প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশনৰ সমান্তৰালভাৱে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্রীৰ বৈঠক
प्रविष्टि तिथि:
26 SEP 2019 11:10PM by PIB Guwahati
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশন উচ্চ পৰ্যায়ৰ বৈঠকৰ
সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি শ্ৰীযুত নিকছ আনাষ্টাছিয়াডেছৰ সৈতে বৈঠকত মিলিত হয়৷
দুয়োগৰাকী নেতাই ভাৰতৰ ৰাষ্ট্ৰপতিৰ যোৱা ছেপ্টেম্বৰ মাহত চাইপ্রাছ ভ্ৰমণৰ পাছত দ্বিপাক্ষিক সম্পর্কৰ বিভিন্ন দিশক লৈ ব্যাপক আলোচনাত মিলিত হয়৷
২০১৮-১৯ বিত্তীয় বৰ্ষত উভয় দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ আছিল ৪৬৪ মিলিয়ন মার্কিন ডলাৰ৷ দুয়োগৰাকী নেতাই তেওঁলোকৰ আলোচনাত এই বাণিজ্য আৰু বিনিয়োগৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে৷
প্ৰধানমন্ত্রীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্হায়ী সদস্যপদৰ দাবীকে ধৰি এনএছজি আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় গোটত ভাৰতে সদস্যভূক্তি হোৱাৰ বিষয়ে চাইপ্রাছ চৰকাৰে জনোৱা সমর্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ চাইপ্রাছৰ স্বাধীনতা, সার্বভৌমত্ব, আঞ্চলিক অখণ্ডতা আৰু একতাৰ সন্দৰ্ভত ভাৰতৰ সমর্থন পুনৰ দোঁহাৰে৷
তেওঁলোকে বিশ্বজুৰি সন্ত্রাসবাদৰ সমস্যা মোকাবিলাকে ধৰি বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ক লৈ আলোচনা কৰে৷ প্ৰধানমন্ত্রী মোদীয়ে ৰাষ্ট্ৰপতি আনাষ্টাছিয়াডেছক আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীত যোগদান কৰিবলৈ আহ্বান জনায়৷
***
VRRK/VJ/AK/DB
(रिलीज़ आईडी: 1586639)
आगंतुक पटल : 92