চলচ্চিত্ৰই হয়তো ৰাতিটোৰ ভিতৰতে পৃথিৱীখন সলনি কৰিব নোৱাৰে, কিন্তু ই মানুহৰ মনৰ দুৱাৰ মুকলি কৰিব পাৰে, পাৰস্পৰিক বাৰ্তালাপক উৎসাহিত কৰিব পাৰে আৰু নিজৰ চাৰিওফালৰ জগতখনৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। এই মন্তব্য কৰিছে ৫৭ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (ইফি) উদ্বোধনী ছবি 'ফাদাৰলেণ্ড'ৰ প্ৰযোজক তথা পোলেণ্ডৰ প্ৰখ্যাত চলচ্চিত্ৰ প্ৰযোজক ইৱা পুচিন্স্কাই।
ইফিত আয়োজিত এখন সংবাদমেলত সম্বোধন কৰি তেওঁ কয় যে, বিভিন্ন দৃষ্টিভংগীৰ প্ৰতি বুজাবুজি গঢ়ি তুলি আৰু বাৰ্তালাপৰ পৰিৱেশ সৃষ্টি কৰি চলচ্চিত্ৰই মানুহক ওচৰ চপাই অনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ কয়, "আমি আমাৰ চলচ্চিত্ৰৰ জৰিয়তে মানুহৰ সৈতে কথা পাতিব লাগিব। জীৱনৰ আন দিশবোৰ আৰু পৃথিৱীৰ আন প্ৰান্তৰ কথাবোৰ বুজিবলৈ আমি মানুহৰ মনবোৰ মুকলি কৰিব লাগিব।"
সমসাময়িক সমাজৰ বিভাজনৰ বিষয়ে আলোকপাত কৰি পুচিন্স্কাই কয় যে কোনো এটা নিৰ্দিষ্ট আখ্যান বা কাৰ্যসূচীয়েই যে একমাত্ৰ শুদ্ধ দৃষ্টিভংগী, তেনে নহয়। বৰ্তমান সময়ত মানুহে ইজনে সিজনৰ কথা শুনাতকৈ নিজৰ নিজৰ মতবাদ বা ধাৰণাকেই খামুচি ধৰি থাকিবলৈ বেছি ভাল পায় বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয়, "এটাই মাত্ৰ কাৰ্যসূচী বা এটাই মাত্ৰ আখ্যান যে শুদ্ধ, তেনে কথা নাই। ইজনে সিজনৰ সৈতে কথা পাতক, আহক আমি সকলোৱে মিলি এটা উমৈহতীয়া ভিত্তি বিচাৰি উলিয়াওঁ।"
'ফাদাৰলেণ্ড'ক বহুস্তৰীয় কাহিনী হিচাপে বৰ্ণনা কৰি পুচিন্স্কাই উল্লেখ কৰে যে চলচ্চিত্ৰখনে সমসাময়িক বিশ্বৰ সৈতে সংগতি থকা বিষয়বস্তুসমূহক অন্বেষণ কৰিছে। ১৯৪৯ চনৰ বিভাজিত ইউৰোপৰ পটভূমিত নিৰ্মিত এই ছবিখনে পূব-পশ্চিমৰ বিভাজন আৰু আজিও সমাজক প্ৰভাৱিত কৰি অহা বিভিন্ন বিভাজনসমূহক প্ৰতিফলিত কৰে। বিশেষকৈ প্ৰব্ৰজনে চিনাক্ত কৰা এখন পৃথিৱীত ছবিখনে পৰিচয় আৰু আপোনত্ববোধৰ প্ৰশ্নও উত্থাপন কৰিছে। ব্যক্তি আৰু তেওঁলোকৰ মাতৃভূমিৰ মাজৰ জটিল সম্পৰ্কক ছবিখনে কেনেদৰে পৰীক্ষা কৰিছে সেই কথা বুজাই তেওঁ প্ৰশ্ন কৰে, "আপোনাৰ মাতৃভূমি ক'ত? আপুনি বাস কৰা দেশখন নে আপুনি কোৱা ভাষাটো? আপোনাৰ ইতিহাস য'ৰ পৰা আহিছে সেই ঠাইখন নে আপুনি বৰ্তমান বাস কৰা দেশখন?"
বিখ্যাত জাৰ্মান সাহিত্যিক থমাছ মান আৰু তেওঁৰ পৰিয়ালৰ কাহিনীৰ জৰিয়তে 'ফাদাৰলেণ্ডে' সংস্কৃতি আৰু সমাজৰ মাজৰ সম্পৰ্ককো দাঙি ধৰিছে। পুচিন্স্কাই কয় যে সাহিত্য আৰু সাংস্কৃতিক ব্যক্তিত্বসকলে মানুহক আদৰ্শ আৰু অনুপ্ৰেৰণাৰ উৎস প্ৰদান কৰিব পাৰে। ছবিখনে পিতৃ-মাতৃ আৰু সন্তান, ভাই-ভনী তথা শিল্পীসকলৰ মাজৰ জটিল পাৰিবাৰিক সম্পৰ্কসমূহকো সূক্ষ্মভাৱে বিশ্লেষণ কৰিছে। লগতে বিখ্যাত শিল্পীসকলৰ সন্তানসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু পিতৃ-মাতৃৰ সফলতাৰ সৈতে ফেৰ মাৰিব পৰা সামৰ্থ্যক লৈ থকা প্ৰত্যাশাৰ দিশবোৰো ইয়াত অন্বেষণ কৰা হৈছে। এক বহল পৰিসৰত, বৃহৎ ঐতিহাসিক ঘটনাবোৰে সাধাৰণ ব্যক্তিৰ দৈনন্দিন জীৱনক কেনেদৰে গঢ় দিয়ে, ছবিখনে তাকেই পৰীক্ষা কৰিছে।
চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ শৈলী সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই পুচিন্স্কাই কয় যে পৰিচালক পাৱেল পাৱলিকোভস্কিৰ সৈতে পূৰ্বে নিৰ্মাণ কৰা 'ইডা' আৰু 'কোল্ড ৱাৰ'ৰ দৃশ্যগত শৈলীকে অনুসৰণ কৰি 'ফাদাৰলেণ্ড'কো ক’লা-বগা ৰূপত আৰু ৪:৩ এছপেক্ট ৰেচিঅ’ত দৃশ্যগ্ৰহণ কৰা হৈছে। ছবিখনত চিত্ৰিত সময়ছোৱাক অধিক বাস্তৱসন্মত কৰি তুলিবলৈকে এই বিশেষ শৈলী বাছনি কৰা হৈছিল। তেওঁ কয়, "আমি যিটো সময়ৰ কথা ক’বলৈ লৈছো, ছবিখন সেই সময়ছোৱাৰ সৈতে খাপ খোৱাকৈ বাস্তৱসন্মত হোৱাটো বিচাৰিছিলো। 'ফাদাৰলেণ্ড'ক এই ট্ৰিলজীৰ তৃতীয়খন ছবি হিচাপে গণ্য কৰিব পাৰি।"
নিৰ্মাণ প্ৰক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি তেওঁ বুজাই দিয়ে যে 'ফাদাৰলেণ্ড' হৈছে পোলেণ্ড, জাৰ্মানী, ইটালী আৰু ফ্ৰান্সৰ এক যৌথ আন্তঃৰাষ্ট্ৰীয় প্ৰযোজনা। যদিও কাহিনীটোৰ পটভূমি জাৰ্মানী, ছবিখনৰ প্ৰায় ৯৫ শতাংশ দৃশ্যগ্ৰহণ পোলেণ্ডতে সম্পন্ন হৈছিল আৰু ইয়াৰ সৃজনশীল তথা কাৰিকৰী দলটোত মূলতঃ পোলেণ্ডৰ পেছাদাৰী লোকসকলেই আছিল। ১৯৪৯ চনৰ জাৰ্মানীৰ পৰিৱেশ পুনৰ নিৰ্মাণ কৰিবলৈ পোলেণ্ডত বিধ্বস্ত আৰু অৱহেলিত ৰাস্তা-ঘাট, অট্টালিকা তথা সৰু সৰু চহৰৰ দৰে উপযুক্ত লোকেচন পোৱা গৈছিল।
পুচিন্স্কাই ভাৰত আৰু পোলেণ্ডৰ উমৈহতীয়া ইতিহাসৰ আধাৰত, বিশেষকৈ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতত আশ্ৰয় গ্ৰহণ কৰা পোলেণ্ডৰ শিশুসকলৰ কাহিনীক লৈ এখন চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰে। এই বিষয়টোৰ ওপৰত ইতিমধ্যে এখন চিত্ৰনাট্য লিখি উলিওৱা ইফিৰ মহোৎসৱ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকাৰৰ সৈতে হোৱা বাৰ্তালাপৰ কথা উল্লেখ কৰি তেওঁ আশা প্ৰকাশ কৰে যে এই সন্দৰ্ভত আলোচনা অব্যাহত থাকিব আৰু প্ৰকল্পটো আগুৱাই নিয়াৰ সম্ভাৱনীয়তাৰ দিশবোৰ অন্বেষণ কৰিব পৰা যাব।
অধিৱেশনখন সঞ্চালনা কৰে শ্ৰী ছৈয়দ ৰাবিহাছমিয়ে।
ইফিলইড ইয়াত পঢ়ক:: https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1®=48

_20261121140707_5116c2.jpeg)

PIB IFFI Team | Rajith Chandran/Supriya Ghaytadak/Bibin S Nath/ Darshana Rane | IFFI 57 - 043