কেবিনেট

২০১৯ৰ ‘ৰিচাইক্লিং অৱ শ্বিপছ বিল’ আইনত পৰিণত কৰা তথা হংকং আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুসৰি সুৰক্ষিত আৰু পৰিৱেশ অনুকূল ‘ৰিচাইক্লিং অৱ শ্বিপছ, ২০০৯’ত যোগ দিয়াৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 20 NOV 2019 10:38PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত ২০১৯ৰৰিচাইক্লিং অৱ শ্বিপছ বিলআইনত পৰিণত কৰা তথা হংকং আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুসৰি সুৰক্ষিত আৰু পৰিৱেশ অনুকূলৰিচাইক্লিং অৱ শ্বিপছ, ২০০৯ যোগ দিয়াৰ প্ৰস্তাৱত অনুমোদন জনায়৷

লাভালাভঃ

  • এই বিধেয়কে ক্ষতিকাৰক পদার্থ ব্যৱহাৰ বা তেনে উদ্যোগ স্থাপনত নিষেধাজ্ঞা আৰোপ কৰে৷ নতুন জাহাজৰ ক্ষেত্রত আইনখন ৰূপায়ণ কৰাৰ দিনৰ পৰা এই সিদ্ধান্ত তাৎক্ষণিকভাৱে কার্যকৰী কৰা হ’ব৷ ইতিমধ্যে যিবোৰ জাহাজ কাৰ্যক্ষম অৱস্থাত আছে সেইবোৰ আইন বলবৎ হোৱাৰ পাঁচ বছৰৰ ভিতৰত কার্যকৰ কৰিব লাগিব৷ অৱশ্যে, যুদ্ধজাহাজ তথা চৰকাৰৰ দ্বাৰা পৰিচালিত অবাণিজ্যিক জাহাজৰ ক্ষেত্রত এই সিদ্ধান্ত কাৰ্যকৰী নহয়।
  • য’ত জাহাজৰ নবীকৰণ হ’ব, তাৰ মান্যতা পাব লাগিব তথা জাহাজবোৰ কেৱল সেই স্থানতে নবীকৰণ কৰিব লাগিব৷
  • বিধেয়কত নির্দিষ্ট পৰিকল্পনা অনুসৰি এই নবীকৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে৷। ভাৰতত যিবোৰ নবীকৰণ কৰা হ’ব, সেইবোৰক ইয়াৰ বাবে আগতীয়াকৈ প্ৰমান-পত্ৰ ল’ব লাগিব৷

মুল বৈশিষ্ট্যসমূহঃ

  • ভাৰত চৰকাৰেৰিচাইক্লিং অৱ শ্বিপছ বিল-২০১৯ আইনত পৰিণত কৰাৰ চিন্তা কৰিছে, যাতে নির্দিষ্ট আন্তঃৰাষ্ট্ৰীয় মান অনুসৰি এই নবীকৰণ কৰা হয়। সেইবাবে বিধিবদ্ধ পদ্ধতিও নির্দিষ্টকৈ দিয়া হয়।
  • সুৰক্ষিত তথা পৰিৱেশ অনুকূল জাহাজ নবীকৰণৰ বাবে ২০০৯ৰ হংকং আন্তঃৰাষ্ট্ৰীয় সন্মিলন মানি চলাৰ সিদ্ধান্ত লোৱা হয়৷
  • যেতিয়া সেই সন্মিলন কাৰ্যকৰী হ’ব, তাৰ ব্যৱস্থাৱলী চৰকাৰী বিধেয়কৰ অধীনত ৰূপায়িত কৰা হ’ব আৰু সেই দৰে নিয়মো প্ৰস্তুত কৰা হ’ব৷

পটভূমিঃ

  • ভাৰতত আগশাৰীৰ জাহাজ নবীকৰণ উদ্যোগ আছে৷ সমগ্ৰ বজাৰৰ ৩০ শতাংশই ভাৰতৰ উদ্যোগে দখল কৰিছে৷ ২০১৭ চনত ভাৰতে ৬,৩২৩ টন জাহাজ ভঙাৰ কাম কৰিছিল৷
  • এই উদ্যোগত কর্মসংস্থাপন যথেষ্ট পৰিমাণে হ’লেও পৰিৱেশ সুৰক্ষাৰ দিশৰ প্ৰতিও ভাবিব লগা হয়৷

******

VRRK/SC/SH/DB



(Release ID: 1593311) Visitor Counter : 174