প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ ছাৰ্ক নেতাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স আগন্তুক যোজনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ টিপ্পনী

Posted On: 15 MAR 2020 6:15PM by PIB Guwahati

পৰিস্থিতি সন্দৰ্ভত যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেয়া বিনিময় কৰাৰ বাবে আপোনাক সকলোকে ধন্যবাদ৷ আমি সকলোৱে এটা কথাত সহমত হৈছো যে আমি এক গম্ভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো৷ আমি এই পৰ্যন্ত অনুমান কৰিব পৰা নাই যে আগন্তুক সময়ত মহামাৰীয়ে কেনে ৰূপ ল’ব৷ এটা কথা স্পষ্ট যে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব৷ ইয়াৰ প্ৰত্যাহ্বান আমি পৃথকে নহয়, বৰঞ্চ একগোট হৈ কৰিব লাগিব৷ পৰস্পৰে সহযোগিতাৰে কৰিব লাগিব; প্ৰস্তুতি চলাব লাগিব, আতংকিত নহয়৷

সহযোগিতাৰ এই ভাৱনাৰে মই কিছুমান চিন্তাধাৰা ইয়াত আলোকপাত কৰিবলৈ ওলাইছো য’ত ভাৰতে এই সামূহিক প্ৰয়াসত কিদৰে নিজৰ সহযোগিতা আগবঢ়াব সেয়া প্ৰকাশ পাইছে৷ মোৰ প্ৰস্তাৱ এয়েই যে আমি এক আপাতকালীন ক’ভিড-১৯ৰ পুঁজি গঠন কৰিব লাগে৷ এয়া আমাৰ সকলো সহযোগীৰ স্বৈচ্ছিক যোগদানৰ ওপৰত নিৰ্ভৰ কৰিব৷ ভাৰতে এই পুঁজিৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ১০ মিলিয়ন ডলাৰৰ সৈতে আৰম্ভ কৰিব পাৰে৷ আমি যিকোনো ধৰণৰ তৎকালীন পদক্ষেপৰ বাবে এই পুঁজিৰ ব্যৱহাৰ কৰিব পাৰো৷ আমাৰ দূতাৱাসসমূহৰ জৰিয়তে আমাৰ বৈদেশিক সচিবে এই পুঁজিৰ সংৰচনা আৰু ইয়াৰ সঞ্চালনক চূড়ান্ত ৰূপ দিয়াৰ বাবে অতি শীঘ্ৰে সমন্বয় স্থাপন কৰিব পাৰে৷ আমি পৰীক্ষণ কিট আৰু অন্য উপকৰণৰ সৈতে ভাৰতত চিকিৎসক আৰু বিশেষজ্ঞসকলৰ এক দ্ৰুত প্ৰতিক্ৰিয়াশীল দল স্থাপন কৰিব পাৰো৷ প্ৰয়োজন হ’লে তেওঁলোকে আপোনালোকৰ বাবেও ষ্টেণ্ড-বাই কৰিব৷ আমি আপোনালোকৰ আপাতকালীন প্ৰতিক্ৰিয়াশীল দলৰ বাবে অতি শীঘ্ৰেই অনলাইন প্ৰশিক্ষণ কেপচুলৰ ব্যৱস্থাও কৰিব পাৰো৷ এয়া আমাৰ নিজৰ দেশত প্ৰয়োগ কৰা মডেলৰ ভিত্তিত হ’ব যাৰ দ্বাৰা আমাৰ সকলো আপাতকালীন কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধি হ’ব৷

আমি সম্ভাৱনাপূৰ্ণ ভাইৰাছ বাহক আৰু তেওঁলোকৰ সম্পৰ্কলৈ অহা ব্যক্তিসকলৰ সন্ধান কৰাৰ বাবে এক একীকৃত ৰোগ নিৰীক্ষণ প’ৰ্টেল স্থাপন কৰিছো৷ আমি ছাৰ্ক সহযোগীসকলৰ সৈতে এই ৰোগ নিৰীক্ষণ ছফ্টৱেৰটো বিনিময় কৰিব পাৰো আৰু ইয়াৰ প্ৰশিক্ষণ দিব পাৰো৷

আমি সকলোৱে নিজৰ মাজৰ সৰ্বোত্তম ব্যৱস্থাটো একত্ৰিত কৰাৰ বাবে ছাৰ্ক দুৰ্যোগ প্ৰৱন্ধন কেন্দ্ৰৰ দৰে বিদ্যমান সুবিধাৰ ব্যৱহাৰ কৰিব লাগে৷ আগলৈ আমি আমাৰ দক্ষিণ এছিয়া অঞ্চলত মহামাৰী ৰোধ কৰিবলৈ অনুসন্ধানক সমন্বিত কৰাৰ বাবে এক সাধাৰণ অনুসন্ধান মঞ্চ গঠন কৰিব পাৰো৷ ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদে এই ধৰণৰ অনুশীলনৰ সমন্বয়ত আমাক সহায় কৰিব পাৰে৷

আমি আমাৰ বিশেষজ্ঞসকলক আহ্বান জনাইছো যে তেওঁলোকে ক’ভিড-১৯ৰ দীৰ্ঘকালীন আৰ্থিক পৰিণাম আৰু এই বিষয়ত চিন্তা কৰক যে আমি আমাৰ অন্তঃৱৰ্তী ব্যৱসায় আৰু আমাৰ স্থানীয় মূল্য শৃংখলাসমূহক ইয়াৰ প্ৰভাৱৰ পৰা কিদৰে পৃথক কৰিব পাৰো৷

শেষত, এয়া কোনো প্ৰথম অথবা শেষ মহামাৰী নহ’ব যিয়ে আমাক প্ৰভাৱিত কৰিব৷

ইয়াৰ জৰিয়তে আমাৰ অঞ্চলটোত এই সংক্ৰমণ বিস্তাৰিত হোৱাৰ পৰা ৰোধ কৰাত সহায়ক হ’ব আৰু আমি আমাৰ অন্তঃৱৰ্তী ভ্ৰমণক মুকলি কৰাত অনুমতি প্ৰদান কৰিব পাৰিম৷

 

******

VRRK/AK/MANN



(Release ID: 1606541) Visitor Counter : 122