57th International Film Festival of India 2026
20 – 28 Nov 2026

৫৭ সংখ্যক আইএফএফআইত সন্মানীয় দেশ হিচাপে স্পেইন: সমসাময়িক স্পেনিছ চলচ্চিত্ৰ আৰু কাহিনী কথনৰ উদযাপন

পোষ্ট কৰা হৈছে: 15 NOV 2026 2:24PMby PIB Guwahatiৰিলিজ আই ডি : 2336753Views: 9

৫৭সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (আইএফএফআই) অংশগ্ৰহণ কৰা চলচ্চিত্ৰপ্ৰেমীৰ বাবে এইবাৰ এটা বিশেষ আকৰ্ষণ আছে, কিয়নো এই মহোৎসৱে স্পেনিছ চলচ্চিত্ৰৰ চহকী ইতিহাস আৰু বৈচিত্ৰ্য উদযাপন কৰিছে। স্পেইনক ‘সন্মানীয় দেশ’ (Country of Honour) হিচাপে ঘোষণা কৰাৰ লগে লগে আইএফএফআই-এ চাৰিখন বিশেষভাৱে নিৰ্বাচিত সমসাময়িক স্পেনিছ চলচ্চিত্ৰৰ এটা সংকলন প্ৰদৰ্শন কৰিব, য’ত বিশ্ব, এছীয় আৰু ভাৰতীয় পৰ্যায়ৰ প্ৰিমিয়াৰসমূহ অন্তৰ্ভুক্ত থাকিব। এই প্ৰদৰ্শনীয়ে দৰ্শকসকলক সমসাময়িক স্পেনিছ চলচ্চিত্ৰৰ প্ৰাণৱন্ততা, সৃজনশীলতা আৰু বিৱৰ্তিত কাহিনী কথনৰ ক্ষেত্ৰখনৰ  আকৰ্ষণীয় আভাস প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।

 

এই বছৰ আইএফএফআইত প্ৰদৰ্শিত হ’বলগীয়া স্পেনিছ ছবিসমূহৰ আকৰ্ষণীয় তালিকাত অন্তৰ্ভুক্ত আছে:

 

বিটাৰ খ্ৰীষ্টমাছ (Amarga Navidad)

দুবাৰকৈ অস্কাৰ বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা পেড্ৰ’ আলমোডোভাৰৰ শেহতীয়া ২০২৬ চনৰ এই ছবিখনে চলচ্চিত্ৰ নিৰ্মাণত ব্যক্তিগত অভিজ্ঞতা আৰু বাস্তৱ ঘটনাৱলী ব্যৱহাৰ কৰাৰ ক্ষতিশংকাসমূহ অন্বেষণ কৰিছে। ইয়াত প্ৰশ্ন উত্থাপন কৰা হৈছে যে এটা সৎ কাহিনীৰ সন্ধানত এজন চলচ্চিত্ৰ নিৰ্মাতাই কাৰোবাৰ জীৱনৰ কিমানখিনি কথা উন্মোচন কৰিব পাৰে। ছবিখনৰ কাহিনীটো ৰাউল নামৰ এজন প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে, যিয়ে নিজৰ পৰৱৰ্তী ছবিখনৰ বাবে নতুন ধাৰণা বিচাৰি সংগ্ৰাম কৰি আছে আৰু কাহিনীটো আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ নিজৰ জীৱনৰ কৰুণ অভিজ্ঞতাক এখন নতুন চিত্ৰনাট্যৰ অনুপ্ৰেৰণা হিচাপে ব্যৱহাৰ কৰে। চলিত বৰ্ষত কাঁ, টৰণ্টো আৰু ছান ছেবাষ্টিয়ানৰ দৰে প্ৰতিষ্ঠিত চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখনৰ আইএফএফআই-ত ভাৰতীয় প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।

 

লুকিং ফৰ মাইকেল (Persiguiendo a Michael)

হুৱানা মেছিয়াছৰ পৰিচালনাত নিৰ্মিত ২০২৬ চনৰ এই ছবিখনে পাৰ্কিনছন ৰোগত আক্ৰান্ত এগৰাকী যুৱতীৰ কাহিনী বৰ্ণনা কৰিছে। জীৱনে তেওঁলৈ কঢ়িয়াই অনা দুখৰ ওচৰত হাৰ নামানি তেওঁ সাহসেৰে জীৱনটোক এটা ভিন্ন ৰূপত জীয়াই থকাৰ সিদ্ধান্ত লয়। একেটা ৰোগত আক্ৰান্ত সদস্যসকলেৰে গঠিত নিজৰ ‘মিউজিক থেৰাপী’ গোটটোৰ সহযোগত তেওঁ পাৰ্কিনছন ৰোগৰ সৈতে জীয়াই থকা বুলি পৰিচিত প্ৰখ্যাত অভিনেতা মাইকেল জে. ফক্সক লগ কৰিবলৈ যাত্ৰা আৰম্ভ কৰে। হাস্য-ব্যংগাত্মক নাটকীয় (comedy drama) শৈলীৰ এই ছবিখনৰ আইএফএফআই ২০২৬ত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।

 

দ্য বেড ছন (El Mal Hijo)

স্পেনিছ অভিনেতা-পৰিচালক জেইম ল’ৰেণ্টেৰ পৰিচালক হিচাপে প্ৰথমখন ছবি ‘এল মাল হিজো’ (El Mal Hijo)ৰ আইএফএফআই ২০২৬ত এছীয় প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব। ছবিখন হৈছে প্ৰজন্মগত আঘাত আৰু পাৰিবাৰিক সম্পৰ্কৰ এটা মৰ্মস্পৰ্শী অন্বেষণ। পূৰ্বে ছান ছেবাষ্টিয়ান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা এই ছবিখনত ১১ বছৰ বয়সতে পিতৃয়ে পৰিত্যাগ কৰা এজন যুৱকৰ কাহিনী দেখুওৱা হৈছে, যিয়ে প্ৰায় অচিনাকি এগৰাকী আইতাকৰ সৈতে থাকিবলৈ লয়। যন্ত্ৰণাদায়ক স্মৃতিবোৰৰ মুখামুখি হৈ আৰু নিজৰ পৰিয়ালৰ অশান্ত অতীতৰ ৰহস্য উদঙাই তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা আৱেগিক ক্ষতৰ এই চক্ৰটো ভাঙিবলৈ চেষ্টা চলায়।

 

ট্ৰিনিদাদ (Trinidad)

ল’ৰা আলভিয়া আৰু জোছে অৰ্টুনোৰ পৰিচালনাত নিৰ্মিত ২০২৫ চনৰ ছবি ‘ট্ৰিনিদাদ’-এ ঊনবিংশ শতিকাৰ শেষৰ ফালে ‘ৱাইল্ড ৱেষ্ট’লৈ পলায়ন কৰা এগৰাকী যুৱতী স্পেনিছ মহিলাৰ দুঃসাহসিক অভিযানক অনুসৰণ কৰে। মিছাকৈ এটা অপৰাধত অভিযুক্ত হোৱাৰ পিছত তেওঁ মহিলা বিদ্ৰোহীসকলৰ এটা দলৰ সৈতে চামিল হয় আৰু একচন, বিপদ তথা প্ৰতিশোধেৰে ভৰা দুঃসাহসিক যাত্ৰাত নামি পৰে। একচনধৰ্মী এই ছবিখনৰ আইএফএফআই ২০২৬ত বিশ্ব প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।

 

* * *

PIB IFFI Team | Ranjith Chandran/ Lekshmi Priya/ Sriyanka Chatterjee/ Darshana Rane/DB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2026 and #StoriesWithoutBorders. Tag us @pibindia on Instagram and @PIB_India on X, and we will help amplify your festival moments!

For accredited journalists, critics, bloggers, and vloggers seeking 1-on-1 interviews with filmmakers and festival juries, write to us at:
iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Official Release ID: 2336753
•
Media Centre: Goa
•
Festival Dates: Nov 20 – 28, 2026