57th International Film Festival of India 2026
20 – 28 Nov 2026

‘পাৰো: দি আনট’ল্ড ষ্ট’ৰী অব ব্ৰাইড শ্লেভাৰী’-ত কইনা সৰবৰাহকাৰীৰ জালত বন্দী মহিলাসকলৰ দুৰ্দশাৰ অন্বেষণ

অভিনেত্ৰী-প্ৰযোজক তথা চিত্ৰনাট্যকাৰ তৃপ্তি ভোইৰে ৫৭ সংখ্যক আই এফ এফ আই (IFFI)-লৈ শোষণ, লিংগ বৈষম্য আৰু নাৰী অধিকাৰৰ এটা প্ৰভাৱশালী কাহিনী লৈ আহিছে

পোষ্ট কৰা হৈছে: 27 NOV 2026 4:15PMby PIB Guwahatiৰিলিজ আই ডি : 2342878Views: 11

 

৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ ইণ্ডিয়ান পেনোৰামা (Indian Panorama) শাখাত প্ৰদৰ্শিত ‘পাৰো: দি আনট’ল্ড ষ্ট’ৰী অব ব্ৰাইড শ্লেভাৰী’(Paro: The Untold Story of Bride Slavery) চলচ্চিত্ৰখনে বিশেষকৈ হাৰিয়ানাৰ মেৱাট-ত কইনা হিচাপে মহিলাক ক্ৰয় আৰু বিক্ৰী কৰাৰ উদ্বেগজনক তথা বহুলাংশে অপ্ৰকাশিত প্ৰথাটো পোহৰলৈ আনিছে। বিবাহৰ নামত ক্ৰয় কৰা বা বিক্ৰী হোৱা মহিলাক বুজাবলৈ সেই অঞ্চলত ‘পাৰো’ (Paro) শব্দটো ব্যৱহাৰ কৰা হয়।

এখন সংবাদমেলত বক্তব্য প্ৰদান কৰি অভিনেত্ৰী আৰু প্ৰযোজিকা তৃপ্তি ভোইৰে প্ৰকাশ কৰে যে তেওঁৰ দ্বিতীয়খন অস্কাৰ-তালিকাভুক্ত চলচ্চিত্ৰ হিচাপে পৰিগণিত এই ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ৪.৫ বছৰ ধৰি গৱেষণা কৰিছিল। এই চলচ্চিত্ৰখনৰ ব্যতিক্ৰমী সৃষ্টিশীল যাত্ৰাত তৃপ্তি ভোইৰে প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু মুখ্য চৰিত্ৰৰ অভিনেত্ৰীৰ তিনিওটা দায়িত্বই পালন কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at3.10.40PM_20261127162235_608501.jpeg

 

চলচ্চিত্ৰখন নিৰ্মাণৰ পথ প্ৰশস্ত কৰা প্ৰত্যাহ্বানমূলক গৱেষণা

ভাৰতত চলি অহা কইনা-দাসত্ব (bride slavery) প্ৰথাৰ প্ৰসংগত আলোকপাত কৰা তথ্যচিত্ৰ আৰু সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহৰ সংস্পৰ্শলৈ অহাৰ পৰাই চলচ্চিত্ৰখনৰ ধাৰণাটোৰ জন্ম হৈছিল। মহিলাৰ সমস্যা আৰু অধিকাৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহৰ বাবে পৰিচিত তেওঁ সন্মুখীন হোৱা বাস্তৱতা দেখি গভীৰভাৱে মৰ্মাহত হৈছিল।

এটা বেচৰকাৰী সংস্থা (NGO)-ৰ সহায়ত ভোইৰ আৰু তেওঁৰ মাকে সাংবাদিকৰ ছদ্মবেশত গাঁওসমূহ ভ্ৰমণ কৰিছিল। তেওঁলোকে মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, গুজৰাট আৰু দিল্লীৰ পৰা অহা কইনা-দাসত্বৰ বলি হোৱা প্ৰায় ৬২–৬৩ গৰাকী মহিলাক লগ পাইছিল।

ভোইৰে মন্তব্য কৰে যে কইনাৰ ব্যৱসায় লিংগ বৈষম্য আৰু দৰিদ্ৰতাত প্ৰোথিত। ই কেৱল হাৰিয়ানাতে সীমাবদ্ধ নহয়, বৰং ই অধিক বিস্তৃত পৰিসৰৰ ৰাষ্ট্ৰীয় উদ্বেগৰ বিষয়, য'ত কেবাখনো ৰাজ্যৰ মহিলা আৰু ছোৱালী এই প্ৰথাটোৰ বলি হৈ আহিছে।

গৱেষণাৰ সময়ত পোহৰলৈ অহা আটাইতকৈ উদ্বেগজনক বিৱৰণসমূহৰ ভিতৰত আছিল প্ৰায় ১১–১৩ বছৰ বয়সৰ এজনী ছোৱালীৰ কাহিনী, যাক সামান্য ধনৰ বিনিময়ত বিক্ৰী কৰা বুলি জানিব পৰা গৈছিল। এই কিশোৰীগৰাকীৰ কাহিনীয়েই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰটোৰ প্ৰেৰণা হৈ পৰে, যিটো চৰিত্ৰ তৃপ্তি ভোইৰে নিজেই ৰূপায়ণ কৰিছে। এই চৰিত্ৰটোৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে অগণন মহিলাই ভোগ কৰা যন্ত্ৰণা, অসহায় পৰিস্থিতি আৰু নিষ্ঠুৰ শোষণক পর্দালৈ আনিবলৈ বিচাৰিছে, যিসকলৰ কাহিনী প্ৰায়েই চৰ্চালৈ নহাকৈয়ে ৰৈ যায়।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/WhatsAppImage2026-11-27at3.10.40PM(1)_20261127162256_c1d1d9.jpeg

চলচ্চিত্ৰৰ সীমা অতিক্ৰম কৰি সংগ্ৰামক আগুৱাই নিয়া

চলচ্চিত্ৰখনৰ গুৰুত্ব কেৱল কাহিনী-কথনতে সীমাবদ্ধ নহয়। তৃপ্তি ভোইৰে কয় যে বেচৰকাৰী সংস্থা শ্বেল্টাৰ ফাউণ্ডেশ্যন-এ কইনা-দাসত্বৰ বলি হোৱা প্ৰায় ২,০০০ মহিলাৰ তথ্য সংকলন কৰিছে। প্ৰায় এবছৰ তিনিমাহ আগতে এই তথ্যসমূহ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰক দাখিল কৰা হৈছিল। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে তথ্য অনুসন্ধান সমিতি গঠন কৰিছে। “এই সমস্যাটো সমাধানৰ বাবে পদক্ষেপ লোৱা চৰকাৰক মই প্ৰণাম জনাইছোঁ। এই চলচ্চিত্ৰখন নিৰ্মাণ কৰাৰ এয়াও হৈছে এটা কাৰণ,” তেওঁ কয়।

মহিলাৰ সৰবৰাহ: এটা বিশ্বজনীন সমস্যা

ভোইৰে এই কথালৈ আঙুলিয়াই দিয়ে যে নিৰুদ্দিষ্ট ছোৱালী আৰু যৌন হিংসা সমগ্ৰ বিশ্বতে উদ্বেগৰ বিষয়। যোৱা ১৫–২০ বছৰত মানৱ সৰবৰাহ আৰু বেশ্যাবৃত্তিৰ বিষয়ে সজাগতা বহুত বৃদ্ধি পাইছে যদিও কইনা ক্ৰয়-বিক্ৰয় আৰু কইনাৰ দাসত্ব প্ৰথাটোৱে তুলনামূলকভাৱে তেনেই কম গুৰুত্ব লাভ কৰি আহিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ মহোৎসৱ আৰু প্ৰতিষ্ঠানসমূহত প্ৰদৰ্শনৰ সময়ত তেওঁ লাভ কৰা মত বিনিময়ৰ অভিজ্ঞতাসমূহে এই বিশ্বাসকে দৃঢ় কৰিছে যে এই বিষয়টোত অধিক আন্তৰ্জাতিক সজাগতা আৰু আলোচনাৰ প্ৰয়োজন আছে।

‘পাৰো: দি আনট’ল্ড ষ্ট’ৰী অব ব্ৰাইড শ্লেভাৰী’-ৰ জৰিয়তে তৃপ্তি ভোইৰে গভীৰভাৱে উদ্বেগজনক সামাজিক বিষয়ক প্ৰান্তীয় অৱস্থাৰ পৰা মূলসুঁতিলৈ লৈ যাবলৈ আৰু লিংগ বৈষম্য, কইনা-দাসত্ব তথা মহিলাৰ মৰ্যাদা আৰু অধিকাৰ সম্পৰ্কে আলোচনাৰ সূচনা কৰিবলৈ আশা প্ৰকাশ কৰিছে।

সংবাদমেলখন শুভংকৰ বশিষ্ঠই পৰিচালনা কৰে।

 

 

Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith/ LekshmiPriya/ Sriyanka/ Darshana | IFFI 57 – 116/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2342878
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026