প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ইষ্টাৰ্ন ইক’নমিক ফ’ৰামৰ বাবে ৰাছিয়ালৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

Posted On: 03 SEP 2019 3:53PM by PIB Guwahati

মই অহা ০৪-০৫ ছেপ্তেম্বৰত ৰাছিয়াৰ ভ্লাডিভোষ্ট’ক ভ্ৰমণ কৰিম৷

ৰাছিয়াৰ সুদূৰ পূ্ৰ্ব অঞ্চললৈ মোৰ ভ্ৰমণ হ’ব ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰ ৰূপত৷ এই ভ্ৰমণে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিব বুলি মই আশাবাদী৷

মোৰ ভ্ৰমণৰ লক্ষ্য দুটা ভাগত বিভক্ত—ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ আমন্ত্ৰণক্ৰমে পঞ্চম ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামত মুখ্য অতিথি হিচাপে উপস্থিত থকা৷ দ্বিতীয়টো লক্ষ্য হ’ল—ৰাছিয়ান ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ২০সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন৷ ফ’ৰামৰ দৃষ্টি থাকিব ৰাছিয়াৰ সুদূৰ পূব অঞ্চলত ব্যৱসায় আৰু বিনিয়োগৰ সম্ভাৱনীয়তাৰ ওপৰত৷ লগতে এই অঞ্চলত ভাৰত আৰু ৰাছিয়াৰ মাজত পাৰস্পৰিক লাভালাভৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হ’ব৷

আমি দুয়োখন দেশে আমাৰ বিশেষ আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্বৰ শক্তিশালী ভেঁটিৰ ভিত্তিত সুন্দৰ সম্পৰ্ক অক্ষুন্ন ৰাখিছো৷ দুয়োখন ৰাষ্ট্ৰই প্ৰতিৰক্ষা, পাৰমাণৱিক শক্তি আৰু মহাকাশৰ শান্তিপূৰ্ণ ব্যৱহাৰৰ কৌশলগত ক্ষেত্ৰত ব্যাপকভাৱে সহযোগিতা আগবঢ়াইছো৷ আমি বাণিজ্য আৰু বিনিয়োগ সম্পৰ্ক শক্তিশালী কৰিছো৷

মই মোৰ বন্ধু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্বৰ সকলো দিশ আৰু পাৰস্পৰিক আগ্ৰহৰ আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহেৰে অপেক্ষা কৰিছো৷ ইষ্টাৰ্ণ ইক’নমিক ফ’ৰামত অংশ লোৱা বিশ্বৰ আন নেতাসকলৰ লগতে ভাৰতীয় উদ্যোগপতি আৰু ব্যৱসায়িক প্ৰতিনিধিকো মই সাক্ষাৎ কৰিবলৈ আগ্ৰহেৰে বাট চাইছো৷

***

VRRK/AKP/AK/MS



(Release ID: 1584950) Visitor Counter : 81