ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
azadi ka amrit mahotsav

ড° জিতেন্দ্ৰ সিঙে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব দেশজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট অভিযান ৫

সমগ্ৰ ভাৰতৰ ২০০০খনৰো অধিক মহানগৰ আৰু চহৰ সামৰি ল'ব দেশজোৰা ডিএলচি অভিযান ৫ এ

পোষ্ট কৰা হৈছে: 05 NOV 2026 3:13PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি তথা ভূ-বিজ্ঞান দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত) আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন, পাৰমাণৱিক শক্তি তথা মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ২০২৬ চনৰ ৬ নৱেম্বৰত নতুন দিল্লীৰ ৰাইছিনা ৰোডত অৱস্থিত নেচনেল মিডিয়া চেণ্টাৰত দেশজোৰা ডিজিটেল লাইফ চাৰ্টিফিকেট (ডি এল চি) অভিযান ৫ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব।

পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগ (DoPPW), কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই মাহজোৰা অভিযান ২০২৬ চনৰ ৩০ নৱেম্বৰলৈকে অব্যাহত থাকিব, ইয়ে দেশৰ ২০০০ৰো অধিক মহানগৰ আৰু চহৰ সামৰি ল’ব। এই পদক্ষেপে জীৱন প্ৰণাম এপ ব্যৱহাৰ কৰি বিশেষভাবে মুখাবয়ৱ প্ৰমাণীকৰণৰ জৰিয়তে ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে পেন্সনাৰসকলৰ বাবে জীৱন প্ৰমাণপত্ৰ দাখিল কৰাটো অধিক সহজ, সুবিধাজনক আৰু সমস্যামুক্ত কৰি তোলা।

ৰাজহুৱা খণ্ডৰ বেংক, ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (আইপিপিবি), ইউআইডিএআই, এম ই আই টি ৱাই, পেন্সনাৰ কল্যাণ সংস্থা, আৰু প্ৰতিৰক্ষা, ৰে’লৱে আৰু ডাককে ধৰি গুৰুত্বপূৰ্ণ মন্ত্ৰালয় আৰু বিভাগসমূহৰ লগতে দূৰসংযোগ বিভাগ, কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা আৰু ৰাজ্য চৰকাৰসমূহৰ সহযোগত এই অভিযান চলাবলৈ লোৱা হৈছে।

৮০ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ বয়সৰ বয়োজ্যেষ্ঠ পেন্সনাৰ, মহিলা পেন্সনাৰ আৰু স্বাস্থ্যজনিত অসুবিধাৰ সন্মুখীন হোৱাসকলক সুবিধা প্ৰদান কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। বয়স বা অসুস্থতাৰ বাবে অভিযানৰ স্থানলৈ যাব নোৱাৰা পেন্সনাৰসকলৰ বাবেও দুৱাৰমুখতে আৰু ঘৰুৱা সেৱাৰ সুবিধা প্ৰদান কৰা হ’ব।

কাৰ্যসূচী মুকলিৰ সময়ত ড° জিতেন্দ্ৰ সিঙে দেশজোৰা ডিএলচি অভিযান ৪.০ৰ সময়ত লাভ কৰা কৃতিত্ব আৰু পদক্ষেপসমূহ নথিভুক্ত কৰা কম্পেণ্ডিয়াম বুকলেট আৰু কফি টেবুল ই-বুকো আনুষ্ঠানিকভাবে মুকলি কৰিব।

অংশগ্ৰহণকাৰী মন্ত্ৰালয়, বিভাগ, বেংক আৰু অন্যান্য অংশীদাৰ সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলে পেন্সনাৰ সন্থাৰ প্ৰতিনিধিৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা।

***

NKR/SR/SK/HS


(ৰিলিজ আই ডি : 2333387) অতিথি কক্ষ : 6