কেবিনেট
বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচনৰ পূৰ্বপ্ৰস্তাৱিত সংশোধনীত অনুমোদন কেবিনটেৰ
পোষ্ট কৰা হৈছে:
24 DEC 2019 4:29PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতীয় সংবিধানৰ ৩৭২(২) নং ধাৰাৰ অধীনস্থ, ১৮৭৩ৰ বেংগল ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেগুলেচন(বিইএফআৰ) সংশোধনৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিয়ে যি আইন গ্ৰহণ(সংশোধনী) নিৰ্দেশ, ২০১৯ জাৰি কৰাৰ প্রস্তাৱত আজি অনুমোদন জনায়৷
এই বিজ্ঞপ্তিৰ জৰিয়তে জাৰি কৰা বিইএফআৰ মণিপুৰৰ ক্ষেত্ৰতো প্রযোজ্য হ’ব৷ ইয়াৰ ফলত ২০১৯ৰ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত সেই ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত থাকিব আৰু সংশ্লিষ্ট নীতিত প্রয়োজনীয় সালসলনি ঘটোৱা হ’ব৷
***********
VRRK/SC/SH/DB
(ৰিলিজ আই ডি : 1597924)
অতিথি কক্ষ : 141