কেবিনেট

ভাৰতৰ সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় আর্থিক সেৱা কেন্দ্ৰ(আইএফএছচি)সমূহ নিয়ন্ত্ৰণৰ বাবে এটি সমন্বিত প্ৰাধিকৰণ স্থাপনৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা প্ৰাধিকৰণ বিধেয়ক, ২০১৯ উত্থাপনত অনুমোদন

Posted On: 06 FEB 2019 9:36PM by PIB Guwahati

প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত দেশৰ সকলো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰসমূহ নিয়ন্ত্ৰণৰ বাবে এটি সমন্বিত প্ৰাধিকৰণ স্থাপনৰ লক্ষ্যৰে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা প্ৰাধিকৰণ বিধেয়ক, ২০১৯ উত্থাপনত অনুমোদন জনাইছে৷

গুজৰাটৰ গান্ধীনগৰৰ জিআইএফটি চিটীত ভাৰতৰ প্ৰথমটো আইএফএছচি স্থাপন কৰা হয়৷এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰসমূহৰ জৰিয়তে লণ্ডন আৰু ছিংগাপুৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সেৱা কেন্দ্ৰসমূহৰ সৈতে সমপৰিমানৰ বাণিজ্যিক তথা বিত্তীয় সেৱা আগবঢ়াই থাকিব পাৰিব৷

বর্তমান এনে আইএফএছচিসমূহ নিয়ন্ত্ৰণৰ বাবে ৰিজার্ভ বেংক, ছেবি তথা আইআৰডিএআইৰ দৰে একাধিক প্ৰাধিকৰণ আছে৷ এনেৰ কেন্দ্রৰ সেৱাৰ ধৰণ পৰিৱৰ্তিত নিয়ম-কানুন তথা দ্রুত সেৱা প্ৰদানৰ লক্ষ্যৰে এক সমন্বিত নিয়ন্ত্ৰণ প্ৰাধিকৰণ গঢ়ি তোলাৰ প্ৰয়োজন আছে৷ তদুপৰি, ইয়াৰ ফলত সহজে ব্যৱসাৰ কৰাৰ সুযোগো বৃদ্ধি পাব৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগে এক সমন্বিত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱাকেন্দ্ৰ নিয়ন্ত্ৰণ বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে। বিধেয়কখনিৰ মূল বৈশিষ্ট্যসমূহ হলঃ-

প্ৰাধিকৰণৰ ব্যৱস্থাপনাঃ এই প্ৰাধিকৰণত এগৰাকী অধ্যক্ষ, ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই), ছিকিউৰিটী এক্সছেঞ্জ বোৰ্ড অৱ ইণ্ডিয়া(ছেবি), ভাৰতৰ বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকৰণ(আইআৰডিএআই) আৰু পেন্সন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিৰকণ(পিএফআৰডিএ)ৰ দ্বাৰা মনোনীত এগৰাকীকৈ সদস্য, দুগৰাকী কেন্দ্ৰীয় চৰকাৰৰ সদস্য আৰু দুগৰাকী পূৰ্ণকালীন অথবা অংশকালীন সদস্য থাকিব৷

প্ৰাধিকৰণৰ কাৰ্যাৱলীঃ এই প্ৰাধিকৰণে এটা আইএফএছচিৰ বিত্তীয় উৎপাদন আৰু এফআইৰ সকলো বিত্তীয় সেৱাৰ নিয়ন্ত্ৰণ কৰিব, যিবোৰ ইতিমধ্যে আইএফএছচিৰ বাবে বিত্তীয় খণ্ডৰ নিয়ন্ত্ৰণকসমূহে অনুমোদন জনাইছে৷ তদুপৰি, কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে জাৰি কৰা জাননীৰ অন্তৰ্গত বিত্তীয় উৎপাদন আৰু এফআইৰ সকলো বিত্তীয় সেৱাৰো নিয়ন্ত্ৰণ কৰিব৷

প্ৰাধিকৰণৰ ক্ষমতাৱলীঃ এই বিধেয়কৰ অধীনত আইএফএছচিৰ অনুমোদিত সকলো সংশ্লিষ্ট(আৰবিআই, ছেবি, আইআৰডিএআই আৰু পিএফআৰডিএ ইত্যাদি) নিয়ন্ত্ৰকৰ বিত্তীয় উৎপাদন আৰু এফআইৰ সকলো বিত্তীয় সেৱাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা থাকিব৷

কেন্দ্ৰীয় চৰকাৰে সংসদত কাৰ্যব্যৱস্থা গ্ৰহণ কৰি প্ৰাধিকৰণৰ বিভিন্ন কাম-কাজ সম্পাদনৰ বাবে প্ৰয়োজনীয় ধনৰাশিৰ অনুদান আগবঢ়াব পাৰিব৷ কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শক্ৰমে প্ৰাধিকৰণে আইএফএছচিসমূহত বিদেশী মুদ্ৰাৰ লেনদেনো কৰিব পাৰিব৷

AKT/SNC/SH/DB



(Release ID: 1563688) Visitor Counter : 79