পোষ্ট কৰা হৈছে:
21 NOV 2026 10:25AM by PIB Guwahati
জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টাত ভাৰতে গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্ৰম কৰিছে। ৰাষ্ট্ৰীয় এইচ পি ভি ছিটা প্ৰদান অভিযান আৰম্ভ হোৱাৰ ন মাহৰো কম সময়ৰ ভিতৰতে মানৱ পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ প্ৰতিষেধকৰ এক কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। এই সাফল্য জৰায়ুমুখৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পৰা এইচ পি ভি সংক্ৰমণৰ পৰা কিশোৰীসকলক সুৰক্ষা প্ৰদানৰ দিশত উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। লগতে সমগ্ৰ দেশতে এই ব্যৱস্থাই প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণৰো প্ৰতিফলন ঘটাইছে।

চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰা এই দেশজোৰা অভিযানৰ অধীনত চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহত ১৪ বছৰীয়া কিশোৰীসকলক অভিভাৱকৰ সন্মতিসাপেক্ষে বিনামূলীয়া, নিৰাপদ আৰু স্বেচ্ছামূলকভাৱে এইচ পি ভি প্ৰতিষেধকৰ একক পালি প্ৰদান কৰা হৈছে। ভৱিষ্যৎ প্ৰজন্মৰ মহিলাসকলৰ স্বাস্থ্য আৰু কল্যাণ সুৰক্ষিত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে ভাৰতৰ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতিৰ সূচনা কৰিছে।
ভাৰতৰ মহাপঞ্জীয়কৰ ২০২১ চনৰ জনসংখ্যাৰ তথ্যৰ ভিত্তিত নিৰ্ধাৰণ কৰা প্ৰায় ১.২ কোটি কিশোৰীৰ বাৰ্ষিক লক্ষ্যভুক্ত জনসংখ্যাৰ বিপৰীতে এই অভিযানৰ সামগ্ৰিক সাফল্যৰ হাৰ প্ৰায় ৮৭ শতাংশত উপনীত হৈছে। ন মাহৰ ভিতৰতে প্ৰতিষেধকৰ এক কোটি পালি প্ৰদানৰ এই সাফল্যই অভিযানটোৰ ব্যাপকতা আৰু গতিশীলতাকে প্ৰতিফলিত কৰিছে। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ, স্বাস্থ্যসেৱাৰ সৈতে জড়িত পেছাদাৰী ব্যক্তিসকল, তৃণমূল পৰ্যায়ৰ কৰ্মী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ সমন্বিত প্ৰচেষ্টাই এই সাফল্য সম্ভৱ কৰি তুলিছে।
ছখন ৰাজ্যত ১০০ শতাংশ ছিটা প্ৰদান; দেশজুৰি উল্লেখযোগ্য অগ্ৰগতি
এইচ পি ভি ছিটা প্ৰদানৰ পৰিসৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে ধাৰাবাহিকভাৱে অগ্ৰগতি প্ৰদৰ্শন কৰিছে। কেইবাখনো ৰাজ্যই নিজ নিজ চিনাক্তকৃত লক্ষ্যভুক্ত জনসংখ্যাৰ উচ্চ হাৰত ছিটা প্ৰদান সম্পূৰ্ণ কৰিছে।
এই অভিযানৰ অধীনত গুজৰাট, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ, মিজোৰাম, মধ্য প্ৰদেশ আৰু বিহাৰ—এই ছখন ৰাজ্যই নিজ নিজ চিনাক্তকৃত লক্ষ্যভুক্ত জনসংখ্যাৰ ১০০ শতাংশ ছিটা প্ৰদান সম্পূৰ্ণ কৰিছে।
আনহাতে, অধিক সাফল্য লাভ কৰা ৰাজ্যসমূহৰ ভিতৰত অসমত ৯৫.৬৩ শতাংশ, তেলেংগানাত ৯৫.২৮ শতাংশ, কৰ্ণাটকত ৯৩.১৬ শতাংশ আৰু উত্তৰাখণ্ডত ৯০.১৭ শতাংশ ছিটা প্ৰদান সম্পূৰ্ণ হৈছে।
ছত্তীশগড়ত ৮৬.২১ শতাংশ আৰু ৰাজস্থানত ৮৫.২৩ শতাংশ ছিটা প্ৰদান সম্পূৰ্ণ হোৱাৰ বিপৰীতে কেৰালাত ৭৭.০২ শতাংশ, তামিলনাডুত ৭৬.১২ শতাংশ, ওড়িশাত ৭৪.৯০ শতাংশ আৰু দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউ কেন্দ্ৰীয়শাসিত অঞ্চলত ৭২.৯৯ শতাংশ ছিটা প্ৰদান সম্পূৰ্ণ হৈছে।
প্ৰদান কৰা প্ৰতিষেধকৰ মুঠ সংখ্যাৰ হিচাপত উত্তৰ প্ৰদেশে দেশৰ ভিতৰত শীৰ্ষস্থান দখল কৰিছে। ৰাজ্যখনত ১৪ বছৰীয়া ২৯.৩৩ লাখৰো অধিক কিশোৰীক ছিটা প্ৰদান কৰা হৈছে। ইয়াৰ পিছতে বিহাৰত ১৩.৭০ লাখৰো অধিক আৰু গুজৰাটত ৭.৭৫ লাখৰো অধিক কিশোৰীক ছিটা প্ৰদান কৰা হৈছে।
ভৌগোলিক, জনসাংখ্যিক আৰু আৰ্থ-সামাজিক দিশৰ পৰা ভিন্নতা থকা ৰাজ্যসমূহত লাভ কৰা এই অগ্ৰগতিয়ে অভিযানটোৰ ব্যাপক প্ৰসাৰ আৰু স্থানীয় পৰিস্থিতিৰ সৈতে খাপ খুৱাই গ্ৰহণ কৰা ৰূপায়ণ কৌশলৰ কাৰ্যকাৰিতাকে প্ৰতিফলিত কৰিছে।
কেন্দ্ৰ-ৰাজ্যৰ শক্তিশালী সমন্বয়ে দেশজোৰা ছিটা প্ৰদান অভিযানক গতি প্ৰদান কৰিছে
এই সাফল্য কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ চৰকাৰসমূহৰ মাজত অব্যাহত থকা সমন্বিত প্ৰচেষ্টাৰ ফল। জিলা প্ৰশাসন, ৰাজহুৱা স্বাস্থ্য প্ৰতিষ্ঠান আৰু তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলেও এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
গ্ৰাম্য, নগৰীয়া, দুৰ্গম আৰু ভৌগোলিকভাৱে প্ৰত্যাহ্বানমূলক অঞ্চলসমূহতো ছিটা প্ৰদানৰ সুবিধা সম্প্ৰসাৰিত কৰাৰ বাবে ৰাজ্যসমূহে নিজ নিজ পৰিস্থিতিৰ সৈতে খাপ খোৱা কৌশল গ্ৰহণ কৰিছে। বিহাৰ, তামিলনাডু আৰু ছিকিমৰ ৰাজ্য চৰকাৰৰ উদ্যোগত গ্ৰহণ কৰা পদক্ষেপসমূহো প্ৰচাৰ আৰু ৰূপায়ণ শক্তিশালী কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় অভিযানৰ সৈতে সংযুক্ত কৰা হৈছে।
এই অভিযানত সম্প্ৰদায়ৰ সৈতে সম্পৰ্ক স্থাপন, অভিভাৱকৰ মাজত সজাগতা বৃদ্ধি আৰু এইচ পি ভি ছিটা প্ৰদান সম্পৰ্কে নিৰ্ভৰযোগ্য তথা বিজ্ঞানসন্মত তথ্য প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
শিশু ৰোগ বিশেষজ্ঞ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ দৰে আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠানৰ বিশেষজ্ঞসকলে প্ৰতিষেধকৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে সজাগতা সৃষ্টি তথা সংশয় দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী (আশা), সহকাৰী এ এন এম আৰু অন্যান্য তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মীসকলেও অভিভাৱক তথা স্থানীয় ৰাইজৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি সচেতনভাৱে ছিটা প্ৰদান অভিযানত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ লগতে ভুল তথ্যৰ প্ৰচাৰ ৰোধৰ চেষ্টা চলাইছে।
এই সামূহিক প্ৰচেষ্টাই জনসাধাৰণৰ আস্থা বৃদ্ধি আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত এইচ পি ভি ছিটা প্ৰদানৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাত সহায় কৰিছে।
ইউ-ৱিন( U-WIN)-এ ডিজিটেল নিৰীক্ষণ আৰু ছিটা প্ৰদানৰ সুবিধা শক্তিশালী কৰিছে
দেশজোৰা এই অভিযানৰ সফল ৰূপায়ণত ডিজিটেল স্বাস্থ্য আন্তঃগাঁথনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইউ-ৱিন( U-WIN) প্লেটফৰ্মৰ জৰিয়তে বাস্তৱ সময়ত অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, হিতাধিকাৰীৰ তথ্য অনুসৰণ আৰু ডিজিটেল ছিটা প্ৰদানৰ অভিলেখ সংৰক্ষণৰ সুবিধা প্ৰদান কৰা হৈছে।
জিলা পৰ্যায়ত ছিটা প্ৰদানৰ অগ্ৰগতি নিৰীক্ষণ, ছিটা প্ৰদানৰ ক্ষেত্ৰত থকা ব্যৱধান চিনাক্ত কৰা আৰু এতিয়াও ছিটা লাভ নকৰা যোগ্য কিশোৰীসকলৰ তথ্য সংগ্ৰহৰ বাবে কাৰ্যসূচীৰ পৰিচালকসকলে এই প্লেটফৰ্ম ব্যৱহাৰ কৰিছে। ইয়াৰ জৰিয়তে অধিক ফলপ্ৰসূ পৰিকল্পনা আৰু সম্পদৰ সঠিক আবণ্টনতো সহায় হৈছে।
এই মঞ্চৰ জৰিয়তে অভিভাৱকসকলে নিজৰ কন্যাৰ বাবে এইচ পি ভি ছিটা প্ৰদানৰ সময় নিৰ্ধাৰণ কৰাৰ লগতে ছিটা গ্ৰহণৰ ডিজিটেল প্ৰমাণপত্ৰও ডাউনলোড কৰিব পাৰে। ইয়াৰ ফলত ছিটা প্ৰদানৰ প্ৰক্ৰিয়া অধিক সুলভ, সুবিধাজনক আৰু স্বচ্ছ হৈ উঠিছে।
ডিজিটেল নিৰীক্ষণ ব্যৱস্থাৰ সৈতে ক্ষেত্ৰ পৰ্যায়ৰ কাৰ্যকৰীকৰণৰ সমন্বয়ে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক কাৰ্যসূচীৰ পৰিচালনা শক্তিশালী কৰাৰ লগতে যোগ্য হিতাধিকাৰীসকলৰ কাষ চাপিবলৈ অধিক সহায় কৰিছে।
এইচ পি ভি ছিটা প্ৰদান: জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ প্ৰমাণিত ব্যৱস্থা
জৰায়ুমুখৰ কৰ্কট ৰোগ এতিয়াও এটা গুৰুত্বপূৰ্ণ ৰাজহুৱা স্বাস্থ্যজনিত সমস্যা আৰু মহিলাসকলৰ কৰ্কট ৰোগজনিত অসুস্থতা তথা মৃত্যুৰ অন্যতম কাৰণ। হিউমেন পেপিলোমা ভাইৰাছৰ (এইচ পি ভি) কিছুমান উচ্চ বিপদাশংকাযুক্ত প্ৰজাতিৰ দীৰ্ঘদিনীয়া সংক্ৰমণেই জৰায়ুমুখৰ কৰ্কট ৰোগৰ অধিকাংশ ঘটনাৰ বাবে দায়ী।
জৰায়ুমুখৰ কৰ্কট ৰোগৰ কাৰণ হ’ব পৰা এইচ পি ভি সংক্ৰমণৰ আশংকা হ্ৰাস কৰাৰ ক্ষেত্ৰত এইচ পি ভি ছিটা প্ৰদান হৈছে সম্প্ৰতি প্ৰচলিত আটাইতকৈ ফলপ্ৰসূ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ অন্যতম।
এইচ পি ভি প্ৰতিষেধকৰ সুৰক্ষা আৰু কাৰ্যকাৰিতা সম্পৰ্কে বিশ্বজুৰি লাভ কৰা বিস্তৃত বিজ্ঞানসন্মত তথ্য-প্ৰমাণৰ ভিত্তিত ৰাষ্ট্ৰীয় এইচ পি ভি ছিটা প্ৰদান অভিযান ৰূপায়ণ কৰা হৈছে। বিশ্বজুৰি এইচ পি ভি প্ৰতিষেধকৰ ৮০ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। তদুপৰি, প্ৰায় দুটা দশকৰ বিজ্ঞানসন্মত গৱেষণা আৰু বাস্তৱ অভিজ্ঞতাই প্ৰতিষেধকত অন্তৰ্ভুক্ত এইচ পি ভি সংক্ৰমণ তথা ইয়াৰ সৈতে জড়িত কৰ্কট-পূৰ্ব অৱস্থাৰ বিৰুদ্ধে ইয়াৰ শক্তিশালী সুৰক্ষা প্ৰদানৰ ক্ষমতা প্ৰমাণ কৰিছে।
১৪ বছৰ বয়সতে কিশোৰীসকলক এই প্ৰতিষেধক প্ৰদানৰ জৰিয়তে এইচ পি ভি সংক্ৰমণৰ সম্ভাৱ্য সংস্পৰ্শলৈ অহাৰ বহু আগতেই তেওঁলোকক সুৰক্ষা প্ৰদান কৰাই এই অভিযানৰ লক্ষ্য। ইয়াৰ ফলত দীৰ্ঘম্যাদীভাৱে জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধত সহায় হ’ব।
হিতাধিকাৰীসকলৰ সুৰক্ষাক সৰ্বাধিক অগ্ৰাধিকাৰ
প্ৰতিগৰাকী হিতাধিকাৰীৰ সুৰক্ষা আৰু সুস্থতা নিশ্চিত কৰাটো এই অভিযানৰ অন্যতম মৌলিক অগ্ৰাধিকাৰ।
সকলো ছিটা প্ৰদান কাৰ্যসূচী নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্যকেন্দ্ৰত প্ৰশিক্ষিত চিকিৎসা বিষয়াৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অনুষ্ঠিত কৰা হৈছে। ছিটা প্ৰদান কেন্দ্ৰসমূহক ২৪ ঘণ্টাই স্বাস্থ্য সেৱাৰ সুবিধা থকা কেন্দ্ৰৰ সৈতে সংযুক্ত কৰা হৈছে, যাতে ছিটা প্ৰদানৰ পাছত হ’ব পৰা বিৰল প্ৰতিকূল পৰিঘটনা (এ ই এফ আই)ৰ তাৎক্ষণিক পৰীক্ষা, নিৰীক্ষণ আৰু ব্যৱস্থাপনা কৰিব পৰা যায়।
প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী আৰু উপযুক্ত চিকিৎসা ব্যৱস্থাৰ সহযোগত এই অভিযানত প্ৰতিষ্ঠিত ছিটা প্ৰদান সুৰক্ষা বিধি-নিৰ্দেশনাসমূহ অনুসৰণ কৰা হৈছে।
ছিটা প্ৰদান কাৰ্যসূচীৰ প্ৰতি জনসাধাৰণৰ আস্থা অটুট ৰখাৰ বাবে মন্ত্ৰালয়ে স্বচ্ছ যোগাযোগ, বিজ্ঞানসন্মত তথ্য-প্ৰমাণ আৰু অভিভাৱকৰ সচেতন সন্মতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।
সকলো যোগ্য কিশোৰীক সামৰি লোৱাৰ লক্ষ্যৰে অভিযানৰ গতি অব্যাহত ৰখাৰ প্ৰচেষ্টা
প্ৰতিষেধকৰ এক কোটি পালি প্ৰদানৰ মাইলৰ খুঁটি অতিক্ৰম কৰাৰ পাছতো বাকী থকা যোগ্য কিশোৰীসকলক ছিটা প্ৰদান অভিযানৰ আওতালৈ অনা আৰু সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলতে ছিটা প্ৰদানৰ হাৰ অধিক শক্তিশালী কৰাৰ ওপৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰিছে।
ছিটা প্ৰদানৰ ক্ষেত্ৰত থকা ব্যৱধান দূৰ কৰা, সজাগতা বৃদ্ধি আৰু সকলোৰে বাবে সমতাপূৰ্ণভাৱে এইচ পি ভি প্ৰতিষেধকৰ সুবিধা নিশ্চিত কৰাৰ উদ্দেশ্যে মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন, চিকিৎসা বিশেষজ্ঞ, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মী, শিক্ষানুষ্ঠান আৰু স্থানীয় ৰাইজৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি যাব।
যোগ্য ১৪ বছৰীয়া কিশোৰীৰ অভিভাৱকসকলক নিকটৱৰ্তী নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্যকেন্দ্ৰলৈ গৈ অথবা ইউ-ৱিন(U-WIN) মঞ্চৰ জৰিয়তে তথ্য লাভ কৰি ছিটা গ্ৰহণৰ সময় নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
ন মাহৰো কম সময়ৰ ভিতৰত এইচ পি ভি প্ৰতিষেধকৰ এক কোটিৰো অধিক পালি প্ৰদানৰ এই সাফল্য কেৱল সংখ্যাগত মাইলৰ খুঁটিতে সীমাবদ্ধ নহয়। ই ভাৰতৰ কিশোৰীসকলৰ স্বাস্থ্য সুৰক্ষা আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পৰা ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত কৰা গুৰুত্বপূৰ্ণ বিনিয়োগ।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ কৰা ৰাষ্ট্ৰীয় এইচ পি ভি ছিটা প্ৰদান অভিযানে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ প্ৰতি ভাৰতৰ ক্ৰমবৰ্ধমান গুৰুত্ব আৰু মহিলাসকলক প্ৰতিৰোধযোগ্য ৰোগৰ পৰা সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।
আজি প্ৰদান কৰা এইচ পি ভি প্ৰতিষেধকৰ প্ৰতিটো পালিয়েই ভাৰতৰ কন্যাসকলৰ সুস্থ ভৱিষ্যতৰ দিশত এখোজ আৰু জৰায়ুমুখৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা মহিলাৰ সংখ্যা হ্ৰাস পোৱা ভৱিষ্যতৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
এই সাফল্যই প্ৰতিগৰাকী যোগ্য কিশোৰীৰ বাবে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা সুলভ কৰি তোলা আৰু জৰায়ুমুখৰ কৰ্কট ৰোগৰ বোজা হ্ৰাস কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিকে পুনৰ দৃঢ় কৰিছে।
SR/UD
এইচ এফ ডব্লিউ / ন মাহতকৈ কম সময়ৰ ভিতৰতে ভাৰতত এইচ পি ভি প্ৰতিষেধক প্ৰদানৰ সংখ্যা ১ কোটি অতিক্ৰম
২১ নৱেম্বৰ, ২০২৬ / ১