কেবিনেট

ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ দ্বাৰা আর্থিকভাৱে শক্তিশালী এনবিএফচি/এইচএফচিৰ পৰা উচ্চহাৰৰ সম্পদ ক্ৰয়ৰ বাবে ‘আংশিক ঋণ নিশ্চয়তা আঁচনি’ত অনুমোদন কেন্দ্রীয় কেবিনেটৰ

Posted On: 11 DEC 2019 6:15PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে নিম্নোলিখিত বিষয়ত অনুমোদন জনায়-

 

i) আর্থিকভাৱে শক্তিশালী অনা বেংকিং বিত্তীয় কোম্পানী (এনবিএফচি)/গৃহ বিত্ত কোম্পানী (এইচএফচি)সমূহৰ পৰা উচ্চহাৰৰ সম্পদ ক্ৰয়ৰ বাবে ৰাজহুৱা খণ্ডৰ বেংকসমূহক ভাৰত চৰকাৰে আংশিক ঋণ নিশ্চয়তা আঁচনিৰ সুযোগ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াব৷ সকলোৱে মিলি নিশ্চয়তাৰ পৰিমাণ বান্ধি দিয়া হৈছে সম্পত্তিৰ মূল দামৰ ১০ শতাংশ প্ৰথম ক্ষতি পর্যন্ত বা ১০ হাজাৰ কোটি টকা, যিটো কম হয়৷ এই ক্ষেত্ৰত অর্থনৈতিক পৰিক্ৰমা বিভাগে সন্মতি জনাইছে৷


ii) এবাৰৰ আংশিক ঋণ নিশ্চয়তাৰ প্ৰস্তা আগবঢ়োৱাৰ দুৱাৰ খোলা থাকিব ২০২০ৰ ৩০ জুন লৈ অথবা সেই সময়লৈকে যাৰ ভিতৰত লাখ কোটি টকাৰ সম্পত্তি বেংকসমূহে কিনিব, যিটো প্ৰথমে ব৷ অগ্ৰগতিৰ পৰিমাণ লক্ষ্য কৰি আঁচনিৰ ম্যাদ মাহলৈকে বৃদ্ধি কৰাৰ ক্ষমতা বিত্তমন্ত্ৰীক প্ৰদান কৰা হৈছে৷

 

মুখ্যপ্ৰভাৱঃ


এই আঁচনি ফলত এনবিএফচি/এইচএফচিৰ নগদ ধনৰ অভাৱ পুৰণ ব৷ তেওঁলোকে আৰু অধিক ঋণ প্ৰদান কৰিব পাৰিব৷ বহুপৰিমাণে ঋণ লাভ কৰিব, যাৰদ্বাৰা অর্থনীতিৰ বিকাশ সাধন ব৷


বাজেটৰ ঘোষণা অনুসৰি ২০১৯ৰ ১০ আগষ্টৰ পৰা এই আঁচনি আৰম্ভ হৈছে৷ ইয়াৰ পাছত ২৩ ছেপ্টেম্বৰত সৰলীকৰণ কৰা হয়৷ এক খিড়ীকী ব্যৱস্থা আছিল আঁচনিৰ আৰম্ভণিৰ পৰা মাহ বা সেই তাৰিখলৈকে যাৰ ভিতৰত ১ হাজাৰ কোটি টকাৰ সম্পদ বেংকসমূহে ক্ৰয় কৰিব পাৰে, যিটো প্ৰথমে হব৷

 

সংশ্লিষ্ট বিভিন্ন পক্ষৰ সৈতে দফাই দফাই তেওঁলোকৰ পৰামর্শ অনুসৰি কিছু সংশোধন কৰি কেন্দ্রীয় কেবিনেটে অনুমোদনৰ সিদ্ধান্ত লয়।

 

এই আঁচনি কেৱল ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ বাবে৷ ইয়াৰ লক্ষ্য হৈছে আর্থিকভাৱে সচ্ছল এনবিএফচি/এইচএফচিৰ নগদ যোগানৰ সমস্যা সমাধান কৰা, যাতে তেওঁলোকে আর্থিক প্ৰয়োজনীয়া পুৰণ কৰিবলৈ তেওঁলোকৰ সম্পত্তি কম মুল্যত লাভ কৰিব লগা নহয়৷ ইয়াৰ ফলত দেশৰ আর্থিক ব্যৱস্থা সুৰক্ষিত ব৷

*****

SC/PK/SH/DB



(Release ID: 1597312) Visitor Counter : 138