কেবিনেট

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ৰ সংশোধনী/সাল-সলনিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 28 AUG 2019 7:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ৰ সংশোধনী/সাল-সলনিত অনুমোদন জনাইছে৷ এই মুল বিধেয়কখনি ২০১৯ৰ ১৭ জুলাইত অনুমোদন লাভ কৰাৰ পাছত চৰকাৰী সংশোধনীৰ ভিত্তিত ক্ৰমে ২০১৯ৰ ২৯ জুলাই আৰু ১ আগষ্টত উভয় সদনত গৃহীত হয়৷

২০১৯ৰ ১৭ জুলাইত অনুমোদন লাভ কৰাৰ পাছত সংসদৰ দ্বাৰা গৃহীত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ত নিম্নোলিখিত সাল-সলনি ঘটোৱা হৈছে আৰু এই সাল-সলনি সম্পৰ্কে কেবিনেটক অৱগত কৰা হয়৷

  1. ধাৰা ৪(১)(চি)- ১৪ জন সদস্যৰ পৰিৱর্তে ২২ জন অংশকালীন সদস্য;
  2. ধাৰা ৪(৪)(বি)- ৬ জন সদস্যৰ পৰিৱর্তে ১০ জন সদস্য;
  3. ধাৰা ৪(৪)(চি)- ৫ জন সদস্যৰ পৰিৱর্তে ৯ জন সদস্য;
  4. ধাৰা ৩৭(২)- “অন্তিম শিক্ষাদানৰ উদ্দেশ্য”কো যুক্ত কৰা হৈছে৷

 

******

VRRK/PK/SH/DB


(ৰিলিজ আই ডি : 1583828) অতিথি কক্ষ : 127