কেবিনেট

ৰাজহুৱা খণ্ডৰ ফাৰ্মাচিউটিকেল কোম্পানীসমূহৰ ক্ষেত্ৰত ২৮.১২.২০১৬ তাৰিখে কেবিনেটে প্ৰদান কৰা সিদ্ধান্তৰ প্ৰণয়নক কেবিনেটৰ অনুমোদন প্ৰদান- ইয়াত সংশোধনৰ দাবী উত্থাপন কৰা হৈছে

Posted On: 17 JUL 2019 4:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোল্লিখিত সিদ্ধান্তসমূহৰ অনুমোদন প্ৰদান কৰিছেঃ

১. ৰাজহুৱা খণ্ডৰ উপক্ৰমসমূহৰ ভূমি চৰকাৰী এজেন্সীসমূহক বিক্ৰী কৰাৰ ২৮ ডিচেম্বৰ ২০১৮ তাৰিখৰ সিদ্ধান্তৰ পৰিৱৰ্তন আৰু সেই স্থানত ডিপিইৰ ১৪ জুন ২০১৮ তাৰিখৰ সংশোধিত দিশ-নিৰ্দেশনা অনুসৰি ভূমি বিক্ৰীৰ অনুমতি; আৰু

২. কৰ্মচাৰীসকলৰ প্ৰাপ্য (প্ৰদান নকৰা বেতন- ১৫৮.৩৫ কোটি টকা + ভিআৰএছ ১৭২ কোটি টকা)প্ৰদান কৰাৰ বাবে নিম্নোল্লিখিত ধৰণে ৩৩০.৩৫ কোটি টকাৰ ঋণত বাজেট সাহায্য প্ৰদান কৰা৷

ক) আইডিপিএল – ৬.৫০ কোটি টকা

খ) আৰডিপিএল – ৪৩.৭০ কোটি টকা

গ) এছএএল – ২৮০.১৫ কোটি টকা

৩.  চাৰিটা ৰাজহুৱা খণ্ডৰ অধীনৰ উপক্ৰম য’ত সম্পত্তিসমূহৰ বিক্ৰী আৰু দিবলগীয়া প্ৰাপ্যৰ ক্লীয়াৰেন্সকে ধৰি বন্ধ/কৌশলগত বিক্ৰীৰ সকলো সিদ্ধান্তৰ বাবে মন্ত্ৰীসকলৰ এক সমিতি গঠন৷

 

মুখ্য প্ৰভাৱঃ

প্ৰদান নকৰা বেতন দিয়া আৰু আইডিপিএল, আৰডিপিএল তথা এছএএলকে কৰ্মচাৰীসকলৰ ভিআৰএছৰ বাবে সাহায্য প্ৰদান কৰাত ৩৩০.৩৫ কোটি টকাৰ বাজেট সাহায্যৰ দ্বাৰা সহায়ক হ’ব৷ এই সিদ্ধান্তৰ দ্বাৰা ৰাজহুৱা খণ্ডৰ এই উপক্ৰমসমূহৰ ১,০০০ টাত কৈও অধিক কৰ্মচাৰীসকলৰ দুঃশ্চিন্তা নোহোৱা হ’ব৷ মন্ত্ৰীসকলৰ সমিতি গঠনৰ দ্বাৰা আইডিপিএল ৮৫ আৰডিপিএল বন্ধ কৰাত আৰু এছএএল ৮৫ বিচিপিএলৰ কৌশলগত বিক্ৰীৰ বাবে ২৮ ডিচেম্বৰ ২০১৬ তাৰিখে প্ৰদান কৰা কেবিনেটৰ সিদ্ধান্ত প্ৰণয়ন কৰাৰ প্ৰক্ৰিয়াত ক্ষীপ্ৰতা লাভ হ’ব৷

 

পৃষ্ঠভূমিঃ

কেবিনেটে ২৮ ডিচেম্বৰ ২০১৬ তাৰিখে মুক্ত প্ৰতিযোগিতামূলক নিলামৰ দ্বাৰা চৰকাৰী এজেন্সীসমূহক হিন্দুস্তান এণ্টিবায়’টিকছ লিমিটেড (এছএএল), ইণ্ডিয়ান ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ (আইডিপিএল), ৰাজস্থআন ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ আৰু বেংগল কেমিকেল এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড (বিচিপিএল)ৰ অতিৰিক্ত ভূমি বিক্ৰী তথা বিক্ৰীৰ প্ৰক্ৰিয়াৰ দ্বাৰা দিবলগীয়া ধনৰ পৰা মুক্তি পোৱাৰ অৰ্থে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দিবলগীয়াসকলক সম্পূৰ্ণ ধন আদায়ৰ পিছত আইডিপিএল আৰু আৰডিপিএলক বন্ধ আৰু এছএএল ৮৫ বিচিপিএলক কৌশলগত বিক্ৰীৰ বাবে ৰখা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ বিভাগে অতিৰিক্ত ভূমি বিক্ৰী কৰাৰ বহু প্ৰয়াস কৰিছিল, কিন্তু একাধিকবাৰ নিবিদা জাৰী কৰাৰ পিছতো কোনো ক্ৰেতা নোলাল৷ ইয়াৰ মাজতে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিভাগ (ডিপিই)ত ৰাজহুৱা খণ্ডৰ ভূমি নিষ্পত্তিৰ বাবে ১৪ জুন ২০১৮ তাৰিখে সংশোধিত নিৰ্দেশনা জাৰী কৰা হৈছিল৷ কিন্তু অতিৰিক্ত ভূমি বিক্ৰীৰ দ্বাৰাও পৰ্যাপ্ত ধনৰাশি জমা নোহোৱাত কিছুমান উপক্ৰম (এছএএল আৰু আৰডিপিএল)ৰ কৰ্মচাৰীসকলৰ বেতন প্ৰদান কৰিব পৰা নগ’ল আৰু ভিআৰএছ যোজনা প্ৰণয়ন কৰা হ’ল৷ ডিপিইৰ সংশোধিত নিৰ্দেশনা অনুসৰি ভূমিৰ নিষ্পত্তি কৰা হ’ব আৰু কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন প্ৰদান কৰাৰ বাবে বাজেট সাহায্যৰ ব্যৱস্থা কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল৷ 

*******

AKT/PK/SH/MANN



(Release ID: 1579663) Visitor Counter : 76