ড° প্ৰদীপ কেনচানুৰু নামেৰেও পৰিচিত কানাড়া চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী প্ৰদীপ কুমাৰ শেট্টী কেয়ে আজি গোৱাত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)-ৰ উদ্যোগত আয়োজিত সংবাদমেল সম্বোধন কৰে। ৫৭ সংখ্যক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-ত ভাৰতীয় পেনোৰামাৰ অকাহিনী ছবি শিতানত প্ৰদৰ্শিত তেওঁৰ তথ্যচিত্ৰ দ্য হাগ অব এম্প্টিনেছ সন্দৰ্ভত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰে ড° শেট্টীয়ে। ২০২৫ চনত নিৰ্মিত ২০ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনে নিজৰ সম্পত্তি হেৰুৱাই নিৰ্জন অৰণ্যত ঘৰ সাজি লোৱা এজন মানুহৰ জীৱনৰ জৰিয়তে সুখ, মানৱীয় মৰ্যাদা আৰু সহনশীলতাৰ সন্ধান কৰিছে।
এই ছবিখনে চলিত বৰ্ষৰ আৰম্ভণিতে ১৯ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত FIPRESCI আন্তঃৰাষ্ট্ৰীয় সমালোচকৰ বঁটা লাভ কৰিছিল।

ছবিখনত চন্দ্ৰশেখৰ নামৰ এগৰাকী ব্যক্তিৰ জীৱনৰ এছোৱা কাহিনী উপস্থাপন কৰা হৈছে, যাৰ কৰ্ণাটকৰ ছুলিয়া ক'অপাৰেটিভ বেংকত বন্ধকত থকা সম্পত্তি ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ২০০৩ চনত অধিগ্ৰহণ কৰা হৈছিল। এই পদক্ষেপক প্ৰত্যাহ্বান জনাই তেওঁ দুটা দশকতকৈও অধিক সময় ধৰি চলি থকা এখন আইনী যুঁজ আৰম্ভ কৰে। ইয়াৰ মাজতে তেওঁ অৰণ্যৰ এটা নিৰ্জন অংশক নিজৰ বাসস্থান হিচাপে গঢ়ি তোলে আৰু তাত সংগ্ৰহ কৰা বন-লতাৰে সাজি উলিওৱা পাচি-খৰাহি বৈ আৰু বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে। তেওঁৰ কাহিনীয়ে ন্যায়, স্থানচ্যুতি, নিসংগতা আৰু মানৱীয় সহনশীলতাৰ প্ৰশ্নসমূহক একত্ৰিত কৰিছে।
এই বিষয়টোৰ প্ৰতি তেওঁক কিহে আকৰ্ষিত কৰিছিল সেই বিষয়ে ব্যাখ্যা কৰি শ্ৰী শেট্টীয়ে কয় যে কেৱল আইনী বিবাদটোতকৈয়ো চন্দ্ৰশেখৰৰ জীৱন দৰ্শনেহে তথ্যচিত্ৰখন নিৰ্মাণৰ বাবে তেওঁক অনুপ্ৰাণিত কৰিছিল। ঘন অৰণ্য, প্ৰচুৰ বৰষুণ আৰু বন্যপ্ৰাণীৰ মাজত বিদ্যুৎ আৰু পথৰ দৰে মৌলিক সা-সুবিধাবোৰৰ অবিহনে বসবাস কৰি থকা সত্ত্বেও চন্দ্ৰশেখৰে দৈনন্দিন জীৱনত এটা ছন্দ আৰু উদ্দেশ্যৰ অনুভূতি বিচাৰি পাইছে। পৰিচালকগৰাকীয়ে মনত পেলায় যে সুখ ভিন্ন ৰূপত আহিব পাৰে আৰু ই সদায় ভৌতিক সা-সুবিধাৰ দ্বাৰা নিৰ্ধাৰিত নহ'বও পাৰে।
নিজৰ চিনেমাৰ শৈলী সন্দৰ্ভত ক'বলৈ গৈ শ্ৰী শেট্টীয়ে কয় যে তেওঁ ইচ্ছাকৃতভাৱে আইনী বিবাদটোৰ এটা গতানুগতিক, সাক্ষাৎকাৰ-নিৰ্ভৰ বৰ্ণনাৰ পৰা আঁতৰি আহিছে। ইয়াৰ পৰিৱৰ্তে, তথ্যচিত্ৰখনে মাত্ৰ এটা দিনৰ কাৰ্যকলাপ নিৰীক্ষণ কৰে, যাৰ জৰিয়তে চন্দ্ৰশেখৰৰ জীৱনৰ ছন্দ আৰু অৰণ্যৰ সৈতে তেওঁৰ সম্পৰ্ক পর্দাত প্ৰতিফলিত হ'বলৈ দিয়া হৈছে।
ছবিখনৰ নামটোৰ বিষয়ে ক'বলৈ গৈ শ্ৰী শেট্টীয়ে কয় যে তেওঁ গ্ৰীক চলচ্চিত্ৰ নিৰ্মাতা যৰ্গছ লেন্থিমছৰ কৰ্মৰাজি আৰু মানৱ অস্তিত্বৰ প্ৰশ্নৰ সৈতে সেইবোৰৰ সম্পৰ্কৰ পৰা দাৰ্শনিক প্ৰেৰণা লাভ কৰিছে। তেওঁৰ মতে, এই নামটোৱে আনৰ দৃষ্টিত শূন্য যেন লাগিব পৰা এটা জীৱনতো অৰ্থ বিচাৰি পোৱাৰ সম্ভাৱনাটোক প্ৰতিফলিত কৰে।

পেছাত এগৰাকী শিক্ষক আৰু চলচ্চিত্ৰপ্ৰেমী শ্ৰী শেট্টীয়ে ২০০৯ চনৰ পৰাই এগৰাকী দৰ্শক হিচাপে আইএফএফআই (IFFI)-ৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা স্মৰণ কৰে। স্বাধীন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে ক'বলৈ গৈ তেওঁ প্ৰকাশ কৰে যে তথ্যচিত্ৰখন ৪ লাখ টকাৰ বাজেটত নিৰ্মাণ কৰা হৈছিল, য'ত তেওঁক সৃজনীশীল স্বাধীনতা প্ৰদান কৰা এজন ঘনিষ্ঠ বন্ধুৰ আৰ্থিক সহায় আছিল। তেওঁ অভিন্ন সৃজনীশীল দৃষ্টিভংগীত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানটো সঞ্চালনা কৰে আলিশা মেহৰোত্ৰাই।
Watch full Press Conference here:
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ Praveen/ Darshana | IFFI 57 – 106/KB