57th International Film Festival of India 2026
20 – 28 Nov 2026

আই এফ এফ আই ২০২৬-ত ‘শ্ৰেষ্ঠ ৱেব ছিৰিজ বঁটা’ৰ বাবে মনোনীত পাঁচখন ৱেব ছিৰিজ

শিক্ষা, লোককথা, উদ্যোগীকৰণ, ৰাজনীতি আৰু মানৱ সম্পৰ্কক সামৰি লোৱা বৈচিত্ৰ্যময় আখ্যানে ভাৰতৰ অ’টিটি উদ্যোগৰ সৃষ্টিশীল সম্ভাৱনাক উদযাপন কৰে

পোষ্ট কৰা হৈছে: 18 NOV 2026 2:40PMby PIB Guwahatiৰিলিজ আই ডি : 2338425Views: 5

ভাৰতৰ ডিজিটেল মনোৰঞ্জন উদ্যোগৰ বিৱৰ্তনশীল পৰিদৃশ্যই ২০২৬ চনৰ ২০ তাৰিখৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ত কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰিব আৰু পাঁচখন সুকীয়া ৱেব ছিৰিজ-য়ে অ’টিটি বঁটা শাখাৰ অধীনত শ্ৰেষ্ঠ ৱেব ছিৰিজ বঁটাৰ বাবে মনোনীত কৰা হৈছে। সামাজিক বাস্তৱতা, সাংস্কৃতিক পৰম্পৰা, ঐতিহাসিক মাইলৰ খুঁটি আৰু মানৱ সম্পৰ্কত প্ৰোথিত কাহিনীসমূহক সন্মিলিত কৰা মনোনয়নসমূহে ভাৰতৰ ক্ৰমবৰ্ধমান অ’টিটি পৰিতন্ত্ৰৰ বৈচিত্ৰ্য আৰু সৃষ্টিশীল উচ্চাকাংক্ষাক প্ৰতিফলিত কৰিছে।

মনোনয়নসমূহত চকু ফুৰাওকচোন:

আদৰ্শ বাল বিদ্যালয়

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/Picture13_20261118144321_ecebc2.jpg

হিমংক গৌৰ পৰিচালিত ‘আদৰ্শ বাল বিদ্যালয়’-য়ে ভাৰতৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ বাস্তৱতাক হাস্যৰস আৰু সামাজিক ধাৰাভাষ্যৰে উপস্থাপন কৰিছে। দিল্লীৰ এখন চৰকাৰী বিদ্যালয়ক প্ৰেক্ষাপট হিচাপে লৈ নিৰ্মাণ কৰা এই ধাৰাবাহিকখনে প্ৰধান শিক্ষক জ্ঞানেশ্বৰ ত্ৰিপাঠীক অনুসৰণ কৰে, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰাৰ ওপৰত যাৰ কেম্ব্ৰিজ ভ্ৰমণৰ সপোন নিৰ্ভৰ কৰে। বিচ্ছিন্ন ছাত্ৰ-ছাত্ৰী, প্ৰতিষ্ঠানিক অভাৱ আৰু প্ৰত্যাহ্বানমূলক শৈক্ষিক পৰিৱেশে তেওঁৰ বাটত বাধাৰ সৃষ্টি কৰাৰ লগতে এগৰাকী আদৰ্শবাদী শিক্ষকৰ আগমনে বিদ্যালয়খনত ৰূপান্তৰিত কৰাৰ এক প্ৰচেষ্টাৰ সূচনা কৰে।

শিক্ষাৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতিফলনৰ সৈতে কমেডীৰ মিশ্ৰণ ঘটাই এই ধাৰাবাহিকখনে নিষ্ঠাবান শিক্ষকৰ ভূমিকা আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ আভ্যন্তৰীণ পৰিৱৰ্তনৰ সম্ভাৱনাক উজলাই তুলিছে।

 

দেৱখেল

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/Picture14_20261118144346_7ec08a.jpg

লোককথা আৰু পৰম্পৰাগত বিশ্বাসক প্ৰেৰণা হিচাপে লৈ চন্দ্ৰকান্ত লতা গাইকৱাড় পৰিচালিত ‘দেৱখেল’-য়ে দৰ্শকক লৈ যায় দেৱতলী গাঁৱৰ ৰহস্যময় জগতখনলৈ, য’ত প্ৰতি বছৰে হোলীৰ নিশা এটা মৃত্যু ঘটে। স্থানীয় পৰম্পৰাৰ সৈতে জড়িত পৌৰাণিক দানৱ শংকাসুৰৰ বাবেই পুনৰাবৃত্তিমূলক ঘটনাবোৰ সংঘটিত হয় বুলি গাঁওবাসীয়ে ধাৰণা কৰি আহিছিল। পিছে, যেতিয়া আন এটা ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হ’ল তেতিয়া পৰিদৰ্শক বিশ্বাসে এই বিৰক্তিকৰ আৰ্হিটোৰ আঁৰৰ সত্য উন্মোচন কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হয়। তদন্তৰ লগে লগে গাঁৱৰ গোপন কথাবোৰ, লুকাই থকা উদ্দেশ্য আৰু বিশ্বাসৰ প্ৰশ্নবোৰ লাহে লাহে ওলাবলৈ ধৰে।

অপৰাধ, ছাচপেন্স আৰু লোককথাৰ উপাদানসমূহ মিহলাই এই ধাৰাবাহিকখনে অন্ধবিশ্বাস, পৰম্পৰা আৰু বাস্তৱৰ সুক্ষ্ম সংযোগস্থলৰ সন্ধান কৰে।

 

মে’ড ইন ইণ্ডিয়া: এ টাইটান ষ্ট’ৰী

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/Picture15_20261118144411_04b59b.jpg

ৰবি গ্ৰেৱালৰ পৰিচালনাত নিৰ্মিত ‘মে’ড ইন ইণ্ডিয়া: এ টাইটান ষ্ট’ৰী’-য়ে ভাৰতৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত ঘৰুৱা ব্ৰেণ্ড সৃষ্টিৰ আঁৰৰ উদ্যোগীকৰণৰ দৃষ্টিভংগীৰ সন্ধান কৰে। প্ৰাক উদাৰীকৰণ যুগৰ প্ৰেক্ষাপটত নিৰ্মিত এই ধাৰাবাহিকখনে জেৰক্সেস দেশাই আৰু বিদেশী সামগ্ৰী আৰু চোৰাং ঘড়ীৰ আধিপত্য থকা বজাৰখনত বিশ্বমানৰ ভাৰতীয় ঘড়ীৰ ব্ৰেণ্ড উপস্থাপনৰ বাবে কৰা অভিলাষী প্ৰচেষ্টাক অনুসৰণ কৰে। জে আৰ ডি টাটাৰ নিৰ্দেশনা আৰু এটা প্ৰতিশ্ৰুতিবদ্ধ দলৰ সহায়ত দেশায়ে আমোলাতন্ত্ৰিক বাধা, আৰ্থিক সংকট আৰু প্ৰযুক্তিগত প্ৰত্যাহ্বানসমূহৰ মাজেৰে আগবাঢ়ি যায়।

আখ্যানটোৱে সেই দৃঢ়তা, উদ্ভাৱন আৰু অগ্ৰণী মনোভাৱক ধৰি ৰাখিছে যিয়ে এক অভিলাষী ঔদ্যোগিক দৃষ্টিভংগীক ভাৰতৰ কৰ্পৰেট ইতিহাসৰ এক ঐতিহাসিক অধ্যায়লৈ ৰূপান্তৰিত কৰিছিল।

 

মায়াসভা: দি ৰাইজ অব দ্য টাইটানছ

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/Picture16_20261118144432_d08b17.jpg

১৯৭০ চনৰ অন্ধ্ৰ প্ৰদেশৰ ৰাজনৈতিকভাৱে উত্তেজনাপূৰ্ণ পৰিৱেশৰ বিপৰীতে দেৱ কট্টৰ পৰিচালনাত নিৰ্মিত ‘মায়াসভা: দি ৰাইজ অব দ্য টাইটানছ’-ত ককাৰলা কৃষ্ণমা নাইডু (কে কে এন) এগৰাকী আদৰ্শবাদী ছাত্ৰ নেতা আৰু শক্তিশালী পৰিয়ালৰ যুৱক হৈছে এম এছ ৰামি ৰেড্ডী।

বিভিন্ন পটভূমি সত্ত্বেও ঘনিষ্ঠ বন্ধু হিচাপে আৰম্ভ কৰা, সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন অনাৰ আকাংক্ষাৰ দ্বাৰা একত্ৰিত হোৱা তেওঁলোকৰ সম্পৰ্ক ক্ৰমশঃ মানসিক চাপৰ কাৰণ হৈ উঠে, কাৰণ তেওঁলোকে জাতি বিভাজন, ধন, দুৰ্নীতি, ক্ষমতাক লৈ সংগ্ৰাম আৰু পৰিৱৰ্তিত গতিশীলতাকে ধৰি ৰাজনৈতিক জীৱনৰ কঠোৰ বাস্তৱতাক অনুসৰণ কৰে। সতীৰ্থৰ পৰা ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হোৱা তেওঁলোকৰ ৰূপান্তৰে আখ্যানটোৰ জুমুঠি তৈয়াৰ কৰে, ৰাজনৈতিক কৌশল, স্থানান্তৰিত আনুগত্য আৰু ক্ষমতাৰ কৰিডৰত মানৱ সম্পৰ্কৰ জটিলতাৰ এক মনোগ্ৰাহী অন্বেষণ আগবঢ়ায়।

 

মুছাফিৰ কেফে

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/Picture17_20261118144456_88f7dd.jpg

গল্প-কথনৰ ক্ষেত্ৰত অধিক অন্তৰংগ দৃষ্টিভংগী গ্ৰহণ কৰি ৰুচিৰ অৰুণৰ পৰিচালনাত নিৰ্মিত ‘মুছাফিৰ কেফে’-ই প্ৰেম, সংগী আৰু আত্ম-আৱিষ্কাৰৰ বহু মাত্ৰিক অন্বেষণ কৰে। চন্দৰ মোহন শৰ্মা আৰু সুধা আৰু প্ৰীতিৰ সৈতে তেওঁৰ সম্পৰ্কক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ধাৰাবাহিকখনে পৰিৱৰ্তিত পৰিস্থিতি, ব্যক্তিগত পছন্দ আৰু মানৱ সংযোগৰ জটিলতাৰ মাজেৰে তেওঁৰ আৱেগিক যাত্ৰাক অনুসৰণ কৰে। ভূপাল আৰু মুছৌৰীৰ নান্দনিক প্ৰাকৃতিক দৃশ্যৰ বিপৰীতে উপস্থাপন কৰা এই আখ্যানে প্ৰেম, হেৰুৱা সুযোগ, গ্ৰহণযোগ্যতা আৰু মানুহৰ জীৱন গঢ় দিয়া অপ্ৰত্যাশিত মোড়ক ওপ্ৰতিফলিত কৰিছে। ই সম্পৰ্কক উথ্থান আৰু আৱিষ্কাৰৰ যাত্ৰা হিচাপে উপস্থাপন কৰে, য’ত প্ৰতিটো মুখামুখিয়েই মানৱ অভিজ্ঞতাত ছাপ পেলাইছে।

এই পাঁচটা মনোনয়নে একেলগে ভাৰতৰ অ’টিটি পৰিদৃশ্যৰ বিস্তাৰিত সৃষ্টিশীল সম্ভাৱনাক প্ৰদৰ্শন কৰে, য’ত বিভিন্ন অঞ্চল, সংস্কৃতি আৰু সামাজিক প্ৰেক্ষাপটৰ কাহিনীয়ে ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰকাশ পায়। চৰকাৰী শ্ৰেণীকোঠাৰ প্ৰত্যাহ্বান আৰু গাঁৱৰ লোককথাৰ ৰহস্যৰ পৰা আৰম্ভ কৰি ভাৰতৰ উদ্যোগী যাত্ৰা, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা আৰু প্ৰেমৰ সূক্ষ্মতালৈকে মনোনীত ধাৰাবাহিকখনে সমসাময়িক ভাৰতীয় গল্প-কথনৰ অন্বেষণ অব্যাহত থকা বিষয়সমূহৰ পৰিসৰ প্ৰদৰ্শন কৰে।

২০২৬ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)ৰ শ্ৰেষ্ঠ ৱেব চিৰিজ (OTT) বঁটাৰ জৰিয়তে মৌলিক ৱেব ভিত্তিক বিষয়বস্তুৰ উৎকৃষ্টতাক স্বীকৃতি দিয়াৰ লগতে ভাৰতৰ ডিজিটেল মনোৰঞ্জন উদ্যোগটো গঢ় দিয়া লেখক, পৰিচালক, নিৰ্মাতা, অভিনেতা আৰু নিৰ্মাণগোটৰ সৃষ্টিশীল দৃষ্টিভংগী আৰু অৱদানক উদযাপন কৰা হয়। মনোনয়নসমূহে উদ্ভাৱনীমূলক গল্প-কথন আৰু চলচ্চিত্ৰীয় প্ৰকাশৰ বাবে এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে অ’টিটি প্লেটফৰ্মসমূহৰ ক্ৰমবৰ্ধমান তাৎপৰ্য্যক পুনৰ দৃঢ় কৰে।

 

* * *

PIB IFFI Team | Rajith Chandran/Lekshmi Priya S S/ Gopika/ Darshana Rane/KB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2338425
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026