গৃহ মন্ত্ৰালয়
ঘূৰ্ণীবতাহ অৰ্ণবৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, ওড়িশা আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ বাৰ্তালাপ
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ কষ্ট হ্ৰাস কৰিবলৈ সকলোধৰণৰ সহায়ৰ আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ
এনডিআৰএফ আৰু এছডিআৰএফৰ দলসমূহে সক্ৰিয়ভাৱে কাম আৰম্ভ কৰি যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে
ক্ষয়-ক্ষতিৰ পৰিমাণ আৰু প্ৰয়োজনীয় অতিৰিক্ত সাহায্যৰ বুজ ল’বলৈ অতি শীঘ্ৰেই আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আই এম চি টি) প্ৰেৰণ কৰা হ’ব
ভাৰত চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ কাষত থিয় দিছে
পোষ্ট কৰা হৈছে:
29 OCT 2026 11:36AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহ অৰ্ণবৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, ওড়িশা আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘ঘূৰ্ণীবতাহ অৰ্ণবৰ পৰিপ্ৰেক্ষিতত অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, ওড়িশা আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কথা পাতি দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত লোকসকলৰ কষ্ট হ্ৰাস কৰিবলৈ সকলোধৰণৰ সহায়ৰ আশ্বাস দিয়া হৈছে। এনডিআৰএফ আৰু এছডিআৰএফৰ দলসমূহে সক্ৰিয়ভাৱে কাম আৰম্ভ কৰি যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ইয়াৰ প্ৰভাৱ সম্পৰ্কে মূল্যায়ন কৰাৰ লগতে প্ৰয়োজনীয় অধিক সাহায্য প্ৰদানৰ বাবে অতিশীঘ্ৰে আইএমচিটি প্ৰেৰণ কৰা হ’ব। ভাৰত চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিৰে জনসাধাৰণৰ কাষত থিয় দিছে।’
*****
RK / RR / PS / NB
(ৰিলিজ আই ডি : 2330006)
অতিথি কক্ষ : 19
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam