কেবিনেট

মহাকাশ বিভাগৰ অধীনত এটা নতুন কোম্পানী স্থাপনত কেবিনেটৰ অনুমোদন

Posted On: 19 FEB 2019 9:26PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ইছৰো) দ্বাৰা সম্পাদিত গৱেষণা আৰু উন্নয়নমূলক কাম-কাজক বাণিজ্যিকভাৱে কামত লগোৱাৰ লক্ষ্যৰে মহাকাশ বিভাগৰ অধীনত এটা নতুন কোম্পানী স্থাপনত অনুমোদন জনাইছে৷

মুল বৈশিষ্ট্যসমূহঃ

ইছৰোৰ কাম-কাজক বাণিজ্যিকভাৱে কামত লগালে নিন্মোলিখিত ক্ষেত্ৰসমূহৰ সূযোগ বৃদ্ধি পাবঃ

. উদ্যোগলৈ স্থানান্তৰ কৰা সৰু উপগ্ৰহ প্ৰযুক্তি, ত নতুন কোম্পানীসমূহে মহাকাশ বিভাগ/ইছৰোৰ পৰা অনুজ্ঞাপত্ৰ আৰু উদ্যোগসমূহৰ পৰা উপ-অনুজ্ঞাপত্ৰ লাভ কৰিব;

. ব্যক্তিগত খণ্ডৰ সহযোগত সৰু উপগ্ৰহ উৎক্ষেপণ যান(এছএলভি) নিৰ্মাণ কৰা;

. উদ্যোগৰ জৰিয়তে লাৰ এছএলভি উৎপাদন কৰা;

. উৎক্ষেপণ আৰু ব্যৱহাৰকে ধৰি মহাকাশভিত্তিক সামগ্ৰীৰ উৎপাদন আৰু বিপণন কৰা;

. ইছৰো কেন্দ্ৰ আৰু মহাকাশ বিভাগৰ উপাদান গোটসমূহৰ দ্বাৰা বিকশিত প্ৰযুক্তিৰ হস্তান্তৰ কৰা;

. ভাৰতৰ লগতে বিদেশতো একাংশ স্পীন অফ প্ৰযুক্তি আৰু সামগ্ৰীৰ বিপণন কৰা; আৰু

. ভাৰত চৰকাৰৰ উপযোগী যিকোনো বিষয়৷

***

AKT/SH/DB



(Release ID: 1565439) Visitor Counter : 85