এটা কাহিনী ৰচনা কৰাৰ পৰা আৰম্ভ কৰি সেই কাহিনী ৰূপালী পৰ্দাত তুলি ধৰালৈকে চলচ্চিত্ৰ নিৰ্মাণৰ বিভিন্ন দক্ষতা প্ৰদৰ্শনৰ বাবে ১০০গৰাকী যুৱ সৃষ্টিশীল পেছাদাৰীয়ে ৪৮ ঘণ্টীয়া এক তীব্ৰ প্ৰত্যাহ্বানত অংশগ্ৰহণ কৰে। আজি গোৱাত অনুষ্ঠিত ৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আইএফএফআই)ৰ ষষ্ঠ সংস্কৰণৰ ‘ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰ’ (চিএমঅ’টি)ৰ সামৰণি পৰে। সমগ্ৰ দেশৰ উদীয়মান প্ৰতিভাসকলক একত্ৰিত কৰা এই কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত পাঁচটা দলে নিৰ্মাণ কৰা চলচ্চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ১৫টা শাখাত বঁটা প্ৰদান কৰা হয়।
সামৰণি অনুষ্ঠানত ৫৭সংখ্যক আইএফএফআইৰ মহোৎসৱ সঞ্চালক তথা চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰভাত, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক তথা ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ উপাচাৰ্য ধীৰাজ সিং আৰু বিচাৰকমণ্ডলীৰ সদস্যসকল উপস্থিত থাকে। বিচাৰকমণ্ডলীত আছিল আইমী বৰুৱা, প্ৰেমৰাজ, মধু অপ্সৰা, ৰুমি জাফৰী আৰু মেধা খেৰডেকাৰ ৰেড্ডী।
_20261125140630_2ebda0.jpeg)
চিএমঅ’টি ২০২৬ৰ বঁটাপ্ৰাপকসকল
১. শ্ৰেষ্ঠ চলচ্চিত্ৰ: ‘ৱান লাষ্ট ষ্টপ’। ৰেড দলৰ হৈ মহক গান্ধীৰ পৰিচালনাত নিৰ্মিত ছবিখনে লাভ কৰে পাঁচ লাখ টকাৰ বঁটা।

২. দ্বিতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰ: ‘এ লিটল ছামথিং’। গ্ৰীণ দলৰ হৈ তমন্না ঠাকুৰৰ পৰিচালনাত নিৰ্মিত ছবিখনে লাভ কৰে তিনি লাখ টকাৰ বঁটা।
_20261125140755_436652.jpeg)
৩. শ্ৰেষ্ঠ পৰিচালক: তমন্না ঠাকুৰ, ‘এ লিটল ছামথিং’ (গ্ৰীণ দল)।
৪. শ্ৰেষ্ঠ অভিনেতা: সিদ্ধি পাৰকাৰ, ‘শ্বেলছ’ (ব্লু দল)।
৫. শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী: ত্ৰিয়াশা মান্না, ‘ৱান লাষ্ট ষ্টপ’ (ৰেড দল)।
৬. শ্ৰেষ্ঠ সম্পাদনা: নয়ন চোটালিয়া আৰু মানৱ আগৰৱাল, ‘এ লিটল ছামথিং’ (গ্ৰীণ দল)।
৭. শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ: জিথিন এছ, ‘শ্বেলছ’ (ব্লু দল)।
৮. শ্ৰেষ্ঠ শব্দ সংযোজন: অশ্বিন অশোক, ‘টু ছানছেটছ এণ্ড জিৰ’ ছানৰাইজেছ’ (য়েল্ল’ দল)।
৯. শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী: শ্ৰী পাৰ্বতী এছ, ‘শ্বেলছ’ (ব্লু দল)।
১০. শ্ৰেষ্ঠ সংগীত পৰিচালক: অক্ষয় অনমল কাটোৰে, ‘নীল মাচলি’ (বেইজ দল)।
১১. শ্ৰেষ্ঠ সাজ-পোছাকৰ ৰূপসজ্জা: সৃষ্টি ৱাঘ আৰু ৰূপালিকা পল, ‘ৱান লাষ্ট ষ্টপ’ (ৰেড দল)।
১২. শ্ৰেষ্ঠ চুলি আৰু ৰূপসজ্জা শিল্পী: কাশিছ জয়ছোৱাল, ‘শ্বেলছ’ (ব্লু দল)।
১৩. শ্ৰেষ্ঠ কলা নিৰ্দেশনা: সৃষ্টি ৱাঘ আৰু ৰূপালিকা পল, ‘ৱান লাষ্ট ষ্টপ’ (ৰেড দল)।
১৪. শ্ৰেষ্ঠ এনিমেচন আৰু দৃশ্যগত প্ৰভাৱ শিল্পী: হৰ্ষ ছাহানি আৰু প্ৰকাশ কুমাৰ মেহতা, ‘নীল মাচলি’ (বেইজ দল)।
১৫. শ্ৰেষ্ঠ কণ্ঠদান আৰু ডাবিং: সুদেশা সৰকাৰ, ‘এ লিটল ছামথিং’ (গ্ৰীণ দল)।
চলচ্চিত্ৰ উদ্যোগৰ সৈতে সংযোগ স্থাপনৰ এখন সেতু
৪৮ ঘণ্টীয়া চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বান সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে অংশগ্ৰহণকাৰীসকলক অভিনন্দন জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰভাতে চিএমঅ’টিক উদীয়মান প্ৰতিভা আৰু চলচ্চিত্ৰ উদ্যোগৰ মাজৰ এখন সেতু বুলি অভিহিত কৰে। তেওঁ কয় যে এই পদক্ষেপে যুৱ সৃষ্টিশীল ব্যক্তিসকলক নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে চলচ্চিত্ৰ উদ্যোগৰ অভিজ্ঞ ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিছে।
এই বছৰৰ ‘শিপা আৰু ডেউকা: আমাৰ শিপাক সন্মান জনাই, ভৱিষ্যতক আদৰি লৈ’ শীৰ্ষক বিষয়বস্তুৰ প্ৰসংগ উল্লেখ কৰি তেওঁ সাংস্কৃতিক ঐতিহ্য, উদ্ভাৱন আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ অডিঅ’, ভিজুৱেল, এনিমেচন, কমিকছ, গেমিং আৰু সম্প্ৰসাৰিত বাস্তৱতা (এভিজিচি-এক্সআৰ) খণ্ডত ক্ৰমবৰ্ধমান সুযোগৰ কথাও উল্লেখ কৰে। এই খণ্ডটোৱে সৃষ্টিশীল উদ্যোগৰ সৈতে জড়িত যুৱ পেছাদাৰীসকলৰ বাবে নতুন নতুন কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে বুলি তেওঁ কয়।
মহোৎসৱৰ সঞ্চালক আশুতোষ গোৱাৰিকৰে সকলো দলকে তেওঁলোকৰ কামৰ বাবে অভিনন্দন জনোৱাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণ যে স্বভাৱগতভাৱেই এক সামূহিক প্ৰচেষ্টা, সেই কথা উল্লেখ কৰে। তেওঁ অংশগ্ৰহণকাৰীসকলক সোঁৱৰাই দিয়ে যে এখন চলচ্চিত্ৰ কেতিয়াও এগৰাকী ব্যক্তিৰ একক সৃষ্টি নহয়; বৰং বিভিন্ন সৃষ্টিশীল শাখাৰ সমন্বিত প্ৰচেষ্টাৰ ফলতহে এখন চলচ্চিত্ৰ নিৰ্মাণ সম্ভৱ হয়। এই প্ৰত্যাহ্বানৰ সময়ছোৱাত গঢ় লৈ উঠা সম্পৰ্ক আৰু বন্ধুত্ব অটুট ৰাখিবলৈ যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক আহ্বান জনাই তেওঁ পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি দল হিচাপে কাম কৰি যাবলৈ কয়। চিএমঅ’টি তেওঁলোকৰ যাত্ৰাৰ কেৱল আৰম্ভণিহে বুলি উল্লেখ কৰি এই অভিজ্ঞতাক আগুৱাই নিয়াৰ বাবেও তেওঁ পৰামৰ্শ আগবঢ়ায়।

৪৮ ঘণ্টা, পাঁচটা দল, এটা সৃষ্টিশীল প্ৰত্যাহ্বান
২১ নৱেম্বৰত চলচ্চিত্ৰ নিৰ্মাণৰ এই প্ৰত্যাহ্বান আৰম্ভ হৈছিল। ১০০গৰাকী অংশগ্ৰহণকাৰীক ২০জনীয়া পাঁচটা দলত বিভক্ত কৰা হৈছিল। দলকেইটাক ৰেড, গ্ৰীণ, ব্লু, য়েল্ল’ আৰু বেইজ ৰঙেৰে চিনাক্ত কৰা হৈছিল। ‘শিপা আৰু ডেউকা: আমাৰ শিপাক সন্মান জনাই, ভৱিষ্যতক আদৰি লৈ’ শীৰ্ষক এক উমৈহতীয়া বিষয়বস্তুৰ আধাৰত প্ৰতিটো দলকে ৪৮ ঘণ্টাৰ ভিতৰত এখন চুটি চলচ্চিত্ৰৰ পৰিকল্পনা, দৃশ্যগ্ৰহণ আৰু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ দায়িত্ব দিয়া হৈছিল।
এই প্ৰত্যাহ্বানত চলচ্চিত্ৰ নিৰ্মাণৰ ১৩টা শাখাৰ অংশগ্ৰহণকাৰী একত্ৰিত হৈছিল। ইয়াৰ ভিতৰত আছিল পৰিচালনা, অভিনয়, চিত্ৰগ্ৰহণ, সম্পাদনা, শব্দ সংযোজন, চিত্ৰনাট্য ৰচনা, কলা নিৰ্দেশনা, এনিমেচন, দৃশ্যগত প্ৰভাৱ, সংগীত ৰচনা, নেপথ্য কণ্ঠদান, চুলি আৰু ৰূপসজ্জা তথা সাজ-পোছাকৰ ৰূপসজ্জা।
গোৱাৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰাৰ পাছত দলকেইটা কলা একাডেমীত স্থাপন কৰা বিশেষ পৰৱৰ্তী নিৰ্মাণ কেন্দ্ৰলৈ যায়। তাত সময়ৰ সৈতে প্ৰতিযোগিতা কৰি সম্পাদনা, শব্দ সংমিশ্ৰণ আৰু দৃশ্যগত পৰিশীলনৰ কাম সম্পূৰ্ণ কৰি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত চলচ্চিত্ৰসমূহ সাজু কৰি তোলে।
এই প্ৰচেষ্টাৰ ফলত নিৰ্মিত চলচ্চিত্ৰসমূহত বিষয়বস্তুটোৰ প্ৰতি অংশগ্ৰহণকাৰীসকলৰ সৃষ্টিশীল ব্যাখ্যাৰ প্ৰতিফলন ঘটাৰ লগতে বিভিন্ন শাখাৰ মাজত সমন্বয় স্থাপন কৰি কঠিন পৰিস্থিতিতো সময়মতে কাম সম্পূৰ্ণ কৰাৰ দক্ষতা প্ৰকাশ পায়।
উদীয়মান প্ৰতিভাৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি
২০২১ চনত আৰম্ভ হোৱাৰ পাছৰে পৰা চিএমঅ’টি ক্ৰমাৎ উদীয়মান সৃষ্টিশীল পেছাদাৰীসকলক সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ সৈতে সংযোগ স্থাপন কৰা এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে গঢ় লৈ উঠিছে। এই কাৰ্যসূচীৰ প্ৰাক্তন অংশগ্ৰহণকাৰীসকলে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ নিৰ্মাণৰ কামত জড়িত হোৱাৰ লগতে কান চলচ্চিত্ৰ মহোৎসৱ, বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় এমি বঁটাৰ দৰে মঞ্চ আৰু মহোৎসৱত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
পূৰ্বৰ সংস্কৰণৰ এটা উল্লেখযোগ্য সফলতা আছিল মুকেশ ছাব্ৰা কাষ্টিং কোম্পানীয়ে (এমচিচিচি) ১৮গৰাকী অংশগ্ৰহণকাৰীক নিৰ্বাচিত কৰা। এই ঘটনাই উদীয়মান প্ৰতিভাক পেছাদাৰী কৰ্মসংস্থাপনৰ সুযোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এই পদক্ষেপৰ সম্ভাৱনীয়তা প্ৰমাণ কৰিছে।
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানে (এফটিআইআই) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ (এনএফডিচি) সহযোগত এই চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰত্যাহ্বানৰ পৰিকল্পনা আৰু পৰিচালনা কৰে। সমগ্ৰ প্ৰক্ৰিয়াটোত এফটিআইআইৰ শিক্ষকসকলে অংশগ্ৰহণকাৰীসকলক পৰামৰ্শ আৰু প্ৰশিক্ষণ প্ৰদান কৰে। আনহাতে, গোৱা এণ্টাৰটেইনমেণ্ট ছ'চাইটিয়ে ৰাজ্যখনৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণৰ অনুমতি লাভৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।
Read IFFILOID here: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48
* * *
PIB IFFI Team | Rabeehashmi/ Supriya/ Sriyanka/ Darshana/DM | IFFI 57 - 091