কেবিনেট

চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু মৰক্কোৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 02 JAN 2019 6:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু মৰক্কোৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনায়৷ ২০১৮ৰ ২৫ ছেপ্টেম্বৰত এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হয়৷

এই বুজাবুজি চুক্তিৰ জৰিয়তে নিৰাপত্তাজনিত ঘটনাৰ চিনাক্তকৰণ, সমাধান আৰু প্ৰতিৰোধৰ অভিজ্ঞতাৰ বিনিময়ৰ ক্ষেত্ৰত ভাৰত আৰু মৰক্কোৰ মাজত ঘনিষ্ঠ সহযোগিতা বৃদ্ধি কৰিব৷ এই বুজাবুজি চুক্তি কাৰ্যকৰী লে চাইবাৰ নিৰাপত্তাৰ খণ্ডত গুৰুত্বপূৰ্ণ দিশত পৰস্পৰ উপকৃত হোৱাৰ লগতে মৰক্কোৰ চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰখনতো প্ৰতিষ্ঠানগত আৰু সক্ষমতা সৃষ্টিত সহায় কৰিব৷

****

AKT/SH/DB



(Release ID: 1558340) Visitor Counter : 88