কেবিনেট

ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিৰ সংশোধনত কেবিনেটৰ অনুমোদন

Posted On: 08 JAN 2020 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ফ্ৰান্সৰ মাজত স্বাক্ষৰিত প্ৰব্ৰজন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিৰ সংশোধনত অনুমোদন জনাইছে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত ২০১৮ চনৰ মাৰ্চত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল৷

এই চুক্তিয়ে দুয়োখন দেশৰ মাজত অনিমীয়া প্ৰব্ৰজন আৰু মানৱ সৰবৰাহ সম্পৰ্কীয় দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মানুহৰ মাজত সম্পৰ্ক বৃদ্ধি, শিক্ষাৰ্থীৰ দ্ৰুত ভাৱ-বিনিময়, শিক্ষাবিদ, গৱেষক আৰু দক্ষ বৃত্তিৰ লোকসকলৰ মাজত এক মাইলৰ খুঁটি হিচাপে কাম কৰিছে৷ এই চুক্তিয়ে ফ্ৰান্সৰ সৈতে ভাৰতৰ দ্ৰুত সম্প্ৰসাৰিত বহুপাক্ষিক সম্পৰ্কৰ এক দলিলস্বৰূপ তথা ই দুয়োখন দেশৰ মাজত বৰ্ধিত বিশ্বাস আৰু আস্থাকে সূচাইছে৷

প্ৰথম অৱস্থাত এই চুক্তিৰ ম্যাদ আছিল ৭ বছৰ আৰু যুটীয়া কৰ্মী গোটৰ নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে ইয়াৰ স্বয়ংক্ৰিয় নৱীকৰণ কৰা হৈছে৷

                                                                          ****

VRRK/SC/DB



(Release ID: 1599109) Visitor Counter : 95