প্ৰতিৰক্ষা মন্ত্ৰালয়
azadi ka amrit mahotsav

এৰো ইণ্ডিয়া ২০২৭ৰ বাবে সংবাদ মাধ্যমৰ পঞ্জীয়ন আৰম্ভ

পোষ্ট কৰা হৈছে: 19 NOV 2026 3:10PM by PIB Guwahati

এৰো ইণ্ডিয়া ২০২৭ ৰ বাবে সংবাদ মাধ্যমৰ কৰ্মীসকলৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰদৰ্শনী আৰু বিশ্বৰ অন্যতম আগশাৰীৰ মহাকাশ তথা প্ৰতিৰক্ষা প্ৰদৰ্শনীৰ এই ১৬ সংখ্যক সংস্কৰণটো ২০২৭ চনৰ ৮ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ কৰ্ণাটকৰ বেংগালুৰুস্থিত য়েলাহাংকা বায়ু সেনা কেন্দ্ৰত  অনুষ্ঠিত হ’ব। অনুষ্ঠানটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ আগ্ৰহী সংবাদকৰ্মীসকলে https://aeroindia.gov.in/ ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰিব। অহা ২০২৭ চনৰ ৪ জানুৱাৰীত পঞ্জীয়ন প্ৰক্ৰিয়াৰ অন্ত পৰিব।

 

তলত দিয়া  সবিশেষ থকা আগ্ৰহীসকলে পঞ্জীয়নৰ বাবে আবেদন জনাব পাৰিব:

 

  • স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকলৰ বাবে পি আই বি বা ৰাজ্যিক স্বীকৃতি কাৰ্ড আৰু স্বীকৃতি  বিহীন সংবাদ কৰ্মীসকলৰ বাবে সংবাদ মাধ্যমৰ বৈধ পৰিচয় পত্ৰ। (ফাইলৰ আকাৰ ১ এম বি তকৈ বেছি হ'ব নালাগে)
  • সকলো সংবাদ কৰ্মীৰ বাবে চৰকাৰে জাৰি কৰা ফটো পৰিচয় পত্ৰ। (ফাইলৰ আকাৰ ১ এম বি তকৈ বেছি হ'ব নালাগে)
  • শেহতীয়া নিজৰ ফটো। (ফাইলৰ আকাৰ ৫১২ কে বিত তকৈ বেছি হ'ব নালাগে)
  • বিদেশী সাংবাদিকসকলৰ বাবে বৈধ 'জে' ভিছা। (ফাইলৰ আকাৰ ১ এম বি তকৈ বেছি হ'ব নালাগে)

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিৰক্ষা উৎপাদন বিভাগে আয়োজন কৰা এৰো ইণ্ডিয়া ২০২৭ এ এখন  বৃহৎ বিশ্ব মঞ্চ হিচাপে কাম কৰিব। ইয়াত শীৰ্ষ মহাকাশ আৰু প্ৰতিৰক্ষা কোম্পানী, নীতি নিৰ্ধাৰক, প্ৰযুক্তি বিশেষজ্ঞ, উদ্ভাৱক, উদ্যোগ প্ৰতিনিধি আৰু প্ৰতিৰক্ষা কৰ্মীসকল একত্ৰিত হ'ব। পাঁচদিনীয়া অনুষ্ঠানটোত বিস্তৃত প্ৰদৰ্শনীৰ লগতে ধাৰাবাহিক ব্যৱসায়িক আৰু কৌশলগত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ জৰিয়তে উদ্যোগৰ সহযোগিতা, চৰকাৰ-উদ্যোগৰ মত বিনিময়, প্ৰযুক্তি প্ৰদৰ্শন আৰু জ্ঞানৰ আদান-প্ৰদান ত্বৰান্বিত হ’ব। অত্যাধুনিক বিমান প্ৰযুক্তি আৰু সামৰ্থ্য প্ৰদৰ্শনৰ উদ্দেশ্যে  ভাৰতীয় বায়ুসেনা আৰু অংশগ্ৰহণকাৰী আন্তঃৰাষ্ট্ৰীয় উৰণ দলসমূহে প্ৰদৰ্শন কৰা দৰ্শনীয় আকাশী প্ৰদৰ্শন ইয়াৰ এটা ডাঙৰ আকৰ্ষণ হ'ব।

১৬ সংখ্যক এৰো ইণ্ডিয়াই আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতি আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। বিশ্ব মহাকাশ আৰু প্ৰতিৰক্ষা যোগান শৃংখলাত এক নিৰ্ভৰযোগ্য অংশীদাৰ হিচাপে দেশৰ স্থিতি সুদৃঢ় কৰিব। এই অনুষ্ঠানে এম এচ এম ই আৰু ষ্টাৰ্ট-আপকে ধৰি ভাৰতীয় প্ৰতিৰক্ষা উদ্যোগসমূহক তেওঁলোকৰ সামৰ্থ্য প্ৰদৰ্শন কৰিবলৈ, নতুন ব্যৱসায়িক সুযোগ অন্বেষণ কৰিবলৈ আৰু অংশীদাৰিত্ব গঢ়িবলৈ এক ডাঙৰ মঞ্চ প্ৰদান কৰাৰ লগতে বিনিয়োগ, ৰপ্তানি আৰু প্ৰযুক্তি সহযোগিতাক উৎসাহিত কৰিব।

 

****

SR/Savvy/DD


(ৰিলিজ আই ডি : 2338833) অতিথি কক্ষ : 5