57th International Film Festival of India 2026
20 – 28 Nov 2026

সৃষ্টিশীল ধাৰণাৰ পৰা বিশ্বজনীন সুযোগলৈ: গোৱাত আৰম্ভ ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar) ২০২৬

চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সংযোগ স্থাপন, কাহিনীৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্ব প্ৰসাৰৰ দুটা দশক

পোষ্ট কৰা হৈছে: 20 NOV 2026 2:03PMby PIB Guwahatiৰিলিজ আই ডি : 2339075Views: 3

ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)ৰ ২০ সংখ্যক সংস্কৰণ আজি গোৱাৰ তাজ চিডাডে ডি গোৱা হৰাইজন (Taj Cidade de Goa Horizon)ত উদ্বোধন কৰা হয়। ইয়াৰ জৰিয়তে ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগৰ মাজত সংযোগৰ এনাজৰী গঢ়াৰ দুটা দশকৰ যাত্ৰাই এক উল্লেখযোগ্য মাইলৰ খুঁটি স্পৰ্শ কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-এ আয়োজন কৰা পাঁচদিনীয়া এই বজাৰখনে চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, চিত্ৰনাট্যকাৰ, বিনিয়োগকাৰী, বিতৰক আৰু উদ্যোগটোৰ অন্যান্য পেছাদাৰীসকলক একত্ৰিত কৰিছে। ইয়াৰ লক্ষ্য হৈছে পাৰস্পৰিক সহযোগিতাৰ সম্ভাৱনা অন্বেষণ কৰা আৰু সৃষ্টিশীল প্ৰকল্পসমূহক বিশ্বৰ বজাৰলৈ আগবঢ়াই নিয়া।

উদ্বোধনী অনুষ্ঠানত দিয়া মূল ভাষণত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰে ফিল্ম বজাৰৰ (Film Bazaar) উল্লেখযোগ্য বিকাশৰ কথা উল্লেখ কৰে। ২০০৭ চনত ১৮খন দেশৰ ২০৪গৰাকী প্ৰতিনিধিৰ অংশগ্ৰহণেৰে আৰম্ভ হোৱা এই বজাৰত শেহতীয়া সংস্কৰণসমূহত প্ৰতিনিধিৰ সংখ্যা ২,৫০০ৰো অধিক হৈছে। তেওঁ ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-ক এনে এক মঞ্চ হিচাপে অভিহিত কৰে, যিয়ে সৃষ্টিশীল ধাৰণাক বাণিজ্যিক সুযোগলৈ ৰূপান্তৰ কৰে।

ৱেভছ ২০২৫ (WAVES 2025)ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পোষণ কৰা ‘ভাৰতত সৃষ্টি কৰক, বিশ্বৰ বাবে সৃষ্টি কৰক’ শীৰ্ষক দৃষ্টিভংগীৰ কথা উল্লেখ কৰি তেওঁ ভাৰতীয় সৃষ্টিশীল প্ৰতিভাসমূহক আন্তঃৰাষ্ট্ৰীয় বজাৰ আৰু সুযোগৰ সৈতে অধিক সংযোগ স্থাপনৰ সুবিধা প্ৰদান কৰাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

তেওঁ ফিল্ম বজাৰ (Film Bazaar)-ক সহযোগিতা আৰু নতুন সম্ভাৱনা আৱিষ্কাৰৰ এক মঞ্চ হিচাপে অভিহিত কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক এই বজাৰৰ সুযোগসমূহৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই মঞ্চত কাহিনীবোৰে অংশীদাৰিত্বৰ ৰূপ ল’ব পাৰে আৰু সৃষ্টিশীলতাই দীৰ্ঘস্থায়ী অৰ্থনৈতিক তথা সাংস্কৃতিক মূল্য সৃষ্টি কৰিব পাৰে।

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী চঞ্চল কুমাৰ

সন্মানীয় অতিথি হিচাপে উপস্থিত লোকসকলক সম্বোধন কৰি মহোৎসৱৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰীসকলক একত্ৰিত কৰাৰ ক্ষেত্ৰত ফিল্ম বজাৰ (Film Bazaar)-ৰ অনন্য ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।

এই মঞ্চই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৃষ্টিশীল যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-এ এখন চলচ্চিত্ৰ সম্পূৰ্ণ হোৱালৈ অপেক্ষা নকৰে; বৰঞ্চ নিৰ্মাতাসকল তেওঁলোকৰ সৃষ্টিশীল প্ৰক্ৰিয়াৰ যি পৰ্যায়তে নাথাকক কিয়, সেই পৰ্যায়তে তেওঁলোকৰ কাষ চাপে। কোনো নিৰ্মাতাৰ চিত্ৰনাট্য আধৰুৱা হৈ থাকক অথবা দৰ্শকৰ কাষলৈ নিয়াৰ অপেক্ষাত এখন সম্পূৰ্ণ চলচ্চিত্ৰই থাকক, এই বজাৰে প্ৰকল্পটোক আগুৱাই নিয়াত সহায় কৰিব পৰা বিভিন্ন ব্যক্তিক একত্ৰিত কৰে।

তেওঁ ব্যাখ্যা কৰে যে প্ৰায়ে একাপ কফি খাবলৈ জনোৱা আমন্ত্ৰণেৰে আৰম্ভ হোৱা এক সাধাৰণ কথোপকথনেও কেনেদৰে অৰ্থপূৰ্ণ সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰিব পাৰে।

মহোৎসৱৰ সঞ্চালক শ্ৰী আশুতোষ গোৱাৰিকৰ

উপস্থিত লোকসকলক আদৰণি জনাই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ  পৰিচালন সঞ্চালক শ্ৰী ধীৰাজ সিঙে ফিল্ম বজাৰ (Film Bazaar)-ক ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)ৰ এক অবিচ্ছেদ্য অংগ হিচাপে অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে যোৱা দুটা দশৰ ধৰি এই মঞ্চই আইএফএফআই (IFFI)ৰ সৈতে এই সম্পৰ্ক অক্ষুণ্ণ ৰাখিছে। তেওঁৰ মতে, ফিল্ম বজাৰ (Film Bazaar) বৰ্তমান এক বৃহৎ আৰু বহল পৰিসৰৰ মঞ্চলৈ ৰূপান্তৰিত হৈছে, যিয়ে চলচ্চিত্ৰ উদ্যোগৰ বাবে ইয়াৰ পৰিসৰ আৰু সুযোগ-সুবিধা সম্প্ৰসাৰিত কৰিছে।

চলচ্চিত্ৰৰ ৰূপান্তৰ সাধন কৰিব পৰা শক্তিৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে মানুহক কোনো বিষয় বা পৰিঘটনাক বেলেগ দৃষ্টিভংগীৰে চাবলৈ সক্ষম কৰি তোলাটো এক বিশেষ উপহাৰ। তেওঁ প্ৰতিনিধিসকলক এই চাৰিদিনৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ, অচিনাকি লোকৰ সৈতে মত-বিনিময় কৰিবলৈ, নিজৰ ধাৰণাসমূহ বিশেষকৈ আধৰুৱা প্ৰকল্পসমূহৰ বিষয়ে আনৰ সৈতে আলোচনা কৰিবলৈ আৰু ‘হয়’ বুলি সঁহাৰি পোৱাৰ আশাৰে নতুন নতুন সুযোগৰ সন্ধান কৰিবলৈ আহ্বান জনায়।

 

সোঁফালৰ পৰা: শ্ৰী প্ৰভাত, অতিৰিক্ত সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (MIB); জি কৃষ্ণকুমাৰ, অধ্যক্ষ, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC); শ্ৰী চঞ্চল কুমাৰ, সচিব, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় (MIB); শ্ৰী আশুতোষ গোৱাৰিকৰ, মহোৎসৱৰ সঞ্চালক; আৰু শ্ৰী ধীৰাজ সিং, পৰিচালন সঞ্চালক, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব শ্ৰী প্ৰভাতে শলাগৰ শৰাই আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC)-ৰ অধ্যক্ষ জি কৃষ্ণকুমাৰো উপস্থিত থাকে।

ৱেভছ ফিল্ম বজাৰ (WAVES Film Bazaar)-এ দুটা দশক সম্পূৰ্ণ কৰাৰ এই ক্ষণত চলচ্চিত্ৰ উদ্যোগৰ বিভিন্ন পক্ষক একত্ৰিতকৰণৰ পৰিসৰ অতিক্ৰম কৰি কাহিনীবোৰক অধিক দূৰলৈ লৈ যোৱাৰ নতুন সম্ভাৱনা সৃষ্টিৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা সম্প্ৰসাৰিত হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, চিত্ৰনাট্যকাৰ, বিনিয়োগকাৰী আৰু বিতৰকসকলৰ মাজত সংযোগ স্থাপনৰ জৰিয়তে এই বজাৰখনে সম্ভাৱনাপূৰ্ণ ধাৰণাসমূহে যাতে উপযুক্ত সহযোগী লাভ কৰে আৰু ভাৰতৰ বৈচিত্ৰ্যপূৰ্ণ কাহিনীবোৰে যাতে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ কাষ চাপিবলৈ সুযোগ পায়, সেয়া নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে। এনে এক পৰিৱেশ গঢ়ি তোলাৰ ওপৰতে ইয়াৰ গুৰুত্ব অব্যাহত আছে, য'ত আলোচনা আৰু মত-বিনিময়ে সহযোগিতাৰ বাট মুকলি কৰে আৰু সৃষ্টিশীল সম্ভাৱনাসমূহে ৰূপালী পৰ্দাত প্ৰকাশ লাভৰ সুযোগ পায়।

ইয়াত পঢ়ক ইফিলইড (IFFILOID): https://www.pib.gov.in/iffi/57/iffiLoid.aspx?yr=2026&lang=1&reg=48

 

* * *

PIB IFFI Team | Rajith Chandran/ Supriya Ghaytadak/ Nikhitha A. S./ Darshana Rane | IFFI 57 - 038

 


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2339075
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026