প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৯ৰ ৭ ছেপ্টেম্বৰত মুম্বাইত এলানি উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
07 SEP 2019 7:13PM by PIB Guwahati
মোৰ মৰমৰ ভাই-ভনীসকল৷
নমস্কাৰ মুম্বাইবাসী৷
গণপতি বাপ্পা মোৰেয়া
গণপতি বাপ্পা মোৰেয়া৷
ইয়ালৈ অহাৰ পূৰ্বে পাৰলেত লোকমান্য সেৱা সংঘৰ গণপতি বাপ্পাক দৰ্শন কৰাৰ মোৰ সৌভাগ্য হ’ল৷ এইবাৰ লোকমান্য সেৱা সংঘৰ গণেশ উৎসৱৰো শতবৰ্ষত উপনীত হৈছে৷ লোকমান্য তিলকে সমাজক শক্তিশালী কৰিবলৈ যি পৰম্পৰাৰ প্ৰসাৰ কৰিছিল, আজিও তাৰ প্ৰতিধ্বনি দেশে-বিদেশে শুনিবলৈ পোৱা যায়৷
আমাৰ নতুন ৰাজ্যপাল শ্রী কোশিয়াৰী ডাঙৰীয়াও ইয়ালৈ আহিছে৷ বহুতে হয়তো নাজানে যে তেওঁ উত্তৰাখণ্ডৰ যশস্বী মুখ্যমন্ত্রী আছিল৷ তাতকৈও ডাঙৰ কথা হ’ল, যিটো মই গৌৰৱেৰে উল্লেখ কৰিছো যে মই যেতিয়া ভাৰতীয় জনতা পার্টিৰ সংগঠনৰ কাম কৰিছিলো, যেতিয়া উত্তৰাখণ্ডৰ দায়িত্বত আছিলো, তেতিয়া তেওঁৰ পৰামর্শ মানি কাম কৰিছিলো৷
বন্ধুসকল, মুম্বাই আৰু মহাৰাষ্ট্রৰ জনগণৰ সৰল জীৱনযাপন আৰু ভালপোৱাই মোক সদাই অভিভূত কৰে৷ নির্বাচনী প্ৰচাৰৰ সময়ত মহাৰাষ্ট্রৰ বিভিন্ন চহৰলৈ গৈছিলো, আপোনালোকৰ সৈতে কথা পাতিছো৷ মুম্বাইয় ৰাতি যিখন সভা হৈছিল, তাক লৈ কেইবাদিনো ধৰি আলোচনা হৈছে। এই ভালপোৱা আৰু আশীর্বাদৰ বাবে মই আপোনালোকৰ ওতৰত কৃতজ্ঞ।
ৰ’দ-বৰষুণৰ লুকা-ভাকু খেলাৰ মাজতে আজিও আপোনালোক ইমান বিপুল হাৰত ইয়ালৈ আহিছে, এই সভাৰ সৌন্দর্য বৃদ্ধি কৰিছে, এয়া আপোনালোকৰ মনোভাৱৰ পৰিচয় আৰু আপোনালোকৰ সপোন আৰু আশা-আকাংক্ষাৰ সংকেত বহন কৰিছে৷
বন্ধুসকল, মই যেতিয়া ৰাছিয়ালৈ গৈছিলো, তেতিয়াও মুম্বাই সম্পর্কে খবৰ পাইছিলো৷ কালি পুৱাই তাৰ পৰা ঘূৰি মই বাংগালুৰুলৈ গৈছিলো৷ তাত গোটেই নিশা ইছৰোৰ বৈজ্ঞানিক বন্ধুসকলৰ সৈতে কটালো৷ তেওঁলোকে যি সাহস আৰু দৃঢ়সংকল্পৰ পৰিচয় দিলে, সেয়া দেখি মই অতিকে অনুপ্রাণিত হৈছো৷ কোনো লক্ষ্যসাধনৰ বাবে কিদৰে দিনৰাতি একাকাৰ কৰি তেওঁলোকে কাম কৰে, প্ৰতিকূল আৰু কঠিন পৰিস্থিতিতো সমস্যা সমাধান কৰে আৰু তন্ময়তাৰে কিদৰে নিজৰ লক্ষ্য সাধনৰ আগুৱাই যায়, সেয়া আমি ইছৰোৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকলৰ পৰা শিখিব পাৰো৷
ভাই-ভনীসকল, আমাৰ শাস্ত্ৰসমূহ একপ্ৰকাৰ জ্ঞানৰ ভাণ্ডাৰ। ভর্তৃহৰিয়ে কৈছিল–
প্রাৰভ্যতে ন খলু বিঘ্নভইয়েন নীচৈঃ,
প্রাৰভ্য বিঘ্নবিহিতা বিৰমন্তি মধ্যাঃ।
বৈঘ্নৈঃ পুনঃ পুনৰপি প্ৰতিহন্যমানাঃ,
প্রাৰভ্য চ উত্তমজনাঃ ন পৰিত্যজন্তি।।
অর্থাৎ, যে কোনো লক্ষ্যপ্রাপ্তিৰ বাবে তিনি ধৰণৰ প্ৰচেষ্টাকাৰী থাকে৷ এওঁলোকৰ ভিতৰত সর্বনিম্ন ব্যক্তিসকল দূৰ্যোগৰ ভয়ত কোনো কাম আৰম্ভই কৰিব নোৱাৰে; মধ্যস্তৰৰ ব্যক্তিসকলৰ কোনো কোনোৱে কাম আৰম্ভ কৰে, কিন্তু প্ৰথম দূৰ্যোগৰ মুখামুখি হ’লেই ৰৈ যায়, আকৌ কোনো কোনো পলাই যায়। কিন্তু উচ্চস্তৰৰ প্ৰচেষ্টাকাৰীসকল একেৰাহে দূৰ্যোগ আহিলেও, ডাঙৰ ডাঙৰ সমস্যা থকা সত্ত্বেও নিৰন্তৰ প্ৰচেষ্টা চলাই যায় আৰু লক্ষ্যপ্রাপ্তিৰ পাছত স্বস্তিৰ নিঃশ্বাস পেলায়৷
বন্ধুসকল, ইছৰোৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিবিদসকল তৃতীয় প্ৰবৃত্তিৰ লোক৷ যেতিয়ালৈকে লক্ষ্যত উপনীত হ’ব নোৱাৰে, তেতিয়ালৈকে থমকি নৰয়, ভাগৰুৱা নহয়, শান্তিৰে অলপ সময়ো বহি নাথাকে৷ আজি আমি ‘চন্দ্ৰযান’২ৰ ক্ষেত্রত যেনেকৈ বিপত্তিৰ সন্মুখীন হৈছো, সেয়া দেখি ইছৰোৰ বৈজ্ঞানিকসকলৰ থমকি নৰয়, তেওঁলোকে যেতিয়ালৈকে লক্ষ্য সাধন কৰিব নোৱাৰে, তেতিয়ালৈকে নিৰন্তৰ প্ৰচেষ্টা চলাই যাব৷ চন্দ্ৰপৃষ্ঠত ভাৰতে খোজ দিয়াৰ সপোন বাস্তবায়িত হ’বই৷
বন্ধুসকল, আমি মনত ৰাখিব লাগিব যে চন্দ্ৰযানক বহন কৰি নিয়া অৰবিটাৰটো এতিয়াও সুস্থাভাবেই নির্ধাৰিত কক্ষপথত চন্দ্ৰক প্ৰদক্ষিণ কৰি নিজৰ কাম কৰি আছে৷ এয়াও এক ঐতিহাসিক সাফল্য। মই মুম্বাইবাসীৰ উৎসাহ-উদ্দীপনাৰ কথা বহুত দেখিছো, শুনিছো আৰু অনুভৱ কৰিছো৷ আজি ইছৰোৰ কর্মীসকলৰ উৎসাহ-উদ্দীপনা দেখি তথা অনুভৱ কৰি আপোনালোকক তেওঁলোকৰ কথা কোৱাৰ ইচ্ছা হ’ল৷
ভাই-ভনীসকল, নিজৰ সংকল্প বাস্তবায়িত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা, গণেশ উৎসৱৰ উদ্দীপনা আৰু এই পৰিৱেশত আজি মহাৰাষ্ট্রত হাজাৰ হাজাৰ কোটি টাকাৰ প্ৰকল্প উদ্বোধন হৈছে৷
মুম্বাই পৰা মই ঔৰংগবাদলৈ যাম। তাতো বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিম৷ মই বিশেষকৈ মুম্বাই আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত বসবাসকৰা লোকসকলক বহুত বহুত শুভেচ্ছা জনাইছো। আজি ইয়াত ২০ হাজাৰ কোটিতকৈও অধিক অর্থ বিনিয়োগেৰে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ কাম আৰম্ভ হৈছে৷ নতুন মেট্রো লাইন, মেট্রো ভৱন, মেট্রো ষ্টেচনত বিভিন্ন সেৱাৰ প্ৰসাৰ, বান্দ্রা-কুর্লা কমপ্লেক্সক ইষ্টার্ন এক্সপ্রেছ হাইৱেৰ সৈতে যুক্ত কৰাৰ প্ৰকল্প; এই সকলো প্ৰকল্পই মুম্বাইৰ পৰিকাঠামোক নতুন মাত্রা প্ৰদান কৰিব, ইয়াৰ সমান্তৰালভাৱে ইয়াৰ লোকসকলৰ জীৱনযাপনৰ মান উন্নয়নত সহায়ক হ’ব৷
বান্দ্রা–কুর্লাক এক্সপ্রেছ হাইৱেৰ সৈতে যুক্ত কৰা প্ৰকল্পটোতো বিভিন্ন বৃত্তিৰ লাখ লাখ লোকৰ স্বস্তিৰ কাৰণ হ’ব। বিকেচি বিভিন্ন বাণিজ্যিক তৎপৰতাৰ ডাঙৰ কেন্দ্ৰ৷ ইয়াত এতিয়া যাতায়াত আৰু অধিক সহজ হ’ব, সময়ৰ ৰাহি হ’ব৷ এতিয়াতো ‘কেইমিনিটমানতে মুম্বাই’! এই সকলো প্ৰকল্পৰ বাবে আপোনালোক সকলোকে, সমগ্ৰ মুম্বাইবাসীক বহুত বহুত শুভেচ্ছা জনাইছো৷
বন্ধুসকল, মুম্বাই হ’ল এনে মহানগৰী, যাৰ গতিয়ে দেশকো গতিশীল কৰে। ইয়াৰ পৰিশ্ৰমী লোকে, ইয়াৰ বিভিন্ন বৃত্তিৰ লোক, মা, ভনী, যুৱক-যুৱতীসকলে এই চহৰক ভাল পায়৷ গৌৰৱেৰে কও যে ‘মই মুম্বাইকাৰ’! বিগত পাঁচ বছৰত ‘আমিচী মুম্বাই’ বা আমাৰ মুম্বাইৰ পৰিকাঠামো উন্নয়নৰ বাবে আমি ঐকান্তিকতাৰে কাম কৰিছো৷ ইয়াৰ ফাড়নাবিছ চৰকাৰেও মুম্বাই তথা মহাৰাষ্ট্রৰ উন্নয়নৰ অৰ্থে একেটি প্ৰকল্পৰ বাবে কিমান পৰিশ্ৰম কৰিছে, সেয়া মই ভালদৰেই জানো। এই সকলো প্ৰচেষ্টাৰ ফলস্বৰূপে আজি মুম্বাইৰ জীৱনত লাহে লাহে পৰিৱর্তন আহিবলৈ আৰম্ভ কৰিছে। আৰ মই ইয়াৰ ভিতৰত সকলোতে ইতিবাচক বুলি ভাবি বর্তমানৰ লগতে ভৱিষ্যতৰ প্ৰয়োজন, অহা দশকবোৰৰ প্ৰয়োজনৰ কথা হিচাপ কৰি এতিয়াৰে পৰাই কাম কৰা হৈছে৷
ভাই-ভনীসকল, আজি যেতিয়া দেশ ৫ লাখ কোটি ডলাৰ অর্থনীতিৰ লক্ষ্যৰে আগুৱাই গৈছে, তেতিয়া আমাৰ চহৰসমূহকো একবিংশ শতিকাৰ বিশ্বৰ উপযোগী কৰি গঢ়ি তুলিব লাগিব৷ যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, উৎপাদনশীলতা, সুদূৰপ্ৰসাৰী উন্নয়ন অথবা নিৰাপত্তাৰ ক্ষেত্রত সকলো ধৰণৰ উন্নত ব্যৱস্থা গঢ়ি তুলিব লাগিব। এই ভাৱনাৰেই আমাৰ চৰকাৰে অহা পাঁচ বছৰত আধুনিক পৰিকাঠামো নির্মাণত ১০০ লাখ কোটি টকা ব্যয় কৰিব৷ ইয়াৰ দ্বাৰা মুম্বাইকে ধৰি মহাৰাষ্ট্রৰ সকলো চহৰ লাভবান হ’ব।
বন্ধুসকল, সমগ্ৰ দেশৰ সকলো চহৰত যাতায়াত ব্যৱস্থা উন্নত কৰিবলৈ, পৰিবহণ ব্যৱস্থাৰ উন্নয়নত আমি এক সংহত ব্যৱস্থা গঢ়ি তোলাৰ দিশে গতি কৰিছো৷ পথ, ৰে’লপথ, মেট্রোৰে’লৰ দৰে প্ৰতিটো যোগাযোগ মাধ্যমক পৰস্পৰৰ সৈতে যুক্ত কৰা হৈছে। আজি ইয়াত মুম্বাই মেট্রোপলিটান এলেকাত উন্নত ৰাজহুৱা-যানবাহন ব্যৱস্থা গঢ়ি তুলিবলৈ এক ‘ভিজন ডকুমেণ্ট’ প্ৰকাশ কৰা হৈছে৷ ইয়াৰ ভিতৰত অহা-যোৱাৰ ভিন্ন মাধ্যম যেনে–মুম্বাই লোকেল, বাছ পৰিচালনা ব্যৱস্থা অথবা মেট্রো আছে। কিদৰে এইহবোৰৰ সঠিক ব্যৱহাৰ হ’ব, তাৰ বিস্তাৰিত বিবৰণ দিয়া হৈছে। বিশেষকৈ, ইয়াত মুম্বাই মেট্রোৰ মাষ্টাৰ প্লেন ৰচনা কৰা হৈছে।
ভাই-ভনীসকল, বিগত পাঁচ বছৰ ধৰি মই মুম্বাই মেট্রো সম্প্ৰসাৰণৰ সৈতে নিৰন্তৰ যুক্ত থকাৰ সুযোগ পাইছো৷ প্রায় ডেৰ লাখ কোটি টকা বিনিয়োগেৰে ইয়াত মেট্রো নেটৱর্ক সম্প্ৰসাৰণৰ কাম কৰা হৈছে। এতিয়া মুম্বাইত মাত্ৰ ১১ কিলোমিটাৰ মেট্রো নেটৱর্ক আছে। কিন্তু ২০২০, ২০২৩, ২০২৪ চনৰ ভিতৰত সেয়া বৃদ্ধি কৰি ৩২৫ কিলোমিটাৰতকৈও অধিক হ’ব৷ আজি মুম্বাইত যিমান মানুহে সদায় স্থানীয় ৰে’লত যাতায়াত কৰে, তেতিয়া সমপৰিমাণ মানুহে মেট্রো ৰে’লত যাতায়াত কৰিব পাৰিব৷ স্থানীয় ৰে’লক আধুনিক কৰি তোলাৰ সমান্তৰালভাৱে মেট্রোৰ সম্প্ৰসাৰণৰ এই মিলিত প্ৰচেষ্টাই মুম্বাইয়ৰ বর্তমান প্ৰয়োজনসমূহ পুৰণ কৰাৰ লগতে অহা বছৰসমূহৰ বাবেও প্ৰস্তুত কৰিব৷
বন্ধুসকল, আমি কেৱল মেট্রো লাইনেই স্থাপন কৰা নাই, এই লাইনত যি মেট্রো চলিব, তাৰ ডবাসমূহো ভাৰততে নির্মাণ হ’ব৷ কিছুসময়ৰ পূৰ্বে মই এই নির্মীয়মান কোচ দেখি আহিছো৷ ‘মেক ইন ইণ্ডিয়া’ৰ জৰিয়তে নির্মীয়মান এই আধুনিক মেট্রো কোচসমূহে মুম্বাই মেট্রোক সুৰক্ষিত আৰু সুবিধাজনক কৰি তোলাৰ লগতে, যাত্রীসকলৰো বহুত পৰিমাণে ৰাহি হ’ব৷
ভাই-ভনীসকল, আন্তঃগাঁথনিৰ সৈতে অর্থনীতিৰ সম্পর্ক গভীৰ, ‘ইজ অৱ লিভিং’ আৰু কর্মসংস্থাপনৰ সৈতে সিমানেই প্ৰত্যক্ষভাবে জড়িত। আন্তঃগাঁথনিৰ ক্ষেত্রত বিনিয়োগ মানে সিমানেই কর্মসংস্থাপনৰ নতুন সুযোগ গঢ়ি তোলা। মই যদি কেৱল মুম্বাইত আৰম্ভ হোৱা মেট্রো ৰে’লৰ কামৰ কথা কওঁ ইয়াত ১০ হাজাৰ ইঞ্জিনিয়াৰ আৰু চল্লিশ হাজাৰ দক্ষ আৰু অদক্ষ কর্মীৰ কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
ভাই-ভনীসকল, গাঁৱে গাঁৱে–চহৰে চহৰে যি আন্তঃগাঁথনি উন্নয়নৰ কাম চলিছে, সেয়া স্থানীয় পৰ্যায়ত যিদৰে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব, সৰু সৰু ব্যৱসায়ীৰ বাবে ব্যৱসায়ৰ সুযোগো সৃষ্টি কৰিব, তাক লৈ মানুহে তেনে কোনো আলোচনা নকৰে৷ সম্ভৱতঃ ইয়াৰ এটি কাৰণ হ’ল–আজি যি গতি আৰু মাত্রাত কাম হৈছে, তাৰ আগতে কেতিয়াও হোৱা নাছিল৷ সেইবাবে এই বিষয়ত মানুহে তেনেদৰে নভবাটো অতি স্বাভাবিক। এতিয়া যেতিয়া পৰিস্থিতি সলনি হৈছে, এই বিষয়ক লৈ আলোচনাও আৰম্ভ হ’ব।
ভাৱক, আগতে কি কোনেও ভাবিব পৰা নাছিল, বছৰৰ পাছত বছৰ পৰি থকা নবী-মুম্বাই বিমানবন্দৰৰ কাম, মুম্বাই ট্রান্স হার্বাৰ লিংকৰ কাম, মুম্বাই–আহমেদাবাদ বুলেট ৰে’লৰ কাম ইমাত ব্যাপক ৰূপে আৰম্ভ হ’ব? ইমান দ্রুতগতিতে আগুৱাই যাব? ইত্যাদি সকলো প্ৰকল্পই মুম্বাই আৰু পার্শ্বৱর্তী অঞ্চলৰ জনগণক কর্মসংস্থাপনৰ নতুন নতুন সুযোগ কৰিছে৷
ভাই-ভনীসকল, মই যেতিয়া গতি আৰু মাত্রাৰ কথা কওঁ তেতিয়া মোৰ ওচৰত ইমান উদাহৰণ থাকে যি গণি গণি সন্ধ্যা হৈ যাব৷ আজি ইয়াত মেট্রোৰ যি বৃহৎ প্ৰকল্প আৰম্ভ হ’ল মই আপোনালোকৰ আগত ইয়াৰ উদাহৰণ দাঙি ধৰিব বিচাৰিছো৷
বন্ধুসকল, আমাৰ দেশত ৩০-৩৫ বছৰৰ পূৰ্বে প্ৰথম মেট্রো সেৱা আৰম্ভ হৈছে। ২০১৪চনলৈকে মাত্ৰ কেইখনমান চহৰতে মেট্রো চলি আছিল৷ আজি দেশৰ ২৭খন চহৰত মেট্রো ৰে’ল আৰম্ভ হৈছে অথবা নিৰ্মীয়মান অৱস্থাত আছে। আজি সমগ্ৰ দেশত ৬৭৫ কিলোমিটাৰ মেট্ৰ’ লাইন কাৰ্যকৰী অৱস্থাত আছে৷ ইয়া ভিতৰত ৪০০ কিলোমিটাৰত মেট্রো সেৱা বিগত পাঁচ বছৰত আৰম্ভ হৈছে৷ ভাৱকছোন আধাতকৈও বেছি মেট্রো লাইন বিগত পাঁচ বছৰত যুক্ত হৈছে৷ বৰ্তমান সমগ্ৰ দেশত আৰু ৮৫০ কিলোমিটাৰতকৈ অধিক মেট্রো লাইনৰ কাম চলি আছে।
ভাই-ভনীসকল, বিগত পাঁচ বছৰত প্রায় ৬০০ কিলোমিটাৰ নতুন মেট্রো লাইনৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই সময়ছোৱাৰ ভিতৰত মুম্বাই, পুণে আৰু নাগপুৰত মেট্রোৰ কাম আৰম্ভ কৰাৰ প্ৰচেষ্টাৰ বাবে মই ফাড়নাবিছজীক প্ৰশংসা কৰিছো৷ তেওঁৰ অনুপ্রেৰণাতে এই প্ৰকল্পসমূহৰ কাম অতি দ্রুত গতিত আগুৱাই গৈছে।
ভাই-ভনীসকল, দেশক দ্রুতগতিতে আগুৱাই নিয়াৰ বাবে দেশত একবিংশ শতিকাৰ আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজন আছে। আজি দেশত এক সৰ্বাংগীন আন্তঃগাঁথনি উন্নয়নৰ কাম চলিছে৷ টুকৰা-টুকৰ কৰি নহয়, ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীৰে আমি আগুৱাই গৈছে৷ ‘এক দেশ, এক পাৱাৰগ্রিড’ৰ পৰা আৰম্ভ কৰি ‘এক দেশ, এক মোবিলিটী কার্ড’, ‘এক দেশ, এক কৰ ব্যৱস্থা’, ‘এক দেশ, এক অপ্টিকেল ফাইবাৰ নেটৱর্ক’লৈকে আমাৰ চৰকাৰে আধুনিক আন্তঃগাঁথনি নির্মাণ কৰিছে।
ভাই-ভনীসকল, আমি দৈনন্দিন জীৱনত যিবোৰ সমস্যাৰ সন্মুখীন হৈছো, আমাৰ ভৱিষ্যৎ প্ৰজন্ম, আমাৰ সন্তানসকলে যাতে সেইবোৰ সমস্যাৰ সন্মুখীন নহয় –তাৰ প্ৰতি লক্ষ্য ৰখাটো আমাৰ কর্তব্য। আমি যেন উত্তৰাধিকাৰী সূত্রে তেওঁলোকক সমস্যাৰ পাহাৰ দি থৈ নাযাও। প্ৰত্যেক ব্যক্তিৰ জীৱনযাত্রাৰ মান উন্নয়ন হ’লে দেশৰ উন্নতি হয়৷ আমাৰ বর্তমানত অতীতৰ স্বপ্নপূৰণৰ লগতে ভৱিষ্যতৰ প্ৰস্তুতিৰ বাবে উৎসর্গীকৃত হ’ব লাগিব৷ দেশে যদি আজিৰ পৰাই ভৱিষ্যতৰ প্ৰস্তুতি কৰে, তেতিয়া হ’লে আপোনালোকৰ সন্তানসকলে সুখী জীৱনযাপন কৰিব পাৰিব৷
আপোনালোকৰ আশীর্বাদত নতুন চৰকাৰ গঠনৰ পাছত আমি যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছো, সেইবোৰে ভাৰতবাসীৰ ভৱিষ্যত শক্তিশালী কৰাৰ লগতে নিৰাপদো কৰিব৷
বন্ধুসকল, দেশৰ জনগণে সংখ্যাগৰিষ্ঠৰ ভোটত আমাক যিদৰে পুনৰ নিৰ্বাচিত কৰিছে, তেওঁলোকৰ ইচ্ছাশক্তিক সন্মান জনাই সঠিক লক্ষ্যৰে বহু গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই চৰকাৰৰ ১০০ দিনত এনে কেতবোৰ কাম হৈছে, যি অভূতপূর্ব আৰু ঐতিহাসিক৷ জনজীৱন অভিযানৰ আৰম্ভণিৰে পৰা দেশৰ প্ৰত্যেক কৃষকক কিষাণ সন্মান নিধিৰ আওতালৈ অনাৰ সিদ্ধান্ত, আমাৰ মুছলিম ভগ্নীসকলক তিনি তালাকৰ সংকটৰ পৰা মুক্তি দিয়াৰ আইন গৃহীত কৰা, শিশু সুৰক্ষা আইন, এনেবোৰ ক্ষেত্রত যথেষ্ট ক্ষীপ্ৰতাৰে কাম কৰা হৈছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্তসমূহ তথা এইবোৰ কামৰ মাজতে আপোনালোকক উন্নত সেৱা প্ৰদানৰ সমান্তৰালভাৱে মই আন এটি সংকল্প গ্ৰহণ কৰিছো৷ সেয়া হৈছে অধিকাংশ লোকক তেওঁলোকৰ নাগৰিক দায়িত্ব সম্পর্কে সচেতন কৰা। এক ভাৰতীয়-এক সংকল্প। লোকমান্য তিলকজীয়ে কৈছিল, ‘স্বৰাজ মোৰ জন্মগত অধিকাৰ’৷ স্বাধীনতাৰ ৭৫ বছৰ সম্পূর্ণ হোৱাৰ পূৰ্বে আমাৰ বাবে নতুন মন্ত্ৰ হ’ল ‘সুৰাজ্য আমাৰ দেশবাসীৰ কর্তব্য’। এক ভাৰতীয়-এক সংকল্পৰ লগতে মই আপোনালোকক অনুৰোধ কৰিম–আপোনালোকে নিশ্চয় সংকল্পবদ্ধ হৈ কাম কৰিব আৰু যি সংকল্প ল’ব, দেশৰ হিতাৰ্থে ল’ব আৰু সেই সংকল্প বাস্তবায়িত কৰাৰ পূৰ্বে কেতিয়াও সেই বিষয়ৰ পৰা বিচলিত নহ’ব৷ আপোনালোকে মুম্বাইৰ কল্যাণাৰ্থে, মহাৰাষ্ট্রৰ কল্যাণাৰ্থে যি সংকল্প ল’ব বিচাৰে, তাকে ল’ব পাৰে৷
ঠিক তেনেদৰে আন এটি পৰামর্শ এতিয়া মই আপোনালোকক দিব পাৰো৷ আপোনালোক সেয়া গ্ৰহণ কৰিব নে? মাজত সিমান জোৰ নাই। মানিব নে! ঠিক মানিব? পালন কৰিব? অকলে পালন কৰিলে নহ’ব, একত্ৰিত হৈ পালন কৰিব নে?
বন্ধুসকল, গণপতি বাপ্পাৰ বিসর্জনৰ সময়ত বহুত প্লাষ্টিক আৰু অন্যান্য পেলনীয়া সামগ্ৰী আমাৰ সমুদ্রলৈ বৈ যায়। এইবাৰ আমি চেষ্টা কৰিম যাতে জল প্ৰদূষণ বৃদ্ধি পোৱা এনে কোনো সামগ্ৰী পানীত নেপেলাও৷ কেৱল ইমানে নহয়, বিসর্জনৰ পাছত আমি একত্ৰিত হৈ নিজে নিজে সমুদ্ৰৰ তীৰৰ পৰা আৰম্ভ কৰি নদীৰ পাৰ আৰু সকলো পানীৰ স্রোতধাৰাক প্লাষ্টিকমুক্ত কৰাৰ বাবে জঁপিয়াই পৰিম৷ আপোনালোক এই কামটো কৰিব নে? পাছফালে যিসকল ঠিয় হৈ আছে, তেওঁলোকৰ মাত শুনাই নাই, কৰিব নে? ঠিক আছে কৰিব৷ মোৰ দৃঢ় বিশ্বাস যে আপোনালোকৰ এই উৎসাহে সমগ্ৰ দেশক প্লাষ্টিক মুক্ত কৰাৰ ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব৷
পুনৰবাৰ আপোনালোক সকলোকে সমগ্ৰ উন্নয়ন প্ৰকল্পৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷ উৎসৱৰ সময়ত অতি ব্যস্ততাৰ মাজতে আপোনালোক ইয়ালৈ অহাৰ বাবে মই সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছো।
জয় মুম্বাই, জয় মহাৰাষ্ট্ৰ৷
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়
ভাৰত মাতা কী জয়৷
বহুত বহুত ধন্যবাদ।
***
বি. আৰ. আৰ কে./এছ এছ./ এনএছ./দি. বি.
(ৰিলিজ আই ডি : 1585825)
অতিথি কক্ষ : 128