গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ ইণ্ডিয়ান পেনোৰামা – নিউ হৰাইজনছ (Indian Panorama – New Horizons) শাখাত আজি শ্ৰীহৰি হৰিদাস পৰিচালিত মালয়ালম চলচ্চিত্ৰ ‘অজয়ন্তে মৰণম: অৰু কেছ ষ্টাডী’(Ajayante Maranam: Oru Case Study) প্ৰদৰ্শিত হয়।
প্ৰেছ ইনফৰমেচন ব্যুৰো (PIB)-য়ে অনুষ্ঠিত কৰা এক সংবাদমেলত বক্তব্য প্ৰদান কৰি হৰিদাসে তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ প্ৰতি দৰ্শকৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু স্বীকাৰ কৰে যে মহোৎসৱত এনে উৎসাহজনক দৰ্শকৰ উপস্থিতি হ'ব বুলি তেওঁ আশা কৰাই নাছিল।

অজয়নক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এক চৰিত্ৰ অধ্যয়ন (character study) হিচাপে চলচ্চিত্ৰখনক বৰ্ণনা কৰি হৰিদাসে কয় যে ইয়াত মকডকুমেণ্টাৰী (mockumentary) ধাৰা গ্ৰহণ কৰা হৈছে, যিটো মালয়ালম চলচ্চিত্ৰত তুলনামূলকভাৱে কমকৈ অন্বেষণ কৰা এক শৈলী। তেওঁ স্বীকাৰ কৰে যে চিত্ৰগ্ৰহণ আৰু প্ৰযোজনাৰ সময়ত এই দৃষ্টিভংগীয়ে নিজস্ব প্ৰত্যাহ্বান কঢ়িয়াই আনিছিল।
কাহিনীভাগ ব্যাখ্যা কৰি হৰিদাসে কয় যে অজয়নৰ জীৱন আৰু মৃত্যুৰ সৈতে জড়িত পৰিস্থিতিসমূহ অনুসন্ধান কৰা এক উচ্চাকাংক্ষী চলচ্চিত্ৰ নিৰ্মাতা আৰিয়নৰ জৰিয়তে অজয়নৰ কাহিনী উন্মোচিত হয়। তেওঁ প্ৰকাশ কৰে যে আৰিয়নৰ চৰিত্ৰটো গঢ় দিওঁতে তেওঁ নিজৰ ব্যক্তিত্বৰ কিছু দিশ সামৰি লৈছিল, লগতে নিজৰ আৰু অজয়নৰ মাজত কিছু সাদৃশ্যও লক্ষ্য কৰিছিল। "আৰিয়নৰ চৰিত্ৰত মোৰ কিছু আভাস আছে। আৰু মোৰ মাজত অজয়নৰ কিছু সাদৃশ্য আছে," তেওঁ কয়।
চিত্ৰনাট্যৰ বিষয়ে কওঁতে হৰিদাসে স্মৰণ কৰে যে তেওঁ এসপ্তাহতে প্ৰথম খচৰা সম্পূৰ্ণ কৰিছিল, আৰু তাৰ পিছত চূড়ান্ত চিত্ৰনাট্য প্ৰস্তুত কৰিবলৈ প্ৰায় এমাহ কাম কৰিবলগীয়া হৈছিল। তেওঁ ব্যাখ্যা কৰে যে আনৰ অভিজ্ঞতাসমূহ অন্বেষণ কৰিবলৈ এক কেন্দ্ৰীয় চৰিত্ৰক কাহিনী কথনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাটো হৈছে তেওঁ সঘনাই গ্ৰহণ কৰা এক পদ্ধতি। চৰিত্ৰ আৰু কাহিনীৰ গাঁথনি সলনি হ'ব পাৰে যদিও তেওঁ ব্যক্তিক কেন্দ্ৰ কৰি কাহিনী গঢ়িবলৈ আৰু তেওঁলোকৰ যাত্ৰাক অনুসৰণ কৰিবলৈ ভাল পায় বুলি তেওঁ কয়।
হৰিদাসে ‘অজয়ন্তে মৰণম: অৰু কেছ ষ্টাডী’ (Ajayante Maranam: Oru Case Study)-ক মালয়ালম চলচ্চিত্ৰ উথৰম (Utharam)-ৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি হিচাপেও অভিহিত কৰে আৰু তেওঁৰ পৰিচালনাৰ এই প্ৰচেষ্টাত ইয়াৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰে।

চলচ্চিত্ৰখনৰ লক্ষ্য দৰ্শক আৰু মুক্তিৰ পৰিকল্পনা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই প্ৰকল্পটো মূলতঃ চলচ্চিত্ৰ মহোৎসৱৰ পৰিসৰৰ (film-festival circuit) বাবেহে কল্পনা কৰা হৈছিল। এই পৰ্যায়ত এক পৰম্পৰাগত ছবিগৃহত মুক্তি(theatrical release) -ত অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে দলটোৱে দৰ্শকৰ কাষ চাপিবলৈ মহোৎসৱসমূহক এক মঞ্চ হিচাপে বিবেচনা কৰিছে।
সংবাদমেলখন শ্ৰীমতী গোপিকাই পৰিচালনা কৰে।
Watch the full press conference:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ LekshmiPriya/ Andrew/ Darshana | IFFI 57 – 112/KB