কেবিনেট

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে ১.১.২০১৯ত পাবলগীয়া মৰগীয়া বানচ আৰু মৰগীয়া সাহায্যৰ অতিৰিক্ত কিস্তি মুকলি কৰি দিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 19 FEB 2019 9:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত দাম বৃদ্ধিৰ ক্ষতিপূৰণ হিচাপে প্ৰাৰম্ভিক দৰমহা/পেন্সনৰ পূৰ্বৰ % লগতে আৰু % বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে ..২০১৯ত পাবলগীয়া মৰগীয়া বানচ(ডিএ) আৰু মৰগীয়া সাহায্য(ডিআৰু) অতিৰিক্ত কিস্তি মুকলি কৰি দিবলৈ অনুমোদন জনাইছে৷ এই ব্যৱস্থা সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগ(চিপিচি) পৰামৰ্শক্ৰমে কৰা হাতত লোৱা লৈছে৷ ডিএ আৰু ডিআৰ প্ৰদানৰ বাবদ ২০১৯-২০২০ বিত্তীয় বৰ্ষত(২০১৯ৰ জানুৱাৰীৰ পৰা ২০২০ৰ ফেব্ৰুৱাৰীলৈ ১৪ মাহ) বছৰি ক্ৰমে ৯১৬৮.১২ কোটি আৰু ১০৬৯৬.১৪ কোটি টকাৰ বোজা পৰিব৷ ইয়াৰ দ্বাৰা ৪৮.৪১ লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু ৬২.০৩ পেন্সনাৰ উপকৃত ব৷

***

AKT/SH/DB



(Release ID: 1565438) Visitor Counter : 109