প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


গুজৰাটৰ চৰ্দাৰ সৰোবৰ বান্ধত ‘নমামি নৰ্মদা’ মহোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

গুজৰাটৰ কেৱাদিয়াত পখিলা উদ্যান, ইক’ টুৰিজিম ক্ষেত্ৰ পৰিদৰ্শন ষ্টেছু অৱ ইউনিটীয়ে গুজৰাটক বিশ্ব মানচিত্ৰত স্থান দিছে বুলি ক’লে প্ৰধানমন্ত্ৰীয়ে

জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ আঁৰত চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীৰ প্ৰেৰণা নিহিত আছেঃ প্ৰধানমন্ত্ৰী

জম্মু, কাশ্মীৰ আৰু লাডাখলৈ সমৃদ্ধি আৰু বিশ্বাস অহাটোত মোৰ বিশ্বাস আছেঃ প্ৰধানমন্ত্ৰী


Posted On: 17 SEP 2019 5:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াতনমামি নৰ্মদামহোৎসৱত অংশগ্ৰহণ কৰে৷ পানী সংৰক্ষিত বান্ধটোৰ পানী ১৩৮.৬৮ মিটাৰ ওপৰলৈ উঠাৰ পৰিপ্ৰেক্ষিতত গুজৰাট চৰকাৰে এই মহোৎসৱ উদযাপন কৰিছে৷ ২০১৭ চনত এই বান্ধটো ইমান উচ্চ কৰাৰ পাছত প্ৰথমবাৰলৈ ১৬ ছেপ্টেম্বৰৰ সন্ধিয়া সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে৷ প্ৰধানমন্ত্ৰীয়েও গুজৰাট আয়ুষৰেখাসদৃশ নৰ্মদা নদীৰ পানীৰ আদৰণী জনাই বান্ধত পূজা অৰ্চনা কৰে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়াৰ খলৱনী ইকটুৰিজিম ক্ষেত্ৰ আৰু এখন কেকটাছ উদ্যান পৰিদৰ্শন কৰে৷ কেৱাদিয়াৰ পখিলা উদ্যানত প্ৰধানমন্ত্ৰীয়ে বহুসংখ্যক পখিলা মুকলি কৰি দিয়ে৷ তেওঁ লগতে ষ্টেছু অৱ ইউনিটীৰ সমীপত স্থাপিত একতা নাৰ্ছাৰীও পৰিদৰ্শন কৰে৷ ইয়াৰ পাছতষ্টেছু অৱ ইউনিটী কাষত এখন ৰাজহুৱা সভাত ভাষণ আগবঢ়ায়৷

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, চৰ্দাৰ সৰোবৰ বান্ধৰ পানী ১৩৮ মিটাৰ ওপৰলৈ উঠা দেখি মই কৃতাৰ্থ হৈছো৷ এই চৰ্দাৰ সৰোবৰ বান্ধ গুজৰাটবাসীৰ আশাৰ কিৰণ৷ এয়া লাখ লাখ কঠোৰ পৰিশ্ৰমী কৃষকৰ বাবে বৰদান৷

ষ্টেছু অৱ লিৰ্বাটীৰ সৈতে ষ্টেছু অৱ ইউনিটী চাবলৈ আগমণ ঘটা পৰ্যটকৰ তুলনা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ষ্টেছু অৱ ইউনিটী উন্মোচন কৰাৰ ১১ মাহৰ ভিতৰত ইয়াৰ আকৰ্ষণ ১৩৩ বছৰীয়া ষ্টেছু অৱ লিবাৰ্টীৰ প্ৰায় সমান হৈছে৷ ষ্টেছু অৱ ইউনিটীৰ বাবে কেৱাদিয়া আৰু গুজৰাটে বিশ্ব পৰ্যটনৰ মানচিত্ৰত স্থান পাইছে৷ মোক জনোৱা মতে বিগত এঘাৰ মাহত দেশী-বিদেশী ২৩ লাখ পৰ্যটকে এই স্থান ভ্ৰমণ কৰিছে৷ষ্টেছু অৱ লিবাৰ্টী দৈনিক গড়ে ১০,০০০ লোকে প্ৰত্যক্ষ কৰে৷ কিন্তু তাৰ বাবে ১৩৩ বছৰ সময়ৰ প্ৰয়োজন ল৷ অন্যহাতে, ষ্টেছু অৱ ইউনিটীৰ কেৱল ১১ মাহ হৈছে৷ তৎসত্ত্বেও ইয়ালৈ প্ৰতিদিনে ,৫০০তকৈ অধিক লোকে ভ্ৰমণ কৰে৷ এয়া অবিশ্বাস্য বুলিও তেওঁ কয়৷ ২০১৮ৰ ৩১ অক্টোবৰত দেশৰ প্ৰথমগৰাকী গৃহমন্ত্ৰীৰ জন্ম বাৰ্ষিকী উপলক্ষে ৰাইজৰ বাবে ষ্টেছু অৱ ইউনিটী মুকলি কৰি দিয়া হৈছিল৷

চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা মাহত জম্মু আৰু কাশ্মীৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰীৰ প্ৰেৰণাৰ ফল৷ চৰ্দাৰ পেটেলৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজ্যখন দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰ দ্বাৰা দশকজোৰা সমস্যাৰ সমাধান কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে কোটি কোটি সতীৰ্থৰ সমৰ্থনত জম্মু আৰু কাশ্মীৰ আৰু লাডাখলৈ বিশ্বাস আৰু সমৃদ্ধি কঢ়িয়াই আনিব৷

প্ৰধানমন্ত্ৰীয়ে কয়, আপোনালোকৰ সেৱকে সদায় ভাৰতৰ একতা আৰু সৰ্বশ্ৰেষ্ঠতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ৷ আমি যোৱা ১০০ দিনত আমাৰ প্ৰতিশ্ৰুতি সুদৃঢ় কৰিছো আৰু নতুন চৰকাৰে পুৰ্বতকৈও অধিক দ্ৰুতগতিত কাম কৰিব আৰু আগতকৈও ডাঙৰ লক্ষ্যত উপনীত ব৷

***

VRRK/VJ/DB



(Release ID: 1585823) Visitor Counter : 166