কেবিনেট

ভাৰত আৰু ব্ৰাজিলৰ মাজত জৈৱশক্তি সহযোগিতাৰ সন্দৰ্ভত প্ৰস্তাৱিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 24 DEC 2019 4:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু ব্ৰাজিলৰ মাজত জৈৱশক্তি সহযোগিতাৰ সন্দৰ্ভত প্ৰস্তাৱিত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ অনুমোদন জনাইছে৷

বিশ্বৰ ভিতৰত ভাৰত আৰু ব্রাজিলে সৰ্বাধিক শক্তি ব্যৱহাৰ কৰে৷ লেটিন আমেৰিকা আৰু কেৰিবিয়ান অঞ্চলৰ ভিতৰত কেৱল ব্রাজিলৰ সৈতে ভাৰতৰ গুৰুত্বপূর্ণ বাণিজ্যিক সম্পর্ক আছে৷ বিশ্বৰ ভিতৰত ব্রাজিলেই আটাইতকৈ বেছি জৈৱশক্তি পাদন তথা ব্যৱহাৰ কৰে৷ ব্ৰাজিলত ব্যৱহাৰ হোৱা শক্তিৰ ভিতৰত ১৮ শতাংশই জৈৱশক্তি৷ জৈৱ ইন্ধনৰ ওপৰত ভাৰতে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ ২০৩০ চনৰ ভিতৰত পেট্রলত ২০ শতাংশ ইথানল মিশ্ৰণ আৰু ডিজেলত শতাংশ বায়ডিজেল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ ২০১৮ চনৰ নতুন জৈৱ ইন্ধন নীতি অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

 

নবীকৰণযোগ্য শক্তিৰ উন্নয়ন আৰু গৱেষণাৰ ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ২০১৬ চনত প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী আৰু ব্রাজিলৰ ৰাষ্ট্ৰপতিৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই চুক্তি স্বাক্ষৰ কৰা হয়৷ এই চুক্তি অনুসৰি দুয়োখন দেশৰ মাজত জৈৱ ইন্ধনৰ ক্ষেত্রত আন্তঃগাঁথনি নিৰ্মাণ, বিনিয়োগ বৃদ্ধি, জৈৱ-শক্তি আৰু জৈৱিক গেছ যোগান চেইন গঢ়ি তোলাটো সম্ভৱ হৈ পৰিব৷ ইয়াৰ সমান্তৰালভাৱে এই চুক্তিৰ ফলত দুয়োখন দেশৰ মাজত কৃষিকাৰ্য আৰু জৈৱশক্তি সংক্রান্তীয় নীতি নির্ধাৰণো সম্ভৱ ব৷
 

******

VRRK/SC/SH/DB



(Release ID: 1597923) Visitor Counter : 83