’লা-দিৱস হিচাপে পৰিগণিত হ’ব। তাৰ লাখ লাখ পৰিয়ালৰ বাবে এক নতুন বিশ্বাস, এক নতুন আশাৰ কিৰণ হৈহে পৰিস্ফূত হৈছে এই দিৱস।
আদৰণীয় সভাপতি মহোদয়, ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগও উথ্থাপন কৰা হৈছে। আজাদ চাহাবে কৈছিল বোলে উত্তৰ-পূৰ্বাঞ্চল জ্বলিবলৈ ধৰিছে। যদি সঁচাকৈ জ্বলিলহেতেন তেন্তে প্ৰথমে প্ৰথমে সকলোৱে নিজৰ নিজৰ সাংসদসকলৰ প্ৰতিনিধি গোটসমূহক তালৈ প্ৰেৰণ কৰিলেহেতেন আৰু সংবাদ মেলতো নিতান্তই অনুষ্ঠিত কৰিলেহেতেন, ফটোও প্ৰকাশিত কৰিলেহেতেন। আৰু সেয়ে মই ভাবিছো, আজাদ চাহাবৰ হাতত সম্ভৱতঃ ২০১৪ চনৰ আগৰ তথ্যহে মজুত আছে। আৰু সেয়ে মই নতুন তথ্য অৱগত কৰিব খুজিছো যে আজিৰ তাৰিখত উত্তৰ-পূৰ্বাঞ্চল অভূতপূৰ্ব শান্তিৰ সৈতে ভাৰতৰ বিকাশ যাত্ৰাৰ অগ্ৰণী অংশীদাৰৰ ভূমিকাত অৱতীৰ্ণ হৈছে। ৪০-৪০, ৫০-৫০বছৰ ধৰি উত্তৰ-পূৰ্বাঞ্চলত যেনে ধৰণে হিংসাত্মক আন্দোলন চলি আছিল, বন্ধ আদি চলি আছিল, সেয়া কিমান চিন্তাৰ কথা আছিল তাক হয়তো পুনৰাই বাখ্যা কৰাৰ প্ৰয়োজন নাই। পিছে, আজি এইবোৰ আন্দোলন বন্ধ হৈছে আৰু শান্তিৰ পথেৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে বাট বুলিবলৈ লৈছে।
মই এটা কথা নিশ্চয় উল্লেখ কৰিব বিচাৰিম—প্ৰায় ২৫-৩০ বছৰ ধৰি ব্ৰু জনজাতিৰ সমস্যা, আপোনালোকো অৱগত আছিল, আমিও অৱগত আছিলো। প্ৰায় ৩০ হাজাৰ লোকে অনিশ্চিত জীৱন-যাপন কৰিবলগীয়া হৈছিল। ইমান সৰু একোটা কোঠাত, তাকো একোটা জুপুৰী সাজি, অস্থায়ী ভাবে। য’ত ১০০-১০০ লোকে বাস কৰিবলৈ বাধ্য হৈছিল। তিনিটা দশক ধৰি এনেকৈয়ে চলি আছিল, কিমান যাতনা যে ভূগিবলগীয়া হৈছিল। কিন্তু তেওঁলোকে কোনো পাপ কৰা নাছিল। এতিয়া মজাৰ কথাটো হ’ল, উত্তৰ-পূ্ৰ্বাঞ্চলত আপোনালোকৰ দলৰে এখন বহুত ডাঙৰ চৰকাৰ আছিল, আপোনালোকৰ মিত্ৰ আছিল, প্ৰিয় মিত্ৰ। আপোনালোকে বিচৰাহেতেন মিজোৰামত আপোনালোকৰ চৰকাৰ আছিল, ত্ৰিপুৰাত আপোনালোকৰ মিত্ৰ চৰকাৰ আছিল, কেন্দ্ৰৰ শাসনত আছিল আপোনালোক। আপোনালোকে যদি বিচাৰিলেহেতেন, ব্ৰু জনজাতিৰ সমস্যাৰ এক সু-সমাধান কৰিব পাৰিলেহেতেন। কিন্তু আজি ইমান দিনৰ পিছত, সেই সমস্যাৰ সমাধান, স্থায়ী সমাধান কৰিবলৈ আমিহে সক্ষম হ’লো।
মই প্ৰায়েই ভাবো যে ইমান ডাঙৰ সমস্যাৰ ক্ষেত্ৰতো ইমান উদাসীনতা কেনেকৈ সম্ভৱ! অৱশ্যে এতিয়ালৈ মই বুজিব পাৰিছো যে উদাসীনতাৰ অন্তৰ্নিহিত কাৰণ হ’ল এয়ে যে ব্ৰু জাতিৰ যিসকল লোকক নিজৰ ঘৰৰ পৰা, তেওঁলোকৰ গাঁৱৰ পৰা উচ্ছেদিত কৰা হ’ল, তেওঁলোকৰ দুখ-যাতনাতো অসীমিত আছিল কিন্তু সীমিত আছিল তেওঁলোকৰ ভোটৰ সংখ্যা। আৰু এয়া ভোটৰেই খেল আছিল, যাৰ বাবে তেওঁলোকৰ অসীমিত দুখ-বেদনাকো আমি কেতিয়াও হৃদয়ংগম কৰিব নোৱাৰিছিলো আৰু তেওঁলোকৰ সমস্যাৰ সমাধান আমি কৰিব পৰা নাছিলো। এয়া আমাৰ পুৰণা ইতিহাস আছিল, সেই ইতিহাস আমি পাহৰি যোৱা নাই।
আমাৰ চিন্তা ভিন্ন, আমি সকলোকে লগত লৈ সকলোৰে বিকাশ আৰু সকলোৰে বিশ্বাস আদয়ৰ মন্ত্ৰ আওৰায় সম্পূৰ্ণ দায়বদ্ধতা আৰু সংবেদনশীলতাৰে আমি যিমানখিনি কৰিব পাৰো, সিমানখনি সমস্যা সমাধানৰ বাবে প্ৰয়াস কৰি আছো। আৰু আমি তেওঁলোকৰ সমস্যাৱলী বুজি পাও। এই মুহূৰ্তত গৌৰৱৰে ক’ব পাৰো যে দেশৰ ২৯ হাজাৰ লোকে নিজৰ ঘৰ লাভ কৰিব, নিজৰ এক পৰিচিতি লাভ কৰিব, নিজা বুলি এডোখৰ মাটিৰ গৰাকী হ’ব। তেওঁলোকে নিজৰ সপোন ৰচিব পাৰিব, তেওঁলোকৰ সন্তানসকলৰ ভৱিষ্যত গঢ়াৰ এক পৰিৱেশ পাব। আৰু সেয়ে ব্ৰু জনজাতিৰ প্ৰতি, আৰু এয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যা সমাধানৰ এক পথ হিচাপেই পৰিগণিত হ’ব।
মই বড়োসকলৰ বিষয়ে বিস্তাৰিত ভাবে ক’ব খোজা নাই, কিন্তু এয়াও নিজৰ স্থানত যথাৰ্থতে এক মহত্বপূৰ্ণ ঘটনা বুলিয়ে চিহ্নিত হৈছে। আৰু ইয়াৰ বিশেষত্ব হ’ল সকলো অস্ত্ৰধাৰী গোট, হিংসাত্মক পথত ভৰি দিয়া সকলো একত্ৰে উভতি আহিছে। আৰু সকলোৱে চুক্তিত লিপিবদ্ধ কৰিছে যে ইয়াৰ পিছত বড়ো আন্দোলনৰ সকলো দাবীৰ অন্ত পৰিল, আৰু দাবী উথ্থাপিত কৰা নহ’ব বুলি চুক্তিত উল্লেখ কৰা হৈছে।
শ্ৰীমান সুখেন্দু শেখৰজীৰ লগতে আন বহুকেইগৰাকী সতীৰ্থই সদনত অৰ্থনৈতিক প্ৰসংগত আলোচনা কৰিছে। যেতিয়া সৰ্বদলীয় সভা অনুষ্ঠিত হৈছিল তেতিয়াও মই সকলোকে আন্তৰিকতাৰে কৈছিলো যে সদনৰ এই অধিৱেশনৰ সম্পূৰ্ণ সময়চোৱা আমি অৰ্থনৈতিক প্ৰসংগৰ আলোচনাত ব্যৱহাৰ কৰা উচিত হ’ব। সকলো পক্ষ ইয়াৰ বাবে সাজু হৈ অহা উচিত আছিল। আৰু যি বুদ্ধিমত্তা আমাৰ আছে, লাগিলে সেয়া আমাৰ পক্ষৰ হওক কিম্বা আপোনালোকৰ পক্ষৰে হওক, আমি সকলো মিলি এনে নতুন পথৰ, নতুন কৰ্মসূচীৰ, নতুন ব্যৱস্থাৰ সন্ধান কৰো যাৰ জৰিয়তে সামগ্ৰিক ভাবে পৃথিৱীৰ সাম্প্ৰতিক পৰিস্থিতত আমাৰ দেশে কেনেকৈ অধিকতম অৰ্থনৈতিক প্ৰগতি সুনিশ্চিত কৰিব পাৰে তাকেহে চিন্তা কৰিব লাগে। বাজেট সম্পৰ্কে আলোচনা কৰিবলগীয়া আছে, তাৰ ওপৰত বিস্তাৰিত ভাবে নিশ্চয় আলোচনা কৰিম আৰু ইয়াৰ পৰা অমৃতেই ওলাব বুলি মই আশাবাদী। ভাল-বেয়া, আৰোপ-প্ৰত্যাৰোপ নিশ্চয় চলিব, তথাপি মই ভাবো ইয়াৰ পিছতো কিন্তু অমৃতেই ওলাব আৰু সেয়ে সকলোকে অৰ্থ-ব্যৱস্থা সন্দৰ্ভত, দেশৰ আৰ্থিক স্থিতি সন্দৰ্ভত, আৰ্থিক নীতি, আৰ্থিক পৰিস্থিতিৰ সন্দৰ্ভত আৰু ড০ মনমোহন সিংজীৰ দৰে বৰেণ্য মহানুভৱ আমাৰ মাজত আছে, নিশ্চয় দেশ উপকৃতই হ’ব। আমি আলোচনাৰ বাবে প্ৰস্তুত, আমি এই প্ৰসংগত মুকলি মনেৰেই আলোচনাত মিলিত হ’ব বিচাৰিছো।
পিছে, ইয়াত যি অৰ্থ-ব্যৱস্থা সম্পৰ্কে আলোচনা কৰা হৈছে, তাক লৈ দেশ নিৰাশ হোৱাৰ কোনো কাৰণ নাই। আৰু নিৰাশাৰ বাতাবৰণ সৃষ্টি কৰিও একো আদায় কৰিব নোৱাৰিব। আজিও দেশৰ অৰ্থ-ব্যৱস্থাৰ যি বুনিয়াদী সিদ্ধান্ত, মানদণ্ড, এই সকলো মানকত আজিও দেশৰ অৰ্থ-ব্যৱস্থাৰ ভেটি টনকীয়াল হৈয়ে আছে, শক্তিশালী হৈয়ে আছে আৰু প্ৰগতিৰ দিশত আগুৱাই যাব পৰাকৈ সামৰ্থ্য অটুত ৰাখিছে। উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা মান ইয়াৰ অভ্যন্তৰত এতিয়াও বাহাল তবিয়তে অটুত আছে।
কোনো দেশেই সামান্য চিন্তা-চৰ্চাৰে আগুৱাব নোৱাৰে। আজিৰ যুৱ-প্ৰজন্মই আমি বিশাল চিন্তাৰে, দূৰ-দৃষ্টিৰে আৰু অধিক শক্তিৰে উজ্জীৱিত হৈ আগুৱাই যোৱাটো মনে-প্ৰাণে কামনা কৰে। এই মূল মন্ত্ৰকে আওৰাই ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি গঢ়াৰ দিশত আমি দেশক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব বিচাৰিছো। এইক্ষেত্ৰত নিৰাশ হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। প্ৰথম দিনাই যদি আমি ক’বলৈ লও যে এয়া কেতিয়াও সম্ভৱ নহয়, তেন্তে যিবোৰ সম্ভৱ হয় সেইবোৰকে কৰি থাকিব লাগিবনেকি? প্ৰতিবাৰতে আমি যিমানখিনি কৰি আহিছো, কি সিমানখিনিয়েই কৰিব লাগিব নেকি? তাতকৈ এখোজো বেছিকৈ দিয়াৰ প্ৰয়াস কৰিবই নালাগিবনেকি? আৰে, কেতিয়াবাতো পাঁচোটা খোজ বেছিকৈ দিবলৈ মন মেলক, কেতিয়াবতো সাতোটা খোজ বেছিকৈ দিবলৈ সাহস কৰক, কেতিয়াবাতো মোৰ সৈতে খোজ দিবলৈ আহক!
নিৰাশাই দেশৰ কেতিয়াও মংগল সাধন কৰিব নোৱাৰে। আৰু সেয়ে, ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ কথা উল্লেখ কৰাৰ সুফল এয়ে হ’ল যে যিসকলে বিৰোধ কৰে, তেওঁলোকেও ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ কথা চৰ্চা কৰিবলৈ বাধ্য হ’ব। সকলোৱে ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিক আধাৰ কৰি আগবাঢ়িবলগীয়া হৈছে। এয়াতো এক বৃহত্ পৰিৱৰ্তনেই হয়। নহ’লেতো আমি এনেবোৰ কথাকে লৈ খেল খেলিয়েই আছিলো। এতিয়া অন্ততঃ পৃথিৱীখনৰ সন্মুখত খেল খেলাৰ বাবে এটা পটভূমিকেতো প্ৰস্তুত কৰি দিয়া হ’ল। আমিতো অন্ততঃ মানসিকতাকে সলাব পাৰিছো! আৰু সেয়ে, এই স্বপ্ন বাস্তৱ কৰিবলৈ গাঁও আৰু চহৰত আন্তঃগাঁথনি নিৰ্মাণ হওক, ক্ষুদ্ৰ-লঘূ আৰু মজলীয়া উদ্যোগ স্থাপিত হওক, বস্ত্ৰশিল্পৰ সম্প্ৰসাৰণ হওক, য’ত কৰ্ম-সংস্থাপনৰ বিপুল সম্ভাৱনা থাকিব।
প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰ আৰু ‘ষ্টাৰ্ট আপ’-ক উত্সাহিত কৰাৰ বাবে আমি বিশেষ উদ্যোগ গ্ৰহণ কৰিছো। পৰ্যটন এক বিপুল সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ। বিগত ৭০টা বছৰত আমি যি হাৰত পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল, যি মাত্ৰাত ভাৰতক বিশ্ব প্ৰেক্ষাপটত প্ৰচাৰ-প্ৰসাৰ কৰিব লাগিছিল, কিবা নহয় কিবা কাৰণত আমি সেয়া কৰিব নোৱাৰিলো। পিছে ইয়াৰ বাবে আজিও অৱকাশ আছে, আৰু আজি ভাৰতক ভাৰতৰ দৃষ্টিভংগীৰে পৰ্যটনৰ বিকাশ সাধনত গুৰুত্ব দিব লাগে। পশ্চিমীয়া দেশৰ দৃষ্টি-ভংগীৰে আমি আমাৰ ভাৰতৰ পৰ্যটনৰ বিকাশ সাধন কৰিব নালাগে। পৃথিৱীবাসীয়ে ভাৰতকহে চাবলৈ আহিব লাগে। যদি আনত থকা বোৰেকে ভাৰততো চোৱাটো আমি বিচাৰো তেন্তে পৃথিৱীবাসীয়ে হাঁহিবহে। সেইবোৰ চাবলৈ তেওঁলোক ইয়ালৈ নাহি আন কৰবালৈহে ঢাপলি মেলিব খুজিব।
‘মেক ইন ইণ্ডিয়া’ত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছো। আৰু ইয়াৰ সুফল লাহে লাহে চকুত পৰিবলৈ লৈছে। বিদেশী বিনিয়োগৰ তথ্য আপোনালোকে চাগৈ ইতিমধ্যে মন কৰিছেই।
কৰ-ব্যৱস্থাকে ধৰি সকলো প্ৰক্ৰিয়া সৰল কৰাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছো। আৰু পৃথিৱীৰ প্ৰেক্ষাপটত আমি ‘স্বস্তিৰে বাণিজ্য কৰা’ৰ শীতানত আৰু ভাৰতৰ প্ৰেক্ষাপটত ‘স্বস্তিৰে জীৱন-যাপন’ৰ প্ৰসংগত উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছো।...বেংকিং খণ্ডত মোৰ বাৰে বাৰে মনলৈ আহে, মই যেতিয়া গুজৰাটত আছিলো তেতিয়া বহুকেইগৰাকী বিদ্বানে এটা প্ৰবন্ধ লিখিছিল। প্ৰবন্ধটোত তেওঁলোকে লিখিছিল যে আমাৰ দেশত বেংকবোৰক পৰস্পৰৰ মাজত সংযোজিত কৰা উচিত। আৰু এয়া সম্ভৱ হ’লেই এক বৃহত্ সংস্কাৰ সাধন হোৱা বুলি গণ্য কৰা হ’ব। এনে লিখনি মই কেইবাবাৰো পঢ়িবলৈ পাইছিলো। এইখন চৰকাৰে বহুকেইটা বেংকৰ সংযোগীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিলো, এতিয়া সহজেই এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ল। আৰু এতিয়া শক্তিশালী বেংকৰ প্ৰেক্ষাপট ৰচিত হ’ল আৰু আগন্তুক সময়ত ইয়ে দেশৰ বিত্তীয় স্থিতিক এক সুদৃঢ় বুনিয়াদ প্ৰদান কৰিব, গতি প্ৰদান কৰিব।
আজি ‘মেনুফেক্শ্যাৰিং’ খণ্ডক এক নতুন দৃষ্টিকোণৰেও চোৱা উচিত হ’ব যে যিবোৰ বেংকত পইচা নোহোৱা হ’ল তাৰ নেপথ্যৰ কাৰণনো কি আছিল। মই যোৱা চৰকাৰৰ সময়তো বিস্তৃত ভাবে কৈছিলো আৰু মই বাৰে বাৰে কাৰোবাক সৰু কৰাৰ বাবে অপচেষ্টা কৰা নাই। দেশৰ সন্মুখত যি সত্য উপস্থাপন কৰা উচিত, তাকে কৰি মই আগবাঢ়ি যোৱাটোকে বিচাৰিছো। এইবোৰ কথাত সময়ৰ অপচয় কৰিব খোজা নাই, নহ’লেতো ক’বলৈ বহু কথাই আছে।
এটা বিষয়ত প্ৰায়েই আলোচনা হোৱা দেখা যায় যে জিএছটিৰ বাৰম্বাৰ সংশোধন কৰা হৈছে। এই কথা ভালেই হৈছে নে বেয়া হৈছে নাজানো। মই আচৰিত হও। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় পৰিকাঠামোৰ এক বৃহত্ সাফল্য হৈছে এই জিএছটি। এতিয়া ৰাজ্যসমূহৰ ভাৱনাৰ ইয়াত প্ৰতীকীকৰণ হৈছে। কংগ্ৰেছশাসিত ৰাজ্যসমূহৰ তৰফৰ পৰাও ইয়ালৈ বিষয় আহে। আমি ক’ম নেকি, যে আমি যি কও সেয়েই চূড়ান্ত হ’ব, সকলো ভাল কথাৰ সম্ভাৰ কি ভগৱানে কেৱল আমাকেহে দিলে নে কি? আমি কোনো শুধৰণি নকৰো বুলি ভাবিব পাৰোনে? এনেকৈ বাৰু চলিবনে? এই কথা আমি ভাবিবই নোৱাৰো। আমি সময় অনুকূলে যেনেধৰণৰ পৰিৱৰ্তনৰ প্ৰয়োজন হয়, সেয়া কৰা উচিত বুলিহে আমি ভাবো। ইমান এখন ডাঙৰ দেশ, ইমানবোৰ ডাঙৰ ডাঙৰ বিষয় আছে। যেতিয়া ৰাজ্যসমূহৰ বাজেট হয়, বিক্ৰী কৰ বা অন্যান্য কৰৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় মন কৰিছে যে বিভিন্ন চৰ্চাৰ অন্তত ৰাজ্যসমূহে পৰিৱৰ্তন কৰিব লগা হয়েই। এতিয়া সেই প্ৰসংগ ৰাজ্যৰ পৰা আঁতৰি আহি এটা হোৱাত কিঞ্চিত বেচি যেন লগা হ’ল।
ইয়াত কোৱা হৈছে যে ‘জিএছটি’ সৰল হোৱা উচিত, অমুক হোৱা উচিত, তমুক হোৱা উচিত। এনে পৰিস্থিতিত মই শুধিব খুজিছো, যদি আপোনালোকৰ ইমান জ্ঞানেই, ইমান স্পষ্ট দৃষ্টিভংগীয়েই আছিল তেন্তে বিষয়টো ইমান দিন ওলোমাই ৰাখিছিল কিয়? দহোকুৰি অপপ্ৰচাৰত লিপ্ত নহ’ব।
মই কৈছো, আজি আপোনালোকে শুনিবই লাগিব। প্ৰণৱ দা যেতিয়া বিত্তমন্ত্ৰী আছিল তেতিয়া এবাৰ গুজৰাটলৈ আহিছিল, আমি বিস্তাৰিত ভাবে আলোচনা কৰিছিলো। মই তেওঁক শুধিছিলো, দাদা ‘টেকন’ল’জী ড্ৰাইভেন’ ব্যৱস্থাৰ প্ৰসংগত কি কৰিম বুলি ভাবিছে! ইয়াৰ অবিহণেতো চলিব পৰা নাযাব। তেতিয়া দাদাই কৈছিল, ধৈৰ্য ধৰা ভাই, তেওঁ তেওঁৰ সচিবক মাতি আনি ক’লে, চাওক এই মোডীজীয়ে কি কৈছে। তেতিয়া মই ক’লো ‘টেকন’ল’জী ড্ৰাইভেন’ ব্যৱস্থা যিহেতু প্ৰযুক্তি অবিহণেতো চলিব নোৱাৰিব। তেতিয়া তেওঁ ক’লে যে আমি ইতিমধ্যে কোনো বিশেষ প্ৰতিষ্ঠানক এই দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মই সেই সময়ৰ কথা উল্লেখ কৰিছো যেতিয়া মোক ‘জিএছটি’ৰ বিষয়ে ক’বলৈ আহিছিল, তেতিয়াও এই ব্যৱস্থা নাছিল। দ্বিতীয়তে, তেতিয়া মই কৈছিলো যে ‘জিএছটি’ সফল কৰাৰ বাবে ‘মেনুফেকশ্যাৰিং ষ্টেট’সমূহে সন্মুখীন হৈ অহা সমস্যাৱলী সমাধানৰ বাবে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু মই আজি গৌৰৱৰে ক’ব পাৰো যে যেতিয়া অৰুণ জেটলী বিত্তমন্ত্ৰী আছিল তেওঁ এই সমস্যা সমাধান কৰাৰ উদ্যোগ গ্ৰহণ কৰিছিল। তাৰপিছত ‘জিএছটি’ সমগ্ৰ দেশতে বলবত্ হৈছিল।
আৰু সেয়ে কও, মই মুখ্যমন্ত্ৰী হিচাপে যিবোৰ প্ৰসংগ উথ্থাপন কৰিছিলো, প্ৰধানমন্ত্ৰী হৈ সেইবোৰৰ সমাধানত গুৰুত্ব প্ৰদান কৰিছো। আৰু তাৰ আধাৰতে ‘জিএছটি’ৰ পথ প্ৰশস্ত কৰিছো।
কেৱল ইমানেই নহয়, যদি আমি ৰূপান্তৰৰে কথা কও তেন্তে কেতিয়াবা কও বাৰম্বাৰ পৰিৱৰ্তন কিয়? আমাৰ মহাপুৰুষসকলে ইমান মহান সংবিধান প্ৰদান কৰি গৈছে, তাতো তেওঁলোকে সংশোধনৰ ব্যৱস্থা ৰাখি থৈ গৈছে। সকলো ব্যৱস্থাতে সংস্কাৰৰ উপস্থিতি থকা কথাটোক সদায় আদৰণি জনোৱা উচিত আৰু আমি সকলো নতুন আৰু ভাল পৰামৰ্শক গ্ৰহণ কৰি আগবাঢ়িব খোজো।
আদৰণীয় সভাপতি মহোদয়, ভাৰতৰ অৰ্থব্যৱস্থাত থকা এটা কথা এতিয়াও ভালকৈ পৰিস্ফুৰ্ত হৈ উঠা নাই যদিও কথাটো হৃদয়ংগম কৰাৰ প্ৰয়োজনীয়তা আছে। দেশলৈ এতিয়া যি বৃহত্ পৰিৱৰ্তনৰ ঢল আহিব ধৰিছে, তাত আমাৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ মহানগৰসমূহে বহুত দ্ৰুত গতিৰে, বহুত সক্ৰিয়তাৰে সহযোগিতা কৰি আহিছে। ক্ৰীড়াক্ষেত্ৰৰ কথালৈকে লক্ষ্য কৰকচোন, আজি দ্বিতীয়, তৃতীয় পৰ্য়ায়ৰ মহানগৰসমূহৰ কিশোৰসকল বাৰুকৈয়ে আগবাঢ়ি আহিছে। সেইদৰে শিক্ষা, ‘ষ্টাৰ্ট আপ’ আদি ক্ষেত্ৰতো এই মহানগৰসমূহৰ শিশু-কিশোৰসকল আগবাঢ়ি আহিছে।
আৰু সেয়ে আমাৰ দেশৰ যিসকল যুৱকে সপোনৰ পিছত দৌৰিব খোজে, সমস্যাৰ হেঁচাত যিসকলে হাৰ মানিব নোখোজে, তেনে যুৱ-বাহিনীয়ে এক বৃহত্ শক্তিৰ ৰূপত মূৰ দাঙি উঠিব খুজিছে আৰু আমিও এই সৰু সৰু চহৰ, সৰু জনপদ, এনেবোৰ স্থানৰ অৰ্থব্যৱস্থালৈ কিবা নহয় কিবা প্ৰগতি অনাৰ বাবে কাম কৰাৰ প্ৰয়াস কৰিছো।
আমাৰ দেশত ‘ডিজিটেল’ লেনদেনৰ প্ৰসংগ ওলাওতে এইখন সদনতে একাংশ সদস্যই বস্তুতঃ উপলুঙা কৰিবই খুজিছিল। কিছুমানেতো মোবাইলক লৈ কৌতুকেই কৰিছিল। সেইসকল লোকে ‘ডিজিটেল বেংকিং’, ‘বিলিঙ’ৰ ব্যৱস্থা সম্ভৱ নহ’ব বুলিয়ে ধাৰণা কৰিছিল। কিন্তু বাস্তৱ সত্যটো হ’ল আজি সৰুৰো সৰু ঠাইবোৰতে আটাইতকৈ বেচিকৈ ‘ডিজিটেল’ লেন-দেন সম্পাদিত হ’বলৈ ধৰিছে। সেইদৰে আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো সৰু সৰু চহৰ নগৰসমূহ দ্ৰুতগতিৰে আগবাঢ়িব ধৰিছে। আমাৰ ৰে’লপথ, আমাৰ ঘাইপথ, আমাৰ বিমানবন্দৰ, ইয়াৰ সম্পূৰ্ণ শৃংখলা—এতিয়া চাবদেই, সৌসিদিনা মাত্ৰ আমাৰ ‘উড়ান যোজনা’ৰ ২৫০ সংখ্যক ‘ৰুট’টোৰ শুভাৰম্ভ হৈছে, ভাৰতৰ ভিতৰত ২৫০টা পথ-শৃংখলা। কিমান দ্ৰুত গতিৰে আমাৰ বিমান পৰিবহণ ব্যৱস্থা পৰিৱৰ্তিত হ’বলৈ ধৰিছে ভাবকচোন।
যোৱা পাঁচটা বছৰত আমাৰ হাতত ৬৫ টা সক্ৰিয় বিমান বন্দৰ আছিল, কিন্তু আজিৰ তাৰিখত আমি ইতিমধ্যে ১০০টাৰ পৰিসংখ্যা অতিক্ৰম কৰিছো। আৰু সকলোবোৰে সেই নতুন নতুন অঞ্চলসমূহৰ শক্তি বৰ্দ্ধন কৰিব।
সেইদৰে আমি যোৱা পাঁচোটা বছৰত কেৱল চৰকাৰেই সলনি কৰা নাই, আমি চিন্তা-ভাৱনা আৰু কাম কৰাৰ পদ্ধতিও সলনি কৰিছো। আমি মানসিকতাও সলনি কৰিছো। এতিয়া ‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কোৱা যাওক। ‘ব্ৰড বেণ্ড’ সংযোগৰ প্ৰসংগ আহিল যেতিয়া ক’বই লাগিব আগতে কামৰ শুভাৰম্ভতো কৰা হৈছিল, যোজনা তৈয়াৰো হৈছিল, কিন্তু সেই যোজনাৰ পদ্ধতি আৰু চিন্তা এনে আছিল যে কেৱল ৫৯ খন গাঁও পঞ্চায়তকহে সামৰি লোৱা হৈছিল। কিন্তু আজি পাঁচটা বছৰৰ পিছত দেশৰ ১.২৫ লাখৰো অধিক গাঁও পঞ্চায়তলৈ ‘ব্ৰডবেণ্ড’ সংযোগ সম্প্ৰসাৰিত কৰা হৈছে। কেৱল এয়াই নহয়, ৰাজহুৱা বিদ্যালয়, গাঁও আৰু অন্যান্য কাৰ্যালয়, ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ও ইতিমধ্যে আৰম্ভ কৰা হৈছে।
য়েতিয়া আমি প্ৰথমে আহিছিলো, তেতিয়া আমাৰ দেশত ৮০ হাজাৰ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’ আছিল। আজি এই সংখ্যা ৩ লাখ ৬৫ হাজাৰলৈ বৃদ্ধি পাইছে আৰু গাঁৱৰ ন-জোৱানসকলে এইসমূহ কেন্দ্ৰ সুকলমে চলাই আছে। আৰু গাঁৱৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে সম্পূৰ্ণ ভাবে প্ৰযুক্তিৰ সেৱা উপলব্ধ কৰা হৈছে। গাঁৱৰ ১২ লাখৰো অধিক যুৱক-যুৱতীয়ে নিজ নিজ গাঁৱত থাকিয়েই কাম কৰাৰ সুযোগ পাইছে। ১২ লাখ গ্ৰামীণ যুৱক-যুৱতীয়ে এনেদৰে কৰ্ম-সংস্থাপনৰ দিহা কৰি ল’ব পাৰিছে।
এই খন দেশে গৌৰৱ কৰিব পাৰে, আৰু কৰাও উচিতো। আমাৰ চৰকাৰক সমালোচনা কৰিবলৈ গৈ ‘ডিজিটেল’ লেন-দেন আদিক হাঁহিৰ খোৰাক কৰা হৈছে। ‘ভীম এপ’ আজিকালি বিত্তীয় লেন-দেনৰ ক্ষেত্ৰত বিশ্বৰ অতিকে শক্তিশালী আৰু সুৰক্ষিত ‘ডিজিটেল মঞ্চ’ হিচাপে পৰিগণিত হৈছে। পৃথিৱীৰ বহুতো দেশে এই সম্পৰ্কে তথ্য বিচাৰি প্ৰত্যক্ষ যোগাযোগ কৰা কথাই আমাক স্বাভাৱিকতেই উত্সাহিত কৰিছে। এয়া কোনো নৰেন্দ্ৰ মোডীয়ে তৈয়াৰ কৰা বস্তু নহয়। আমাৰ দেশৰ নৱ-প্ৰজন্মৰ প্ৰতিভাৰ সু-ফলহে এয়া। আমাৰ সৌভাগ্য যে আমাৰ প্ৰতিভাধৰ নৱপ্ৰজন্মৰ জহত আমি এনে এক মঞ্চৰ গৰাকী হোৱাৰ সুযোগ লাভ কৰিছো।
সভাপতি মহোদয়, এই জানুৱাৰী মাহতে, মোবাইল ফোন সঞ্চালিত এই ‘ভীম এপ’-ৰে কৰা টকাৰ লেন-দেনে ২ লাখ ১৬ হাজাৰ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। কেৱল এটা মাহতে। অৰ্থাত আমাৰ দেশে পৰিৱৰ্তনক কেনে ধৰণে স্বাগত জনাইছে, এই তথ্যই সেই কথাকে প্ৰতীয়মান কৰিছে।
আৰম্ভণীতে খুউব কম সংখ্যাৰে ‘ৰূ-পে’ কাৰ্ডৰ প্ৰচলন হৈছিল। পৃথিৱীৰ হিচাপত এই পৰিমাণ আছিল মাত্ৰ দশমিক ৬শতাংশ। তাৰমানে সিমানেই আছিল আমাৰ অৰিহণা। কিন্তু আজি পৰিৱেশ সলনি হৈছে। আজিৰ তাৰিখত এই পৰিমাণ প্ৰায় ৫০শতাংশ হৈছেগৈ। আজিৰ তাৰিখত ‘ৰূ-পে’ কাৰ্ডে পৃথিৱীৰ বহুত দেশত স্বীকৃতি আদায় কৰিবলৈ সক্ষম হৈছে। দিনে দিনে ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে। ভাৰতৰ ‘ৰূ-পে’ কাৰ্ডে নিজৰ বাবে এক পৰিচিতি তৈয়াৰ কৰি ল’বলৈ সক্ষম দৈছে। এয়া নিশ্চয় আমাৰ বাবে গৌৰৱৰ বিষয়।
আদৰণীয় সভাপতি মহোদয়, এনেদৰেই, এই চৰকাৰৰ আৰু এক প্ৰয়াস হ’ল ‘জল-জীৱন অভিযান’। আমি বুনিয়াদী সমস্যাৰ ১০০ শতাংশই সমাধান কৰাৰ দিশত আগবঢ়াৰ বাবে প্ৰয়াস কৰিব বিচাৰিছো।
টয়লেট-তেন্তে ১০০শতাংশ
ঘৰ-তেন্তে ১০০শতাংশ
বিজুলী- তেন্তে ১০০শতাংশ
গাঁৱত বিজুলী-তেন্তে ১০০শতাংশ
আমি এটা এটা বিষয়ত সন্মুখীন হৈ অহা জটিলতাৰ পৰা দেশক মুক্তি দিয়াৰ প্ৰয়াসৰে আগবাঢ়িব খুজিছো।
আমি ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান নিশ্চিত কৰাৰ বাবে এক অভিলাসী অভিযান আৰম্ভ কৰিছো আৰু এই মিছন, ইয়াৰ বিশেষত্ব এয়ে যে এই অভিযান যদিও কেন্দ্ৰীয় চৰকাৰৰ, যদিও কেন্দ্ৰীয় চৰকাৰেই ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব, ইয়াৰ পৰিচালনাৰ সকলো ব্যৱস্থাও কৰি দিব, কিন্তু তৃণমূল পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ সকলো সিদ্ধান্ত গাঁওবাসী তথা প্ৰকৃত হিতাধিকাৰীসকলহে গ্ৰহণ কৰিব। এক কথাত ক’ব পাৰি এয়া ‘ফেডাৰেল-ইজম’ৰ ক্ষুদ্ৰ সংস্কৰণ। আমাৰ গাঁৱৰ সমিতি সমূহে ইয়াৰ পৰিকল্পনা যুগুতাব, সেই যোজনাৰ আধাৰতে ঘৰে ঘৰে পানীৰ যোগান ধৰাৰ ব্যৱস্থা আগবঢ়াই নিয়া হৈছে।
আমাৰ ‘কো-অপাৰেটিভ ফেডাৰেল-ইজম’ৰ উত্কৃষ্ট উদাহৰণ হ’ল-১০০ৰো অধিক ‘এছপাইৰেশ্যনেল ডি্ষ্ট্ৰিক্ট’ অথবা ‘আকাংক্ষী জিলা’। আমাৰ দেশত ভোট বেংকৰ ৰাজনীতিৰ বাবে বহুত কিবাকিবি কৰিছিল, পিছে এই দেশৰ বহু অঞ্চল এতিয়াও পিছ পৰি থাকিবলগীয়া হৈছে। সেইবোৰ অঞ্চলৰ প্ৰতি আমি দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়োজন আছিল যদিও ইতিমধ্যেই বহুত পলমেই হৈছিল। এনে কেতবোৰ সমীক্ষাৰ সূচকাংকই কিছুমান ৰাজ্যৰ কেতবোৰ জিলা যে সঁচাকৈয়ে বহুখিনি পিচ পৰি ৰৈছে সেই তথ্যকে নিশ্চিত কৰে। যদি আমি সেইবোৰ জিলাৰ অৱস্থাও শুদ্ধৰাই ল’ব পাৰো তেন্তে দেশৰ গড় প্ৰগতিৰ হাৰ বহুখিনি উন্নত কৰিব পাৰিম। কেতিয়াবাতো এনেকুৱাও কৰা দেখিছো যে এনে পিছপৰা জিলাত অৱসৰ ল’বলৈ ওলোৱা বিষয়াকহে মকৰল কৰা হয়। কৰ্ম তত্পৰ, উদ্যমী বিষয়াক এনে জিলালৈ পঠোৱাই নহয়। আমি এই পৰম্পৰাৰ পৰিৱৰ্তন সাধন কৰিলো। ১০০ৰো অধিক জিলা চিনাক্ত কৰি, ৰাজ্যসমূহকো এনেকুৱা ৫০টা ‘আকাংক্ষী খণ্ড উন্নয়ণ’ এলেকা বিচাৰি উলিয়াই সেই সমূহৰ উন্নয়ণ, উত্তৰণত বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনাইছিলো।
আজি আমি আনন্দৰে ক’ব পৰা হৈছো যে এই ‘আকাংক্ষী জিলা’সমূহ যেন জিলা পৰ্যায়ত ৰূপায়িত হোৱা সহযোগী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোৰ বলবত্কৰণ সংস্থাৰ ভূমিকাত অৱতীৰ্ণ হৈছে। শেহতীয়া বহু উদাহৰণে স্বাভাৱিকতেই আনন্দৰ খোৰাকো যোগাইছে। এইসমূহ জিলাৰ উত্তৰণ অভিযানক লৈ আজিৰ তাৰিখত এক ধৰণৰ অঘোষিত প্ৰতিযোগিতাই যেন আৰম্ভ হৈছে। জিলা সমূহৰ বিষয়া-কৰ্মচাৰীসকলৰ বিশেষ তত্পৰতাৰ সুবাদত একালত পিছ পৰি ৰোৱা এইসমূহ জিলাত বিভিন্ন আঁচনি ৰূপায়নৰ গতিয়ে বহু উন্নত জিলাকো চেৰ পেলোৱা দেখা গৈছে।
এনেবোৰ জিলাৰ স্বাস্থ্যখণ্ডৰ অৱস্থাও যাতে উন্নত কৰিব পৰা যায়, সেই অভিপ্ৰায় মনত ৰাখিয়ে আমি ‘আয়ুষ্মান ভাৰত’-ৰ দৰে আঁচনিসমূহ ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰিছো। তদুপৰি আমাৰ ‘আকাংক্ষী জিলা’বোৰৰ ৰাইজৰ মাজত আমাৰ আদিবাসী ভাই-ভনীসকল, আমাৰ দিব্যাংগসকলো আছে, চৰকাৰে নিতান্ত সংবেদনশীলতাৰে তেওঁলোকৰ কামবোৰ সম্পাদন কৰাৰ প্ৰয়াস কৰিছে।
বিগত পাঁচোটা বছৰত দেশৰ সকলো আদিবাসী সেনানীক সন্মানিত কৰাৰ কাম অব্যাহত ৰখা হৈছে। দেশৰ স্বধীনতা সংগ্ৰামত আদিবাসীসকলে আগবঢ়োৱা অৱদানৰ সমল সংগ্ৰহৰে যাদুঘৰ স্থাপন কৰা, গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা, দেশ ৰক্ষা, দেশ নিৰ্মাণৰ বাবে এওঁলোকৰ কিমান ডাঙৰ ভূমিকা আছিল, এওঁলোক যথাৰ্থতে প্ৰেৰণাৰ উত্স হ’ব, দেশক একত্ৰিত কৰাৰ ক্ষেত্ৰতো এওঁলোক কাৰণ হৈ উঠিব, আৰু ইয়াৰ বাবেও কাম চলি আছে।
আমাৰ আদিবাসী শিশুসকলৰ মাজত বহু দক্ষতাসম্পন্ন শিশু আছে, পিচে তেওঁলোকৰ বহুতেই সুযোগ-সুবিধাৰ পৰা বঞ্চিত হ’বলীয়া হৈ আহিছে। ক্ৰীড়াই হওক কিম্বা শিক্ষাই হওক তেওঁলোকে যদি যথোচিত সুযোগ-সুবিধা লাভ কৰিলেহেতেন! আমি ‘একলব্য’ নামৰ উত্তম শ্ৰেণীৰ স্কুলৰ সূচনা কৰি এইসমূহ স্কুলৰ জৰিয়তে এনে দক্ষ শিশুসকলক উপযুক্ত পৰিৱেশ দিয়াৰ বাবে এক বৃহত্ পদক্ষেপ গ্ৰহণ কৰিছো।
আদিবাসী শিশুসকলৰ সৈতে দেশৰ প্ৰায় ৩০ হাজাৰ আত্মসহায়ক গোট জড়িত হৈ আছে। ইফালে বনাঞ্চলৰ উত্পাদন-‘বন-ধন সামগ্ৰী’ৰ বাবেও ‘এমএছপি’-ত গুৰুত্ব দানৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছো।
মহিলা সবলীকৰণৰ প্ৰসংগটো ৰাষ্ট্ৰপতি ডাঙৰীয়াই তেওঁৰ ভাষণত চমুকৈ উল্লেখ কৰিছে। পিচে আমি দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে সৈনিক স্কুলত ছোৱালীৰ নাম ভৰ্তিৰ সিদ্ধান্তলৈ অনুমোদন জনাইছো। সেইদৰে সেনা-আৰক্ষী বাহিনীতো মহিলাৰ মকৰল অব্যাহত আছে। দেশত মহিলাৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৬০০ ৰো অধিক ‘ৱান ষ্টপ চেণ্টাৰ’ স্থাপন কৰা হৈছে। দেশৰ সকলো বিদ্যালয়তে ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰীসকলক আত্মৰক্ষা সম্পৰ্কীয় প্ৰশিক্ষণো দি থকা হৈছে।
যৌন অপৰাধীক চিনাক্ত কৰাৰ কাৰণে এক ৰাষ্ট্ৰীয় তথ্য ভাণ্ডাৰ যুগুতোৱা হৈছে আৰু ইয়াৰ জৰিয়তে এনে ব্যক্তিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ দিহা কৰা হৈছে। ইয়াৰ উপৰি মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাব পৰাকৈ এটা বিশেষ বাহিনী গঠন কৰাৰ বাবেও আমি আঁচনি যুগুতাই আছো। শিশু-কিশোৰৰ ওপৰত যৌন আতিশয্যৰ দৰে গুৰুতৰ অপৰাধৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ‘পস্কো আইন’ৰ সংশোধন কৰি, ইয়াৰ পৰিসৰ বৃদ্ধি কৰি অপৰাধীক কঠোৰ শাস্তিৰ সন্মুখীন কৰোৱাৰ বাবে আমি ব্যৱস্থা কৰিছো। এনে প্ৰসংগত তত্পৰতাৰে ন্যায় দান কৰিব পৰাকৈ দেশত একহাজাৰৰো অধিক ‘ফাষ্ট ট্ৰেক’ আদালত স্থাপন কৰাৰো দিহা কৰা হৈছে।
আদৰণীয় সভাপতি মহোদয়, সদনত ‘চিএএ’ প্ৰসংগত দীঘলীয়া আলোচনা অনুষ্ঠিত হৈছে। আইনখনক লৈ দেশৰ ভিন্ন প্ৰান্তত সৃষ্টি হোৱা অৰাজকতা, হিংসাত্মক পৰিস্থিতিকে বাৰে বাৰে আন্দোলনৰ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। বাৰে বাৰে সংবিধানৰ দোহাই দি বাস্তৱত অসংবিধানিক কৰ্ম-কাণ্ডত লিপ্ত হোৱা ঘটনাবোৰকে প্ৰচাৰিত কৰা দেখা গৈছে। কংগ্ৰেছৰ উপায়হীনতাক মই বুজি পাও যদিও কেৰালাৰ বাওমৰ্চাৰ বন্ধুসকলেতো এই পৰিস্থিতিটো কিছু বুজি পাব লাগে। তেওঁলোকেতো জানিব লাগে যে ইয়ালৈ অহাৰ আগতে কেৰালাৰ মুখ্যমন্ত্ৰীডাঙৰীয়াই বিধান সভাৰ মজিয়াত কৈছিল যে কেৰালাত হোৱা প্ৰতিবাদী কাৰ্যক্ৰমৰ নেপথ্যত সন্ত্ৰাসবাদী গোটৰ হাত আছে। কেৱল এয়াই নহয়, তেওঁ ইয়াৰ বিৰুদ্ধে কঠোৰ শাস্তিৰো ব্যৱস্থা কৰাৰ সতৰ্কবাণী শুনাইছিল। যি অৰাজকতাৰ বাবে আপোনালোক কেৰালাত অতিষ্ঠ হৈছিল, সেই একে পৰিস্থিতিকে আপোনালোকে দিল্লী অথবা দেশৰ অন্য প্ৰান্তত কেনেকৈ সৃষ্টি কৰিব পাৰে?
‘নাগৰিকত্ব সংশোধনী আইন’ক লৈ যিবোৰ কথা কৈ থকা হৈছে, যিবোৰ কথা প্ৰচাৰ কৰি থকা হৈছে, তাকে লৈ সকলো বান্ধৱে নিজকে প্ৰশ্ন কৰা উচিত। কি, দেশক ভুল তথ্য, ভুৱা বক্তব্যৰে আভুৱা ভৰা উচিত নে? এই প্ৰৱণতাক আমি সকলোৱে বাৰু ৰোধ কৰা উচিত হয়নে নহয়? কি, এয়া আমাৰ কৰ্তব্য হোৱা উচিত নহয় নে? আমি কি, অপ্ৰচাৰৰ অংশীদাৰ হৈ যোৱা উচিত? এতিয়া ধৰি লওক, কাৰো ৰাজনৈতিক লাভা-লাভ হোৱাৰ সম্ভাৱনা নাই, ধৰি লওক। আৰু সেয়ে এই পথ শুদ্ধ নহয়, সকলোৱে সমিল-মিলৰে বহি ভাৱকচোন আমি বাৰু উচিত কাম কৰিছোনে? আৰু এয়া বাৰু কেনেকুৱা দুমুখীয়া চৰিত্ৰ, আপোনালোকে ২৪ ঘণ্টাই সংখ্যালঘুৰ দোহাই দি থাকে, বহুত ভাল ভাল শব্দ প্ৰয়োগ কৰি থাকে, আনন্দজীয়ে কোৱা বক্তব্য অকণমান আগতে মই শুনি আছিলো। কিন্তু অতীতত কৰা ভুলৰ বাবে চুবুৰীয়া দেশত যিসকল সংখ্যলঘু হ’বলগীয়া হ’ল, তেওঁলোকৰ বিৰুদ্ধে যিধৰণৰ কাণ্ড-কাৰখানা চলি আহিছে, সেই কথাই আপোনালোকক বাৰু কিয় ব্যথিত নকৰে? এই সংবেদনশীল বিষয়টো সন্দৰ্ভত ৰাইজক ভয় খুউৱাৰ সলনি প্ৰকৃত সত্যখিনি অৱগত কৰোৱাটোহে দেশে বিচাৰিছে। এয়া আমি সকলোৰে দায়িত্ব হোৱা উচিত। পিছে, উদ্বিগ্নতাৰ কাৰণ এয়ে যে, বিপক্ষৰ বহু বান্ধৱক আজি-কালি খুবেই উত্সাহিত হোৱা দেখিবলৈ পোৱা গৈছে। যিসকল সচৰাচৰ মনে মনে থাকিছিল, তেওঁলোকেই আজি হিংস্ৰ হৈ উঠিছে। সভাপতি মহোদয়, এইখন সদন বয়োজ্যেষ্ঠ ব্যক্তিৰ সদন, সেয়ে মই কেইগৰাকীমান মহাপুৰুষৰ মন্তব্য উল্লেখ কৰিব বিচাৰিছো। প্ৰথম মন্তব্য---“This House / is of the opinion that /in view of the insecurity/ of the life, property and honour/ of the minority communities /living in the Eastern Wing of Pakistan /and general denial of /all human rights to them /in that part of Pakistan/, the Government of India should /in addition to relaxing restrictions /in migration of people /belonging to the minority communities/ from East Pakistan to Indian Union /also consider steps for/ enlisting the world opinion.” এইখন সদনত কৰা মন্তব্য আছিল এয়া। আপোনালোকে ভাবিব পাৰে এই মন্তব্য ‘জনসংঘ’ৰ কোনোবা নেতাৰহে মন্তব্য। সেই কালততো ‘বিজেপি’ নাছিল, ‘জনসংঘ’হে আছিল। পিছে, এই বক্তব্য দৰাচলতে কোনো ‘জনসংঘ’ অথবা ‘বিজেপি’ নেতাৰ নাছিল।
সেইগৰাকী মহাপুৰুষৰে আন এক বক্তব্য শুনাব খুজিছো, তেওঁ কৈছিল-‘যিমান দূৰ পূব পাকিস্তানৰে সম্পৰ্ক, তেওঁলোকে এনে সিদ্ধান্ত লৈছে যে তাৰ সকলো ‘নন-মুছলিম’কে বিতাড়িত কৰা হ’ব। সেইখন এখন ইছলামিক দেশ। এখন ইছলামিক দেশ হিচাপে তেওঁলোকে ইছলাম ধৰ্ম মানি লোৱা সকলকহে সেইখন দেশত থাকিবলৈ দিব আৰু অনা-ইছলামসকল সেই দেশত থাকিব নোৱাৰিব। সেই কাৰণেই দেশখনৰ পৰা হিন্দুসকলক বিতাড়িত কৰা হৈছে, খ্ৰিষ্টিয়ানসকল বহিষ্কৃত হ’বলগীয়া হৈছে। মোৰ মতে, প্ৰায় ৩৭ হাজাৰৰো ওপৰ সংখ্যক খ্ৰিষ্টিয়ানে আজি তাৰ পৰা আহি হিন্দুস্থানত উপস্থিত হ’বলগীয়া হৈছে। বৌদ্ধসকলকো সেইখন দেশৰ পৰা উলিয়াই পঠোৱা হৈছে’।
এয়াও কোনো ‘ভাজপা’ অথবা ‘জনসংঘ’ৰ নেতাৰ বক্তব্য নহয়। আৰু সদনক মই কও এইকেইষাৰ বাক্য সেইগৰাকী মহাপুৰুষৰ, যিগৰাকী দেশৰ আটাইতকৈ প্ৰিয় প্ৰধানমন্ত্ৰীসকলৰ অন্যতম, তেওঁ হ’ল শ্ৰদ্ধেয় লাল বাহাদুৰ শাস্ত্ৰীজী। এতিয়া আপোনালোকে তেওঁকো সাম্প্ৰদায়িক বুলি কৈ দিবনে? আপোনালোকে তেওঁকো হিন্দু-মুছলমানৰ ‘ডিভাইডাৰ’ বুলি ক’ব নে?
এই বক্তব্য লাল বাহাদুৰ শাস্ত্ৰীজীয়ে সংসদত ৩ এপ্ৰিল, ১৯৬৪ চনত প্ৰদান কৰিছিল। নেহৰুজী সেই সময়ত প্ৰধানমন্ত্ৰী আছিল। সেই সময়ত ধৰ্মীয় আতিশয্যৰ বলী হৈ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা শৰণাৰ্থীসকলৰ সন্দৰ্ভত সংসদত চৰ্চা চলিছিল। সেই আলোচনাত ভাগ লৈয়ে লাল বাহাদুৰ শাস্তৰীজীয়ে এই কথা কৈছিল।
আদৰণীয় সভাপতি মহোদয়, এতিয়া মই সন্মানীয় সদনক আৰু এষাৰ বক্তব্যৰ বিষয়ে জনাব খুজিছো। আৰু এয়া বিশেষকৈ মোৰ সমাজবাদী বন্ধুসকলৰ প্ৰতি উত্সৰ্গিত কৰিব বিচাৰিছো। কাৰণ তেওঁলোকে ইয়াৰ পৰা প্ৰেৰণা লাভ কৰিবও পাৰে। অকণমান ভালকৈ শুনিবচোন দেই-“हिंदुस्तान का मुसलमान जिए और पाकिस्तान का हिन्दू जिए। मैं इस बात को बिल्कुल ठुकरता हूँ कि पाकिस्तान के हिन्दू पाकिस्तान के नागरिक हैं इसलिए हमें उन की परवाह नहीं करनी है। पाकिस्तान का हिन्दू चाहे कहाँ का नागरिक हो, लेकिन उसकी रक्षा करना हमारा उतना ही कर्त्तव्य है जितना हिंदुस्तान के हिन्दू या मुसलमान का। “
এইষাৰ কথা কোনে কৈছিল? এইষাৰো কিন্তু কোনো ‘জনসংঘ’, ‘বিজেপি’ৰ সদস্যৰ নাছিল। শ্ৰীমান ৰামমনোহৰ লোহীয়াজীয়ে কোৱা কথা এয়া। আমাৰ সমাজবাদী বন্ধুসকল, আমি মানি লও বা নলও, কিন্তু লোহীয়া জীকতো আপোনালোকে উপেক্ষা কৰাৰ পৰা বিৰত থাকিব, অন্ততঃ আপোনালোকৰ পৰা মই এইকণতো আশা কৰিম।
আদৰণীয় সভাপতি মহোদয়, মই সদনত শাস্ত্ৰীজীৰ আৰু এষাৰ বক্তব্য পঢ়িব বিচাৰিছো। এইষাৰ বক্তব্য তেখেতে শৰণাৰ্থী সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে কৰিছিল। আজি ভোট বেংকৰ ৰাজনীতিৰ বাবে ৰাজ্যৰ বিধানসভাসমূহত প্ৰস্তাৱ গ্ৰহণ কৰি যিধৰণৰ খেল খেলি থকা হৈছে, লাল বাহাদুৰ শাস্ত্ৰীৰ এই ভাষণটোতো শুনি লওক। আপোনালোকে গম পাই যাব আপোনালোক দৰাচলতে ক’লৈ গৈ আছে, ক’ত আছিল, আপোনালোকৰ এতিয়া কি হৈ গ’ল।
সভাপতি ডাঙৰীয়া, লাল বাহাদুৰ শাস্ত্ৰীজীয়ে কৈছিল-
“हमारी तमाम स्टेट गवर्मेंटस ने इसको (refugee settling) राष्ट्रीय प्रश्न के रूप में माना है। इसके लिए हम उनको बधाई देते हैं और ऐसे करते हुए हमें बड़ी ख़ुशी होती है। क्या बिहार और क्या उड़ीसा, क्या मध्यप्रदेश और क्या उत्तरप्रदेश, या महाराष्ट्र या आंध्र, सभी सूबों ने, सभी प्रदेशों ने भारत सरकार को लिखा है की वे इनको अपने यहाँ बसाने के लिए तैयार हैं। किसी ने कहा है पचास हज़ार आदमी, किसी ने कहा है पंद्रह हज़ार फॅमिलीज, किसी ने कहा दस हज़ार फॅमिलीज बसाने की जिम्मेदारी लेने के लिए तैयार हैं।“
শাস্ত্ৰীজীৰ এই মন্তব্য তেতিয়াৰ যেতিয়া ১৬৬৪ চনত দেশত কংগ্ৰেছৰে সৰহ সংখ্যক চৰকাৰ আছিল। আজি আমি ভাল কামকে কৰিব ওলাইছো আৰু আপোনালোকে আগভেটি ধৰিব খুজিছে, কিয়নো আপোনালোকৰ ভোট বেংকৰ ৰাজনীতি চলিব লাগে।
সভাপতি ডাঙৰীয়া, মই এটা উদাহৰণ দিব খুজিছো-২৫ নৱেম্বৰ, ১৯৪৭ৰ, দেশে স্বাধীনতা লাভ কৰাৰ কেইটামান মাহৰ পিছতে ‘কংগ্ৰেছ ৱৰ্কিং কমিতি’য়ে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ২৫নৱেম্বৰ ১৯৪৭, ‘কংগ্ৰেছ ৱৰ্কিং কমিতি’ৰ প্ৰস্তাৱটোত কি কোৱা হৈছিল-- “Congress is /further bound to /afford full protection to/all those non-Muslims /from Pakistan /who have crossed the border /and come over to India /or may do so /to save their life /and honour.”
এয়া ‘অনা-মুছলমান’ৰ বাবে, যদিহে আপোনালোকে আজিৰ ভাষাৰে কথাবোৰ ক’বলৈ যায়।
সভাপতি মহোদয়, ২৫ নৱেম্বৰ, ১৯৪৭ত কংগ্ৰেছ ‘সাম্প্ৰদায়িক’ আছিল বুলি মই মানি নলও। আৰু আজি হঠাতে ‘ধৰ্ম নিৰপেক্ষ’ হৈ গ’ল, এই কথাও স্বীকাৰ নকৰো। ২৫ নৱেম্বৰ, ১৯৪৭ত আপোনালোকে ‘অনা-মুছলমান’ বুলি নিলিখি পাকিস্তানৰ পৰা অহা ‘সকলো লোক’ বুলি লিখিব পাৰিলেহেতেন, কিয় নিলিখিলে? ‘অনা-মুছলমান’ বুলি কিয় লিখিলে?
দেশ বিভাজনৰ পিছত যিসকল হিন্দু পাকিস্তান থাকি গৈছিল, তেওঁলোকৰ সৰহ সংখ্যকেই আমাৰ দলিত ভাই-ভনী আছিল। আৰু এইসকল লোকক আম্বেডকাৰে কৈছিল- “I would like to tell /the Scheduled Castes /who happen today to be/ impounded inside Pakistan /to come over to India….”
বাবা চাহেব আম্বেডকাৰজীয়েও এনে আহ্বানেই জনাইছিল। এই সকলো বক্তব্য যিগৰাকী মহান ব্যক্তিৰ, তেওঁ এইখন ৰাষ্ট্ৰৰ নিৰ্মাতা আছিল। তেন্তে তেঁৱো কি সাম্প্ৰদায়িক আছিল? কংগ্ৰেছ আৰু তেওঁলোকৰ বান্ধৱসকলে ৰাষ্ট্ৰ নিৰ্মাতাসকলকো ভোট-বেংকৰ ৰাজনীতিৰ বাবেই পাহৰিবলৈ ল’লে, দেশৰ বাবে এয়া নিশ্চয় চিন্তাৰ বিষয়।
সভাপতি মহোদয়, ১৯৯৭ চনত, ইয়াৰ অনেক সতীৰ্থ নিশ্চয় উপস্থিত আছিল। সদনতো চাগৈ কোনোবা আছিল। এয়া সেই সময়ৰ কথা যেতিয়া ততকালীন চৰকাৰে দিয়া নিৰ্দেশত ‘হিন্দু’ আৰু ‘শিখ’ৰ ব্যৱহাৰ আৰম্ভ হৈছিল। ইয়াৰ পূৰ্বে এনে হোৱা নাছিল, পিছতহে ইয়াক জড়িত কৰা হৈছিল। ২০১১ চনত ইয়াৰ সৈতে পাকিস্তানৰ পৰা আহিব লগা খ্ৰিষ্টিয়ান আৰু বৌদ্ধ সকলকো শ্ৰেণীভূক্ত কৰা হৈছিল। এই সকলোবোৰ হৈছিল ২০১১চনত।
২০০৩ চনত ‘নাগৰিকত্ব সংশোধনী বিধেয়ক’ যুগুতোৱা হৈছিল। ‘নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০০৩’ সন্দৰ্ভত সংসদৰ যিখন স্থায়ী সমিতিয়ে চৰ্চা কৰিছিল আৰু পিছত আগুৱাই নিছিল সেইখন সমিতিৰ বহু সদস্য আজিও ইয়াত উপস্থিত আছে আৰু সেইখন স্থায়ী সমিতিৰ প্ৰতিবেদনত কোৱা হৈছিল, চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা সংখ্যালঘুসকলক দুই ধৰণে বিবেচনা কৰা উচিত, এক যিসকল ধৰ্মীয় উত্পীড়ণৰ বাবে আহিবলগীয়া হৈছে আৰু দ্বিতীয়তে যিসকল-অবৈধ প্ৰব্ৰজনকাৰী, যিসকল গণ অভ্যথ্থানে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আহিবলগীয়া হ’ল। এয়া সমিতিখনৰ প্ৰতিবেদনত কোৱা কথা। কিন্তু আজি য়েতিয়া এইখন চৰকাৰে সেই একেখিনি কথাকে ক’বলৈ বিচাৰিছে ১৭ বছৰৰ পিছত তেন্তে চিঞৰ-বাখৰৰ স়ষ্টি কৰা হৈছে কিয়?
২৮ ফেব্ৰুৱাৰী ২০০৪ ত কেন্দ্ৰীয় চৰকাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ এক আবেদনৰ ভিত্তিত ৰাজস্থানৰ দুখন জিলা আৰু গুজৰাটৰ ৪ খন জিলাৰ উপায়ুক্তকেইগৰাকীক পাকিস্তানৰ পৰা অহা সংখ্যালঘূ হিন্দু সম্প্ৰদায়ৰ লোকসকলক ভাৰতীয় নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ অধিকাৰ প্ৰদান কৰিছিল। এই নিয়ম ২০০৫ আৰু ২০০৬ চনতো বলবত্ আছিল। ২০০৫-২০০৬ চনত আপোনালোকেই শাসনত আছিল। তেতিয়া এই ব্যৱস্থাই সংবিধানৰ মূল ভাৱনাৰ প্ৰতি বিপদ অনা নাছিল, এয়া সংবিধান বিৰুদ্ধ নাছিল তেতিয়া।
আজিৰ পৰা ১০ বছৰ আগলৈকে সকলো ঠিক আছিল, যাক লৈ কোনেও চিঞৰ-বাখৰ কৰা নাছিল। আজি হঠাত্ আপোনালোকৰ পৃথিৱীখন সলনি হৈ গ’ল? পৰাজয়, পৰাজয়ে আপোনালোকক ইমানকৈ হাৰাশাস্তি কৰিছে বুলি মই কিন্তু ভবাই নাছিলো।
সভাপতি মহোদয়, ‘এনপিআৰ’ সম্পৰ্কেও বহু আলোচনা হৈছে। লোকপিয়ল আৰু ‘এনপিআৰ’ এক সাধাৰণ প্ৰশাসনীয় কাৰ্যক্ৰমণিকা, এই কাম আগতেও সম্পন্ন কৰা হৈছিল। কিন্তু ভোট-বেংকৰ ৰাজনীতিয়ে ইমানকৈ জুৰুলা কৰিবলৈ ধৰিছে যে ২০১০ চনত ‘এনপিআৰ’ অনাসকলেই এতিয়া নিজেই ৰাইজক বিভ্ৰান্ত কৰিবলৈ লৈছে, ‘এনপিআৰ’ৰ বিৰোধ কৰিবলৈ ধৰিছে।
সভাপতি মহোদয়, আপুনি যদি লোকপিয়লৰ তথ্য বিশ্লেষণ কৰে, তেন্তে দেখিব যে দেশ স্বাধীন হোৱাৰ পিছৰ প্ৰথমটো দশকত যদি সমস্যা আছিল, দ্বিতীয়টোত আকৌ আন কিবা সমস্যাৰ উদ্ভৱ হ’ল, কিবা সংযোজিত কৰা হ’ল। আৱশ্যকীয়তা অনুসৰি সকলো বিষয়তে শাসনৰ বিজয় হয়, সৰু সুৰা সাল-সলনি হৈয়ে থাকে। আমি অপপ্ৰচাৰ কৰাত লাগো। আমাৰ দেশত মাতৃভাষাৰ সংকট ইমান গভীৰ কেতিয়াও নাছিল। আজি চুৰাটত ওড়িশাৰ পৰা প্ৰব্ৰজিত হৈ বৃহত্ সংখ্যক লোক আহিছে। আৰু গুজৰাট চৰকাৰে যদি কয় যে আমি ওড়িয়া স্কুল পাতিবলৈ নিদিও, এয়া কিমান দূৰ সমিচীন হ’ব? মই ভাবো কোনে কি মাতৃভাষা কয়, তেওঁৰ পিতৃয়েনো কি ভাষাত কথা কৈছিল সেই বিষয়ে চৰকাৰৰ ওচৰত তথ্য থকা উচিত। আৰু তেতিয়াহে চুৰাটত ওড়িয়া ভাষাৰ স্কুল স্থাপন কৰিব যাব। আগতে প্ৰব্ৰজন হোৱা নাছিল, কিন্তু আজিকালি যেতিয়া প্ৰব্ৰজন হয়েই সেয়ে ইয়াৰ প্ৰয়োজনীয়তা আছে।
সভাপতি মহোদয়, আগতে আমাৰ দেশত প্ৰব্ৰজন খুউব কমেইহে হৈছিল। সময় যোৱাৰ লগে লগে মানুহৰ মনত চহৰৰ প্ৰতি আকৰ্ষণ বাঢ়িবলৈ ধৰিলে, চহৰাঞ্চলৰ বিকাশ হ’বলৈ ধৰিলে, মানুহৰ আকাংক্ষা বাঢ়িবলৈ ধৰিলে, আৰু তাৰ পৰিণতিত বিগত ৩০-৪০ বছৰত এঠাইৰ পৰা আন এঠাইলৈ হোৱা প্ৰব্ৰজন আমি দেখিবলৈ ধৰিলো। এতিয়া কোনখন জিলাৰ কোন অঞ্চলৰ পৰা বেছিকৈ মানুহ প্ৰব্ৰজিত হৈছে তাৰ তথ্য বিশ্লষণ নকৰাকৈ, সেই জিলাসমূহৰ উন্নয়নক আপুনি প্ৰাথমিকতা প্ৰদান কৰিব পাৰিব জানো?
আপোনালোকেতো অপপ্ৰচাৰেই চলাই আহিছে, ৰাইজক আভুৱা ভাৰি আহিছে। অথচ, আপোনালোকেইতো ‘এনপিআৰ’ আনিছিল। আমি ২০১৪ চনৰ পৰা শাসনত আছো, আমি কেতিয়াবা এই ‘এনপিআৰ’-ক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছিলো নে বাৰু? তথ্যতো আমাৰ হাততে আছে। আপোনালোকৰ ‘এনপিআৰ’ৰ তথ্য আমাৰ হাতত আছে। আপোনালোকৰ সময়ৰ তথ্য। এইখন দেশৰ কোনো নাগৰিককে আমি সেই ‘এনপিআৰ’ৰ তথ্যৰ আধাৰত প্ৰতাৰিত কৰা নাই।
কেৱল ইমানেই নহয়, সভাপতি মহোদয়, ‘ইউপিএ’-ৰ ততকালীন গৃহমন্ত্ৰীয়ে ‘এনপিআৰ’ৰ শুভাৰম্ভ কৰাৰ সময়ত দেশৰ সকলো সাধাৰণ নিবাসী, সাধাৰণতে বসবাস কৰি থকা পৰিয়ালসমূহ ‘এনপিআৰ’ৰ তালিকাত অন্তৰ্ভূক্ত কৰাত বিশেষ গুৰুত্ব প্ৰদান কৰি কৈছিল যে সকলোৱে এই প্ৰক্ৰিয়াত সহযোগিতা কৰা উচিত। তেওঁ সংবাদ মাধ্যমৰ প্ৰতিও গোঁহাৰি জনাই কৈছিল, সংবাদ মাধ্যমে ‘এনপিআৰ’ সন্দৰ্ভত বাতৰি প্ৰচাৰ কৰক। এই সন্দৰ্ভত জন সজাগতা সৃষ্টি কৰি ৰাইজক ‘এনপিআৰ’ৰে জড়িত কৰাত সহায় কৰক।
‘ইউপিএ’-ই ২০১০ চনত ‘এনপিআৰ’ বলবত্ কৰিছিল, ২০১১ চনত ‘এনপিআৰ’ৰ বাবে ‘বায়’মেট্ৰিক ডাটা’ সংগ্ৰহৰ শুভাৰম্ভ কৰিছিল। ২০১৪ চনত আপোনালোক যেতিয়া চৰকাৰৰ পৰা আঁতৰি গৈছিল, সেই সময় পৰ্যন্ত ‘এনপিআৰ’ৰ বাবে কোটি কোটি নাগৰিকৰ ‘ফটো স্কেন’ কৰি তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল আৰু ‘বায়মেট্ৰিক ডাটা’ সংগ্ৰহৰ কামো আগবঢ়াই ৰখা হৈছিল। এয়া মই আপোনালোকৰ কাৰ্যকালৰ কথা উল্লেখ কৰিছো।
আজি আমি আপোনালোকে আৰম্ভ কৰি যোৱা ‘এনপিআৰৰ তথ্য ভাণ্ডাৰ’ ২০১৫চনত ‘আপডেট’ কৰাৰ ব্যৱস্থা কৰিছিলো আৰু এই ‘এনপিআৰ’ৰ তথ্যৰ আধাৰত ‘প্ৰধানমন্ত্ৰী জনধন যোজনা’, ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি’ৰ দৰে চৰকাৰী যোজনাসমূহ ৰূপায়ণ কৰিছিলো আৰু দুখীয়া ৰাইজৰ উপকাৰ সাধন কৰিছিলো। পিছে আজি আপোনালোকে এনে এক পৰিৱেশ সৃষ্টি কৰি আপোনালোকৰ ‘এনপিআৰ’কে বিৰোধিতা কৰিবলৈ লৈছে, যাতে দুখীয়া ৰাইজৰ বাবে চলি থকা জনকল্যাণকামী আঁচনিসমূহৰ অংশীদাৰ হোৱাত তেওঁলোকক বাধা দিয়াৰ পাপ আমি কৰিবলগীয়া হয়। আপোনালোকে তুচ্ছ স্বাৰ্থ সিদ্ধিৰ বাবেহে এনে দুষ্কাৰ্য কৰি আছে, পিছে, আপোনালোকৰ দৰিদ্ৰ বিৰোধী মানসিকতা ইতিমধ্যে প্ৰকট হৈ উঠিছে।
২০২০ চনৰ লোকপিয়লৰ সৈতে আমি ‘এনপিআৰ’ৰ তথ্যও ‘আপডেট’ কৰিব বিচাৰিছো, যাতে দৰিদ্ৰ ৰাইজৰ বাবে চলি থকা আঁচনিসমূহ আৰু প্ৰভাৱশালী ভাবে আৰু অধিক সততাৰে তেওঁলোকৰ ওচৰ পোৱাবগৈ পাৰো। পিছে, আপোনালোকেই আৰম্ভ কৰা ‘এনপিআৰ’কে এতিয়া আপোনালোকেই বেয়া পাইছে।
আদৰণীয় সভাপতি মহোদয়, ‘এনপিআৰ’ সন্দৰ্ভত সকলো ৰাজ্যই অধিসূচনা জাৰি কৰি ইয়াক বলবত্ কৰিছিল। এতিয়া অৱশ্যে কেইখন মান ৰাজ্যই ‘ইউ টাৰ্ণ’ লৈছে আৰু এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰাৰ ব্যৱস্থা কৰিছে আৰু জানি-বুজিয়েই ইয়াৰ মহত্ব আৰু দৰিদ্ৰ ৰাইজৰ বাবে ইয়াৰ উপযগিতাকো নেদেখাৰ ভাও ধৰিবলৈ ধৰিছে। যিখিনি কাম আপোনালোকে ৭০ বছৰত কৰা নাছিল, এতিয়া বিপক্ষত বহি এনে দৰে আচৰণ কৰাতো শোভা নাপায়।
কিন্তু যিটো কাম আপোনালোকে কৰিম বুলি ভাবিছিল, আগবঢ়াই আনিছিল, সংবাদ মাধ্যমত প্ৰচাৰ চলাইছিল, এতিয়া তাকে আপোনালোকে বিৰোধিতা কৰাৰ বাবে মাৰ বান্ধি ওলাইছে। এই কথাই আপোনালেকে যে কেৱল ভোট-বেংকৰ ৰাজনীতিৰ হিচাপতহে কথাবোৰ চিন্তা কৰে সেইটোকে প্ৰতিপন্ন কৰিছে।
এনে সুবিধাবাদী বিৰোধিতাৰ পৰা কোনোবা দলৰ লাভ বা লোকচানতো হ’ব পাৰে, কিন্তু ইয়াৰ দ্বাৰা দেশৰ যে হানি হয় সেয়া নিশ্চিত। দেশত অবিশ্বাসৰ বাতাবৰণহে সৃষ্টি হয়। আমি সকলোৱে সত্যক, পৰিস্থিতিৰ উচিত তথ্যক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰাতো মই বিচাৰিম। এই দশকত পৃথিৱীয়ে ভাৰতৰ পৰা বহুতখিনি আশা কৰে। এই আশা পূৰণ কৰিবলৈকে আমি সকলোৰে প্ৰয়াস ১৩০ কোটি ভাৰতবাসীৰ আশা-আকাংক্ষাৰ অনুৰূপে হোৱা উচিত। আৰু এয়া তেতিয়াহে সম্ভৱ হ’ব যেতিয়া ৰাষ্ট্ৰহিতৰ সকলো প্ৰসংগতে সদন ‘সংগচ্ছধ্বম্, সংৱদধ্বম’ অৰ্থাত টএকেলগে আগবাঢ়ক, একে সুৰতে কথা কওকট, এই সংকল্পৰে আগবাঢ়িব লাগিব। ‘বিতৰ্ক’ হওক, ‘আলোচনা’ হওক আৰু অৱশেষত ‘সিদ্ধান্ত’ গ্ৰহণৰ পৰিৱেশ সৃষ্টি হওক।
শ্ৰীমান দিগ্বিজয় সিংজীয়ে ইয়াত এটা কবিতা আওৰাইছিল, মোৰো এটা কবিতা মনলৈ আহিছে।
I have No House, Only Open Spaces
Filled with Truth Kindness, Desire and Dreams
Desire to see my country Developed and Great,
Dreams to see Happiness and peace around!!
ভাৰতৰ সুসন্তান, প্ৰক্তন ৰাষ্ট্ৰপতি ড০ এপিজে কালামৰ এই পংক্তিটো খুবেই ভাল লাগে, আৰু আপোনালোকৰ আপোনালোকে ভাল পোৱা পংক্তি ভাল লাগে। কথাতে কয় নহয়, যাৰ যি ধৰণৰ চিন্তা, প্ৰভুৰ মূৰ্তিকো তেওঁ সেই হিচাপেই দেখে। এতিয়া আপোনালোকে সিদ্ধান্ত ল’ব লাগিব, আপোনালোকে আপোনালোকৰ পচন্দ সলনি কৰিবনে, নে ২১শতিকাতো ২০শতিকাৰ স্মৃতি লৈয়ে দিন অতিবাহিত কৰিব।
আজিৰ নতুন ভাৰত আগবাঢ়িছে। কৰ্তব্য পথত পাৰি দিছে। কৰ্তব্যতে সকলো অধিকাৰৰ সাৰ নিহিত হৈ থাকে, এয়াইতো মহাত্মা গান্ধীজীৰ বাৰ্তা আছিল।
আহকচোন, আমি মহাত্মাজীয়ে দেখুৱাই যোৱা কৰ্তব্য পথৰে আগবাঢ়ি, এক সমৃদ্ধ, সামৰ্থ্য আৰু সংকল্পিত নতুন ভাৰতৰ নিৰ্মাণ যজ্ঞত নিজকে জড়িত কৰো। আমাৰ সকলোৰে সমূহীয়া প্ৰয়াসৰেহে ভাৰতৰ সকলো আশা-আকাংক্ষা, সকলো সংকল্প সিদ্ধ হ’ব।
আকৌ এবাৰ ৰাষ্ট্ৰপতিজী আৰু আপোনালোক সকলো সদস্যবৰ্গকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আৰু দেশৰ একতা আৰু অখণ্ডক প্ৰাথমিকতা প্ৰদান কৰি, ভাৰতৰ সংবিধানৰ উচ্চ চিন্তাক আদৰি আমি সকলোৱে মিলি দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৱে যোগদান কৰাৰ আগ্ৰহ প্ৰকাশি মোৰ বক্তব্যৰ সামৰণি মাৰিলো।
বহুত বহুত ধন্যবাদ।
***
वी.आर.आर.के./वंदना जाटव/निर्मल शर्मा/KB
(Release ID: 1606717)
Visitor Counter : 401
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam