কেবিনেট

মহাৰাষ্ট্ৰৰ বধাৱানত এটা বৃহৎ বন্দৰ স্থাপনৰ বাবে কেবিনেটৰ অনুমোদন

Posted On: 05 FEB 2020 1:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মহাৰাষ্ট্ৰৰ ডাহানুৰ সমীপত থকা বধাৱানত এটা বৃহৎ বন্দৰ স্থাপন কৰিবৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰিছে।

উল্লেখ্য যে এই প্ৰকল্পত আনুমানিক ব্যয় হব মুঠ ৬৫,৫৪৪.৫৪ কোটি টকা।

এই বধৱান বন্দৰক লেণ্ড-লৰ্ড মডেলসাপেক্ষে নিৰ্মাণ কৰি তোলা হব। এই প্ৰকল্প ৰূপায়ণ কৰিবৰ বাবে ৫০ শতাংশ বা তাতোকৈ অধিক সমাংশ অংগ্ৰহণৰ সৈতে নেতৃস্থানীয় অংশীদাৰ হিচাপে জৱাহৰলাল নেহৰু পৰ্ট ট্ৰাষ্ট চমুকৈ জেএনপিটিৰ সৈতে এক বিশেষ উদ্দেশ্যসম্পন্ন ব্যৱস্থা (এছপিভি) গঢ়ি তোলা হব। এই এছপিভিয়ে পুনৰুদ্ধাৰ, ব্ৰেকৱাটাৰৰ নিৰ্মাণৰ লগতে বন্দৰৰ সামগ্ৰিক আন্তঃগাঁথনি নিৰ্মাণ কৰি উলিয়াব, তাৰ লগতে থাকিব অন্যান্য বিভিন্ন বন্দৰৰ সৈতে সংযোগ স্থাপনৰ দৰে ব্যৱস্থা। আটাইবোৰ কাৰ্যাৱলী ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্ব পদ্ধতিৰে সমাপন কৰা হব।

উল্লেখ্য যে এই জে এন বন্দৰটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ বন্দৰ আৰু সমগ্ৰ বিশ্বৰ বৃহৎ বন্দৰবোৰৰ তালিকাত ২৮ নং স্থানৰ বন্দৰ। এই বন্দৰটোৰ সামৰ্থ্য হৈছে ৫.১ মিলিয়ন টিইইউ (Twenty-Foot Equivalent Units) ট্ৰেফিক। জে এন বন্দৰত থকা ৪ৰ্থ টাৰ্মিনেলটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত এই সামৰ্থ্য ২০২৩ চনলৈ ১০ মিলিয়ন টিইইউ (Twenty-Foot Equivalent Units) ট্ৰেফিকলৈ বৃদ্ধি পাব। এই সামৰ্থ্য বৃদ্ধিৰ লগে লগে এই বন্দৰটো বিশ্বৰ বৃহত্তম বন্দৰবোৰৰ ভিতৰত ১৭ নং স্থানলৈ উত্তৰণ ঘটিব। বধাৱান বন্দৰ নিৰ্মাণৰ লগে লগে বিশ্বৰ বৃহত্তম বন্দৰ থকা শীৰ্ষ ১০ খন দেশৰ তালিকাত প্ৰৱেশ কৰিব।

ভাৰতৰ ভিতৰত সৰ্ববৃহৎ বন্দৰ থকা মহাৰাষ্ট্ৰৰ এই জৱাহৰলাল নেহৰু বন্দৰটোৱে মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটক, তেলেংগানাৰ লগতে গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান, এনচিআৰ, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ জলপথৰ চাহিদা পূৰণ কৰি আহিছে। এই বন্দৰটোত আন এক বন্দৰৰ সংযোজনেৰে ১০ মিলিয়ন টিইইউ (Twenty-Foot Equivalent Units) ট্ৰেফিকলৈ বৃদ্ধি পোৱাৰ লগে লগে বিশ্বৰ সৰ্ববৃহৎ জাহাজকো সেৱা আগবঢ়োৱাৰ বাবে সমৰ্থৱান হৈ পৰিব এই বন্দৰটো। জিএনপিটি আৰু মুন্দ্ৰা হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ সেৱা প্ৰদানকাৰী বন্দৰ (অৱশ্যে মজলীয়া আকাৰৰ জাহাজলৈহে সেৱা আগবঢ়াব পাৰে), যাৰ সামৰ্থ্য হৈছে ক্ৰমে ১৫ আৰু ১৬ মিলিয়ন। উল্লেখ্য যে ১৮ ৰ পৰা ২০ মিলিয়ন সামৰ্থ্য সম্পন্ন হলেহে বিশ্বৰ সৰ্ববৃহৎ জাহাজলৈ সেৱা আগবঢ়াবলৈ সক্ষম হব এই বন্দৰ

 

******

VRRK/SC/RD



(Release ID: 1602877) Visitor Counter : 113