57th International Film Festival of India 2026
20 – 28 Nov 2026

‘অৱতাৰ কৌল: দ্য (ইন)কমপ্লিট ষ্ট’ৰী’য়ে চলচ্চিত্ৰ নিৰ্মাতা অৱতাৰ কৌলৰ জীৱন আৰু চিনেমেটিক ঐতিহ্যক পুনৰ উন্মোচন কৰিছে

৫৭ সংখ্যক ইফিত আয়োজিত এক বাৰ্তালাপত লেখক বিনোদ কৌলে অৱতাৰ কৌলৰ জীৱন, তেওঁৰ ছবি ‘২৭ ডাউন’ আৰু অসমাপ্ত সৃজনশীল যাত্ৰাৰ বিষয়ে আলোকপাত কৰে

পোষ্ট কৰা হৈছে: 24 NOV 2026 4:09PMby PIB Guwahatiৰিলিজ আই ডি : 2340924Views: 10

ভাৰতীয় চলচ্চিত্ৰ জগতত এনে বহু নিৰ্মাতা আছে যাৰ সৃজনশীল যাত্ৰা অতি কম সময়তে স্তব্ধ হৈ পৰিছিল, তথাপি তেওঁলোকৰ কৰ্মৰাজিয়ে আজিও বিশেষ তাৎপৰ্য বহন কৰি আছে। অৱতাৰ কৌল আছিল তেনে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। তেওঁৰ একমাত্ৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘২৭ ডাউন’ (১৯৭৪)ক ভাৰতীয় চলচ্চিত্ৰৰ এক গুৰুত্বপূৰ্ণ কৃতি হিচাপে গণ্য কৰা হয়।

প্ৰকাশন বিভাগে প্ৰকাশ কৰা ‘অৱতাৰ কৌল: দ্য (ইন)কমপ্লিট ষ্ট’ৰী’ নামৰ গ্ৰন্থখনত অৱতাৰ কৌলৰ জীৱন আৰু চিনেমেটিক ঐতিহ্যৰ বিষয়ে বিস্তৃতভাৱে অন্বেষণ কৰা হৈছে। বিনোদ কৌলৰ দ্বাৰা ৰচিত এই গ্ৰন্থখনত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ জীৱন আৰু সৃজনশীল যাত্ৰাৰ দস্তাবেজ হিচাপে চিঠি-পত্ৰ, আলোকচিত্ৰ, ব্যক্তিগত স্মৃতি আৰু বাৰ্তালাপসমূহ একত্ৰিত কৰা হৈছে। ২০২৬ চনৰ ২১ নৱেম্বৰত গোৱাত অনুষ্ঠিত ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)ৰ সময়ত এই গ্ৰন্থখন উন্মোচন কৰা হয়।

২৩ নৱেম্বৰত ইফিত আয়োজিত এক বাৰ্তালাপত লেখক বিনোদ কৌলে গ্ৰন্থখনৰ আঁৰৰ অনুপ্ৰেৰণা আৰু অৱতাৰ কৌলৰ কাহিনী বহল দৰ্শক-পাঠক সমাজৰ মাজলৈ লৈ যোৱাৰ প্ৰচেষ্টাৰ বিষয়ে কয়। তেওঁ জনায় যে এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ ওপৰত গ্ৰন্থ লিখাৰ পৰিকল্পনাৰে এই ধাৰণাটো আৰম্ভ হোৱা নাছিল। বৰঞ্চ বিনোদ কৌল দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মৃত্যুবৰণ কৰা তেওঁৰ খুৰাকৰ বিষয়ে অধিক জানিবলৈ কৰা এক ব্যক্তিগত প্ৰচেষ্টাৰ পৰাহে ইয়াৰ সূত্ৰপাত হৈছিল।

তেওঁ কেনেকৈ খুৰাকৰ আলোকচিত্ৰ, চিঠি-পত্ৰ আৰু অন্যান্য নথিপত্ৰ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল, সেই কথা স্মৰণ কৰে। সময়ৰ লগে লগে এই ব্যক্তিগত অনুসন্ধানেই অৱতাৰ কৌলৰ জীৱন আৰু ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানক বুজিবলৈ কৰা এক গভীৰ প্ৰচেষ্টালৈ ৰূপান্তৰিত হয়।

বিনোদ কৌলে কয় যে বয়স বঢ়াৰ লগে লগে তেওঁ ‘২৭ ডাউন’ৰ গুৰুত্ব উপলব্ধি কৰিবলৈ আৰম্ভ কৰে। এনে অসাধাৰণ প্ৰতিভাসম্পন্ন আৰু এখন উল্লেখযোগ্য ছবি নিৰ্মাণ কৰা এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা কিয় বহুলভাৱে পৰিচিত নহয়, তাকে লৈ তেওঁ প্ৰায়ে আচৰিত হৈছিল। এই চিন্তাই তেওঁক অৱতাৰ কৌলৰ জীৱনৰ বিষয়ে গৱেষণা কৰিবলৈ আৰু নতুন প্ৰজন্ম তথা ভৱিষ্যতৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত তেওঁৰ কাহিনী পৰিচয় কৰাই দিবলৈ অনুপ্ৰাণিত কৰে।

‘দ্য (ইন)কমপ্লিট ষ্ট’ৰী’ শিৰোনামটোৰ ব্যাখ্যা আগবঢ়াই বিনোদ কৌলে কয় যে অৱতাৰ কৌল আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে অতি কম কথা লিখা হৈছে। গ্ৰন্থখনত তেওঁৰ কাহিনীটো একত্ৰিত কৰি এক অৰ্থত ইয়াক সম্পূৰ্ণ কৰাৰ প্ৰয়াস কৰা হৈছে। অৱশ্যে, তেওঁৰ জীৱন আৰু সৃজনশীল যাত্ৰা আধৰুৱা হৈয়ে ৰৈ গ’ল। তেওঁৰ বিবাহিত জীৱন অতি চুটি আছিল আৰু তেওঁ মাত্ৰ এখন ছবিহে নিৰ্মাণ কৰিছিল। লেখকগৰাকীয়ে মন্তব্য কৰে যে অৱতাৰ কৌল যদি অধিক দিন জীয়াই থাকিলহেঁতেন, তেন্তে তেওঁ হয়তো আৰু বহুতো ছবি নিৰ্মাণ কৰিলেহেঁতেন।

গৱেষণাৰ সময়ৰ এক আৱেগিক অভিজ্ঞতাৰ কথা ভাগ-বতৰা কৰি বিনোদ কৌলে কয় যে তেওঁৰ আমেৰিকান খুৰীয়েক এন কৌলৰো মৃত্যু হোৱা বুলি গৱেষণাৰ কালত তেওঁ জানিব পাৰিছিল। পৰিয়ালৰ লোকসকল তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত নাছিল। এই খবৰটো তেওঁৰ বাবে এক বৃহৎ আঘাত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই গৱেষণাই বহুতো অভাৱনীয় আৰু আৱেগিক অভিজ্ঞতা পোহৰলৈ আনিছে।

চিনেমা আৰু সাহিত্যৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি বিনোদ কৌলে কয় যে এই দুয়োটা মাধ্যম সদায়েই ওতপ্ৰোতভাৱে জড়িত হৈ আছে, কিয়নো বহুতো ছবিয়ে উপন্যাস, গল্প আৰু অন্যান্য সাহিত্যিক কৰ্মৰ পৰা অনুপ্ৰেৰণা লাভ কৰে। এই সম্পৰ্কক উজ্জ্বল কৰি তোলাৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা আৰু চিনেমাৰ সৈতে জড়িত কৰ্মৰাজিৰ কাহিনী পাঠকৰ মাজলৈ লৈ অহাৰ বাবে তেওঁ প্ৰকাশন বিভাগৰ প্ৰচেষ্টাৰ শলাগ লয়। লগতে অৱতাৰ কৌলৰ কাহিনী বহল সমাজৰ মাজলৈ নিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ বাবেও তেওঁ বিভাগটোক কৃতজ্ঞতা জ্ঞাপন কৰে।

নৱপ্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে অৱতাৰ কৌলৰ পৰা কি শিকিব পাৰে, সেই সন্দৰ্ভত বিনোদ কৌলে কয় যে তেওঁলোকে নিজৰ সৃজনশীল পচন্দৰ প্ৰতি দায়বদ্ধ হৈ থকা উচিত। যিটো সময়ত ‘জঞ্জীৰ’, ‘ববী’ আৰু ‘য়াদোঁ কি বাৰাত’ৰ দৰে মূলসুঁতিৰ ছবিসমূহ জনপ্ৰিয় আছিল, সেই সময়তে অৱতাৰ কৌলে নিজৰ আগ্ৰহক অনুসৰণ কৰি এখন কলাত্মক ছবি নিৰ্মাণ কৰাৰ পথ বাছি লৈছিল। বিনোদ কৌলে যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলক ‘২৭ ডাউন’ৰ কাহিনী কথন, কলা-কৌশল, বাৰ্তা আৰু চলচ্চিত্ৰ নিৰ্মাণ শৈলী অধ্যয়ন কৰিবলৈ উৎসাহিত কৰে।

এক চিনেমেটিক ঐতিহ্যৰ সংৰক্ষণ

‘অৱতাৰ কৌল: দ্য (ইন)কমপ্লিট ষ্ট’ৰী’ কেৱল এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ জীৱনৰ দস্তাবেজেই নহয়; বৰঞ্চ ই ভাৰতীয় চলচ্চিত্ৰৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ সৈতে ব্যক্তিগত স্মৃতিক পুনৰ সংযোগ কৰাৰো এক প্ৰয়াস। নিজৰ খুৰাকক বুজিবলৈ এজন ভতিজাকে আৰম্ভ কৰা অনুসন্ধান আজি অৱতাৰ কৌলৰ জীৱন আৰু অৱদানক ৰাইজৰ স্মৃতিলৈ ঘূৰাই অনাৰ এক প্ৰচেষ্টালৈ বিকশিত হৈছে।

এই প্ৰকাশনৰ জৰিয়তে প্ৰকাশন বিভাগে অৱতাৰ কৌলৰ দৰে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অৱদান নথিভুক্ত কৰাৰ লগতে নতুন প্ৰজন্মৰ পাঠক, শিক্ষাৰ্থী আৰু চিনেমাপ্ৰেমীসকলৰ মাজত তেওঁলোকৰ সৃজনশীল ঐতিহ্যক পৰিচয় কৰাই দিয়াৰ লক্ষ্য ৰাখিছে।

ইফিলইড ইয়াত পঢ়ক: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

(Source- DPD, New Delhi) | PIB IFFI Team | Anshul Singh/ Ambadas/ Darshana | IFFI 57 - 082


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2340924
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026