প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কাৰ্টোছাট-৩ কঢ়িয়াই নিয়া পিএছএলভি-চি৪৭ৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 NOV 2019 12:08PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কাৰ্টোছাট-৩ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় এক ডজন ক্ষুদ্ৰ উপগ্ৰহ কঢ়িয়াই নিয়া পিএছএলভি-চি৪৭ৰ সফল উৎক্ষেপনৰ বাবে ইছৰোক অভিনন্দন জনাইছে৷

 “থলুৱা প্ৰযুক্তিৰে নিৰ্মিত কাৰ্টোছাট-৩ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় এক ডজন ক্ষুদ্ৰ উপগ্ৰহ কঢ়িয়াই নিয়া পিএছএলভি-চি৪৭ৰ সফল উৎক্ষেপনেৰে আন এক সাফল্য ৰচা ইছৰোক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷

অত্যাধুনিক কাৰ্টোছাট-৩য়ে আমাৰ উচ্চ ক্ষমতাসম্পন্ন আলোকচিত্ৰ গ্ৰহণ সক্ষমতা বৃদ্ধি কৰিব৷ ইছৰোৱে পুনৰ এবাৰ দেশবাসীক গৌৰবান্বিত কৰিলে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

 

***

VRRK/SH/MS



(Release ID: 1594445) Visitor Counter : 56