পোষ্ট কৰা হৈছে:
10 NOV 2026 10:06AM by PIB Guwahati
ভাৰত এক বিশাল আৰু বৈচিত্ৰ্যময় সামুদ্ৰিক সম্পদৰ আধাৰেৰে সমৃদ্ধ, যি প্ৰায় ১১,0৯৯ কিলোমিটাৰৰ উপকূলীয় অঞ্চল আৰু প্ৰায় ২৪ লাখ বৰ্গ কিলোমিটাৰৰ এক বিশেষ অৰ্থনৈতিক অঞ্চলে আবৰি ৰাখিছে। এই বিশেষ অৰ্থনৈতিক অঞ্চলত আনুমানিক ৫৮.৬ লাখ মেট্ৰিক টন সামুদ্ৰিক মীন উৎপাদনৰ সম্ভাৱনা আছে। এই খণ্ডটোৱে প্ৰায় ৫০ লাখ মাছমৰীয়াৰ জীৱিকা বৰ্তাই ৰখাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে খাদ্য, সুৰক্ষা, পুষ্টি, নিয়োগ, আয় সৃষ্টি আৰু ৰপ্তানি বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। ৰাষ্ট্ৰীয় অৰ্থনীতি আৰু বিশ্বৰ সামুদ্ৰিক খাদ্য ব্যৱস্থাই এই খণ্ডটোৰ বৰ্ধিত গুৰুত্বৰ ওপৰত আলোকপাত কৰি ২০২৬-২৭ বিত্তীয় বৰ্ষত প্ৰায় ৭৩,৮৯০ কোটি মূল্যৰ সাগৰীয় খাদ্য ৰপ্তানি কৰি ভাৰতে সম্প্ৰতি বিশ্বৰ আগশাৰীৰ মীন আৰু জলজ কৃষি উৎপাদনকাৰী দেশসমূহৰ ভিতৰত স্থান লাভ কৰিছে। ভাৰতৰ মীন ক্ষেত্ৰখন উৎপাদনকেন্দ্ৰিক কাম- কাজৰ পৰা ৰাষ্ট্ৰীয় অৰ্থনীতিৰ এক গতিশীল, প্ৰযুক্তি-চালিত আৰু মূল্য-ভিত্তিক ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। ২০১৫ চনৰ পৰা ভাৰত চৰকাৰে গুৰুত্বপূৰ্ণ আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে ৩৯২৭২ কোটি টকাৰ প্ৰতিশ্ৰুতিৰে মীন পালনৰ ক্ষেত্ৰত ৰাজহুৱা বিনিয়োগ যথেষ্ট বৃদ্ধি কৰিছে।
পিএমএমএছৱাইৰ আঁচনিৰ অধীনত, মীনখণ্ডক শক্তিশালী কৰিবলৈ দ্বীপ অঞ্চলসমূহত যথেষ্ট বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিনিয়োগৰ বাবে ২১৮ কোটি টকা আবণ্টন দিয়া হৈছে, আনহাতে লাক্ষাদ্বীপক ১৭৫ কোটি টকাৰ আৱণ্টন দিয়া হৈছে। এই পদক্ষেপে বিশেষ ভাবে গুৰুত্বপূৰ্ণ এই সামুদ্ৰিক অঞ্চলসমূহত মৎস্য উৎপাদনৰ সম্ভাৱনা মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে।
দ্বীপ অঞ্চল সমুহত মীন উৎপাদনৰ বিকাশত চৰকাৰৰ এই গুৰুত্ব কেন্দ্ৰীয় বাজেট ২০২৫-২৬ ত প্ৰতিফলিত হৈছিল, য 'ত লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ওপৰত বিশেষ গুৰুত্ব দি বিশেষ অৰ্থনৈতিক অঞ্চল আৰু সাগৰৰ উচ্চতাৰ পৰা মীন সম্পদৰ বহনক্ষম ব্যৱহাৰৰ বাবে এক সক্ষম পৰিকাঠামোৰ ৰূপৰেখা অংকণ কৰা হৈছিল। ভৱিষ্যতৰ সম্প্ৰসাৰণৰ কেন্দ্ৰত বহনক্ষম আৰু বৈজ্ঞানিক ব্যৱস্থাপনাক গুৰুত্ব দি বিশেষ অৰ্থনৈতিক অঞ্চল আৰু সংলগ্ন সাগৰৰ উচ্চতাত থকা অঞ্চলসমূহৰ কম ব্যৱহৃত সামুদ্ৰিক মাছৰ সম্পদ লাভ কৰাৰ ক্ষেত্ৰত এই দ্বীপ অঞ্চলসমূহৰ কৌশলগত দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জই ভাৰতৰ সামুদ্ৰিক মানচিত্ৰত এক বিশেষ স্থান দখল কৰিছে। দেশৰ বিশেষ অৰ্থনৈতিক অঞ্চলৰ প্ৰায় ৪০ শতাংশ আবৰি থকা দ্বীপ দুটা আৰব সাগৰ আৰু বংগোপসাগৰলৈ সম্প্ৰসাৰিত হৈছে আৰু, মাছ ধৰাৰ গুৰুত্তপুৰ্ণ সামুদ্ৰিক স্থান আৰু টুনা মাছৰ প্ৰব্ৰজন স্ঠলি সমুহ সামৰি লৈছে। লাক্ষাদ্বীপৰ উপহ্ৰদ প্ৰণালী (Lagoon system), প্ৰবাল প্ৰাচীৰ আৰু চাৰিওফালৰ গভীৰ সাগৰৰ পানীয়ে টুনা মাছ ধৰা, সামুদ্ৰিক শেলুৱৈৰ খেতি আৰু প্ৰাচীৰ ভিত্তিক জীৱিকাৰ বাবে অনুকূল পৰিস্থিতি প্ৰদান কৰে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ইয়াৰ বিস্তৃত উপকূলৰেখা, বৈচিত্ৰ্যময় সামুদ্ৰিক বাসস্থান আৰু দক্ষিণ-পূব এছিয়াৰ সামুদ্ৰিক পথে, বহনক্ষম মীন পালন, সামুদ্ৰিক কৃষি আৰু মূল্যবান সাগৰীয় খাদ্য উৎপাদন সম্প্ৰসাৰণৰ বাবে এক সুযোগ প্ৰদান কৰে। দ্বীপ সমুহৰ সমৃদ্ধ পৰিৱেশ আৰু কৌশলগত অৱস্থানে এই দ্বীপসমূহক অধিক বৈচিত্ৰ্যময় আৰু সামুদ্ৰিক ভিত্তিক মীন অৰ্থনীতি গঢ়ি তোলাৰ বাবে ভাৰতৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
টুনা উন্নয়ন উচ্চ মূল্যৰ সামুদ্ৰিক মীন পালনৰ ক্ষেত্ৰত চৰকাৰৰ কৌশলগত ৰুপৰেখাৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগনিত হৈছে। লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ চাৰিওফালৰ পানীত ইয়েলোফিন, স্কিপজেক আৰু বিগআই টুনাৰ কম ব্যৱহৃত যথেষ্ট ভৰাল আছে, যিয়ে বহনক্ষম, ৰপ্তানি-মুখী মীন পালনৰ বাবে শক্তিশালী সম্ভাৱনা প্ৰদান কৰে। চৰকাৰে আধুনিক গভীৰ সাগৰীয় পানীত চলাচল কৰা জাহাজ, নিৰ্বাচিত মাছ ধৰা পদ্ধতি যেনে হুক আৰু লাইন আৰু খুঁটা আৰু লাইন, উন্নত জাহাজ পৰিচালনা, শীতল যোগান শৃংখলৰ সম্প্ৰসাৰণ, প্ৰক্ৰিয়াকৰণ আৰু কেনিং সুবিধা, আৰু দক্ষ ৰপ্তানি সংযোগসমূহক একত্ৰিত কৰা এক বিজ্ঞান-আধাৰিত আৰু মূল্য-শৃংখল চালিত দৃষ্টিভংগী আগবঢ়াইছে।
লাক্ষাদ্বীপত, এক পাঁচ বছৰীয়া পৰিকল্পনাৰে সাগৰৰ গভীৰ পানীত চলাচল কৰা জাহাজ, বৃহৎ জাহাজ আৰু দ্বীপসমূহৰ পৰম্পৰাগত, পৰিৱেশগতভাৱে অনুকুল আৰু শাৰী শাৰীকৈ মাছ ধৰাৰ ব্যবস্থাৰ দ্বাৰা টুনাৰ উৎপাদন দুগুণ কৰি ৫০হাজাৰ টন কৰাৰ চেষ্টা কৰা হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত, পিএমএমএছৱাইৰ অধীনত এক সমৰ্পিত টুনা ক্লাষ্টাৰে নতুন জাহাজ, উন্নত মাছ ধৰা জাহাজ আৰু শীতলীকৰনৰ ক্ষমতা সম্প্ৰসাৰিত কৰাকে ধৰি বহৰ আধুনিকীকৰণ আৰু আন্তঃগাঁথনিৰ বিকাশক ত্বৰান্বিত কৰিছে, আনহাতে এমপিইডিএৰ শক্তিশালী উপস্থিতিয়ে বজাৰৰ প্ৰৱেশাধিকাৰ উন্নত কৰিব আৰু দ্বীপসমূহৰ পৰা প্ৰত্যক্ষ ৰপ্তানিৰ সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
টুনা মূল্য শৃংখলৰ বিকাশৰ বাহিৰেও, চৰকাৰে দ্বীপ অৰ্থনীতিৰ পৰিপূৰক স্তম্ভ হিচাপে সাগৰীয় শেলুৱৈ আৰু আলংকাৰিক মীনপালনকো আগুৱাই লৈ গৈছে। কেৱল মাছ ধৰাৰ বাহিৰেও মীন বিকাশৰ আৰ্হিও সম্প্ৰসাৰণ কৰিছে। লাক্ষাদ্বীপৰ পৰিষ্কাৰ উপহ্ৰদ প্ৰণালী আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰবাল সমৃদ্ধ পৰিস্থিতিতন্ত্ৰই খাদ্য, পৰিপুষ্টি, প্ৰসাধন সামগ্ৰী, ফাৰ্মাচিউটিকেলছ আৰু জৈৱ-ঔদ্যোগিক সামগ্ৰীসমূহত সম্ভাৱ্য প্ৰয়োগৰ সৈতে বহনক্ষম সাগৰীয় শেলুৱৈ খেতিৰ বাবে অনুকূল পৰিস্থিতি প্ৰদান কৰে। লাক্ষাদ্বীপক এক সমৰ্পিত সাগৰীয় শেলুৱৈ গোট হিচাপে চিন্হিত কৰাৰ লগে লগে, এক নিৰ্ভৰযোগ্য সাগৰীয় শেলুৱৈ মূল্য শৃংখল বিকশিত কৰিবলৈ বৃহৎ পৰিমাণৰ খেতি, বীজ বেংক, হেচাৰী আৰু ক্ষমতা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। আলংকাৰিক মীনপালনে আন এক উচ্চ মূল্যৰ সুযোগ সংযোজিত কৰে, বিশেষকৈ লক্ষদ্বীপত, য 'ত ৩০০তকৈও অধিক প্ৰাচীৰ-সম্পৰ্কিত আলংকাৰিক প্ৰজাতি আছে। কৌশলগত পৰিকল্পনাত মধ্যমীয়া পৰিমাণৰ পালন ইউনিট স্থাপন, সংৰক্ষণ-আধাৰিত আৰু নিয়ন্ত্ৰিত সংগ্ৰহ প্ৰথাৰ প্ৰচাৰ, আৰু বহনক্ষম উৎসৰ একুৱাৰিয়াম প্ৰজাতিৰ বাবে বজাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, যাৰ ফলত দুৰ্বল সামুদ্ৰিক পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰি দ্বীপ অঞ্চল সমুহৰ বাবে বৈচিত্ৰ্যময় জীৱিকাৰ সুযোগ সৃষ্টি কৰা হৈছে।
বিকাশৰ এই নতুন নতুন ক্ষেত্ৰসমূহক সক্ষম কৰিবলৈ, মৎস্য আন্তঃগাঁথনিৰ আধুনিকীকৰণ দ্বীপ অঞ্চলসমূহত চৰকাৰৰ দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে। মাছ মজুত কেন্দ্ৰ, বৰফ প্ৰকল্প, কোল্ড-চেইন নেটৱৰ্ক, জাহাজৰ সংৰক্ষণ প্ৰণালী, মাছ একত্ৰীকৰণ সঁজুলি, নাও-নিৰ্মাণ কৰা ঠাই, মূল্য সংযোজন ইউনিট আৰু ৰপ্তানি ব্যৱস্থা সমৰ্থন কৰা প্ৰণালীকে ধৰি সমগ্ৰ মূল্য শৃংখলত বিনিয়োগৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাসমূহৰ উদ্দেশ্য হৈছে স্থানীয় ক্ষমতা বৃদ্ধি কৰা, শস্য চপোৱাৰ পিছত হোৱা লোকচান হ্ৰাস কৰা আৰু ঘৰুৱা আৰু ৰপ্তানি বজাৰত প্ৰৱেশৰ বাবে দ্বীপভিত্তিক মীন পালনৰ প্ৰস্তুতি উন্নত কৰা।
সামগ্ৰীকভাবে এই পদক্ষেপে ভাৰতৰ দ্বীপ অঞ্চলসমূহক অধিক বৈচিত্ৰ্যময় আৰু বহনক্ষম সামুদ্ৰিক অৰ্থনীতিৰ কেন্দ্ৰত স্থাপন কৰাৰ এক দীৰ্ঘম্যাদী প্ৰচেষ্টাৰ ইংগিত দিয়ে। টুনা মাছ পালন, সাগৰীয় শেলুৱৈ খেতি, আলংকাৰিক মাছ পালন, আন্তঃগাঁথনি উন্নয়ন, গৱেষণা সমৰ্থন আৰু বজাৰ প্ৰৱেশাধিকাৰক সংযোগ কৰি এই ৰণনীতিয়ে দ্বীপসমূহৰ ভিতৰত সম্পদ আহৰণৰ বাহিৰেও মূল্য সৃষ্টিৰ দিশত আগবাঢ়ি যাব বিচাৰিছে। ইয়াৰ সফলতা নিৰ্ভৰ কৰিব পৰিৱেশগত সুৰক্ষা ব্যৱস্থাৰ সৈতে উৎপাদন বৃদ্ধিৰ ভাৰসাম্য বজাই ৰখাৰ ওপৰত। আনহাতে মাছমৰীয়াসকল, স্থানীয় উদ্যোগ আৰু দ্বীপ সম্প্ৰদায়ে নতুন নতুন ঘৰুৱা আৰু ৰপ্তানি মূল্য শৃংখলত অৰ্থপূৰ্ণভাৱে অংশগ্ৰহণ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিত কৰিব।

***
JP/BC