মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ তিনিটা ধ্বজ্বাবাহী ডিজিটেল পদক্ষেপৰ শুভাৰম্ভ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীৰ

বিদ্যালয় শিক্ষা পৰিৱেশতন্ত্ৰৰ সকলো ছাত্ৰ-ছাত্ৰীৰ উপকাৰ হোৱাকৈ এই পদক্ষেপসমূহ সম্প্ৰসাৰণ কৰাৰ আহ্বান শ্ৰী প্ৰহ্লাদ যোশীৰ

পোষ্ট কৰা হৈছে: 12 NOV 2026 2:44PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় বিদ্যালয় সংগঠন (কেভিএছ)-ৰ তিনিটা ধ্বজ্বাবাহী ডিজিটেল পদক্ষেপৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত ‘সমীক্ষা’ এআই বটৰ সৈতে এআই-সংযুক্ত বিদ্যা সমীক্ষা কেন্দ্ৰ (ভিএছকে), কেভিএছ-সংবাদ অভিভাৱক সংযোগ এপ আৰু ৱেব প’ৰ্টেল, আৰু কেভিএছ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সংযোগ প’ৰ্টেল  আছে। প্ৰযুক্তি-সক্ষম, স্বচ্ছ আৰু দক্ষ প্ৰশাসনৰ দিশত কেভিএছ-ৰ যাত্ৰাত ই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে।

এই পদক্ষেপসমূহক ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০-ৰ উদ্দেশ্যসমূহ বাস্তৱায়িত কৰাৰ লগতে ডিজিটেল ইণ্ডিয়াৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে দলটোক অভিনন্দন জনায় আৰু অধিক গ্ৰহণযোগ্যতাৰ বাবে এই পদক্ষেপসমূহক অধিক শক্তিশালী তথা প্ৰদৰ্শন কৰিবলৈ অংশীদাৰসকলক উৎসাহিত কৰে। তেওঁ সকলো শ্ৰেণী আৰু স্থান সামৰি প্ৰতিখন কেন্দ্ৰীয় বিদ্যালয়তে এই পদক্ষেপ সম্প্ৰসাৰণ কৰাৰ আহ্বান জনায়। লগতে তেওঁ অংশীদাৰসকলক নিৰন্তৰ শিক্ষণ পদ্ধতি গ্ৰহণ কৰিবলৈ, ফলাফলসমূহ মূল্যায়ন কৰিবলৈ আৰু উন্নতিৰ প্ৰয়োজন থকা ক্ষেত্ৰসমূহ চিনাক্ত কৰি সমাধান কৰিবলৈ উৎসাহিত কৰে।

শ্ৰী যোশীয়ে বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগ (ডিঅ’এছইএল)-ৰ সহযোগত কেভিএছৰ বাহিৰলৈ গৈ সমগ্ৰ বিদ্যালয় শিক্ষা পৰিৱেশতন্ত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপকাৰ হোৱাকৈ এই পদক্ষেপ সম্প্ৰসাৰণ কৰাৰ পৰামৰ্শ দিয়ে। শিক্ষকসকলৰ সামৰ্থ্য বিকাশৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ প’ৰ্টেলটোত শিক্ষক প্ৰশিক্ষণৰ সামগ্ৰিক তথ্য অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে ইয়াত শিক্ষকসকলৰ প্ৰশিক্ষণৰ স্থিতি, প্ৰশিক্ষণৰ ব্যৱধান, পূৰ্বৰ প্ৰশিক্ষণৰ অভিলেখ আৰু আগন্তুক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ সবিশেষ তথ্য থাকিব লাগে। এই তথ্যসমূহ এটা অনলাইন প্লেটফৰ্মত একত্ৰিত কৰিলে উন্নত নিৰীক্ষণত সহায় হ’ব আৰু সময়মতে প্ৰশিক্ষণ নিশ্চিত হ’ব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

এই উদ্বোধনী অনুষ্ঠানত ডিঅ’এছইএলৰ সচিব শ্ৰী টি কে অনিল কুমাৰ, ডিঅ’এছইএল-ৰ যুটীয়া সচিব শ্ৰীমতী প্ৰাচী পাণ্ডে, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ আয়ুক্ত শ্ৰী বিকাশ গুপ্তা আৰু শিক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

এআই-সংযুক্ত বিদ্যা সমীক্ষা কেন্দ্ৰ

এআই-সংযুক্ত বিদ্যা সমীক্ষা কেন্দ্ৰ (samiksha.kvs.gov.in)-ই ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ উপস্থিতি, শৈক্ষিক পাৰদৰ্শিতা, বিদ্যালয়ৰ আন্তঃগাঁথনি আৰু নামভৰ্তিৰ বাস্তৱিক সময়ৰ ডেশ্বব’ৰ্ড প্ৰদান কৰে। ইয়াৰ ‘সমীক্ষা’ এআই বটে তথ্য বিশ্লেষণ কৰে, আসোঁৱাহসমূহ চিনাক্ত কৰে আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে, যাৰ ফলত তথ্যভিত্তিক আৰু সময়োপযোগী সিদ্ধান্ত গ্ৰহণ সম্ভৱ হয়।

কেভিএছ-সংবাদ – অভিভাৱক সংযোগ এপ আৰু ৱেব প’ৰ্টেল

কেভিএছ সংবাদ অভিভাৱক সংযোগ এপ আৰু ৱেব প’ৰ্টেল (samvaad.kvs.gov.in)-এ বাস্তৱিক সময়ৰ উপস্থিতি, পাঠ্যক্ৰমৰ অগ্ৰগতি, শৈক্ষিক ফলাফল, শিক্ষণ সমল আৰু ডিজিটেল ছাত্ৰ-ছাত্ৰী পৰিচয় পত্ৰ প্ৰদান কৰি বিদ্যালয়সমূহক অভিভাৱকসকলৰ অধিক ওচৰ চপাই আনিছে। অভিভাৱকসকলে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ ডায়েৰী চোৱাৰ উপৰি বোনাফাইড আৰু চিইএ প্ৰমাণপত্ৰ তথা ছাত্ৰ-ছাত্ৰীৰ ছুটীৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰে। ইয়াৰ ফলত কাগজ-পত্ৰৰ কাম আৰু অনাৱশ্যকীয় বিদ্যালয় ভ্ৰমণ হ্ৰাস পোৱাৰ লগতে অভিভাৱক-শিক্ষকৰ যোগাযোগ অধিক শক্তিশালী হ’ব।

কেভিএছ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প’ৰ্টেল

কেভিএছ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী প’ৰ্টেল (alumni.kvs.gov.in)-এ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ বিদ্যালয় আৰু সহপাঠীসকলৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ, নিজৰ সফলতা আৰু অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ তথা পৰামৰ্শদান, কেৰিয়াৰ নিৰ্দেশনা আৰু প্ৰতিষ্ঠানিক উন্নয়নত অৰিহণা যোগাবলৈ এক সমৰ্পিত মঞ্চ প্ৰদান কৰে।

 

কেভিএছ মুখ্য কাৰ্যালয়ৰ আইটি সেৱা কোষৰ দ্বাৰা নিজাববীয়াকৈ বিকশিত কৰা এই প্লেটফৰ্মসমূহৰ লক্ষ্য হৈছে এটা ক্লিকতে প্ৰয়োজনীয় তথ্য আৰু সেৱাসমূহ সুলভ কৰি তোলা, যাৰ ফলত অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু প্ৰশাসকসকলৰ মূল্যৱান সময় আৰু শ্ৰম ৰাহি হ’ব। ই শৈক্ষিক সেৱাসমূহ অধিক সুলভ, সঁহাৰিমূলক, স্বচ্ছ আৰু দক্ষ কৰি তোলাৰ ক্ষেত্ৰত কেভিএছৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰে।

 

*******

RRTN/AV/MM


(ৰিলিজ আই ডি : 2335630) অতিথি কক্ষ : 5