পোষ্ট কৰা হৈছে:
17 NOV 2026 1:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফিলিপাইনছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰী ফাৰ্ডিনাণ্ড আৰ. মাৰ্কোছ জুনিয়ৰৰ আমন্ত্ৰণত মেনিলাত অনুষ্ঠিত ২৩ সংখ্যক ভাৰত-আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। তেওঁ ৰাষ্ট্ৰপতি মাৰ্কোছক ‘আমাৰ ভৱিষ্যতৰ দিশ নিৰ্দেশনা, সহযোগিতাৰে’ বিষয়বস্তুৰ অধীনত আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে আৰু ভাৰতৰ বাবে দেশীয় সমন্বয়ক হিচাপে ইয়াৰ সমৰ্থনৰ প্ৰতি অভিনন্দন জনায়।
সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে আছিয়ানৰ সৈতে ভাৰতৰ ব্যাপক কৌশলগত অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আছিয়ান আৰু ভাৰতে অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰতো শান্তি, সুস্থিৰতা আৰু পূৰ্বানুমানযোগ্যতাৰ বাবে কাম কৰা উচিত। ভাৰতে এখন মুক্ত, মুকলি, অন্তৰ্ভুক্তিমূলক আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত বিশ্বাস কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোৰ ভৱিষ্যত প্ৰতিযোগিতাৰ ওপৰত নহয়, সহযোগিতাৰ ওপৰতহে নিৰ্ভৰ কৰে।
আছিয়ানৰ একতা আৰু কেন্দ্ৰীয়তাৰ প্ৰতি ভাৰত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ থকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে আছিয়ান কমিউনিটি ভিজন ২০৪৫ আৰু বিকশিত ভাৰত ২০৪৭-এ ভাৰত আৰু আছিয়ানৰ জনসাধাৰণৰ অংশীদাৰী আকাংক্ষা পূৰণত সহায় কৰিব।
তেওঁ লগতে কয় যে গোলকীয় অনিশ্চয়তাৰ সময়ত অংশীদাৰী মূল্যবোধ, উমৈহতীয়া গোলকীয় দৃষ্টিভংগী তথা ভাৰত আৰু আছিয়ানৰ মাজত গভীৰ সাংস্কৃতিক সম্পৰ্কই এই অংশীদাৰিত্বক নতুন মাত্ৰা প্ৰদান কৰিছে। তেওঁ কয় যে ভাৰতৰ এক্ট ইষ্ট নীতিয়ে ভাৰত-আছিয়ান সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে।
বিশ্বৰ ভৱিষ্যতৰ বাবে প্ৰযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু আছিয়ান কেৱল প্ৰযুক্তিৰ গ্ৰাহক হোৱা উচিত নহয়, বৰং সহযোগিতাৰে সেইসমূহৰ সৃষ্টি কৰাৰ লগতে আমাৰ জনসাধাৰণক দক্ষতা প্ৰদানৰ বাবে একেলগে কাম কৰা উচিত।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত-আছিয়ান সম্পৰ্কৰ বাবে ২০২৭ বৰ্ষটো এটা বিশেষ বৰ্ষ হ’ব, যেতিয়া দুয়োপক্ষই সম্পৰ্কৰ ৩৫ বছৰ আৰু ব্যাপক কৌশলগত অংশীদাৰিত্বৰ ৫ বছৰ উদযাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে ভাৰত-আছিয়ান সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেইবাটাও প্ৰস্তাৱৰ পৰামৰ্শ দিয়ে। ইয়াৰ ভিতৰত আছেঃ
• যোগাযোগ, বৈজ্ঞানিক গৱেষণা, দুৰ্যোগ ব্যৱস্থাপনা, উপকূলৰক্ষী বাহিনীৰ সহযোগিতা, সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা আৰু নাৱিকসকলৰ নিৰাপত্তা বৃদ্ধিৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী আছিয়ান-ভাৰত সামুদ্ৰিক সহযোগিতা পৰিকল্পনা;
• অঞ্চলটোত ক্ষমতা বিকাশৰ বাবে যুটীয়া চাইবাৰ ফৰেনছিক প্ৰশিক্ষণ কাৰ্যসূচী;
• আছিয়ান-ভাৰত পাৰমাণৱিক শক্তি কাৰিকৰী বিনিময়;
• আছিয়ান-ভাৰত মহাকাশ হেকাথন;
• খনন আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ক্ষেত্ৰত আছিয়ান-ভাৰতৰ সহযোগিতা;
• যুৱ সন্মিলন, যুৱ সাংসদ বিনিময় আৰু ষ্টাৰ্ট-আপ হেকাথনৰ জৰিয়তে আছিয়ান-ভাৰত যুৱ সংযোগ;
• নালন্দা বিশ্ববিদ্যালয়ত আছিয়ান দেশসমূহৰ বাবে বৃত্তি বৃদ্ধি কৰা;
• ৱেভছ ২০২৭ত আছিয়ান-ভাৰত সৃষ্টিশীল অংশীদাৰিত্ব পেভিলিয়ন; আৰু
• আছিয়ান দেশসমূহৰ পৰ্যটকসকলৰ বাবে বিনামূলীয়া ই-ভিছা।
প্ৰধানমন্ত্ৰীয়ে এই সন্মিলনখন আয়োজন কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে আৰু আছিয়ানৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীক শুভেচ্ছা জনায়।
নেতাসকলে দুৰ্যোগ ব্যৱস্থাপনা সহযোগিতা সম্পৰ্কীয় আছিয়ান-ভাৰত যৌথ বিবৃতিত অনুমোদন জনায় (link)। প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ ইয়াত চাব পাৰিব [link] ।
***
MJPS/SS/VJ/SS/NB