কেবিনেট

ভাৰতীয় তথ্য প্ৰযুক্তি আইন প্ৰতিষ্ঠান (সংশোধিত) আইন ২০২০লৈ কেবিনেটৰ অনুমোদন

Posted On: 05 FEB 2020 1:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত দিশসমূহলৈ যাৱতীয় অনুমোদন প্ৰদান কৰে -

  1. ভাৰতীয় তথ্য-প্ৰযুক্তি আইন প্ৰতিষ্ঠান (সংশোধিত) বিধেয়ক ২০২০ ৰ সূচনা
  • ii. ২০ খন আইআইআইটি (PPP)ৰ প্ৰতিখনলৈ এটাকৈ আৰু আইআইআইটিডিএম কুৰ্ণুল (IIIT-CFTI) লৈ এটা, সৰ্বমুঠ ২১ টা সঞ্চালকৰ পদলৈ যাৱতীয় অনুমোদন।
  1. ২০ খন আইআইআইটি (PPP)ৰ প্ৰতিখনলৈ এটাকৈ আৰু আইআইআইটিডিএম কুৰ্ণুল (IIIT-CFTI) লৈ এটা, সৰ্বমুঠ ২১ টা পঞ্জীয়কৰ পদলৈ যাৱতীয় অনুমোদন।

প্ৰভাৱ

এই বিধেয়কে বাকী থকা ৫ খন আইআইআইটি-পিপিপিৰ লগতে পূৰ্বৰে পৰা থকা ১৫ টা ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানক ডিগ্ৰী প্ৰদান কৰিবৰ বাবে ক্ষমতাসহ ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব পদ্ধতিৰে ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰিব। এই ব্যৱস্থাই এই প্ৰতিষ্ঠানসমূহক এখন বিশ্ববিদ্যালয় বা ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰদান কৰা বি.টেক বা এম.টেক বা পিএইচডি ডিগ্ৰীৰ নামকৰণ ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিব। এই ব্যৱস্থাই সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক পৰ্যাপ্ত পৰিমাণৰ শিক্ষাৰ্থীক আকৰ্ষণ কৰিবলৈ সক্ষম কৰি তুলিব, যিয়ে তথ্য প্ৰযুক্তি ক্ষেত্ৰখনত দেশত এক শক্তিশালী গৱেষণাৰ আধাৰ সৃষ্টি কৰিব।

সবিশেষ

  1. ভাৰতীয় তথ্য-প্ৰযুক্তি আইন প্ৰতিষ্ঠান (সংশোধিত) বিধেয়ক ২০২০ ৰ সূচনা; ২০১৪ আৰু ২০১৭ চনৰ মুখ্য আইনখনৰ সংশোধনৰ বাবে।
  • ii. ছুৰাট, ভূপাল, ভগলপুৰ, আগৰতলা আৰু ৰাইচুড়ত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব পদ্ধতিৰে পাচখন ভাৰতীয় তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানক একত্ৰে অনুমোদন প্ৰদান কৰিবলৈ আৰু লগতে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহক পূৰ্বৰ ১৫ খন ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানক ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান (ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব) আইন ২০১৭ ৰ অধীনত ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠানৰ মৰ্যাদা প্ৰদান কৰিবলৈ।

সংশ্লিষ্ট অনুমোদন প্ৰদান উদ্দেশ্য হৈছে ছুৰাট, ভূপাল, ভগলপুৰ, আগৰতলা আৰু ৰাইচুড়ত থকা এই আইআইআইটি কেইখনৰ আনুষ্ঠানিকতাকৰণ। উল্লেখ্য যে এই আইআইআইটিসমূহ ইতিমধ্যেই ছ’চাই্টিজ ৰেজিষ্ট্ৰেশ্যন এক্ট, ১৮৬০ ৰ অধীনত ছ’চাইটি হিচাপে পঞ্জীভুক্ত হৈ কাৰ্যক্ষম হৈ আছে। এতিয়াৰে পৰা এই প্ৰতিষ্ঠানকেইখন ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব পদ্ধতিত থকা আঁচনিৰ অধীনত চলি থকা অন্যান্য ১৫ খন আইআইআইটিৰ লেখীয়াকৈ আইআইআইটি (পিপিপি) আইন ২০১৭ ৰ অধীনত থাকিব। ইয়াৰ উপৰিও, IIITDM কুৰ্ণুল স্থাপিত হৈছিল IIIT আইন, ২০১৪ ৰ অধীনত আৰু এলাহাবাদ, গোৱালিয়ৰ, জবলপুৰ আৰু কাঞ্চীপুৰমত থকা চাৰিখন আইআইআইটিৰ লেখীয়াকৈ কাৰ্যক্ষম হৈ আছে। এই চাৰিওখন আইআইআইটিতেই পূৰ্বৰে পৰাই সঞ্চালক আৰু পঞ্জীয়কৰ পদ আছে আৰু বৰ্তমানৰ প্ৰস্তাৱনাই কোনো অতিৰিক্ত বিত্তীয় সংযোজন অবিহনেই এই পদকেইটাক আনুষ্ঠানিক মৰ্যাদা প্ৰদান কৰিব।

পশ্চাদপট

  1. IIIT সমূহক উচ্চ শিক্ষাৰ প্ৰসাৰতা আৰু তথ্য-প্ৰযুক্তি ক্ষেত্ৰত গৱেষণা কৰাৰ বাব দায়িত্ব অৰ্পন কৰা হৈছে।
  • II. কেন্দ্ৰীয় কেবিনেটে ২৬ নৱেম্বৰ, ২০১০ তাৰিখে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব (IIT PPP) পদ্ধতিৰে চলিবৰ বাবে অনুমোদন কৰা ২০ খন নতুন আইআইআইটি স্থাপনৰ আঁচনিৰ অধীনত আৰু আইআইআইটি (পিপিপি) আইন, ২০১৭ ৰ দ্বাৰা ইতিমধ্যে চলি থকা ১৫ খন আইআইআইটিক এই আইনখনৰ সূচীৰ অধীনত সামৰি লোৱা হ’ব।

*****

VRRK/SC/RD



(Release ID: 1602878) Visitor Counter : 110