কেবিনেট
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ৰ সংশোধনী/সাল-সলনিত কেবিনেটৰ অনুমোদন
Posted On:
28 AUG 2019 7:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ৰ সংশোধনী/সাল-সলনিত অনুমোদন জনাইছে৷ এই মুল বিধেয়কখনি ২০১৯ৰ ১৭ জুলাইত অনুমোদন লাভ কৰাৰ পাছত চৰকাৰী সংশোধনীৰ ভিত্তিত ক্ৰমে ২০১৯ৰ ২৯ জুলাই আৰু ১ আগষ্টত উভয় সদনত গৃহীত হয়৷
২০১৯ৰ ১৭ জুলাইত অনুমোদন লাভ কৰাৰ পাছত সংসদৰ দ্বাৰা গৃহীত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ বিধেয়ক, ২০১৯ত নিম্নোলিখিত সাল-সলনি ঘটোৱা হৈছে আৰু এই সাল-সলনি সম্পৰ্কে কেবিনেটক অৱগত কৰা হয়৷
- ধাৰা ৪(১)(চি)- ১৪ জন সদস্যৰ পৰিৱর্তে ২২ জন অংশকালীন সদস্য;
- ধাৰা ৪(৪)(বি)- ৬ জন সদস্যৰ পৰিৱর্তে ১০ জন সদস্য;
- ধাৰা ৪(৪)(চি)- ৫ জন সদস্যৰ পৰিৱর্তে ৯ জন সদস্য;
- ধাৰা ৩৭(২)- “অন্তিম শিক্ষাদানৰ উদ্দেশ্য”কো যুক্ত কৰা হৈছে৷
******
VRRK/PK/SH/DB
(Release ID: 1583828)
Visitor Counter : 110