কেবিনেট
২০১৯ চনৰ মাৰ্চ মাহলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি দ্বিতীয় পৰ্যায়) অব্যাহত ৰাখিবলৈ কেবিনেটৰ অনুমোদন
Posted On:
19 FEB 2019 9:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত অনুসাৰে ২০১৯ বৰ্ষৰ মাৰ্চ মাহলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (পিএমএৱাই-জি) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰিছেঃ
- পিএমএৱাই-জি পৰ্যায় ২ৰ অধীনত ২০২২ চনলৈ মুঠ ১.৯৫ কোটি গৃহ নিৰ্মাণৰ লক্ষ্য
- গ্ৰামীণ আৱাসৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাক অব্যাহত ৰখা
- পিএমএৱাইৰ পৰ্যায় ২ৰ বৰ্তমানৰ নিয়ম অনুসৰি ২০১৯-২০ চনলৈ পৰ্যায়-২ত ৬০ লাখ গৃহ নিৰ্মাণৰ লক্ষ্য য’ত ৭৬,৫০০ কোটি টকাৰ বিত্তীয় ব্যয় অন্তৰ্ভুক্ত আছে (ইয়াত কেন্দ্ৰৰ অংশীদাৰীত্ব ৪৮,১৯৫ কোটি টকা আৰু ৰাজ্যৰ অংশীদাৰীত্ব ২৮,৩০৫ কোটি টকা)
- বিদ্যমান প্ৰক্ৰিয়া অনুসৰি যোজনা/কাৰ্যসূচীৰ তৃতীয় পক্ষৰ পৰা মূল্যাংকনৰ আধাৰত ইয়াৰ উচিত সমীক্ষা আৰু অনুমোদনৰ পিছত আগন্তুক বিত্ত আয়োগৰ চক্ৰত যোজনা ২০১৯-২০ৰ পিছত ২০২১-২২ পৰ্যন্ত অব্যাহত ৰখা৷
- অন্তিম আৱাসৰ যোগ্য পৰিয়ালৰ সমাবেশন+সেই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে প্ৰাথমিকতাৰ ভিত্তিত ১.৯৫ কোটি টকাৰ চিলিঙৰ সৈতে সেই ৰাজ্যসমূহৰ প্ৰাথমিকতা য’ত পিডব্লিউএল সমাপ্ত হৈছে, পিএমএৱই-জিৰ স্থায়ী প্ৰতীক্ষা সূচী (পিডব্লিএল) আৰু বিত্ত মন্ত্ৰ্যালয়ৰ সৈতে বিচাৰ পৰামৰ্শৰ পিছত গ্ৰামীণ বিকাশ মন্ত্ৰ্যালয়ৰ অনুমোদনৰ দ্বাৰা এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক লক্ষ্য আৱণ্টিত কৰা হ’ব৷
- কাৰ্য্যসূচী ব্যৱস্থাপনা ইউনিট (পিএমইউ) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিগত সাহায্য এজেন্সী (এনচিএছএ)ক ২০১৯-২০ লৈ অব্যাহত ৰখা হ’ব৷
- যোজনাৰ বৈধতা পৰ্যন্ত ইবিআৰ বৰ্তমানৰ তন্ত্ৰৰ যৰিয়তে অতিৰিক্ত বিত্তীয় প্ৰয়োজনীয়তাৰ বাবে ঋণ কাৰ্যসূচী কোষৰ প্ৰশাসনিক ব্যয় কৰ্তন কৰি তাক ৪ শতাংশৰ পৰা ২ শতাংশ কৰা৷
লাভঃ
যিসকলে লোকে এই পযৰ্ন্ত ঘৰ পোৱা নাই অথবা পুৰণি ঘৰত বাস কৰি আছে তেওঁলোকক ২০২২ চন পৰ্যন্ত ঘৰ প্ৰদান কৰা হ’বষ
*****
AKT/SH/MANN
(Release ID: 1565785)
Visitor Counter : 128