ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
পোষ্ট কৰা হৈছে:
19 NOV 2026 11:38AM by PIB Guwahati
ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ডিজিটেল ইণ্ডিয়া কৰ্পোৰেচন (ডি আই চি)ৰ অন্তৰ্গত ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগে (ডি আই বি ডি) ২০২৬ চনৰ ১৭–১৮ নৱেম্বৰত নতুন দিল্লীৰ ইণ্ডিয়া হেবিটেট চেণ্টাৰত অনুষ্ঠিত হোৱা দুদিনীয়া উচ্চ-স্তৰীয় নীতিগত আলোচনা 'দক্ষিণ দিৱস ২০২৬'ত (অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ‘উন্নয়নশীল দেশসমূহৰ বাবে গৱেষণা আৰু তথ্য কেন্দ্ৰ (আৰ আই এছ) দ্বাৰা আয়োজিত এই অনুষ্ঠানে দক্ষিণ-দক্ষিণ সহযোগিতাৰ উদীয়মান ক্ষেত্ৰসমূহৰ ওপৰত আলোচনা কৰিবলৈ ভাৰত, আফ্ৰিকা আৰু অন্যান্য অংশীদাৰ দেশসমূহৰ নীতি নিৰ্ধাৰক, কূটনীতিবিদ, বিশেষজ্ঞ আৰু প্ৰতিষ্ঠানিক প্ৰতিনিধিসকলক একত্ৰিত হোৱাৰ সুযোগ দিয়ে।
এই অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান আৰু কাৰ্যসূচীৰ প্ৰথম দিনৰ অংশত এখন প্ৰদৰ্শনী বিপণীৰ জৰিয়তে ভাষিণীৰ উপস্থিতি পৰিলক্ষিত হয়। এই বিপণীত ভাষিণীৰ বহুভাষিক ভাষা কৃত্ৰিম বুদ্ধিমত্তা পৰিস্থিতিতন্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (এ আই) চালিত ভাষা প্ৰযুক্তিয়ে কেনেকৈ সৰ্বাংগীণ ডিজিটেল প্ৰৱেশাধিকাৰ সক্ষম কৰিব পাৰে, ৰাজহুৱা সেৱা প্ৰদান শক্তিশালী কৰিব পাৰে আৰু ভাষিক সীমাৰ সিপাৰে যোগাযোগ সহজ কৰিব পাৰে, সেই কথা প্ৰদৰ্শন কৰা হয়।
ভাষিণী দলটোৱে আগবঢ়োৱা প্ৰযুক্তিৰ ব্যৱহাৰৰ বিভিন্ন উদাহৰণ আৰু বাস্তৱ প্ৰদৰ্শনে দৰ্শনাৰ্থীসকলক বহুভাষিক অনুবাদ, বাক্ চিনাক্তকৰণ, বাক্ সংশ্লেষণ, প্ৰতিলিপিকৰণ, লিপ্যন্তৰ আৰু কণ্ঠস্বৰ-সক্ষম পাৰস্পৰিক ক্ৰিয়াৰ ক্ষেত্ৰত মঞ্চখনৰ সামৰ্থ্যৰ এক আভাস দিয়ে। এই প্ৰদৰ্শনে শাসন, শিক্ষা, স্বাস্থ্যসেৱা, বেংকিং, আইনী সেৱা আৰু অন্যান্য নাগৰিকমুখী ক্ষেত্ৰত এই প্ৰযুক্তিসমূহৰ ব্যৱহাৰিক প্ৰয়োগসমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে ভাষা AI-এ কেনেকৈ মানুহৰ পছন্দৰ ভাষাত তথ্য আৰু ডিজিটেল সেৱাসমূহ অধিক সহজলভ্য কৰিব পাৰে, সেই কথা প্ৰদৰ্শন কৰে।
এই প্ৰদৰ্শনীয়ে বিশিষ্ট ব্যক্তি, আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি, নীতি নিৰ্ধাৰক আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগো প্ৰদান কৰে। ইয়াৰ জৰিয়তে ডিজিটেল অন্তৰ্ভুক্তি আগুৱাই নিয়া আৰু প্ৰাতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰাত বহুভাষিক এ আই-ৰ সম্ভাৱনা উজলি উঠে। এই প্ৰদৰ্শনৰ জৰিয়তে ভাষিণীয়ে ৰাষ্ট্ৰীয় সীমাৰ সিপাৰে আৰু বিভিন্ন ভাষিক পৰিপ্ৰেক্ষিতলৈ বিস্তৃত প্ৰয়োগৰ সৈতে ভাষা এ আই-ক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ (ডি পি আই) এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে উজলাই তোলে ।
এই অংশগ্ৰহণৰ এটা মুখ্য আকৰ্ষণ আছিল ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্য মন্ত্ৰী শ্ৰী কীৰ্তি বৰ্ধন সিঙৰ ভাষিণী বিপণী পৰিদৰ্শন। মন্ত্ৰীগৰাকীয়ে দলটোৰ সৈতে মত বিনিময় কৰাৰ লগতে ভাষিণীৰ বহুভাষিক এ আই সামৰ্থ্যৰ প্ৰদৰ্শনৰ অভিজ্ঞতা লোৱাৰ উপৰি ভাষিণীক তেওঁলোকে ব্যৱহাৰ কৰা ভাল আৰু উপযোগী মঞ্চ আখ্যা দিয়ে।
ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগ (ডি আই বি ডি)ৰ বিষয়ে
ডিজিটেল ইণ্ডিয়া কৰ্পৰেশ্বন (ডি আই চি)ৰ অধীনস্থ ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ ডিজিটেল ইণ্ডিয়া ভাষিণী বিভাগে (ডি আই বি ডি) এ আই চালিত বহুভাষিক ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে এক ৰাষ্ট্ৰীয় পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে। ভাষিণীয়ে গঢ়ি তোলা ভাষা-প্ৰথম ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ জৰিয়তে চৰকাৰী বিভাগ, ডেভেলপাৰ, গৱেষক আৰু অন্যান্য অংশীদাৰসকলক বহুভাষিক এ আই এপ্লিকেশ্বন আৰু সেৱা নিৰ্মাণ তথা মুকলি কৰাৰ সুযোগ দিয়ে। ভাষিণীয়ে ৩৬টা ভাৰতীয় লিখিত ভাষা, ২৩টা ভাৰতীয় কণ্ঠ ভাষা আৰু ৩৫টা আন্তঃৰাষ্ট্ৰীয় ভাষা সমৰ্থন কৰাৰ জৰিয়তে চৰকাৰী আৰু ৰাজহুৱামুখী ডিজিটেল সেৱাত ভাষা প্ৰযুক্তিৰ সংহতি ত্বৰান্বিত কৰে। ইয়াৰ পৰিস্থিতিতন্ত্ৰত অন্তৰ্ভুক্ত হৈ থকা অনুবাদ, বাক্ চিনাক্তকৰণ, বাক্ সংশ্লেষণ, লিপ্যন্তৰ আৰু অন্যান্য ভাষা সেৱাৰ প্ৰযুক্তিয়ে ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ মাজত ডিজিটেল তথ্য আৰু সেৱাসমূহ অধিক সহজলভ্য কৰাত সহায় কৰে।
****
Vinod Kumar / Kanishk Sharma/DD