57th International Film Festival of India 2026
20 – 28 Nov 2026

‘খলনায়কজন সকলো সময়তে এগৰাকী ব্যক্তিয়েই নহয়, বৰঞ্চ সমাজৰ এক প্ৰতিফলনহে’: ৫৭ সংখ্যক আই এফ এফ আই-ত কাৰ্তিক চুব্বাৰাজ

নৈতিকতা, পিতৃতন্ত্ৰ আৰু সামাজিক পক্ষপাতিত্বক প্ৰত্যাহ্বান জনোৱাৰ বাবে থকা চলচ্চিত্ৰৰ সম্ভাৱনাক অন্বেষণ কৰে

পোষ্ট কৰা হৈছে: 27 NOV 2026 7:11PMby PIB Guwahatiৰিলিজ আই ডি : 2342962Views: 6

 

গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ত “হোৱাট ইফ দ্য ভিলেইন ইজ ৰাইট?” (“What If the Villain Is Right?”) শীৰ্ষক এক সাক্ষাৎকাৰ অনুষ্ঠানত বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা কাৰ্তিক চুব্বাৰাজে নৈতিকতাৰ জটিলতা, খলনায়কত্বৰ সামাজিক শিপা আৰু পূৰ্বা-ধাৰণাক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত থকা চিনেমাৰ সম্ভাৱনা সম্পৰ্কে গভীৰভাৱে আলোচনা কৰে। চলচ্চিত্ৰ সমালোচক সুধীৰ শ্ৰীনিবাসনৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত তেওঁৰ চলচ্চিত্ৰসমূহে ভাল আৰু বেয়াৰ মাজৰ পৰম্পৰাগত পাৰ্থক্যক কেনেদৰে প্ৰত্যাহ্বান জনায়, সেই বিষয়ে পৰ্যালোচনা কৰা হয়।

মানুহৰ আচৰণ পৰিস্থিতি আৰু সামাজিক অভিজ্ঞতাৰ দ্বাৰা গঢ় লয় বুলি মন্তব্য কৰি চুব্বাৰাজে কয়, “সকলোৰে মূল ভেটিটো ধূসৰ।” তেওঁ ব্যাখ্যা দাঙি ধৰি কয় যে মানুহে লগ পোৱা ব্যক্তি আৰু সন্মুখীন হোৱা পৰিস্থিতিসমূহে তেওঁলোকক ভাল বা বেয়া কেনেদৰে গ্ৰহণ কৰিব সেই কথাক প্ৰভাৱিত কৰে।

তেওঁৰ চলচ্চিত্ৰ ড’ৰথি (Dorothy)-ৰ বিষয়ে আলোচনা কৰি সুব্বৰাজে সচেতনভাৱে বেয়া কাম কৰা চৰিত্ৰ আৰু গভীৰভাৱে শিপাই থকা সামাজিক অভ্যাস বা সংস্কাৰৰ পৰা যিসকলৰ ক্ষতিকাৰক আচৰণ উদ্ভৱ হয়, সেইসকলৰ মাজত পাৰ্থক্য দাঙি ধৰে। হুইছল বীৰাইয়া (Whistle Veeraiya)-ই স্পষ্টভাৱে এক দুষ্ট চৰিত্ৰক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে তেওঁ মত প্ৰকাশ কৰে যে পাৰঠা দোকানৰ মালিকজনৰ দৰে চৰিত্ৰসমূহ অধিক বিপজ্জনক হ’ব পাৰে, কাৰণ তেওঁলোকে নিজৰ পূৰ্ব-ধাৰণা আৰু ভুল কাৰ্যক চিনি পোৱাত বিফল হয়।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at6.49.25PM_20261127191435_d3c64d.jpeg

চুব্বাৰাজে কয় যে ড’ৰথি-ত পুৰুষতান্ত্ৰিকতা আৰু পিতৃতান্ত্ৰিক মনোভাৱক মূল চৰিত্ৰটোৰ মৃত্যুৰ আঁৰৰ শক্তি হিচাপে চিত্ৰিত কৰা হৈছে, য’ত কোনো এজন ব্যক্তিৰ পৰিৱৰ্তে এক নিপীড়নমূলক মানসিকতাকহে প্ৰকৃত প্ৰতিদ্বন্দ্বী (খলনায়ক) হিচাপে স্থান দিয়া হৈছে। মাৰ্কুৰী (Mercury)-ৰ সৈতে এক সমান্তৰালতা টানি তেওঁ ব্যাখ্যা কৰে কেনেকৈ এখন গাঁৱৰ সামূহিক মানসিকতাক নেতিবাচকভাৱে চিত্ৰিত কৰা হৈছে, যিয়ে দেখুৱায় যে খলনায়কত্বৰ ব্যক্তিগত কাৰ্যসমূহ কেনেকৈ বৃহত্তৰ সামাজিক মনোভাৱৰ পৰা উদ্ভৱ হ’ব পাৰে।

অপমান আৰু জবাবদিহিতাৰ বিষয়ে চৰ্চা কৰি চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লক্ষ্য কৰে যে কাৰোবাৰ অক্ষমতাৰ ওপৰত কৰা উপহাস আৰু হাঁহি তিৰস্কাৰতকৈয়ো অধিক আঘাতদায়ক হ’ব পাৰে। তেওঁ অনুতাপ আৰু অপৰাধবোধক শাস্তিৰ এক ৰূপ হিচাপেও উল্লেখ কৰে, আৰু কয় যে নিজৰ কৰ্মৰ ফল সদায় শাৰীৰিক ক্ষতি বা মৃত্যুৰ ৰূপত নাহিবও পাৰে।

সমাজক প্ৰভাৱিত কৰাৰ ক্ষেত্ৰত চিনেমাৰ সামৰ্থ্য সন্দৰ্ভত সুব্বৰাজে ড’ৰথি-ৰ প্ৰতি দৰ্শকৰ সঁহাৰি স্মৰণ কৰে, যাৰ ভিতৰত এনে মুহূৰ্তও আছিল যেতিয়া দৰ্শকসকলে ট্ৰান্সজেণ্ডাৰ লোকসকলক আদৰি লৈছিল আৰু পুৰুষসকলেও আৱেগিক হৈ চকুলো টুকিছিল। এনে প্ৰতিক্ৰিয়াসমূহে তেওঁৰ এই বিশ্বাসক অধিক দৃঢ় কৰি তোলে যে চলচ্চিত্ৰসমূহে মনোৰঞ্জনৰ উৰ্ধ্বলৈ গৈ সহানুভূতি জগাই তুলিব পাৰে আৰু সামাজিক পৰিৱৰ্তনক উৎসাহিত কৰিব পাৰে। তেওঁ লগতে কয় যে গল্প-কথনৰ জৰিয়তে পৰিৱৰ্তন অনাৰ এই ধাৰণাটোৱে জিগাৰঠাণ্ডা (Jigarthanda)-ৰ ক্ষেত্ৰতো তেওঁৰ দৃষ্টিভংগীক প্ৰভাৱিত কৰিছিল।

সম্পূৰ্ণ বাৰ্তালাপটোত চুব্বাৰাজে চৰিত্ৰসমূহক সম্পূৰ্ণ সৎ নায়ক বা কেতিয়াও সংশোধন নহ’ব পৰা দুষ্ট খলনায়ক হিচাপে চিত্ৰিত কৰাৰ প্ৰতি থকা তেওঁৰ অনীহাত গুৰুত্ব আৰোপ কৰে। নৈতিক বিচাৰসমূহ ব্যাখ্যাৰ বাবে মুকলি ৰাখি তেওঁ দৰ্শকসকলক নিজস্ব দৃষ্টিভংগীৰ পৰা চৰিত্ৰসমূহ আৰু তেওঁলোকৰ উদ্দেশ্যসমূহ পৰীক্ষা কৰিবলৈ আহ্বান জনায়।

অনুষ্ঠানটোৱে চুব্বাৰাজৰ চলচ্চিত্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰ এক আভাস দাঙি ধৰে, য’ত খলনায়কত্ব প্ৰায়ে কেৱল ব্যক্তিসকলৰ মাজতে নহয়, বৰঞ্চ তেওঁলোকক গঢ় দিয়া সামাজিক মনোভাৱ আৰু গাঁথনিসমূহৰ মাজতহে প্ৰোথিত হৈ থাকে।

চুব্বাৰাজৰ এই চিন্তাধাৰাই ভাল আৰু বেয়াৰ পৰম্পৰাগত ধাৰণাসমূহৰ উৰ্ধ্বলৈ চোৱাৰ ক্ষেত্ৰত চিনেমাৰ সামৰ্থ্যক উজলাই তোলে, যাৰ ফলত দৰ্শকসকলে গভীৰভাৱে প্ৰোথিত পূৰ্বাধাৰণাসমূহক প্ৰশ্ন কৰিবলৈ আৰু জটিল সামাজিক বাস্তৱতাসমূহৰ সৈতে জড়িত হ’বলৈ উৎসাহিত হয়। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫৭ সংখ্যক সংস্কৰণৰ মূল বিষয়বস্তু ‘Stories Without Borders’-ৰ সৈতে সংগতি ৰাখি, গল্প-কথনৰ প্ৰতি তেওঁৰ এই দৃষ্টিভংগীয়ে দেখুৱায় যে নিৰ্দিষ্ট সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত প্ৰোথিত কাহিনীসমূহে কেনেকৈ নৈতিকতা, সহানুভূতি আৰু মানৱ আচৰণ সম্পৰ্কে সাৰ্বজনীন প্ৰশ্ন উত্থাপন কৰিব পাৰে।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ Supriya/ Gopika/ Darshana | IFFI 57 – 121/KB

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at6.50.22PM_20261127191515_13ba02.jpeg

অনুষ্ঠানটোত চুব্বাৰাজৰ চলচ্চিত্ৰ নিৰ্মাণৰ দৃষ্টিভংগীৰ এক আভাস দাঙি ধৰা হয়, য’ত খলনায়কত্ব প্ৰায়ে কেৱল ব্যক্তিসকলৰ মাজতে নহয়, বৰঞ্চ তেওঁলোকক গঢ় দিয়া সামাজিক মনোভাৱ আৰু গাঁথনিসমূহৰ মাজতহে প্ৰোথিত হৈ থাকে।

চুব্বাৰাজৰ এই চিন্তাধাৰাই ভাল আৰু বেয়াৰ পৰম্পৰাগত ধাৰণাসমূহৰ উৰ্ধ্বলৈ চোৱাৰ ক্ষেত্ৰত চিনেমাৰ সামৰ্থ্যক উজলাই তোলে, যাৰ ফলত দৰ্শকসকলে গভীৰভাৱে প্ৰোথিত পূৰ্বা-ধৰাণাহসমূহক প্ৰশ্ন কৰিবলৈ আৰু জটিল সামাজিক বাস্তৱতাসমূহৰ সৈতে জড়িত হ’বলৈ উৎসাহিত হয়। ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ৰ ৫৭ সংখ্যক সংস্কৰণৰ মূল বিষয়বস্তু ‘Stories Without Borders’-ৰ সৈতে সংগতি ৰাখি, গল্প-কথনৰ প্ৰতি তেওঁৰ এই দৃষ্টিভংগীয়ে দেখুৱায় নিৰ্দিষ্ট সামাজিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটত প্ৰোথিত কাহিনীসমূহে কেনেকৈ নৈতিকতা, সহানুভূতি আৰু মানৱ আচৰণ সম্পৰ্কে সাৰ্বজনীন প্ৰশ্ন উত্থাপন কৰিব পাৰে।

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ Supriya/ Gopika/ Darshana | IFFI 57 – 121/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342962
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026