কেবিনেট

এনএইচআইক আন্তঃগাঁথনিমুলক বিনিয়োগ ন্যাস গঠন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত বিনিয়োগৰ কৰ্তৃত্ব প্ৰদানত কেবিনেট অনুমোদন

Posted On: 11 DEC 2019 6:11PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত পথ পৰিবহনৰ ৰাষ্ট্ৰীয় মন্ত্ৰালয়ৰ প্ৰস্তাৱত অনুমোদন দিয়ে যাৰ ফলত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (এনএইচএআই)আন্তঃগাঁথনিমুলক বিনিয়োগ ন্যাস গঠন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত বিনিয়োগৰ কৰ্তৃত্ব প্ৰদান কৰা হয়৷ ছেবিৰ নীতি নির্দেশনা মানি এই ন্যাস গঠন কৰা হব৷ ইয়াৰ ফলত এনএইচএআয়ে সম্পূর্ণ হোৱা ৰাষ্ট্ৰীয় ঘাইপথত অতি কমেও এবছৰ মাছুল গ্ৰহণ কৰিছে, তাৰ ধনৰ দায়িত্ব লাভ কৰিব৷ নির্দিষ্ট পথসমূহত টোল বহোৱাৰো অধিকাৰ এনএইচএআইৰ হাতত থাকিব৷

এই প্ৰস্তাৱৰ ফলত ভাৰতৰ পথ বজাৰত মূলধনৰ যোগান বৃদ্ধি পাব, কাৰণ বিনিয়োগকাৰীসকলে নির্মাণৰ ক্ষতিশংকা বহন কৰিব নিবিচাৰে৷ তেওঁলোকে এনে সম্পত্তিত বিনিয়োগ কৰিবলৈ আগ্ৰহী, যিবোৰত তেওঁলোকে দীর্ঘম্যাদী সুফল পায়৷ খুচৰা গৃহ সঞ্চয় আৰু মিউচুয়েল ফাণ্ড পিএছআৰডিএকে ধৰি বিশেষ প্ৰতিষ্ঠানসমূহে ইনভিটৰ জৰিয়তে আন্তঃগাঁথনিখণ্ডত বিনিয়োগ কৰিব৷


পথ ব্যৱস্থা এক অর্থনীতিৰ জীৱনৰেখা৷ ইয়াৰ দ্বাৰা দূৰ দূৰণিৰ এলেকা সংযুক্ত হয়৷ এখন ঠাইৰ পৰা সহজে অন্য ঠাইলৈ পৰিবহণ কৰাত সুবিধা হয়। ব্যৱসায় বাণিজ্যৰ লগতে এটা এটা অঞ্চলৰ অর্থনীতিৰ সর্বাংগীন উন্নয়ন হয়৷

 

২০১৭ অক্টোবৰত ভাৰত চৰকাৰে ভাৰতমালা যোজনা আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য আছিল লাখ ৩৫ হাজাৰ কোটি টকা বিনিয়োগ কৰি ২৪,৮০০ কিলোমিটাৰ পথৰ উন্নয়ন সাধন কৰা৷

 

ভাৰতমালাৰ দৰে ইমান বিশাল আকাৰৰ আঁচনিৰ বাবে প্ৰতিটো প্ৰকল্প নির্দিষ্ট সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ এনএইচএআইক যথেষ্ট অৰ্থৰ প্ৰয়োজন৷ সেইবাবে কার্যকৰী উপায় বিচাৰিয়েই এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে৷

 

এনএইচএআইৰ পুঁজিৰ পৰিমাণ সীমিত হোৱাত এই নতুন অভিনৱ অর্থ বিনিয়োগৰ ব্যৱস্থা অতি জৰৰী হৈছে৷ ২০১৮-১৯ৰ বাজেট বক্তৃতাত তদানিন্তন বি্ত্তমন্ত্রীয়ে এই প্ৰস্তাৱ উত্থাপন কৰিছিল৷

 

অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এনএইচএআয়ে সক্রিয়ভাবে এই পৰিকাঠামো বিনিয়োগ ন্যাস গঠন কৰাটো দৰকাৰ৷ মূলধনী বজাৰৰ জৰিয়তে অতিৰিক্ত বিনিয়োগ আনিব পৰা যায়৷

১৮৮২ৰ ইণ্ডিয়ান ট্রাষ্ট এক্টৰ অধীনত এই ট্ৰাষ্টটো গঠন কৰা ব৷

****

SC/PK/SH/DB



(Release ID: 1597308) Visitor Counter : 107